সমললৈ যাওক

ব্ৰহ্মপুত্ৰৰ পাৰ উৎসৱ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
ব্ৰহ্মপুত্ৰৰ পাৰ উৎসৱ
আৰম্ভ ১৫ জানুৱাৰী  ২০২৭ (২০২৭ -01-15)
শেষ ১৬ জানুৱাৰী  ২০২৭ (২০২৭ -01-16)
অন্তৰ বছৰি
ঠাই গুৱাহাটী, অসম
সক্ৰিয়তাৰ সময় ১৯XX–২০০৪, ২০১২–বৰ্তমান[1]
প্ৰকাৰ লোকসাংগীতিক, আধুনিক

ব্ৰহ্মপুত্ৰৰ পাৰ উৎসৱ (Brahmaputra Beach Festival) হৈছে গুৱাহাটীৰ ব্ৰহ্মপুত্ৰ নদীৰ বালিচৰত অনুষ্ঠিত হোৱা এক মুকলি আকাশৰ উৎসৱ। এই উৎসৱটো প্ৰতিবছৰে মাঘ বিহু উপলক্ষ্যে জানুৱাৰী মাহত অনুষ্ঠিত কৰা হয়।[2][3]

উদ্দেশ্য

[সম্পাদনা কৰক]

এই উৎসৱৰ মূল লক্ষ্য হৈছে অসমৰ পৰম্পৰাগত সংস্কৃতি, হস্তশিল্প, আৰু স্থানীয় খেল-ধেমালিক জনপ্ৰিয় কৰা। দক্ষিণ ভাৰতত অনুষ্ঠিত একাধিক উৎসৱৰপৰা অনুপ্ৰাণিত হৈ আৰম্ভ হোৱা এই উৎসৱটো অসমৰ সংস্কৃতি, পৰম্পৰা আৰু আধুনিকতাৰ মিলনস্থল ৰূপে পৰিগণিত।[2]

পৃষ্ঠপোষকতা

[সম্পাদনা কৰক]

এই উৎসৱটো Assam Boat Racing and Rowing Association (ABRRA) আৰু Assam Tourism Development Corporation (ATDC)-ৰ যৌথ উদ্যোগত গুৱাহাটী চহৰত আয়োজন কৰা হয়।[2][3]

অনুষ্ঠানসমূহ

[সম্পাদনা কৰক]

উৎসৱৰ সময়ছোৱাত ব্ৰহ্মপুত্ৰৰ বালিচৰত বিভিন্ন মেলা অনুষ্ঠিত হয়। ইয়াত বিচ ক্ৰিকেট, বিচ ভলিবল, জলৰাফটিং, কেনুইং, ৱিণ্ড ছাৰ্ফিং, কায়াকিং, আৰু হট এয়াৰ বেলুনিং, পেৰাগ্লাইডিং, হেং গ্লাইডিং আদিৰ দৰে আধুনিক খেল অনুষ্ঠিত হয়। পৰম্পৰাগত খেল-ধেমালি যেনে হাতীৰ দৌৰ, কুকুৰা যুঁজ, কণী যুঁজ প্ৰতিযোগিতা আদি অনুষ্ঠিত হয়।[2][3]

শিশু-বান্ধৱ প্ৰতিযোগিতাসমূহৰ ভিতৰত চিত্ৰাঙ্কন প্ৰতিযোগিতা আৰু চিলা উৰোৱা অন্যতম। লগতে পৰম্পৰাগত অসমীয়া হস্তশিল্পৰ প্ৰদৰ্শনীৰো আয়োজন কৰা হয়।[2][3]

লগতে চাওক

[সম্পাদনা কৰক]

তথ্যসূত্ৰসমূহ

[সম্পাদনা কৰক]
  1. "ব্ৰহ্মপুত্ৰ পাৰ উৎসৱ" (as ভাষাত). Tour My IndiaTour My India. https://www.tourmyindia.com/states/assam/brahmaputra-beach.html আহৰণ কৰা হৈছে: 2024-07-12.
  2. 1 2 3 4 5 "ব্ৰহ্মপুত্ৰ পাৰ উৎসৱ" (as ভাষাত). Maps of IndiaMaps of India. Archived from the original on 2011-01-14. https://web.archive.org/web/20110114215836/http://www.mapsofindia.com/assam/society/brahmaputra-beach-festival.html আহৰণ কৰা হৈছে: 2024-07-12.
  3. 1 2 3 4 "ব্ৰহ্মপুত্ৰ উৎসৱ" (as ভাষাত). Bharat OnlineBharat Online. http://www.bharatonline.com/assam/fairs/brahmaputra-beach-festival.html আহৰণ কৰা হৈছে: 2024-07-12.

সাঁচ:অসমৰ উৎসৱ