সমললৈ যাওক

ব্লাংকা টেলিকি

অসমীয়া ৱিকিপিডিয়াৰ পৰা
ব্লাংকা টেলিকি

কাউণ্টেছ ব্লাংকা টেলিকি ডি চেক (ইংৰাজী: Countess Blanka Teleki de Szék), জন্ম: ৫ জুলাই ১৮০৬ চন – মৃত্যু: ২৩ অক্টোবৰ ১৮৬২ চন; আছিল হাংগেৰীৰ এগৰাকী সম্ভ্ৰান্ত মহিলা, শিক্ষাবিদ আৰু মহিলা অধিকাৰৰ হকে কাম কৰা সমাজ কৰ্মী। তেওঁক আৰম্ভণিৰ নাৰীবাদী আন্দোলন আৰু মহিলাৰ শিক্ষাৰ পথ-প্ৰদৰ্শক হিচাপে গণ্য কৰা হয়।[1]

১৮০৬ চনৰ ৫ জুলাইত বৰ্তমানৰ ৰোমানিয়াৰ ছাটুলুঙত কাউণ্ট ইমৰে টেলেকি ডি চেক (১৭৮২-১৮৪৮) আৰু কাউণ্টেছ কেৰ'লিন ব্ৰান্সৱিক ভন ক’ৰ’ম্পা (১৭৮২-১৮৪৩)ৰ ঘৰত তেওঁ জন্মগ্ৰহণ কৰে। ইউক্ৰেইনৰ ওচৰৰ ছাটু মাৰে কাউণ্টিত তেওঁৰ পৰিয়ালৰ এটা ইষ্টেট আছিল।[2] তেওঁ শিক্ষাৰ পথ-প্ৰদৰ্শক টেৰেজ ব্ৰুন্স্ভিকৰ ভাগিনীয়েক আছিল।[1] মুনচেন আৰু পেৰিছত চিত্ৰকলা আৰু বুডাপেষ্টৰ ইষ্টভান ফেৰেঞ্চিৰ অধীনত তেওঁ ভাস্কৰ্য্য শিল্পৰ শিক্ষা গ্ৰহণ কৰে। বিভিন্ন অৱসৰত মহিলা শিক্ষাৰ সম্পৰ্কে নিজৰ ধাৰণা প্ৰকাশ কৰাৰ পাছত ১৮৪৬ চনত বুডাপেষ্টত ছোৱালীৰ বাবে নিজাকৈ বিদ্যালয় প্ৰতিষ্ঠা কৰে।[1] ১৮৪৮ চনত তেওঁ আৰু তেওঁৰ ছাত্ৰ-ছাত্ৰীসকলৰ সহযোগত আৰু হাংগেৰীৰ প্ৰথম মহিলা হিচাপে হাংগেৰীত পুৰুষ আৰু মহিলাৰ সম অধিকাৰৰ দাবীত এখন আবেদনত স্বাক্ষৰ কৰে, এই আবেদনত মহিলাসকলৰ ভোটাধিকাৰ আৰু মহিলাসকলক বিশ্ববিদ্যালয়ত পঢ়াৰ অধিকাৰৰ দাবী সন্নিৱিষ্ট আছিল।[1] তেওঁ হাংগেৰীত হোৱা ১৮৪৮ চনৰ বিখ্যাত বিপ্লৱত সক্ৰিয় অংশগ্ৰহণ কৰিছিল, আৰু সেয়েহে তেওঁক তাৰ অপৰাধত কাৰাদণ্ড বিহা হৈছিল। ১৮৫১ চনত তেওঁক সহযোগী ক্লাৰা লিঅ’ভেৰ সৈতে কাৰাগাৰত বন্দী কৰা হয় আৰু ১৮৫৬ চনত মুকলি কৰি দিয়া হয়। ব্লাংকাই শাস্তি ভোগ কৰাৰ পিছত হাংগেৰী এৰি পেৰিছলৈ যায় আৰু তাতেই বাস কৰিবলৈ লয়। ১৮৬২ চনৰ ২৩ অক্টোবৰত পেৰিছতেই তেওঁৰ মৃত্যু হয়।[1]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. 1 2 3 4 5 Francisca de Haan, Krasimira Daskalova & Anna Loutfi: Biographical Dictionary of Women's Movements and Feminisms in Central, Easterna and South Eastern Europe, 19th and 20th centuries Central European University Press, 2006
  2. Teleki Blanka Archived 2016-02-04 at the Wayback Machine, Sulinet.hu, retrieved 18 July 2015