সমললৈ যাওক

বৈভৱ সূৰ্যবংশী

অসমীয়া ৱিকিপিডিয়াৰ পৰা
বৈভৱ সূৰ্যবংশী
Vaibhav Suryavanshi
ব্যক্তিগত তথ্য
জন্ম ২৭ মাৰ্চ, ২০১১ (১৪ বছৰ)
তাজপুৰ, সমষ্টিপুৰ, বিহাৰ, ভাৰত
বেটিং শৈলী বাওঁহতীয়া
বলিং শৈলী লেহেমীয়া বাওঁহতীয়া গতানুগতিক
ভূমিকা বেটছমেন
ঘৰুৱা দলৰ তথ্য
বছৰ দল
২০২৩/২৪-বৰ্তমান বিহাৰ
২০২৫–বৰ্তমান ৰাজস্থান ৰয়েলছ
কেৰিয়াৰ পৰিসংখ্যা
প্ৰতিযোগিতা প্ৰথম শ্ৰেণী লিষ্ট এ টি ২০
মুঠ খেল
ৰাণ ১০০ ১৩২ ১৬৪
বেটিং গড় ১০.০০ ২২.০০ ৪১.০০
শতক/অৰ্ধশতক ০/০ ০/১ ১/০
সৰ্বোচ্চ ৰাণ ৪১ ৭১ ১০১
বল ৩৬ ১৮
উইকেট
বলিং গড় ৩০.০০
এটা ইনিংছত ৫টা উইকেট
এখন খেলত ১০টা উইকেট
শ্ৰেষ্ঠ বলিং ১/২১
কেচ্চ/ষ্টাম্পিং ২/– ০/– ০/–
উৎস: https://www.espncricinfo.com/cricketers/vaibhav-suryavanshi-1408688 ESPNcricinfo, 28 April 2025

বৈভৱ সূৰ্যবংশী (ইংৰাজী: Vaibhav Suryavanshi,জন্ম: ২৭ মাৰ্চ ২০১১) এজন ভাৰতীয় ক্ৰিকেটাৰ। তেওঁ বিহাৰৰ হৈ ঘৰুৱা ক্ৰিকেট আৰু ৰাজস্থান ৰয়েলছৰ হৈ ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ খেলে। বাওঁহতীয়া বেটছমেন হিচাপে ২০২৪ চনৰ জানুৱাৰী মাহত তেওঁ প্ৰথম শ্ৰেণীৰ খেলত অভিষেক ঘটায়। তেওঁ ভাৰতীয় লিষ্ট এ আৰু ইণ্ডিয়ান প্ৰিমিয়াৰ লীগত অভিষেক ঘটোৱা আটাইতকৈ কম বয়সীয়া ক্ৰিকেটাৰ।

প্ৰাৰম্ভিক জীৱন

[সম্পাদনা কৰক]

২০১১ চনৰ ২৭ মাৰ্চত ভাৰতৰ বিহাৰৰ সমষ্টিপুৰ জিলাৰ তাজপুৰত সূৰ্যবংশীৰ জন্ম হৈছিল।  চাৰি বছৰ বয়সৰ পৰাই তেওঁ ক্ৰিকেট খেলিবলৈ আৰম্ভ কৰে। প্ৰথমতে পিতৃয়ে তেওঁৰ প্ৰশিক্ষক হিচাপে কাম কৰিছিল। তাৰ পিছত ন বছৰ বয়সত সমষ্টিপুৰৰ এখন ক্ৰিকেট একাডেমীত তেওঁ যোগদান কৰে। তেওঁৰ পিতৃৰ নাম সঞ্জীৱ সূৰ্যবংশী। পিতৃয়ে তেওঁক সমষ্টিপুৰৰ পৰা পাটনাস্থিত ক্ৰিকেট একাডেমীলৈ অনা-নিয়া কৰিছিল। ক্ৰিকেটত সহযোগিতাৰ বাবে তেওঁ কৃষিভূমিও বিক্ৰী কৰি দিছিল। [1] [2]

যুৱ কেৰিয়াৰ

[সম্পাদনা কৰক]

বৈভৱ সূৰ্যবংশীয়ে ১২ বছৰীয়া হিচাপে বিহাৰৰ ১৯ বছৰ অনূৰ্ধ্ব দলৰ হৈ ভিনু মানকাড় ট্ৰফী খেলিছিল।[3][4]

২০২৪ চনৰ জানুৱাৰী মাহত তেওঁ ১২ বছৰ আৰু ২৮৪ দিন বয়সত মুম্বাইৰ বিৰুদ্ধে বিহাৰৰ হৈ প্ৰথম শ্ৰেণীৰ অভিষেক ঘটায়।[5][6] ইয়াৰ জৰিয়তে তেওঁ বিহাৰৰ হৈ ৰঞ্জী ট্ৰফী খেলা দ্বিতীয়জন কনিষ্ঠ ক্ৰিকেটাৰ হিচাপে পৰিগণিত হয় আৰু সামগ্ৰিকভাৱে চতুৰ্থ সৰ্বকনিষ্ঠ ক্ৰিকেটাৰ হিচাপে পৰিগণিত হয়।[7] যুৱৰাজ সিঙৰ অভিলেখ (১৫ বছৰ আৰু ৫৭ দিন) অতিক্ৰম কৰি তেওঁ আধুনিক যুগৰ আটাইতকৈ কম বয়সীয়া খেলুৱৈ হিচাপে পৰিগণিত হয়। ১৯৪২-৪৩ চনৰ ছিজনত ক্ৰিকেটাৰ আলিমুদ্দিনে-এ ১২ বছৰ আৰু ৭৩ দিনত ক্ৰিকেটত অভিষেক কৰি এটা অভিলেখ কৰি থৈছিল। [8]

২০২৪ চনৰ নৱেম্বৰ মাহত তেওঁ ৰাজস্থানৰ বিৰুদ্ধে বিহাৰৰ হৈ অভিষেক ঘটোৱাৰ সময়ত ১৩ বছৰ আৰু ২৪১ দিন বয়সত টি-২০ ক্ৰিকেটত অভিষেক ঘটোৱা আটাইতকৈ কম বয়সীয়া খেলুৱৈ হিচাপে পৰিগণিত হয়।[9][10]

২০২৪ চনৰ ডিচেম্বৰ মাহত তেওঁ 'লিষ্ট এ' ক্ৰিকেট খেলা আটাইতকৈ কম বয়সীয়া ভাৰতীয় খেলুৱৈ হিচাপে পৰিগণিত হয়। তেওঁ ১৩ বছৰ ২৬৯ দিন বয়সত মধ্যপ্ৰদেশৰ বিৰুদ্ধে ২০২৪–২৫ চনৰ বিজয় হাজাৰে ট্ৰফীত বিহাৰৰ হৈ খেলিছিল।[11][12]

২০২৩ চনত সূৰ্যবংশীয়ে ইণ্ডিয়া বি অনূৰ্ধ্ব-১৯ দলৰ হৈ চতুৰ্ভুজ শৃংখলাত খেলিছিল আৰু দুটা অৰ্ধশতককে ধৰি ছটা ইনিংছত ১৭৭ ৰান সংগ্ৰহ কৰিছিল।[4]

২০২৪ চনৰ ছেপ্তেম্বৰ মাহত তেওঁ ১৯ বছৰ অনূৰ্ধ্বৰ ভাৰতৰ হৈ অষ্ট্ৰেলিয়াৰ ১৯ বছৰ অনূৰ্ধ্বৰ বিৰুদ্ধে খেলত অভিষেক ঘটায়।[13] ১৯ বছৰ অনূৰ্ধ্বৰ টেষ্টত অভিষেক ঘটোৱাৰ সময়ত তেওঁ ৫৮ বলৰ শতক অৰ্জন কৰিছিল, যিটো ভাৰতৰ ১৯ বছৰ অনূৰ্ধ্বৰ খেলুৱৈৰ বাবে আটাইতকৈ দ্ৰুততম আছিল। তাৰ পিছত তেওঁ ১০৪ ৰানত ৰান আউট হৈছিল।[14][15] ১৯ বছৰৰ তলৰ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ এইটো আছিল দ্বিতীয় দ্ৰুততম শতক।[16]

২০২৪ চনৰ এচিচি ১৯ অনূৰ্ধ্ব এছিয়া কাপত সূৰ্যবংশীয়ে ইউএইৰ ১৯ বছৰ অনূৰ্ধ্বৰ বিৰুদ্ধে ৪৬টা বলত ৭৬ ৰান সংগ্ৰহ কৰে।[17] তাৰ পিছত ছেমি ফাইনেলত শ্ৰীলংকাৰ বিৰুদ্ধে ৩৬টা বলত ৬৭ ৰান সংগ্ৰহ কৰে।[18]

ফ্ৰেঞ্চাইজি কেৰিয়াৰ

[সম্পাদনা কৰক]

২০২৪ চনৰ নৱেম্বৰ মাহত সূৰ্যবংশী ইণ্ডিয়ান প্ৰিমিয়াৰ লীগৰ চুক্তিত স্বাক্ষৰ কৰা আটাইতকৈ কম বয়সীয়া খেলুৱৈ হিচাপে পৰিগণিত হয়, যেতিয়া ৰাজস্থান ৰয়েলছে তেওঁক ১৩ বছৰ বয়সত ১.১ কোটি টকা(১ লাখ ৩০ হাজাৰ মাৰ্কিন ডলাৰ)ৰ বিনিময়ত ক্ৰয় কৰে।[19]

২০২৫ চনৰ ১৯ ​​এপ্ৰিলত ১৪ বছৰ ২৩ দিন বয়সত লক্ষ্ণৌ ছুপাৰ জায়েণ্টছৰ বিৰুদ্ধে ৰাজস্থান ৰয়েলছৰ হৈ আই পি এলত অভিষেক ঘটোৱা সূৰ্যবংশী আই পি এলৰ ইতিহাসৰ সৰ্বকনিষ্ঠ খেলুৱৈ হিচাপে পৰিগণিত হয়।[20] উল্লেখযোগ্য যে এই প্ৰতিযোগিতাখনৰ জন্মবৰ্ষ ২০০৮ চনৰ পিছত জন্ম হোৱা তেওঁ প্ৰথমজন আই পি এল খেলুৱৈ।[21]

২০২৫ চনৰ ২৮ এপ্ৰিলত গুজৰাট টাইটানছৰ বিৰুদ্ধে খেলখনত ১৪ বছৰ ৩২ দিন বয়সতে শতক অৰ্জন কৰি সূৰ্যবংশী আই পি এলৰ ইতিহাসত শতক অৰ্জন কৰা সৰ্বকনিষ্ঠ খেলুৱৈ, আৰু দ্ৰুততম শতক অৰ্জন কৰা দ্বিতীয় সৰ্বকনিষ্ঠ খেলুৱৈ হিচাপে পৰিগণিত হয়। উল্লেখযোগ্য যে তেওঁ আছিল এই অভিলেখ গঢ়া দ্ৰুততম ভাৰতীয়। তেওঁ গঢ়া আন অভিলেখসমূহ হৈছে[22]:

  • আই পি এলত অৰ্ধশতক কৰা কনিষ্ঠতম খেলুৱৈ।
  • টি২০ত ৫০+ ৰাণ কৰা কনিষ্ঠতম খেলুৱৈ।

বয়সৰ বিবাদ

[সম্পাদনা কৰক]

সূৰ্যবংশীৰ আনুষ্ঠানিক জন্ম তাৰিখৰ সত্যতাক লৈ সন্দেহৰ অৱতাৰণা হোৱা দেখা যায়।[23] ২০২৩ চনত দিয়া এক সাক্ষাৎকাৰত সূৰ্যবংশীয়ে উল্লেখ কৰিছিল যে তেওঁৰ ১৪ বছৰীয়া জন্মদিন ২০২৩ চনৰ ২৭ ছেপ্তেম্বৰত, যাৰ পৰা অনুমেয় যে তেওঁ চৰকাৰী বয়সতকৈ প্ৰায় ডেৰ বছৰ ডাঙৰ।[24]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. NDTV Sports Desk (29-04-2025). "Vaibhav Suryavanshi Story: Father Sold Farm Land To Fuel Cricket Dream, Son Shatters World Record". NDTV. NDTV. https://sports.ndtv.com/ipl-2025/the-vaibhav-suryavanshi-story-father-sold-farm-land-to-fuel-cricket-dream-son-shatters-world-record-8281055#:~:text=The%20days%20of%20facing%2016,boxes%20haven't%20gone%20waste.। আহৰণ কৰা হৈছে: 29 April 2025. 
  2. "Apna zameen bech diya: Vaibhav Suryavanshi's father details financial issues after son becomes IPL's youngest Crorepati". Money control. Money Control. 26-09-2024. https://www.moneycontrol.com/sports/cricket/ipl/apna-zameen-bech-diya-vaibhav-suryavanshis-father-details-financial-issues-after-son-becomes-ipls-youngest-crorepati-article-12876566.html। আহৰণ কৰা হৈছে: 29 April 2025. 
  3. Hussain, Syad (6 January 2024). "A 12-year-old makes his first-class debut as two Bihar squads are named for Ranji game in crumbling stadium". ESPN Cricinfo. https://www.espncricinfo.com/story/ranji-trophy-vaibhav-suryavanshi-makes-first-class-debut-aged-12-two-bihar-squads-named-for-opener-1415801. 
  4. 4.0 4.1 "Vaibhav Suryavanshi, a 12-year-old Bihar cricketer, makes his first-class debut in the Ranji Trophy". Economic Times. 6 January 2024. https://economictimes.indiatimes.com/news/sports/vaibhav-suryavanshi-a-12-year-old-bihar-cricketer-makes-his-first-class-debut-in-the-ranji-trophy/articleshow/106599509.cms। আহৰণ কৰা হৈছে: 1 October 2024. 
  5. Waris, Sarah (Jan 5, 2024). "Cricketer with age listed as 12 years old makes Ranji Trophy debut". Wisden.com. https://www.wisden.com/cricket-news/cricketer-with-age-listed-as-12-years-old-makes-ranji-trophy-debut। আহৰণ কৰা হৈছে: 14 April 2025. 
  6. "13-year-old Vaibhav Suryavanshi slams fastest century for India in U-19 Tests, second quickest overall". Cric Tracker. 1 October 2024. https://www.crictracker.com/cricket-news/13-year-old-vaibhav-suryavanshi-slams-fastest-century-for-india-in-u-19-tests-second-quickest-overall/। আহৰণ কৰা হৈছে: 1 October 2024. 
  7. Sharma, Dev (1 October 2024). "13-year-old Vaibhav Suryavanshi sets a record for the fastest century by an Indian in Under-19 Tests". SportsKeeda. https://www.sportskeeda.com/cricket/news-13-year-old-vaibhav-suryavanshi-sets-record-fastest-century-indian-under-19-tests#google_vignette। আহৰণ কৰা হৈছে: 1 October 2024. 
  8. Kumar, Amit (Jan 29, 2024). "Vaibhav Suryavanshi - The 12-Year-Old Who Broke Sachin Tendulkar And Yuvraj Singh's Record". Times of India. https://timesofindia.indiatimes.com/sports/cricket/news/exclusive-vaibhav-suryavanshi-the-12-year-old-who-broke-sachin-tendulkar-and-yuvraj-singhs-record/articleshow/107229054.cms। আহৰণ কৰা হৈছে: 1 October 2024. 
  9. "Youngest players in T20s". ESPNcrinifo. https://www.espncricinfo.com/records/youngest-players-305268. 
  10. "RESULT-Group A,Saurashtra,November 23,2024,Syed Mushtaq Ali Trophy". ESPNcrinifo. https://www.espncricinfo.com/series/syed-mushtaq-ali-trophy-2024-25-1445827/bihar-vs-rajasthan-group-a-1445974/full-scorecard. 
  11. "Vaibhav Suryavanshi, Rajasthan Royals' 13-year-old crorepati, creates new record in List-A cricket". Hindustan Times. 22 December 2024. https://www.hindustantimes.com/cricket/vaibhav-suryavanshi-rajasthan-royals-13-year-old-crorepati-creates-new-record-in-list-a-cricket-101734840726116-amp.html। আহৰণ কৰা হৈছে: 22 December 2024. 
  12. "Vaibhav Suryavanshi sets all-time record in Vijay Hazare Trophy". The Times of India. 9 January 2025. https://timesofindia.indiatimes.com/sports/cricket/news/vaibhav-suryavanshi-sets-all-time-record-in-vijay-hazare-trophy/articleshow/116541864.cms. 
  13. Kathvale, Sumeet (1 October 2024). "13-year-old Vaibhav Suryavanshi smashes fastest hundred for India U19 in Youth Test vs Australia". India TV news. https://www.indiatvnews.com/sports/cricket/vaibhav-suryavanshi-smashes-fastest-hundred-for-india-u19-in-unofficial-youth-test-vs-australia-u19-2024-10-01-954855। আহৰণ কৰা হৈছে: 1 October 2024. 
  14. "IND vs AUS: 13-year-old Vaibhav Suryavanshi hits 58-ball hundred in youth Test". India Today. 1 October 2024. https://www.indiatoday.in/sports/cricket/story/vaibhav-suryavanshi-fastest-u19-test-hundred-india-vs-australia-youth-chennai-2609169-2024-10-01। আহৰণ কৰা হৈছে: 1 October 2024. 
  15. "Highlights: 13-year-old India opener Vaibhav Suryavanshi smashes 58-ball 100 vs Australia U19". Wisden.com. 1 October 2024. https://www.wisden.com/cricket-news/highlights-13-year-old-india-opener-vaibhav-suryavanshi-smashes-58-ball-100-vs-australia-u19। আহৰণ কৰা হৈছে: 14 April 2025. 
  16. "13-year-old Vaibhav Suryavanshi scores fastest hundred in U19 Tests, second quickest overall". Indian Express. 1 October 2024. https://indianexpress.com/article/sports/cricket/vaibhav-suryavanshi-13-fastest-hundred-u19-tests-ind-vs-aus-9597390/lite/। আহৰণ কৰা হৈছে: 1 October 2024. 
  17. "Vaibhav Suryavanshi hits 46-ball 76 vs UAE in ACC Under-19 Asia Cup; India beats UAE by 10 wickets" (en ভাষাত). Sportstar. 4 December 2024. https://sportstar.thehindu.com/cricket/vaibhav-suryavanshi-batting-score-u19-asia-cup-score-rr-rajasthan-royals-ipl-auction/article68946275.ece. 
  18. "Vaibhav Suryavanshi stars as India beat Sri Lanka to make U19 Asia Cup final". The Times of India. 6 December 2024. https://timesofindia.indiatimes.com/sports/cricket/news/vaibhav-suryavanshi-stars-as-india-beat-sri-lanka-to-make-u19-asia-cup-final/articleshow/116046555.cms. 
  19. "RR vs LSG: Vaibhav Suryavanshi, 14, becomes youngest player to make IPL debut" (en ভাষাত). India Today. 19 April 2025. https://www.indiatoday.in/sports/cricket/story/rr-vs-lsg-vaibhav-suryavanshi-14-becomes-youngest-player-to-make-ipl-debut-2711534-2025-04-19. 
  20. Shetty, Varun (19 April 2025). "IPL's youngest debutants: Vaibhav Suryavanshi makes history". ESPNcricinfo. https://www.espncricinfo.com/story/vaibhav-suryavanshi-tops-list-of-youngest-ipl-debutants-1481989. 
  21. "14-year old Vaibhav Suryavanshi kicks off IPL career with first-ball six". ESPNcricinfo. https://www.espncricinfo.com/story/ipl-youngest-debutant-vaibhav-suryavanshi-hits-first-ball-six-off-shardul-thakur-1482123. 
  22. https://africa.espn.com/cricket/story/_/id/44904261/vaibhav-suryavanshi-rewrites-mens-t20-records-ipl-2025-outing
  23. "Explained: Why there is confusion around the age of Vaibhav Suryavanshi, India U19's 13-year-old opener". Wisden. 3 October 2024. https://www.wisden.com/cricket-news/explained-why-there-is-confusion-around-the-age-of-vaibhav-suryavanshi-india-u19s-13-year-old-opener। আহৰণ কৰা হৈছে: 14 April 2025. 
  24. "Who is Vaibhav Suryavanshi? 13-year-old Indian prodigy who smoked Australia U19 attack for 58-ball century in youth Test". Hindustan Times. 2 October 2024. https://www.hindustantimes.com/cricket/who-is-vaibhav-suryavanshi-13-year-old-indian-prodigy-who-smoked-australia-u19-attack-for-58-ball-century-in-youth-test-101727844782102.html। আহৰণ কৰা হৈছে: 7 October 2024.