সমললৈ যাওক

ব্ৰহ্মানন্দম

অসমীয়া ৱিকিপিডিয়াৰ পৰা
ব্ৰহ্মানন্দম

২০২৪ চনত ব্ৰহ্মানন্দম
জন্ম ব্ৰহ্মানন্দম
১ ফেব্ৰুৱাৰী, ১৯৫৬ (৬৯ বছৰ)
সত্তেনপল্লে, অন্ধ্ৰ প্ৰদেশ, ভাৰত
পেচা
  • অভিনেতা
  • কমেডিয়ান
  • পৰিচালক
সক্ৰিয় হৈ থকা সময় ১৯৮৫–বৰ্তমানলৈকে
দাম্পত্যসঙ্গী লক্ষ্মী
সন্তান


কান্নেগন্তি ব্ৰহ্মানন্দম (ইংৰাজী: Conneganti Brahmanndam; জন্ম: ১ ফেব্ৰুৱাৰী ১৯৫৬) তেলেগু চিনেমাত আগবঢ়োৱা অভিনয়-কৰ্মৰ বাবে পৰিচিত এজন ভাৰতীয় অভিনেতা আৰু কমেডিয়ান।[1] তেওঁ ভাৰতৰ সৰ্বাধিক দৰমহাপ্ৰাপ্ত কমিক অভিনেতা হিচাপে স্বীকৃতি পাইছে।[2][3] ব্ৰহ্মানন্দমে ১০০০ৰো অধিক ছবিত অভিনয় কৰি গিনিজ ৱৰ্ল্ড ৰেকৰ্ডছত স্থান লাভ কৰিছে।[4][5] ব্ৰহ্মানন্দমে ছটা নন্দী বঁটা আৰু দুটা ফিল্মফেয়াৰ বঁটাকে ধৰি বহু বঁটা-সন্মান লাভ কৰিছে। ২০০৯ চনত ভাৰতৰ চতুৰ্থ সৰ্বোচ্চ অসামৰিক বঁটা পদ্মশ্ৰীৰে তেওঁ সন্মানিত হয়।[6] আচাৰ্য নাগাৰ্জুন বিশ্ববিদ্যালয়ৰ পৰাও তেওঁক সন্মানীয় ডক্টৰেট ডিগ্ৰী প্ৰদান কৰা হয়।[7]

স্নাতকোত্তৰ ডিগ্ৰী সমাপ্ত কৰাৰ পিছত ব্ৰহ্মানন্দমে পশ্চিম গোদাবৰী জিলাৰ আট্টিলিত তেলেগু প্ৰবক্তা হিচাপে কাম কৰে। সমান্তৰালভাৱে তেওঁ ভ্ৰাম্যমাণ আৰু অনুকৰণ শিল্পী হিচাপেও কাম কৰিছিল। ১৯৮৫ চনত ডি ডি তেলেগুৰ পাকাপাকালু ছবিৰে তেওঁ টেলিভিছনত আত্মপ্ৰকাশ কৰে যিয়ে দৰ্শকৰ পৰা প্ৰশংসা লাভ কৰে।[8] শ্ব’টোত তেওঁৰ অভিনয় চোৱাৰ পিছত পৰিচালক জান্ধ্যালাই তেওঁক ‘আহা না পেলাণ্টা! ’ (১৯৮৭) ছবিখনত অভিনয় কৰিবলৈ দিয়ে। যিখন ছবি তেওঁৰ কেৰিয়াৰৰ বাবে ব্ৰেকথ্ৰু হিচাপে পৰিগণিত হয়।[9]

প্ৰাৰম্ভিক জীৱন

[সম্পাদনা কৰক]

১৯৫৬ চনৰ ১ ফেব্ৰুৱাৰীত অন্ধ্ৰ প্ৰদেশৰ সতেনেপল্লীৰ চাগন্তী ৱৰী পালেম গাঁৱত ব্ৰহ্মানন্দমৰ জন্ম হয়।[10][11] তেওঁৰ পিতৃ-মাতৃৰ নাম নাগালিংগাচাৰী আৰু লক্ষ্মী নৰসম্মা।[12] তেওঁৰ পিতৃ কাঠমিস্ত্ৰী আৰু ব্ৰহ্মানন্দম আঠটা সন্তানৰ ভিতৰত এজন। তেওঁ স্নাতকোত্তৰ ডিগ্ৰী সম্পূৰ্ণ কৰি পশ্চিম গোদাবৰী জিলাৰ আট্টিলিত তেলেগু প্ৰবক্তা হিচাপে যোগদান কৰে।[13]

কৰ্মজীৱন

[সম্পাদনা কৰক]

প্ৰবক্তা হিচাপে কাম কৰাৰ সময়ত ব্ৰহ্মানন্দমে ভ্ৰাম্যমাণ আৰু অনুকৰণ শিল্পী হিচাপেও কাম কৰিছিল। ঔপন্যাসিক আৰু নাট্যকাৰ বিষ্ণুৱে তেওঁক দূৰদৰ্শন (ডি ডি)ৰ এন চি ভি শশীধৰৰ সৈতে চিনাকি কৰাই দিছিল। ইয়াৰ কিছু সময়ৰ পিছতে তেওঁ ১৯৮৫ চনত ডি ডি তেলেগুৰ পাকাপাকালুৰ সৈতে টেলিভিছনত অভিষেক ঘটায়।[8][13] শ্ব'টোত তেওঁৰ অভিনয়ে দৰ্শকৰ পৰা ভাল সঁহাৰি লাভ কৰে।[14] শ্ব’টোত তেওঁৰ অভিনয় চোৱাৰ পিছত পৰিচালক জান্ধ্যালাই তেওঁক আহা না পেলান্তা (১৯৮৭) ছবিত অভিনয়ৰ প্ৰস্তাৱ আগবঢ়ায়। যিটো তেওঁৰ বাবে এক ব্ৰেকথ্ৰু ভূমিকাত পৰিণত হয়।[15] তেওঁ অভিনয় কৰা প্ৰথমখন ছবি আছিল 'শ্ৰী টাতাৱতাৰম', দ্বিতীয়খন ছবি আছিল 'সত্যগ্ৰহম' আৰু তৃতীয়খন ছবি আছিল 'আহা না পেলান্তা'।[13] শ্ৰী টাটাৱতাৰমে ১৯৮৮ চনৰ পিছৰ ফালে মুক্তি লাভ কৰে।

তাৰ পিছৰ বছৰবোৰত তেওঁ কেইবাখনো তেলেগু ছবিত অভিনয় কৰে, ইয়াৰে বিবাহ ভোজনম্বু (১৯৮৮), চৌপুলু কালিচিনা শুভভেলা (১৯৮৮), বন্ধুভুলষ্টুন্নৰু জাগ্ৰাথা (১৯৮৯), মুদ্দুলা মাৱায়া (১৯৮৯), জগদেকা বীৰুদু আতিলোক সুন্দৰী (১৯৯০), ববিলি ৰাজা (১৯৯০) আৰু বাম্মা মাতাতা ছবিত আগবঢ়োৱা অভিনয়ৰ বাবে বহুল প্ৰশংসা কৰা হৈছিল।[16]

১৯৯১ চনৰ পৰা আৰম্ভ কৰি ব্ৰহ্মানন্দমে বিভিন্ন কমেডী চৰিত্ৰ আৰু কেইটামান গুৰুত্বপূৰ্ণ চৰিত্ৰত অভিনয় কৰিছে। ১৯৯১ চনত তেওঁ ক্ষণা ক্ষণাম (১৯৯১) আৰু ৰাউডি আল্লুডু (১৯৯১) আদি গুৰুত্বপূৰ্ণ ছবিত অভিনয় কৰে। [17] টাইমছ অৱ ইণ্ডিয়াই চিত্ৰাম ভলাৰে বিচিত্ৰাম (১৯৯১), জাম্বা লাকিদী পাম্বা (১৯৯২), আৰু যমলীলা (১৯৯৪) ছবিক কেতিয়াও বিৰক্ত হ’ব নোৱাৰা ছবি বুলি গণ্য কৰিছিল। এই ছবিসমূহৰ সফল হোৱাৰ অন্যতম মূল কাৰণ হিচাপে তেওঁক বিবেচিত কৰা হৈছে।[18] ১৯৯২ চনত তেওঁ প্ৰথমবাৰৰ বাবে বাবাই হোটেলত মুখ্য চৰিত্ৰত অভিনয় কৰে।[19]

মানি (১৯৯৩) ছবিখনত খান দাদাৰ চৰিত্ৰত অভিনয় কৰি তেওঁ শ্ৰেষ্ঠ পুৰুষ কমেডিয়ানৰ প্ৰথমটো নন্দী বঁটা লাভ কৰে।[20] যিখনৰ সফলতাৰ পিছত ইয়াৰ ছিকুৱেল মানি মানি (১৯৯৪)ও নিৰ্মাণ কৰা হয়, য’ত ব্ৰহ্মানন্দমে নিজৰ চৰিত্ৰটোত পুনৰায় অভিনয় কৰে। হেলো ব্ৰাদাৰ (১৯৯৪) ছবিখনৰ পৰ্যালোচনাত জামিন ৰয়টৰ গ্ৰীদ্দালুৰু গোপালৰাৱে ব্ৰহ্মানন্দমৰ ভূমিকা আৰু তেওঁৰ অভিনয়ৰ প্ৰশংসা কৰে।[21] তাৰ পিছৰ বছৰবোৰত তেওঁৰ আৰু সফল ছবিসমূহ হ’ল আল্লুদা মাজাকা (১৯৯৫), ইণ্টলো ইল্লালু ভাণ্টিণ্টলো প্ৰিয়ৰালু (১৯৯৬), বম্বে প্ৰিয়ডু (১৯৯৬), অনাগনাগা ওকা ৰোজু (১৯৯৭), মুড্ডুলা মগুডু (১৯৯৭), বাভাগাৰু বাগুডু (১৯৯৮), আভিদা মা আভিদে (১৯৯৮), থাম্মুডু (১৯৯৯), ক্ষেমামগা ভেল্লী লভমগা ৰাণ্ডী (২০০০), জয়ম মানদে ৰা (২০০০), কালিসুন্দম ৰা (২০০০), আৰু আম্মো! ওকাটো তাৰেখু (২০০০)।

২০০৮ চনৰ জানুৱাৰী মাহত অনুষ্ঠিত হোৱা এক সম্বৰ্ধনা অনুষ্ঠানত তেওঁ তলত উল্লেখ কৰা ছবিসমূহক তেওঁৰ শীৰ্ষ ১১খন ছবি হিচাপে তালিকাভুক্ত কৰে — আহা না পেলাণ্টা! (১৯৮৭), বিভাহা ভোজনম্বু (১৯৮৮), চিত্ৰাম ভালৰে বিচিত্ৰম (১৯৯১), পট্টুকোণ্ডি চুদ্দাম (১৯৯৭), ধন (১৯৯৩), অনাগনাগা ওকা ৰোজু (১৯৯৭), আন্না (১৯৯৪), আম্মা (১৯৯১), বাভাগৰু বাগুন্নৰা (১৯৯৮), মনমাধুডু (২০০২), ধী (২০০৭)[13]

ব্যক্তিগত জীৱন

[সম্পাদনা কৰক]

ব্ৰহ্মানন্দমে লক্ষ্মীক বিয়া কৰায়। তেওঁলোকৰ দুই পুত্ৰ ৰাজা গৌতম আৰু সিদ্ধাৰ্থ। গৌতম এজন অভিনেতা যিয়ে পল্লাকিলো পেলিকোথুৰু (২০০৪), আৰু মনু (২০১৮) আদি ছবিতো অভিনয় কৰিছিল।[22]

২০১৯ চনৰ জানুৱাৰী মাহত ব্ৰহ্মানন্দমে মুম্বাইৰ এছিয়ান হাৰ্ট ইনষ্টিটিউট (AHI)ত হাৰ্ট বাইপাছ অস্ত্ৰোপচাৰৰ সফল অস্ত্ৰোপচাৰ কৰে।[23]

অভিনয়ৰ উপৰিও ব্ৰহ্মানন্দম এজন অপেশাদাৰী ভাস্কৰ্য্য শিল্পী আৰু স্কেচ আৰ্টিষ্টো।[24] তেওঁ আজৰি সময়ত স্বামী বিবেকানন্দ আৰু জিদ্দু কৃষ্ণমূৰ্তিৰ দাৰ্শনিক লেখাও পঢ়ে।[9]

চলচ্চিত্ৰপুঞ্জী

[সম্পাদনা কৰক]

ব্ৰহ্মানন্দমে ১,০০০তকৈও অধিক ছবিত অভিনয় কৰিছে।[5]


তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. Rajpal, Roktim (2022-02-01). "Birthday Special: 4 Reasons Why Brahmanandam is Telugu Cinema's Undisputed 'Comedy King'" (en ভাষাত). https://www.deccanherald.com/entertainment/birthday-special-4-reasons-why-brahmanandam-is-telugu-cinemas-undisputed-comedy-king-1076730.html. 
  2. "This Telugu comedian has assets over Rs 320 crore: reports" (en ভাষাত). The Indian Express. 2017-06-12. https://indianexpress.com/article/entertainment/telugu/this-telugu-comedian-has-assets-over-rs-320-crore-reports-4700398/। আহৰণ কৰা হৈছে: 2022-08-08. 
  3. "Check Out: Brahmi's Remuneration Per Movie" (en ভাষাত). Sakshi. 2021-02-02. Archived from the original on 2022-08-08. https://web.archive.org/web/20220808195527/https://english.sakshi.com/news/tollywood/how-much-does-telugu-comedian-brahmanandam-charge-movie-whats-brahmis-net-worth। আহৰণ কৰা হৈছে: 2022-08-08. 
  4. "Most screen credits for a living actor". Guinness World Records. 24 June 2010. http://www.guinnessworldrecords.com/records-3000/most-screen-credits-for-a-living-actor/। আহৰণ কৰা হৈছে: 2014-01-25. 
  5. 5.0 5.1 Brahmanandam breaks 1000 film record Archived 2 February 2015 at the Wayback Machine - The Times of India Dated 29 January 2015 Retrieved 10 February 2015
  6. "Front Page : List of Padma awardees 2009". The Hindu (Chennai, India). 26 January 2009. http://www.hindu.com/2009/01/26/stories/2009012658391100.htm. 
  7. "Smile, here's Brahmanandam". The New Indian Express. 18 June 2009. https://www.newindianexpress.com/cities/hyderabad/2009/jun/18/smile-heres-brahmanandam-59955.html। আহৰণ কৰা হৈছে: 2022-08-08. 
  8. 8.0 8.1 "A funny bone of contention" (en ভাষাত). Deccan Herald. 2012-10-20. https://www.deccanherald.com/content/286764/a-funny-bone-contention.html। আহৰণ কৰা হৈছে: 2022-02-01. 
  9. 9.0 9.1 "Rediff On The NeT: An interview with Telugu comedian Brahmanandam". Rediff. 6 August 1999. https://m.rediff.com/movies/1999/aug/06brah.htm। আহৰণ কৰা হৈছে: 2022-08-08. 
  10. "Birth village explained by Brahmandam garu" (te ভাষাত). Youtube. 2020-02-01. https://www.youtube.com/watch?v=PfZu6h51R6E&t=217s। আহৰণ কৰা হৈছে: 2023-03-29. 
  11. "Birthday Special: Unknown Facts about 'Brahmanandam'" (en ভাষাত). Sakshi Post. 2020-02-01. Archived from the original on 2020-10-11. https://web.archive.org/web/20201011125045/https://english.sakshi.com/tollywood/2020/02/01/birthday-special-unknown-facts-about-brahmanandam। আহৰণ কৰা হৈছে: 2020-09-13. 
  12. "Birthday Special! Brahmanandam: Tracing the journey of the popular comedian in Tollywood so far" (en ভাষাত). The Times of India. 2019-02-01. https://timesofindia.indiatimes.com/entertainment/telugu/movies/news/birthday-special-brahmanandam-tracing-the-journey-of-the-popular-comedian-in-tollywood-so-far/photostory/67790174.cms। আহৰণ কৰা হৈছে: 2022-08-08. 
  13. 13.0 13.1 13.2 13.3 "AP Film critics association felicitates Brahmanandam - Telugu cinema function". Idlebrain.com. 8 January 2008. http://www.idlebrain.com/news/functions/filmcritics-brahmanandam.html। আহৰণ কৰা হৈছে: 2022-02-01. 
  14. P, Sekhar Reddy (2021-11-13). "బ్రహ్మానందంకు సినిమాల్లో ఆఫర్లు రావడానికి కారణమైన షో ఏంటో తెలుసా?" (te ভাষাত). TeluguStop.com. https://telugustop.com/interesting-facts-about-star-comedian-brahmanandam-%e0%b0%ac%e0%b1%8d%e0%b0%b0%e0%b0%b9%e0%b1%8d%e0%b0%ae%e0%b0%be%e0%b0%a8%e0%b0%82%e0%b0%a6%e0%b0%82। আহৰণ কৰা হৈছে: 2022-02-01. 
  15. "Telugu lecturer to Guinness World Record holder" (en ভাষাত). The Times of India. 2019-02-01. https://timesofindia.indiatimes.com/entertainment/telugu/movies/news/birthday-special-brahmanandam-tracing-the-journey-of-the-popular-comedian-in-tollywood-so-far/photostory/67790174.cms। আহৰণ কৰা হৈছে: 2020-09-13. 
  16. Gopalrao, Griddaluru (13 May 1988). "వివాహ భోజనం కాదు చౌకబారు ప్లేటు భోజనం" (te ভাষাত). Zamin Ryot: পৃষ্ঠা 9. http://www.zaminryot.com/pdf/1988/May/13-may-1988.pdf. 
  17. Mannath, Malini (16 October 1992). "Sridevi sizzles". The Indian Express: পৃষ্ঠা 7. https://news.google.com/newspapers?id=OZBlAAAAIBAJ&sjid=u54NAAAAIBAJ&pg=1226,2087793. 
  18. "5 Telugu movies that you can never get bored, no matter how many times you watch them" (en ভাষাত). The Times of India. 2020-03-24. https://timesofindia.indiatimes.com/entertainment/telugu/movies/news/5-telugu-movies-that-you-can-never-get-bored-no-matter-how-many-times-you-watch-them/photostory/74777949.cms। আহৰণ কৰা হৈছে: 2022-02-07. 
  19. Chowdhary, Y. Sunita (2017-01-04). "Should they or shouldn't they?" (en-IN ভাষাত). The Hindu. ISSN 0971-751X. https://www.thehindu.com/entertainment/movies/Should-they-or-shouldn%E2%80%99t-they/article16987350.ece. 
  20. "నంది అవార్డు విజేతల పరంపర (1964 - 2008)". Information & Public Relations of Andhra Pradesh. http://ipr.ap.nic.in/New_Links/Film.pdf। আহৰণ কৰা হৈছে: 13 September 2020. (in Telugu)
  21. Gopalrao, Griddaluru (6 May 1994). "సరదా సరదా హాస్యం నరాలు మెలిపెట్టె శృంగారం: హలో బ్రదర్" (te ভাষাত). Zamin Ryot: পৃষ্ঠা 9. http://www.zaminryot.com/pdf/1994/May/6-may-1994.pdf. 
  22. "Brahmanandam's son Raja Goutham opts for a family entertainer with yet another short filmmaker" (en ভাষাত). https://timesofindia.indiatimes.com/entertainment/telugu/movies/news/brahmanandams-son-raja-goutham-opts-for-a-family-entertainer-with-yet-another-short-filmmaker/articleshow/70873459.cms. 
  23. "Iconic Telugu comedian Brahmanandam undergoes bypass surgery in Mumbai; stable now". https://timesofindia.indiatimes.com/entertainment/telugu/movies/news/popular-comedian-brahmanandam-undergoes-bypass-surgery-in-mumbai-stable-now/articleshow/67552928.cms. 
  24. "Happy Birthday Brahmanandam: Not just an ace comedian, he is also a fantastic portrait artist" (en ভাষাত). The Times of India. 2021-02-01. https://timesofindia.indiatimes.com/entertainment/telugu/movies/news/happy-birthday-brahmanandam-not-just-an-ace-comedian-he-is-also-a-fantastic-portrait-artist/articleshow/80628431.cms। আহৰণ কৰা হৈছে: 2022-08-08. 


বাহ্যিক সংযোগ

[সম্পাদনা কৰক]