সমললৈ যাওক

বোমকাই শাৰী

অসমীয়া ৱিকিপিডিয়াৰ পৰা
বোমকাই বা সোণপুৰী শাৰী
বোমকাই শাৰী

বোমকাই শাৰী (ইংৰাজী: Bomkai Saree) ভাৰতৰ ওড়িশাৰ এবিধ হস্ততাঁত শাৰী। গঞ্জাম জিলাৰ পৰা বোমকাই গাঁৱত উৎপত্তি যদিও পিছলৈ ইয়াক প্ৰধানকৈ সুবৰ্ণপুৰ জিলাৰ ভুলীয়া সম্প্ৰদায়ে উৎপাদন কৰিবলৈ লয়।[1] বোমকাই ভাৰতৰ অন্যতম ভৌগোলিক সূচক লাভ কৰা এবিধ সামগ্ৰী।[2] এই শাৰী বিভিন্ন ফেশ্বন শ্ব'ত প্ৰদৰ্শিত জনপ্ৰিয় পৰিচ্ছদ।[3]

বোমকাই হ’ল পৰম্পৰাগত ৰঙৰ[4] সৈতে আধুনিক ডিজাইনৰ সংমিশ্ৰণ। কপাহী সুতাৰ এই শাৰীবোৰ সাধাৰণতে দৈনন্দিন জীৱনত আৰু ৰেচমী শাৰীবোৰ আনন্দ অনুষ্ঠান বা পবিত্ৰ অনুষ্ঠান আদিত পিন্ধা হয়। শাৰী পৰিহিতা মহিলাক এক আকৰ্ষণীয় ৰূপ দিবলৈ শাৰীবোৰ মনোমুগ্ধকৰ ৰঙত তৈয়াৰ কৰা হয়। প্ৰাচীন বিশ্বাস মতে এই শাৰীৰ পাৰিবোৰ বেছিভাগ ক্ষেত্ৰত মাছৰ নক্সা দেখা যায়; কাৰণ ই সাফল্য আৰু সমৃদ্ধিৰ লক্ষণ।

বোমকাই শাৰীৰ উৎপত্তি ওড়িশাৰ গঞ্জাম জিলাৰ বোমকাই গাঁৱত হৈছিল।[5] তেতিয়াৰ পাটনাৰ শাসক ৰামাই দেৱৰ সময়ত সোণপুৰত ইয়াৰ প্ৰচলন হয়।

তথ্যসূত্ৰ

[সম্পাদনা কৰক]