ব্যটৌটাছ বেলিয়াজুছ
| ব্যটৌটাছ ফিনাদাৰ "ব্যটছ" বেলিয়াজুছ | |
|---|---|
| জন্ম | ব্যটৌটাছ ফিনাদাৰ বেলিয়াজুছ ২৬ ফেব্ৰুৱাৰী, ১৯০৮ পাকুমপ্ৰিছ, লিথুৱানিয়া |
| মৃত্যু | ২০ ছেপ্টেম্বৰ, ১৯৯৪ (৮৬ বছৰ) ডেনভাৰ, আমেৰিকা যুক্তৰাষ্ট্ৰ |
| পেচা | নৃত্যশিল্পী, লোক-নৃত্য প্ৰশিক্ষক, ক'ৰিওগ্ৰাফাৰ |
| জনা যায় | আমেৰিকা যুক্তৰাষ্ট্ৰত আন্তঃৰাষ্ট্ৰীয় লোক-নৃত্যৰ পিতৃস্বৰূপ |
| বঁটা, সন্মান, পুৰস্কাৰ আদি | হেৰিটেজ এৱাৰ্ড (১৯৭২) |
ব্যটৌটাছ ফিনাদাৰ "ব্যটছ" বেলিয়াজুছ (২৬ ফেব্ৰুৱাৰী ১৯০৮ – ২০ ছেপ্টেম্বৰ ১৯৯৪) এজন নৃত্যশিল্পী, লোক-নৃত্য প্ৰশিক্ষক[1] আৰু ক'ৰিওগ্ৰাফাৰ আছিল। তেওঁক আমেৰিকা যুক্তৰাষ্ট্ৰত আন্তঃৰাষ্ট্ৰীয় লোক-নৃত্যৰ পিতৃস্বৰূপ বুলি গণ্য কৰা হয়।
তেওঁ বিশেষকৈ লিথুৱানিয়ান নৃত্যত বিশেষজ্ঞ আছিল, কিন্তু আন বহুতো ধৰণৰ নৃত্যৰো প্ৰদৰ্শন আৰু শিক্ষা দিছিল। তেওঁ নৃত্য আৰু জনগোষ্ঠীয় বিষয়ৰ ওপৰত একাধিক কিতাপ প্ৰকাশ কৰিছিল আৰু 'ভিল্টিছ' নামৰ এখন লোক-সংস্কৃতি বিষয়ক আলোচনীও আৰম্ভ কৰিছিল।
তেওঁ ৰাছিয়ান সাম্ৰাজ্যৰ অন্তৰ্গত লিথুৱানিয়াৰ পাকুমপ্ৰিছত জন্মগ্ৰহণ কৰিছিল আৰু সৰু কালতে ৰাছিয়ান তথা জাৰ্মান নৃত্য শিকিছিল। যুদ্ধৰ বাবে তেওঁ সাময়িকভাৱে জন্মস্থান এৰি পলায়ন কৰিবলগীয়া হৈছিল। ১৪ বছৰ বয়সত তেওঁ আইতাকৰ সৈতে আমেৰিকা যুক্তৰাষ্ট্ৰলৈ প্ৰব্ৰজন কৰে আৰু চিকাগোত বসতি স্থাপন কৰে। তেওঁৰ লিয়ন আছ আৰু জুলিয়াছ নামৰ দুজন কনিষ্ঠ ভাতৃ আৰু গাইট জেকেণ্টেছ নামৰ এগৰাকী ভগ্নী আছিল। চিকাগোত তেওঁ এটা এম্ব্ৰয়ডৰী কোম্পানী, এটা নোমাল কাপোৰৰ জাহাজ (fur ship) আৰু এটা মটৰ গাড়ীৰ মেইল অৰ্ডাৰ প্ৰতিষ্ঠানত কাম কৰিছিল।
জুল ভাৰ্নৰ "এইট্টি ডেজ এৰাউণ্ড দ্য ৱৰ্ল্ড" পঢ়াৰ পিছত তেওঁ এছিয়া আৰু মধ্যপ্ৰাচ্যৰ প্ৰতি আগ্ৰহী হৈ পৰে আৰু স্থানীয় হিন্দু তথা আৰব লোকৰপৰা তেওঁলোকৰ নৃত্য শিকে। ১৯২৮ চনত তেওঁ লিথুৱানিয়ান বাতৰি কাকত "নাউজিয়েনোছ"ৰ বৰ্ষপূৰ্তি কনচাৰ্টত তেওঁৰ সংগী আইৰিন জুজাইটাছৰ সৈতে এছিয়ান আৰু লিথুৱানিয়ান নৃত্য পৰিৱেশন কৰিছিল। ১৯২৯ চনত তেওঁ চিকাগোত এটা নৃত্য ষ্টুডিঅ' খোলে। তেওঁ লিথুৱানিয়ান গোট আৰু গায়ক দলৰ বাবেও ক'ৰিওগ্ৰাফী কৰিছিল।
১৯৩৩ চনত ব্যটছক চিকাগোৰ বিশ্ব মেলা (World's Fair)ৰ বাবে লিথুৱানিয়ান প্ৰদৰ্শনী প্ৰস্তুত কৰিবলৈ নিৰ্বাচিত কৰা হয়। তেওঁ চিকাগো পাৰ্ক ডিষ্ট্ৰিক্টৰ বিনোদনমূলক কাৰ্যসূচীৰ অংশ হিচাপে লোক-নৃত্য শিকাবলৈও নিৰ্বাচিত হৈছিল। ১৯৩৭ চনত চিকাগো বিশ্ববিদ্যালয়ৰ ইণ্টাৰনেশ্যনেল হাউচত লোক-নৃত্য শিকাবলৈ তেওঁক নিযুক্তি দিয়া হয়। ১৯৩৯ চনত তেওঁ "ফোক লোৰ" নামৰ এখন নিউজলেটাৰ প্ৰকাশ কৰে আৰু সাময়িকভাৱে "ফোক ডান্সাৰ্ছ নুক" নামৰ এটা নৃত্য গৃহ খোলে।
১৯৪৩ চনত ব্যটছ আলাবামাৰ ফেয়াৰহোপলৈ স্থানান্তৰিত হয় আৰু স্কুল অৱ অৰ্গেনিক এডুকেচনত আন্তঃৰাষ্ট্ৰীয় লোক-নৃত্যৰ পৰিচয় দিয়ে। লগতে তেওঁ এটা আন্তঃৰাষ্ট্ৰীয় লোক-নৃত্য উৎসৱৰো আয়োজন কৰিছিল।[2] ইয়াৰ পিছতে তেওঁ যক্ষ্মা ৰোগত আক্ৰান্ত হয় আৰু ইয়াৰ ফলত তেওঁ নিজৰ মাত হেৰুৱাই পেলায়। ১৯৪৫ চনত তেওঁ পুনৰ চিকাগোলৈ উভতি আহে আৰু ইণ্টাৰনেশ্যনেল হাউচত শিক্ষকতাৰ কামত যোগদান কৰে।
১৯৪৯ চনত তেওঁক ষ্টকটন ফোক ডান্স কেম্পত শিকাবলৈ আমন্ত্ৰণ জনোৱা হয়।[3] তাত কেইবছৰমান শিক্ষকতা কৰাৰ পাছত তেওঁ পুনৰ যক্ষ্মা ৰোগত আক্ৰান্ত হয় আৰু সুস্থ হ’বলৈ ছান ডিয়েগোিলৈ স্থানান্তৰিত হয়। ১৯৫৯ চনত তেওঁ ডেনভাৰলৈ যায় আৰু তেওঁৰ সোঁ হাঁওফাঁওত এটা টিউমাৰ-ধৰা পৰে।[4] ইয়াৰ ফলত তেওঁৰ হাঁওফাঁওৰ একাংশ কাটি পেলাবলগীয়া হয়।
১৯৮৬ চনত তেওঁ মেৰী বি জেনচেন, জৰ্জ ফ্ৰেণ্ডচেন আৰু এল ডেবেইন ইয়ংৰ সৈতে মিলি নেচনেল ফোক অৰ্গেনাইজেশ্যন প্ৰতিষ্ঠা কৰে।[5] নৃত্য শিক্ষাৰ ক্ষেত্ৰত আগবঢ়োৱা অৱদানৰ বাবে ১৯৭২ চনত নেচনেল ডান্স এছ'চিয়েশ্যনে তেওঁক হেৰিটেজ এৱাৰ্ডেৰে সন্মানিত কৰে।[6]
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ "Vytautas Beliajus to Present Two Folk Ballets Saturday". Bridgeport News (Chicago, IL): পৃষ্ঠা 6. March 7, 1925. https://www.newspapers.com/article/bridgeport-news-vytautas-beliajus-1908/125113389/.

- ↑ "Meet "Mr. Folk Dancing"... Vytautas Finadar Beliajus (part 1)". http://www.folkdance.com/LDArticles/BeliajusN1963.pdf.
- ↑ "Stockton Folk Dance Camp". Stockton Folk Dance Camp. http://www.stocktonfolkdancecamp.org/.
- ↑ "Meet "Mr. Folk Dancing"... Vytautas Finadar Beliajus (part 2)". http://www.folkdance.com/LDArticles/BeliajusD1963.pdf.
- ↑ "The History of the NFO – National Folk Organization". 16 July 2023. http://nfo-usa.org/the-history-of-the-nfo/.
- ↑ "Vyts Beliajus". http://www.socalfolkdance.org/master_teachers/beliajus_v.htm.