ব্যৱহাৰকৰ্তা:Saikia123/জিগশ্ব

অসমীয়া ৱিকিপিডিয়াৰ পৰা

জিগশ্ব প্ৰযুক্তি হৈছে শ্ৰেণীকোঠাৰ বিভিন্ন কাৰ্য্যকলাপ সমূহৰ সুব্যৱস্থাপনাৰ সুবিধাৰ্থে আবিস্কৃত এক আধূনিক প্ৰযুক্তি যি ছাত্ৰ-ছাত্ৰী সকলক পাৰস্পৰিক নিৰ্ভৰশীলতাৰ জৰিয়তে সফলতাৰ দিশে আগবঢ়াই লৈ যোৱাত গুৰুত্ব আৰোপ কৰে। এই প্ৰযুক্তিৰ জৰিয়তে একোটা শ্ৰেণীৰ শিক্ষাৰ্থীসকলক সৰু সৰু গোট বা দলত ভগাই লোৱা হয় আৰু তেওঁলোকক কৰিবলৈ দিয়া একোটা প্ৰকল্প সৰু সৰু অংশত বিভক্ত কৰি দলটোৰ সদস্য সমূহৰ মাজত এনেভাৱে ভগাই দিয়া হয় যাতে তেওঁলোকৰ প্ৰতিজনে নিজৰ ভাগৰ কামখিনি সম্পন্ন কৰাৰ পিছত সকলোখিনি সন্মিলিত কৰি ললেহে সমগ্ৰ প্ৰকল্পটো সম্পূৰ্ণ হয়। সমাজ মনোৱিজ্ঞানী ইলিয়ট আৰনছনে জাতি সংঘৰ্ষৰ কুপ্ৰভাৱে শিক্ষাৰ ক্ষেত্ৰত জন্মোৱা ব্যাঘাতৰ ফলত ক্ষতিগ্ৰস্ত শিক্ষাৰ্থীসকলক আগবঢ়াই নিবলৈ সমন্বিত বিদ্যালয় সমূহত ব্যৱহাৰ কৰিবলৈ এই প্ৰযুক্তিটোৰ আবিস্কাৰ কৰিছিল। [1] [2] [3]

ইতিহাস[সম্পাদনা কৰক]

জিগশ্ব প্ৰযুক্তি ব্যৱহাৰ কৰাৰ নিয়ম অনুসৰি একোটা শ্ৰেণী কেইবাটাও সৰু সৰু দলত ভাগ কৰি লোৱা হয় আৰু প্ৰতিটো দলক একোটা সমস্যাৰ সমাধান উলিয়াবলৈ বা একোটা প্ৰকল্প সম্পূৰ্ণ কৰিবলৈ দিয়া হয়। দলৰ প্ৰতিজন সদস্যই প্ৰথমে সমস্যাটোৰ বা প্ৰকল্পটোৰ নিজৰ ভাগত পৰা অংশখিনি সম্পূৰ্ণ কৰিব লাগে আৰু তাৰ পিছত সকলোৰে অংশবোৰ একেলগ কৰি সামূহিক ভাৱে সমস্যাটোৰ সমাধান উলিয়াব লাগে অথৱা প্ৰকল্পটো সম্পূৰ্ণ কৰিব লাগে। উদাহৰণ স্বৰুপে – প্ৰথমে সমগ্ৰ শ্ৰেণীটোৰ বাবে প্ৰকল্প হিচাবে এটা মুখ্য বিষয় নিৰ্দ্ধাৰণ কৰা হয়। তাৰ পিছত মুখ্য বিষয়টো বিভিন্ন উপশিৰোনামাত বিভক্ত কৰি লোৱা হয়। ইয়াৰ পিছত শ্ৰেণীটোৰ শিক্ষাৰ্থীসকলক সৰু সৰু দলত ভাগ কৰি লোৱা হয় আৰু প্ৰতিটো দলক ইয়াৰ একোটাকৈ বিষয় প্ৰকল্প হিচাবে দিয়া হয়। প্ৰতিটো দলৰ সদস্য সকলক তেওঁলোকৰ দলে কৰিবলগীয়া প্ৰকল্পটোৰ বিভিন্ন অংশ নিজাববীয়াকৈ কৰিবলৈ দি দিয়া হয়। প্ৰত্যেকজন সদস্যই নিজে কৰিবলগীয়া কামখিনিৰ বাবে প্ৰয়োজন অনুসৰি অধ্যয়ন কৰি, শিকি-বুজি লয় আৰু তাৰ পিছত নিজৰ নিজৰ দলত বহি নিজৰ অনুভৱ তথা অভিজ্ঞতাখিনি উপস্থাপন কৰে আৰু সামূহিক ভাৱে এইবোৰৰ আলোচনা কৰে। ইয়াৰ পিছত বিষয়ৰ বিভাজন অনুসৰি প্ৰতিটো দলৰ সদস্য সকলে অধ্যয়ন, আলোচনা, অৱধাৰণা, প্ৰাপ্ত তথ্য আদিৰ আধাৰত নিজৰ ভাগৰ উপবিষয়টোৰ ওপৰত অন্তিম প্ৰতিবেদন তৈয়াৰ কৰে। একোটা দলৰ প্ৰতিজন সদস্যৰ প্ৰতিবেদন সম্পূৰ্ণ হোৱাৰ পিছত দলটো পুনৰ লগ লাগে আৰু সকলো সদস্যৰ সমুখত প্ৰতিবেদনসমূহ পাঠ কৰা হয়। এই প্ৰতিবেদন সমূহৰ সমন্বিত ৰূপটোৱেই হল একোটা দলৰ কৰিবলগীয়া প্ৰকল্পটোৰ অন্তিম ৰূপ।

পঞ্চাশৰ দশকৰ শেষৰ ফালে আমেৰিকা যুক্তৰাষ্ট্ৰত ৰাজহুৱা খণ্ডৰ বিদ্যালয় সমূহৰ পুনৰ্গঠন কৰা হৈছিল। ১৯৫৪ চনত আমেৰিকা যুক্তৰাষ্ট্ৰৰ সৰ্ব্বোচ্চ ন্যায়ালয়ে ব্ৰাউন বনাম শিক্ষা পৰিষদৰ গোচৰৰ ৰায় দি এই সিদ্ধান্তত উপনীত হৈছিল যে ৰাজহুৱা খণ্ডত জাতি-বৰ্ণৰ আধাৰত বিভক্ত বিদ্যালয় সমূহৰ বাবে সমাজত বিষমতা আৰু অনৈক্যৰ সৃষ্টি হৈছে আৰু ইয়াৰ নিৰাকৰণৰ বাবে ৰাজহুৱা খণ্ডৰ বিদ্যালয় সমূহৰ সংহতকৰণৰ প্ৰয়োজন। ইয়াৰ পিছতেই বিদ্যালয় সমূহৰ সংহতকৰণৰ প্ৰচেষ্টা আৰম্ভ হয় যদিও এই প্ৰচেষ্টা যথেষ্ট বেদনাদায়ক আৰু দীঘলীয়া সময় সাপেক্ষ আছিল।

সেই সময়ত আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাজহুৱা বিদ্যালয় সমূহ অসহিষ্ণুতা, ঘৃণা, মাৰপিট আদিৰে বিষাক্ত হৈ পৰিছিল। শ্বেতাংগ ছাত্ৰ-ছাত্ৰী সকলৰ মনত শিপাই থকা মইবৰ ভাৱ আৰু কৃষ্ণাংগ সকলৰ প্ৰতি থকা ঘৃণাৰ ভাৱে এক ভয়ানক অৱস্থাৰ সৃষ্টি কৰিছিল। বিদ্যালয়ত শিক্ষাৰ্থী সকলৰ মনত এক অসহায় আৰু নিৰাপত্তাহীনতাৰ ভাৱ বিৰাজ কৰিছিল আৰু ইয়াৰ ফলস্বৰুপে তেওঁলোকৰ শিকাৰ সামৰ্থ্য বাধাগ্ৰস্ত হৈছিল। শিশুসকলে একেটা কোঠাত কৰ্মহীন ভাৱে অধিক সময় একেলগে থাকিবলৈ অস্বস্তিবোধ কৰিছিল আৰু একেলগে কিবা কৰিবলৈ ইচ্ছা নকৰিছিল। বিদ্যালয় সমূহত বিৰাজ কৰা এনে এক পৰিৱেশে শিক্ষক, শিক্ষাৰ্থী, অভিভাৱক, সমাজ আৰু সমগ্ৰ দেশৰ বাবেই এক ভয়ানক সংকটৰ সৃষ্টি কৰিছিল কাৰণ এই ঘৃণা আৰু অসহিষ্ণুতাৰ পৰিৱেশে শিশু সকলৰ মনত শিক্ষাৰ প্ৰতি এক প্ৰকাৰ বিকৰ্ষণ ভাৱ জাগ্ৰত কৰি তুলিছিল আৰু শিশুসকল প্ৰকৃততে শিক্ষা লাভ কৰিবলৈ অসমৰ্থ হৈ পৰিছিল।

এই ভয়ানক সংকট গৰাহৰ পৰা বিদ্যালয় সমূহক সমস্যাৰ পৰা পৰিত্ৰাণ কৰাৰ উদ্দেশ্য মনোবৈজ্ঞানিক সকলৰ সহায়-উপদেশ বিচৰা হল। ১৯৭১ চনত টেক্সাছৰ অষ্টিন জিলাৰ বিদ্যালয় সমূহৰ শিক্ষাৰ্থী সকলৰ মাজত বিৰাজ কৰা উগ্ৰতা, পাৰস্পৰিক বিশ্বাসহীনতা আদি সমস্যা সমূহ কেনেধৰণে সমাধান কৰিব পৰা যায় তাৰ উপায় উদ্ভাৱন কৰিবলৈ ড০ ইলিয়ট আৰনচনক নিমন্ত্ৰণ জনোৱা হল।ড০ ইলিয়ট আৰনচন আছিল অষ্টিনৰ টেক্সাছ বিশ্ববিদ্যালয়ৰ এগৰাকী মনোৱৈজ্ঞানিক। তেখেতে বিদ্যালয় সমূহৰ বিৰাজ কৰা সমস্যাবোৰ মনোৱৈজ্ঞানিক উপায় অৱলম্বন কৰি সমাধান কৰাৰ চিন্তা কৰিলে। তেখেতে দেখিলে যে বিদ্যালয় সমূহত শিক্ষাৰ্থী সকলৰ মাজত ভয়ানক প্ৰতিযোগিতাৰ মনোভাৱ গঢ় লৈ উঠিছিল। তেখেতে বুজি উঠিল যে এই প্ৰতিযোগিতাৰ মনোভাৱে তেওঁলোকৰ মাজত পাৰস্পৰিক বিভেদ আৰু একপ্ৰকাৰ শত্ৰুতাৰ নিচিনা মনোভাৱৰো সৃষ্টি কৰিছে কাৰণ প্ৰত্যেকেই আনতকৈ উচ্চস্থান পাবলৈ যথেষ্ট কষ্ট আৰু চেষ্টা কৰিবলগীয়া হৈছে। গতিকে এই প্ৰতিযোগিতা আৰু অসহিষ্ণুতাৰ সমস্যাৰ পৰা পৰিত্ৰাণ পোৱাৰ উপায় হৈছে বিভিন্ন সামৰ্থ্যৰ শিক্ষাৰ্থীসকলক একোটা দলৰ অন্তৰ্ভুক্ত কৰি তেওঁলোকক একেলগে কাম কৰাৰ সুবিধা প্ৰদান কৰা।

অনুসন্ধান ফলাফল[সম্পাদনা কৰক]

একেটা শ্ৰেণীকোঠাত বিভিন্ন বৰ্ণ আৰু সম্প্ৰদায়ৰ শিক্ষাৰ্থী সকলে পোন প্ৰথমে এই নতুন পৰিৱেশত কাম কৰিবলৈ যথেষ্ট অসুবিধাৰ সন্মুখীন হল। আৰনচনে শিক্ষাৰ্থীসকলৰ মাজত বিৰোধৰ অৱসান ঘটাই পাৰস্পৰিক সহযোগিতা বৃদ্ধি কৰিবলৈ বিশেষ পৰিৱেশ ৰচনা কৰাত মনোনিৱেশ কৰিলে। তেথেতে শিক্ষাৰ্থী সকলে দলীয় ভাৱে কৰিবলৈ এনে কিছুমান প্ৰকল্প তৈয়াৰ কৰি উলিয়ালে যিবোৰ সম্পন্ন কৰিবলৈ দলটোৰ প্ৰতিজন সদস্যৰ সহযোগিতা অপৰিহাৰ্য্য হয়। প্ৰকল্প এটা সম্পূৰ্ণ কৰিবলৈ প্ৰয়োজনীয় তথ্য-পাতি আহৰণ কৰিবলৈ একোটা দলৰ প্ৰতিজন সদস্যই দলৰ আন সদস্য সকলৰ প্ৰতি সমানে মনোযোগ দিয়াতো আৱশ্যক হয। এনে প্ৰকল্পই দলৰ প্ৰতিজন সদস্যকে মূল প্ৰকল্পটোৰ সমান অংশীদাৰ হিচাবে লৈ প্ৰতিজনকে সমানে গুৰুত্ব দিয়াত সহায় কৰে। যিহেতু সামগ্ৰিকভাৱে সম্পন্ন কৰা প্ৰকল্পটোৰহে মূল্যায়ন কৰা হয় সেইবাবে এনে প্ৰকল্পই শিক্ষাৰ্থী সকলক পাৰস্পৰিক নিৰ্ভৰশীলতা আৰু সহযোগিতাৰ শিক্ষা দিয়ে আৰু লগতে পৰস্পৰৰ মাজত প্ৰতিযোগিতাৰ মনোভাৱো হ্ৰাস কৰে, কাৰণ তেওঁলোকে অনুভৱ কৰিব পাৰে যে প্ৰতিজন শিক্ষা্ৰ্থীৰ গুৰুত্ব সমান।

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. Lestik, M., & Plous, S. (2012). "Jigsaw Classroom". Retrieved October 24, 2012, from jigsaw.org
  2. Aronson, E. (n.d.). "Jigsaw Basics". Retrieved December 5, 2012, from jigsaw.org
  3. Perkins, D. V., & Tagler, M. J. (n.d.). "Jigsaw Classroom". Retrieved December 5, 2012