ব্ৰাত্য বসু
ব্ৰাত্য বসু | |
|---|---|
| তথ্যপ্ৰযুক্তি মন্ত্ৰী, পশ্চিমবঙ্গ সৰকাৰ | |
পদাধিকাৰ | |
| কাৰ্যভাৰ গ্ৰহণ ২০ মে, ২০১৬ | |
| ৰাজ্যপাল | এম কে নাৰায়াণান |
| পৰ্যটন মন্ত্ৰী, পশ্চিমবঙ্গ সৰকাৰ | |
| কাৰ্যকাল ২০ মে, ২০১৪ – ১২ মে, ২০১৬ | |
| ৰাজ্যপাল | এম কে নাৰায়াণান |
| পূৰ্বসূৰী | হিতেন বৰ্মন |
| উত্তৰসূৰী | গৌতম দেব |
| উচ্চশিক্ষা মন্ত্ৰী, পশ্চিমবঙ্গ সৰকাৰ | |
| কাৰ্যকাল ২০ মে, ২০১১ – ২০ মে, ২০১৪ | |
| ৰাজ্যপাল | এম কে নাৰায়াণান |
| পূৰ্বসূৰী | প্ৰোঃ সুদৰ্শন ৰায় চৌধুৰী |
| উত্তৰসূৰী | পাৰ্থ চট্টোপাধ্যায় |
| বিধায়ক | |
পদাধিকাৰ | |
| কাৰ্যভাৰ গ্ৰহণ ২০১১ | |
| ৰাজ্যপাল | এম কে নাৰায়াণান |
| পূৰ্বসূৰী | গৌতম দেব |
| সমষ্টি | দমদম |
| ব্যক্তিগত তথ্য | |
| জন্ম | ব্ৰাত্যব্ৰত বসু ৰায়চৌধুৰী ২৫ , ১৯৬৯ (এক্সপ্ৰেছন ত্ৰুটী: অপৰিচিত বিৰামচিহ্ন কেৰেক্টাৰ "১" বছৰ) |
| নাগৰিকত্ব | ভাৰতীয় |
| ৰাষ্ট্ৰীয়তা | ভাৰতীয় |
| ৰাজনৈতিক দল | তৃণমূল কংগ্ৰেস |
| দাম্পত্যসঙ্গী | পৌলামী বসু |
| শিক্ষানুষ্ঠান | প্ৰেসিডেন্সি কলেজ, কলকাতা |
ব্ৰাত্যব্ৰত বসু ৰায়চৌধুৰী (ইংৰাজী: Bratya Basu; জন্ম: ২৫ ছেপ্টেম্বৰ ১৯৬৯)[1] এজন ভাৰতীয় বাঙালী নাট্যকাৰ, নাট পৰিচালক, কবি, প্ৰাবন্ধিক, ঔপন্যাসিক, অনুবাদক, সম্পাদক, অভিনেতা আৰু ৰাজনীতিবিদ। বৰ্তমান তেওঁ পশ্চিম বংগৰ উচ্চ শিক্ষা আৰু বিদ্যালয় শিক্ষা বিভাগৰ মন্ত্ৰী। ২০১১, ২০১৬, ২০২১ চনৰ বিধানসভা নিৰ্বাচনত দমদম বিধানসভা সমষ্টিৰপৰা একেৰাহে তিনিবাৰকৈ নিৰ্বাচিত হৈছিল।
প্ৰাথমিক জীৱন
[সম্পাদনা কৰক]ব্ৰাত্য বসু বিশিষ্ট নাট্যব্যক্তিত্ব বিষ্ণু বসুৰ পুত্ৰ। প্ৰেছিডেন্সি কলেজ (বৰ্তমান বিশ্ববিদ্যালয়) আৰু কলিকতা বিশ্ববিদ্যালয়ত বাংলা ভাষা আৰু সাহিত্য অধ্যয়ন কৰাৰ পাছত তেওঁ কলিকতাৰ চিটি কলেজত অধ্যাপক হিচাপে যোগদান কৰে। ‘গণকৃষ্টি’ নামৰ নাট্যগোষ্ঠী এটাত চাউণ্ড অপাৰেটৰ হিচাপে তেওঁৰ নাট্যজীৱন আৰম্ভ হৈছিল। পাছলৈ তেওঁ দলটোৰ বাবে নাটক ৰচনা কৰাৰ লগতে পৰিচালনা কৰিবলৈ আৰম্ভ কৰে। আল্ট্ৰা-মডাৰ্ণ নাটক অশালীন (১৯৯৬) তেওঁৰদ্বাৰা ৰচিত প্ৰথম নাটক। তেওঁৰ আন আন উল্লেখযোগ্য নাটকবোৰ হ'ল - অৰণ্যদেৱ, শহৰইয়াৰ, উইঙ্কল্ টুইঙ্কল্ আৰু ৰহস্যমূলক নাটক চতুষ্কোণ। ১৯৯৮ চনত তেওঁ ‘শ্যামল সেন সোঁৱৰণী বঁটা’ আৰু ২০০০ চনত ‘দিশাৰী বঁটা’ লাভ কৰে। ২০০৮ চনত তেওঁ ‘ব্ৰাত্যজন’ নামেৰে নিজাকৈ এটি নাট্যদল গঠন কৰে।[2] ২০০৯ চনত দেৱব্ৰত বিশ্বাসৰ জীৱনৰ আধাৰত নিৰ্মিত নাটক ৰুদ্ধসংগীত তেওঁৰ এক কিংবদন্তি সৃষ্টি।
ৰাজনৈতিক জীৱন
[সম্পাদনা কৰক]২০১১ চনৰ বিধানসভা নিৰ্বাচনত ব্ৰাত্য বসুৱে তৃণমূল কংগ্ৰেছৰ হৈ দমদম বিধানসভা সমষ্টিৰপৰা প্ৰতিদ্বন্দ্বিতা কৰিছিল। এই নিৰ্বাচনত তেওঁ তেতিয়াৰ শাসকীয় চি পি আই (এম) দলৰ মন্ত্ৰী গৌতম দেৱক পৰাস্ত কৰি বিধায়ক নিৰ্বাচিত হয়। তাৰ পাছত মমতা বন্দ্যোপাধ্যায়ৰ প্ৰথম মন্ত্ৰীসভাত তেওঁক উচ্চ শিক্ষামন্ত্ৰীৰ দায়িত্ব দিয়া হয়। তেওঁ কিছুদিনৰ বাবে বিজ্ঞান, প্ৰযুক্তি আৰু জৈৱ প্ৰযুক্তি বিভাগৰ মন্ত্ৰীৰ দায়িত্বও গ্ৰহণ কৰিছিল। বৰ্তমান তেওঁ মমতা বন্দ্যোপাধ্যায়ৰ তৃতীয় পৰ্যায়ৰ মন্ত্ৰীসভাত উচ্চ শিক্ষা মন্ত্ৰ্যালয়ৰ মন্ত্ৰীৰ দায়িত্বত আছে।
চলচ্চিত্ৰ
[সম্পাদনা কৰক]তেওঁ পাঁচখন ছবি পৰিচালনা কৰিছে। সেইবোৰ হ'ল - ৰাস্তা, তিস্তা, তাৰা, ডিকশনাৰি আৰু হুব্বা। প্ৰথমখনৰ বিষয়-বস্তু এজন যুৱক সন্ত্ৰাসবাদী হোৱাৰ কথা আৰু তৃতীয়খনৰ বিষয়-বস্তু হ'ল সমাজ আৰু প্ৰেমৰ ব্যৰ্থতা। কালবেলাকে ধৰি কেইবাখনো ছবিত তেওঁ অভিনয়ও কৰিছে।[3]
এঘাৰ বছৰৰ পাছত পুনৰ ‘ডিকশনাৰি’ নামৰ এখন ছবি পৰিচালনা কৰিছে। তেওঁৰ শেষৰখন ছবি হ'ল ‘হুব্বা’।
অভিনয়
[সম্পাদনা কৰক]| বছৰ | শিৰোনাম | ভূমিকা | পৰিচালক | সূত্ৰ |
|---|---|---|---|---|
| ২০০৫ | হাৰবাৰ্ট | ধন্না | সুমন মুখোপাধ্যায় | |
| ২০০৯ | স্থানিও সংবাদ | মিঃ পল | মৈনাক বিশ্বাস আৰু অৰ্জুন গৌৰিসাৰিয়া | |
| কালবেলা | ৰমেন | গৌতম ঘোষ | ||
| ২০১১ | হ্যালো মেমসাহেব | মেনন সাহেব | শিবপ্ৰসাদ মুখোপাধ্যায় আৰু নন্দিতা ৰায় | |
| ইচ্ছে | মানস | শিবপ্ৰসাদ মুখোপাধ্যায় আৰু নন্দিতা ৰায় | ||
| কাগজেৰ বউ | মাণিক সাহা | বাপ্পাদিত্য বন্দ্যোপাধ্যায় | ||
| ২০১২ | টিনেৰ কন্যা | অগ্নিদেব চট্টোপাধ্যায় | ||
| মুক্তধাৰা | অৰিন্দম | শিবপ্ৰসাদ মুখোপাধ্যায় আৰু নন্দিতা ৰায় | ||
| হেমলক সোসাইটি | ৰক্তিম গাঙ্গুলি | সৃজিত মুখাৰ্জি | ||
| বালুকাবেলা.কম | শুভঙ্কৰ | পাৰ্থ সেন | ||
| ২০১৩ | ৰোদচছমা | ঋতুপৰ্ণ ঘোষ | ||
| মহাপুৰুষ ও কাপুৰুষ | শ্ৰী শ্ৰী সদগজানন্দ মহাৰাজ/পদ | অনিকেত চট্টোপাধ্যায় | ||
| গোলমালে পিৰিত কৰো না | নেবু কাকা | অনিন্দ্য বন্দ্যোপাধ্যায় | ||
| ২০১৪ | পাৰাপাৰ | গোপাল | সঞ্জয় নাগ | |
| ২০১৫ | যোগযোগ | মধুসূদন | সেখৰ দাস | |
| নাটকেৰ মতো | অমিতেশ | দেবেশ চট্টোপাধ্যায় | ||
| কল্কিযুগ | এসিপি দিলীপ দত্ত | দেবাৰতি গুপ্তা | ||
| অ্যাবি সেন | নীলাদ্ৰি | অতনু ঘোষ | ||
| ২০১৬ | ডাবল ফেলুদা | মনিমোহন সমাদ্দাৰ | সন্দীপ ৰায় | |
| গ্যাংষ্টাৰ | জামাল | বিৰসা দাশগুপ্ত | ||
| আসমাপ্টো | মলয় | সুমন মুখোপাধ্যায় | ||
| ২০১৭ | চিলেকোঠা | ফুলু কাকা | প্ৰেমাংশু ৰায় | |
| বাৰাণ্ডা | গিৰিজাপতি | ৰেশমি মিত্ৰ | ||
| ২০১৮ | মনোজদেৰ অদ্ভুত বাড়ি | গোয়েন্দা বৰদাচৰণ | অনিন্দ্য চ্যাটাৰ্জি | |
| ২০১৯ | বহমান | সুব্ৰত | অনুমিতা দাশগুপ্ত | |
| ধুলোবালি কথা | ৰাজাদিত্য মল্লিক | বিপ্লব বন্দ্যোপাধ্যায় | ||
| দ্য লাভলি মিসেস মুখাৰ্জি | কালিদাস মুখোপাধ্যায়/ব্ৰাত্য | ইন্দ্ৰনীল ৰায়চৌধুৰী | ||
| ২০২০ | স্বপ্নজাল | বিশ্বম্বৰ | গিয়াস উদ্দিন সেলিম | |
| ২০২১ | মায়াৰ জঞ্জাল | গণেশ সামন্ত | ইন্দ্ৰনীল ৰায়চৌধুৰী | |
| ২০২২ | সহবাসে | অঞ্জন কাঞ্জিলাল | [4] | |
| ঝৰা পালক | ||||
| ২০২৪ | মাণিকবাবুৰ মেঘ | অভিনন্দন বন্দ্যোপাধ্যায় | ||
| চালচিত্ৰ: দ্য ফ্ৰেম ফ্যাটাল | প্ৰতিম ডি. গুপ্ত | |||
| ২০২৫ | লহো গৌৰাঙ্গৰ নাম ৰে | গিৰিশ চন্দ্ৰ ঘোষ | সৃজিত মুখোপাধ্যায় |
পৰিচালক
[সম্পাদনা কৰক]| বছৰ | শিৰোনাম | শিল্পী | মন্তব্য |
|---|---|---|---|
| ২০০৩ | ৰাস্তা | অমিতাভ ভট্টাচাৰ্য, মিঠুন চক্ৰৱৰ্তী, ৰজতাভ দত্ত | |
| ২০০৫ | তিস্তা | দেবশ্ৰী ৰায়, বাদশা মৈত্ৰ, চন্দ্ৰায়ী ঘোষ | |
| ২০১০ | তাৰা | প্ৰসেনজিৎ চট্টোপাধ্যায়, পাওলি দাম | |
| ২০২১ | ডিকশনাৰি | মোশাৰৰফ কৰিম, আবীৰ চট্টোপাধ্যায়, নুসৰাত জাহান | |
| ২০২৪ | হুব্বা | মোশাৰৰফ কৰিম, ইন্দ্ৰনীল সেনগুপ্ত |
সন্মান
[সম্পাদনা কৰক]২০২১ চনত নাট্যকাৰ ব্ৰত্য বসুৱে “মীৰজাফৰ ও অন্যান্য নাটক” নামৰ গ্ৰন্থখনৰ বাবে ভাৰত চৰকাৰৰ সাহিত্য অকাডেমি বঁটা লাভ কৰিছিল।[5]
তথ্য সংগ্ৰহ
[সম্পাদনা কৰক]- ↑ "Book Excerptise: nATak samagra by Bratya Basu". 2024-10-31. https://www.cse.iitk.ac.in/users/amit/books/basu-2004-natak-samagra.html/.
- ↑ "সংৰক্ষণাগাৰভুক্ত অনুলিপি". ৩০ মে ২০১১. Archived from the original on 2011-07-27. https://web.archive.org/web/20110727112726/http://www.natyoshala.org/trial/node/5। আহৰণ কৰা হৈছে: 2025-08-16.
- ↑ "IMDB". 18 জানুয়াৰি 2017. http://www.imdb.com/name/nm2742573/.
- ↑ Desk, Eisamay Online (2024-10-31). "নাটক থেকে সিনেমায় পা অঞ্জনেৰ, চমক প্ৰতিপদে..." (bn ভাষাত). https://eisamay.com/entertainment/theatre-actor-director-anjan-kanjilal-all-set-ready-to-direct-his-debut-film/articleshow/69060769.cms.
- ↑ "সাহিত্য অ্যাকাডেমি পুৰস্কাৰ পেলেন ব্ৰাত্য বসু". ২০২১-১২-৩১. https://bengali.news18.com/news/national/bratya-basu-received-sahitya-academy-2021-for-his-bengali-play-book-ub-712521.html.