সমললৈ যাওক

বোক্সী

অসমীয়া ৱিকিপিডিয়াৰ পৰা

বোক্সী (নেপালী: बोक्सी, ইংৰাজী: Boksi) নেপালৰ কিংবদন্তীমতে ডাইনীবিদ্যা, জৰা-ফুকা আৰু তন্ত্ৰৰ জ্ঞান থকা ব্যক্তি। তন্ত্ৰ-শাস্ত্ৰ আৰু শিৱপুৰাণৰ মতে বোক্সী বা বোক্সা হৈছে স্বাভাৱিক দেৱ বা দেৱীৰ পৰা পৃথক আৰু নিজস্ব ভাষা থকা নাৰী অথবা পুৰুষ। বোক্সীৰ এক ঐশ্বৰিক শক্তি আছে আৰু তেওঁলোক বিভিন্ন ৰোগ নিৰাময় কৰিবলৈ সক্ষম। এজন বোক্সিয়ে দেৱতা, দেৱী, ভূত, প্ৰেচ, পিশাচ বা ডাকিনিৰ পাৰ্থক্য চিনিবলৈ সক্ষম। যিকোনো দেৱী বা ডাইনীক আহ্বান কৰি তেওঁলোকৰ দ্বাৰা কোনো কাম কৰোৱাব পাৰে। পৌৰাণিক কাহিনী অনুসৰি শিৱৰ পত্নী পাৰ্বতীয়ে বোক্সী জ্ঞানৰ সৃষ্টি কৰিছিল। এই ক্ষমতা তেওঁ সাতগৰাকী ভগ্নীক দিছিল। সৰু ভগ্নীৰ পৰা এই জ্ঞান মানুহলৈ হস্তান্তৰ হোৱা বুলি বিশ্বাস কৰা হয়।[1]

সাধাৰণতে বৃদ্ধ, অবিবাহিত বা বিধৱা মহিলাক বোক্সী বুলি অভিযোগ উত্থাপন হোৱাৰ সম্ভাৱনা বেছি।

সমসাময়িক সংস্কৃতিত

[সম্পাদনা কৰক]

বালকৃষ্ণ শৰ্মাৰ দ্বাৰা নেপালী ভাষাত ৰচিত শিশু মনোবিজ্ঞানৰ গ্ৰন্থ বোক্সী (Boksi)[2] আৰু সুলক্ষন ভাৰতীৰ দ্বাৰা ৰচিত এখন সামাজিক নাটক বোক্সী কৌ ঘৰ (অনুবাদ: বোক্সীৰ ঘৰ)[3][4] বোক্সীৰ পৰা অনুপ্ৰেৰিত৷

আইন প্ৰণয়ন

[সম্পাদনা কৰক]

নেপালৰ আইন অনুসৰি কাৰোবাক বোক্সি বুলি অভিযোগ কৰা ব্যক্তিজনে অপৰাধমূলক শাস্তিৰ সন্মুখীন হ’ব পাৰে লগতে তেওঁৰ এক লাখ নেপালী মুদ্ৰা পৰ্যন্ত জৰিমনা আৰু পাঁচ বছৰ পৰ্যন্ত কাৰাদণ্ড হ’ব পাৰে।[5]

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]
  1. Riboli, Diana (2000). Tunsuriban: Shamanism in the Chepang of southern and central Nepal. Mandala Book Point Kathmandu. ISBN 99933-1-005-0.
  2. तिवारी, सियाराम (2015). Bhartiya Sahitya Ki Pahchan. Vāṇī Prakāśana. ISBN 978-93-5072-992-2.
  3. "Actress Adhikari to make Boksi Ko Ghar". https://risingnepaldaily.com/detour/actress-adhikari-to-make-boksi-ko-ghar আহৰণ কৰা হৈছে: 2021-04-27.
  4. "Where are the witches?". https://kathmandupost.com/art-entertainment/2016/09/18/where-are-the-witches আহৰণ কৰা হৈছে: 2021-04-28.
  5. बोक्सी.pdf, archived from the original on 2022-07-30, https://web.archive.org/web/20220730033300/http://mosd.sudurpashchim.gov.np/sites/mosd/files/2020-01/%E0%A4%AC%E0%A5%8B%E0%A4%95%E0%A5%8D%E0%A4%B8%E0%A5%80.pdf, আহৰণ কৰা হৈছে: 2021-04-06