ব্লগ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Jump to navigation Jump to search

ব্লগ হৈছে (ˈৱেবব্লগˈৰ সংক্ষিপ্ত ৰূপ) ৱৰ্ল্ড ৱাইড ৱেবত প্ৰকাশিত এবিধ তথ্যপূৰ্ণ বা আলোচনামূলক ৱেবচাইট। ব্লগবোৰত লিখা কথাবোৰ মূলতঃ দিনলিপিৰ নিচিনাকৈ খণ্ড খণ্ডকৈ প্ৰৱিষ্টিত (এইবোৰক পষ্ট বুলি কোৱা হয়) ভৰোৱা হয়। সাধাৰণতে ব্লগত সন্নিৱিষ্ট পষ্টবোৰ ওলোটা ক্ৰমত সজোৱা হয় যাতে শেহতীয়াকৈ প্ৰকাশিত পষ্টবোৰ ৱেবপৃষ্ঠাটোৰ একেবাৰে শীৰ্ষত স্থান পায়। ২০০৯ চন মানলৈ ব্লগবোৰ ঘাইকৈ একো একোজন ব্যক্তিৰ নিজস্ব প্ৰচেষ্টাত প্ৰকাশ পাইছিল, তাৰ মাজতে দুই এটা ব্লগ সমূহীয়াকৈও প্ৰকাশ পাইছিল। একেদৰে বিষয়বস্তুৰ ক্ষেত্ৰতো তেতিয়া ব্লগবোৰত এটা নিৰ্দিষ্ট বিষয়ক কেন্দ্ৰ কৰি লেখা প্ৰকাশ পাইছিল। ২০১০ চনৰ পিছৰপৰা "একাধিক লেখকৰ সন্মিলিত ব্লগ" (ইংৰাজীত যাক কোৱা হয় multi-author blogs বা চমুকৈ MABs) প্ৰকাশৰ জোৱাৰ উঠে বুলিব পাৰি। এনেবোৰ ক্ষেত্ৰত একেটা ব্লগতে বহু লোকৰ লেখা বা পষ্ট প্ৰকাশ পায়। এনে সন্মিলিত ব্লগ কিছুমান সম্পাদনা কৰিবলৈ আজিকালি বৃত্তিগত লোকো নিয়োগ কৰা হয়। সম্প্ৰতি বিভিন্ন সংবাদ মাধ্যম, বিশ্ববিদ্যালয়, ছাত্ৰসমাজ, উকীল সংস্থা বা অন্যান্য বিভিন্ন প্ৰতিষ্ঠানৰ দ্বাৰা ওলোৱা সমূহীয়া ব্লগৰ লেখ-জোখ নাই। ব্লগৰ বিভিন্ন ৱেবপৃষ্ঠাবোৰে ইণ্টাৰনেটৰ জগতখনত এটা ডাঙৰ অংশ আগুৰি আছে বুলিব পাৰি।

১৯৯০ দশকৰ শেষৰফালে যেতিয়া ৱেব মাধ্যমত প্ৰকাশৰ সঁজুলিবোৰ উন্নত আৰু সৰল হ'বলৈ ধৰিলে, আৰু HTML বা কম্পিউটাৰ প্ৰগ্ৰেমিঙৰ দৰে বিষয়ৰ কাৰিকৰী জ্ঞান নথকা মানুহবোৰেও ইণ্টাৰনেটত কিবা এটা প্ৰকাশ কৰাৰ পৰিৱেশ সৃষ্টি হ'ল; তেতিয়াৰ পৰাই ব্লগৰ বিকাশ আৰু জনপ্ৰিয়তা ক্ৰমান্বয়ে বৃদ্ধি পাবলৈ ধৰিলে। আগতে ৱেবত কিবা এটা সূচী বা প্ৰবন্ধ প্ৰকাশ কৰিবলৈ HTML বা ফাইল ট্ৰেঞ্চফাৰ প্ৰট'ক'ল সম্পৰ্কে জনাটো আৱশ্যকীয় আছিল, আৰু তেনে লোকসকল সাধাৰণতে হেকাৰ বা কম্পিউটাৰ সম্পৰ্কে অতি উৎসাহী লোকহে আছিল। কিন্তু ২০১০ চনৰ পিছৰ পৰা অধিকাংশ ৱেবচাইটেই interactive Web 2.0 শ্ৰেণীৰ হ'লগৈ, যাৰ ফলস্বৰূপে অনলাইনতে ৱেবচাইট একোটাত মন্তব্য আগবঢ়াব পৰাও হ'ল। এই সুবিধাটোৱেই পূৰ্বৰ স্থিৰ ৱেবচাইটবোৰৰ পৰা নতুন ৱেবচাইটবোৰক (ব্লগ) পৃথক কৰি তুলিলে। সেইটো ফালৰ পৰা চাবলৈ গ'লে ব্লগিঙে ছ'চিয়েল নেটৱৰ্কিং চাইটৰ ভূমিকাও পালন কৰা বুলি ক'ব পাৰি। প্ৰকৃতপক্ষে ব্লগাৰসকলে যে নিজৰ ব্লগত নতুন নতুন সূচী বা লেখাই প্ৰকাশ কৰি থাকে তেনে নহয়, তেওঁলোকে আন ব্লগাৰ আৰু পঢ়ুৱৈৰ লগত এক সম্পৰ্কও গঢ়ি তোলে। অৱশ্যে এনে কিছুমান বহুল-পঠিত ব্লগো আছে, যিবোৰত মন্তব্য দিয়াৰ সুবিধাটো নাথাকে।

সাধাৰণতে একোটা ব্লগত লেখা, ডিজিটেল চিত্ৰ, আন ব্লগলৈ যাব পৰা লিংক, ৱেবপৃষ্ঠা আৰু বিষয়টোৰ লগত জড়িত আন মাধ্যমসমূহ থাকে। অধিকাংশ ব্লগেই মূলতঃ লেখাকেন্দ্ৰীক যদিও কলা, চিত্ৰ, ভিডিঅ' (ইয়াক ভ্লগ বুলি জনা যায়), অডিঅ' আদিৰ ওপৰত ভিত্তি কৰি গঢ়ি উঠা ব্লগো আছে।

নতুন ব্লগ সৃষ্টি[সম্পাদনা কৰক]

ব্লগ সৃষ্টি কৰিবলৈ বিভিন্ন অনলাইন প্লে'টফৰ্ম ব্যৱহাৰ কৰিব পাৰি। এনে প্লে'টফৰ্মসমূহৰ ভিতৰত ৱৰ্ডপ্ৰেছ, ব্লগাৰ আদিৰ দৰে জনপ্ৰিয় ব্লগিং ৱেবচাইটসমূহে খৰচবিহীনভাৱেও ব্লগ খোলাৰ সুবিধা দিয়ে। অৱশ্যে বিনামূল্যে খোলা ব্লগসমূহত সকলোবোৰ সুবিধা সক্ৰিয় কৰিব পৰা নাযায়। কিন্তু মাহিলি বা বছৰেকীয়া ভিত্তিত পইছা আদায় কৰি বাণিজ্যিক আঁচনি সক্ৰিয় কৰি ল'লে ব্লগটো নিজৰ ইচ্ছামতে সজাই-পৰাই তুলিব পাৰি আৰু অধিক আকৰ্ষণীয়কৈ গঢ় দিব পাৰি। তদুপৰি পইছা আদায়ৰ দ্বাৰা ব্লগটোৰ বাবে নিজ পছন্দৰ ডমেইনো ক্ৰয় কৰিব পাৰি।

ৱৰ্ডপ্ৰেছ, ব্লগাৰ আদি ব্লগিং ৱেবচাইটবোৰ খুলি চালেই তাত ব্লগ খোলাৰ নিৰ্দেশনাসমূহ ভালদৰে বুজাই দিয়া হয়। এই নিৰ্দেশনা অনুসৰি পাঁচ-দহ মিনিটৰ ভিতৰতে এটা ব্লগ খুলি ল'ব পাৰি। গতিকে ব্লগ খোলাটো আজিৰ দিনত খুব সাধাৰণ কথাৰ লেখীয়া। অৱশ্যে ব্লগিঙৰ ক্ষেত্ৰখনত সফল হ'বলৈ নিয়মীয়াকৈ লেখা বা আন বিষয়বস্তু প্ৰকাশ কৰি থকা প্ৰয়োজন।


অসমীয়া ব্লগৰ তালিকা[সম্পাদনা কৰক]

অসমীয়া ব্লগৰ তালিকা[1]

  1. অনুভৱ  (নিতুল বৰা)
  2. অনুভৱ (বিদুল বৰুৱা)
  3. অনুভৱ (বিৰিঞ্চি বৰা)
  4. অনুভৱৰ কাঁচিয়লি ৰ'দত (জলি বৰা)
  5. অনুভৱৰ বৰষুণ (মাধুৰিমা ঘৰফলীয়া)
  6. অনুভূতিৰ ভৰপক (পংকজ বৰা)
  7. অপূৰ্ব জোনাক দত্তৰ ব্লগ
  8. অবিশ্ৰান্ত (প্ৰতিভু দত্ত)
  9. অভিজ্ঞতাৰ সঁফুৰা (মাসন লাল দাস)
  10. অৰুণজ্যোতি দাসৰ ব্ল'গ
  11. অলিন্দ (পংকজ জ্যোতি মহন্ত)
  12. অৱকাশ (মনোৰঞ্জন মজুমদাৰ)
  13. অসম
  14. অসমীয়া (যামিনী অনুৰাগ)
  15. অসমীয়া অনলাইন
  16. অসমীয়া কৌতুক আৰু গাজা  
  17. অসমীয়া গান
  18. অসমীয়া গানৰ কথা
  19. অসমীয়া গীতৰ কথা সংগ্ৰহ (চন্দন দাস)
  20. অসমীয়া ব্লগ  (প্ৰিয়াংকু শৰ্মা)
  21. অসমীয়া মডেল জগৎ (দ্বিজেন মহন্ত)
  22. আকাশ   (যামিনী অনুৰাগ)
  23. আকাশ-মানুহ (দীপুল হালৈ)
  24. আকাংক্ষা (দিগন্ত শইকীয়া)
  25. আজৰি- আজৰি সময়ত...সাহিত্য, অনুভৱ আৰু বহুতো (বৃতুল শৰ্মা)
  26. আমি অসমীয়া (মনজিৎ নাথ)
  27. আৱেলিৰ আৱেগ (প্ৰাণ কুুুুমাৰ)
  28. ইত্যাদি (হৃষীৰাজ শৰ্মা)
  29. ইন্দ্ৰনীল.. সময়ৰ প্ৰতিটো পলত জীৱনৰ এটি এটি ৰং
  30. ইপাৰে জীৱন - সিপাৰে মৃত্যু  (উচ্চজিৎ কলিতা)
  31. এই সময়ত (পংকজ জ্যোতি মহন্ত)
  32. একাবেকা- অসমীয়া ভাষাত বা-বাতৰি
  33. এটি অসমীয়া ব্লগ
  34. কৰণি (চন্দ্ৰমা কলিতা)
  35. কেলিড’ স্ক’প; বিজ্ঞান, সাহিত্য আৰু অনুবাদৰ বৰ্ণময় সজ্জা… (প্ৰিয়াংকুশ ডেকা)
  36. কৌষিক বৰাৰ ব্ল'গ
  37. খাৰ নোখোৱাৰ কলম  (আক্লানতিকা শইকীয়া)
  38. গণিত চ’ৰা
  39. গাজাৰী (শান্তনু চাংমাই)
  40. গুঞ্জন (যামিনী অনুৰাগ)
  41. গুণগুণ (মালক্ষ্মী বৰঠাকুৰ ভাগৱতী)
  42. গুণ গুণ ... (হৃদয়ৰ এমুঠি ৰাগ) (চন্দনজ্যোতি ভূঞাঁ)
  43. চাৰিআলি উচ্চতৰ মাধয়মিক আৰু বহুমুখি বিদ্যালয় (দ্বিজেন মহন্ত)
  44. চিনাকি পৃথিৱী (ময়ুুৰজ্যোতি)
  45. চিন্তাৰ খিৰিকীয়েদি: Through The Window of Thoughts (মহেন্দ্ৰ মোহন দাস)
  46. চিন্তাৰ চাকনৈয়া (Hitendra kr. Sharma)
  47. জালপঞ্জী  (বিক্ৰম ম বৰুৱা)
  48. জীৱনৰ বাটত
  49. জীৱনৰ বাটত। সপোন আৰু যাত্ৰাৰ পৃষ্ঠাংকণ...(প্ৰতিম কুমাৰ বাঢ়ৈ)
  50. জীয়াভৰলী
  51. জোনাকৰ বৰষুণ (বেণুধৰ ৰাভা)
  52. টুৱাৰাম দত্তৰ ব্ল'গ ()
  53. ডুখৰীয়া কিছু কথা (সুৰজিৎ নেওগ)
  54. তৰংগ (দিপাংকৰ চেতিয়া)
  55. তামোল-পাণ (মাধৱ শইকীয়া)
  56. নতুন অসমীয়া গানৰ e-সংগ্ৰাহালয় (তপন ডেকা)
  57. নিয়ৰ....টোপ টোপ (কৌশিক বৰা)
  58. নীলিম কুমাৰৰ ব্লগ পৄষ্ঠা
  59. পুৰণি ::: ৰী – মিতা মে’লদী
  60. প্ৰত্যাশা  (অঞ্জল বৰা)
  61. প্ৰযুক্তি বাৰ্তা
  62. ফুং-ফাং বেবেৰিবাং (সামন্ত কুমাৰ গোস্বামী)
  63. বৰ্ণমালা  (পল্লৱ প্ৰাণ গোস্বামী)
  64. বিজ্ঞানৰ বিচিত্ৰ কথা (ড॰ প্ৰবোধ বৰা)
  65. বিষ্ণুৰাভা সংগীত"ৰলিপি (হৃষীৰাজ শৰ্মা)
  66. বিক্ষিপ্ত (গীতাৰ্থ বৰদলৈ)
  67. বুলজিৎ বুঢ়াগোহাঁইৰ ব্ল'গ
  68. বেটুপাত (মাহেকীয়া আলোচনী)
  69. ভগ্নাংশ নিৰ্মাণ  (মৃণাল জ্যোতি গোস্বামী)
  70. ভূপেন শইকীয়াৰ ব্ল’গ
  71. মন কহুৱা বন  (বৰ্ণালী দেউৰী বৰা)
  72. মিণ্টু দুলাকাষৰীয়াৰ ব্ল’গ
  73. মিলন সাঁকো  ( প্ৰতীম প্ৰতাপ বৰুৱা)
  74. মূৰ্ছনা (দ্বিজেন মহন্ত)
  75. মোৰ অনুভৱৰ নিয়কণাবোৰ... (প্ৰদ্যুতজ্যোতি শইকীয়া)
  76. মোৰ অন্তৰৰ দুৱাৰ (মনোজ মন কলিতা)
  77. মোৰ অযুত ভাবৰ  নিযুত বুৰবুৰণি (অচিন্ত বৰঠাকুৰ)
  78. মোৰ আকাশ মোৰ মানুহ (দীপুল হালৈ)
  79. মোৰ কবিতা  (কাঞ্চন গগৈ)
  80. ...মোৰ তুলিকাৰ পৃথিৱী (ৰূপালী গগৈ বৰুৱা)
  81. মোৰ ভাবৰ বুৰবুৰণি (চৈতন্য ভৰদ্বাজ)
  82. মোৰ ভাবৰ বুৰবুৰণি (প্ৰণৱজ্যোতি দাস)
  83. মোৰ ভাৱনাৰ বুৰবুৰণি (প্ৰণৱজ্যোতি দাস)
  84. মোৰ যাযাবৰী যাত্ৰা (মাধৱ শইকীয়া)
  85. মোৰ হৃদয়ৰ কুঠৰী (ৰিদিপ কুমাৰ নাথ)
  86. যাত্ৰা... (ঈশানজ্যোতি বৰা)
  87. যাযাবৰ  (প্ৰিয়াংকু শৰ্মা)
  88. যি মন যায় (ড॰ প্ৰবোধ বৰা)
  89. ৰক্তিম..গীতেৰে..কথাৰে.. (ৰক্তিম গোস্বামী)
  90. ৰঙা চিয়াঁহী (অজয় লাল দত্ত )
  91. ৰাহুল সাহনীৰ ব্লগ
  92. শব্দ বৰষুণ... (ধ্ৰুৱজ্যোতি শৰ্ম্মা)
  93. শব্দৰ অনুভূতি.........শব্দৰ বৰষুণ এক জীপাল অনুভৱ (দীপজ্যৌতি শৰ্মা)
  94. সংগীত
  95. সত্তা..... এক অবিৰত যাত্ৰা... (মিতালী বৰ্মন)
  96. সৰাপাত (কুলধৰ ৰাভা)
  97. সাতসৰী (অভিজিত কলিতা)
  98. সিদ্ধাৰ্থ ভূঞাৰ ব্লগ
  99. সীমাৰ পৰিধি (জ্যোতিপ্ৰকাশ নাথ)
  100. সুগন্ধি পখিলা  (প্ৰথম অসমীয়া সমূহীয়া ব্লগ)
  101. সেউজী ধৰণী (পঙ্কজজ্যোতি মহন্ত)
  102. সেউজীয়া চৰাই (বিতুপন গগৈ)
  103. স্পন্দন  (অৰূপজ্যোতি বৰা)
  104. স্পন্দন  (বিশ্বজিৎ নাথ)
  105. স্বস্ত্যয়ন  (সুস্মিতা বৰা)
  106. হীৰেন ভট্টাচাৰ্য (Hiren Bhattacharyya) বিষ্ণু শইকীয়া
  107. হীৰেন ভট্টাচাৰ্যৰ ব্লগ পৃষ্ঠা
  108. হৃদয়ৰ আঁৰে আঁৰে (পঞ্চানন বড়া)
  109. হৃদয়ৰ সংলাপ (অৰ্নৱ মুকুট বৰুৱা)
  110. হেৰাই যোৱা দিনবোৰ"  (শান্তনু চাংমাই)
  111. All about assamese songs lyrics (স্বপ্ননীল)
  112. Assamese cultural writing  (সমুদ্ৰকাজল শইকীয়া)
  113. Assamese song chords (দীপক শইকীয়া)
  114. Assamese Songs Lyrics (সোণমণি তালুকদাৰ)
  115. Candid Chronicles বিক্ষিপ্ত (অভিজিত কলিতা)
  116. Djlyricz
  117. LYRICS4ASSAM.TK
  118. Shooting killer (দ্বিজেন মহন্ত)

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. সৰাপাত|url=https://sorapaat.blogspot.com/p/blog-page_11.html?m=1%7C আহৰণ কৰা হৈছে= ১১ মে ২০২০