ব্ৰহ্মপুত্ৰ (গ্ৰন্থ)
| ব্ৰহ্মপুত্ৰ | |
|---|---|
| লেখক | যোগেন্দ্ৰনাথ শৰ্মা |
| প্ৰচ্ছদ শিল্পী | মনজিৎ ৰাজখোৱা |
| দেশ | ভাৰত |
| ভাষা | অসমীয়া |
| প্ৰকাশক | প্ৰকাশন শাখা, ডিব্ৰুগড় বিশ্ববিদ্যালয় |
| প্ৰকাশ | ২੦১৮ |
| পৃষ্ঠা সংখ্যা | ১৯২ |
| আই.এচ.বি.এন. | 978-93-84819-13-2 |
ব্ৰহ্মপুত্ৰ (২੦১৮, ইংৰাজী: Brahmaputra) হ’ল ব্ৰহ্মপুত্ৰ নদীৰ বিষয়ে অসমীয়া ভাষাত যোগেন্দ্ৰনাথ শৰ্মাই ৰচনা কৰা এখন গ্ৰন্থ৷ গ্ৰন্থখন ২੦১৮ চনত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ প্ৰকাশন শাখাই ‘জ্ঞান-বিচিত্ৰা গ্ৰন্থমালা’ৰ অধীনত প্ৰকাশ কৰে৷[1]
বিষয়বস্তু
[সম্পাদনা কৰক]ব্ৰহ্মপুত্ৰ পৃথিৱীৰ এখন অন্যতম বৃহৎ নদী৷[1] তিব্বত, চীন আৰু ভাৰত এই তিনিখন দেশ ব্যাপী থকা ই এখন আন্তৰ্জাতিক নদী৷[1] ই অসমৰ জনজীৱনৰ বাবে আয়ুসৰেখা স্বৰূপ৷[1] ব্ৰহ্মপুত্ৰ গ্ৰন্থখনত লেখকে ব্ৰহ্মপুত্ৰৰ বৈশিষ্ট্য, গতিপথ, নদীপ্ৰণালী, ইয়াৰ উপনৈসমূহ, ভূতত্ত্ব, ভূ-আকৃতি, ব্ৰহ্মপুত্ৰ অৱবাহিকাৰ জলবায়ু, বান আৰু গৰাখহনীয়া, নদীপথ আৰু পৰিবহণ আদি বিভিন্ন দিশ সামৰি লৈছে৷ গ্ৰন্থখনত মুঠ বাৰটা অধ্যায় আছে৷[1]
লেখকৰ পৰিচয়
[সম্পাদনা কৰক]লেখক যোগেন্দ্ৰনাথ শৰ্মা এগৰাকী ভূতত্ত্ববিদ আৰু লোকবোধ্য বিজ্ঞানলেখক৷ অসমত নদীৰ বিজ্ঞানসন্মত অধ্যয়নৰ ক্ষেত্ৰখনত তেওঁ এটি সুপৰিচিত নাম৷[1]