বো’লা নৃত্য


বো’লা নৃত্য,(ইংৰাজী: Bwola) যাক আচোলি বো’লা বুলিও কোৱা হয়, উত্তৰ উগাণ্ডাৰ আচোলি জনগোষ্ঠীৰ মাজত উৎপত্তি হোৱা এটা পৰম্পৰাগত নৃত্য। ইয়াক বিশেষ উপলক্ষ্যত আৰু ৰজা আৰু মুখিলয়ালকে ধৰি নেতৃস্থানীয়লোকৰ সন্মুখত প্ৰদৰ্শনৰ বাবে ৰখা হয়। এই নৃত্য প্ৰায়ে নতুন মুখিয়াল নিযুক্তিৰ সময়ত বা বিভিন্ন ৰাজকীয় অনুষ্ঠানত প্ৰদৰ্শন কৰা হয়।[1][2]
ইতিহাস
[সম্পাদনা কৰক]
এই নৃত্য মূলতঃ ৰাজকীয় অনুষ্ঠানৰ বাবে একান্তভাৱে পৰিবেশন কৰা হৈছিল, কিন্তু বো’লা নৃত্য এতিয়া ৰাজনৈতিক নেতা আৰু গণ্যমান্য ব্যক্তিসকলৰ অনুষ্ঠানকো সামৰি লোৱাৰ দিশলৈ আগবাঢ়িছে। আচোলি জনগোষ্ঠীৰ ৰাজকীয় নৃত্য হিচাপে পৰিচিত, বো’লা নৃত্য হৈছে সন্মান আৰু শ্ৰদ্ধাৰ প্ৰতীক, আৰু পৰম্পৰাগতভাৱে মুখিয়ালসকলৰ অনুষ্ঠানৰ সময়ত প্ৰদৰ্শিত হয়।[3] নতুন মুখিয়াল বা আন যিকোনো ৰাজকীয় সমাৱেশত ই অতি গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে।
বো’লা প্ৰথাই বৰ্তমান প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে, নৃত্যৰ বাবে গুৰুত্বপূৰ্ণ নিৰ্দিষ্ট প্ৰাণীৰ অংশ নিষিদ্ধ কৰাকে ধৰি, যাৰ ফলত ইয়াক সাংস্কৃতিকভাৱে সংৰক্ষণৰ বিষয়ে চিন্তা কৰাৰ প্ৰয়োন হৈছে।[2][4][5]
পৰিৱেশন
[সম্পাদনা কৰক]বো’লা নৃত্য ইয়াৰ সুকীয়া উপাদান যেনে "লাৰকাৰকা" নামৰ কাঠৰ জাইলোফোন আৰু "জাগী" নামেৰে জনাজাত নলাকাৰ ড্ৰামৰ দ্বাৰা বৈশিষ্ট্যপূৰ্ণ কৰি তুলিছে। নৃত্যশিল্পীসকলে পৰম্পৰাগত সাজ-পোছাকত নিজৰ শোভা বৰ্ধন কৰিবলৈ পোছাকৰ লগত মূৰত উটপক্ষীৰ পাখি, কঁকালত এটা বগা কাপোৰ মাৰ্জিতভাৱে মেৰিয়াই থোৱা আৰু গোৰোহাৰ ঘণ্টা যিয়ে ইহঁতৰ গতিবিধিত ছন্দময় স্পৰ্শ যোগ কৰে, পৰিধন কৰে।[6]
এই নৃত্য পুৰুষ-মহিলাই পৃথক পৃথক গোটত পৰিবেশন কৰে। পুৰুষৰ দলে প্ৰথমে প্ৰদৰ্শন কৰে, তাৰ পিছত মহিলাৰ দলে। নৃত্যৰ নেতৃত্বত এদল পুৰুষে জাইলোফোন আৰু ঢোল বজায়। নৃত্যশিল্পীসকলে বৃত্তাকাৰ গতিৰে গতি কৰে, পুৰুষসকলে ঘড়ীৰ কাঁটাৰ দিশত আৰু মহিলাসকলে ঘড়ীৰ কাঁটাৰ বিপৰীত দিশত গতি কৰে। নৃত্যশিল্পীসকলে ভৰি দুখন ছন্দময় আৰ্হিত লৰচৰ কৰে, আনহাতে শৰীৰৰ ওপৰৰ অংশটো থিয় হৈ থাকে।[6][3]
তথ্য সূত্ৰ
[সম্পাদনা কৰক]- ↑ Nunoo, Ama (2020-02-05). "A look at Bwola, the royal dance in Uganda" (en ভাষাত). Face2Face Africa. https://face2faceafrica.com/article/a-look-at-bwola-the-royal-dance-in-uganda। আহৰণ কৰা হৈছে: 2024-01-08.
- ↑ 2.0 2.1 "Bwola and Larakaraka of the Acholi OF NORTHERN UGANDA". Ebrary. https://ebrary.net/139190/education/bwola_larakaraka_acholi_northern_uganda। আহৰণ কৰা হৈছে: 2024-01-08.
- ↑ 3.0 3.1 "Uganda: The Bwola – The Royal Dance" (en-GB ভাষাত). Comboni Missionaries. Archived from the original on 2024-01-08. https://web.archive.org/web/20240108105556/https://www.combonimissionaries.co.uk/index.php/2018/01/19/uganda-the-bwola-the-royal-dance/। আহৰণ কৰা হৈছে: 2024-01-08.
- ↑ "Dance Style - Aa" (en-US ভাষাত). Universal Tongue. https://www.universaltongue.com/dance-style-aa। আহৰণ কৰা হৈছে: 2024-01-08.
- ↑ "Outlawed animal parts spell death of bwola dance" (en ভাষাত). Monitor. 2021-08-15. https://www.monitor.co.ug/uganda/magazines/life/outlawed-animal-parts-spell-death-of-bwola-dance--3511892। আহৰণ কৰা হৈছে: 2024-01-08.
- ↑ 6.0 6.1 "Uganda: The Bwola – The Royal Dance" (en-GB ভাষাত). Comboni Missionaries Ireland. Archived from the original on 2024-01-08. https://web.archive.org/web/20240108105443/https://combonimissionaries.ie/2018/01/19/uganda-the-bwola-the-royal-dance/। আহৰণ কৰা হৈছে: 2024-01-08.