ব্ৰাহ্মীষ্ঠ
ব্ৰাহ্মীষ্ঠ শব্দটো শ্ৰেষ্ঠতম বৈদিক পণ্ডিতক বুজাবলৈ ব্যৱহাৰ কৰা সংস্কৃত শব্দ।[1] ব্ৰাহ্মীষ্ঠ শব্দটো বৈদিক সাহিত্যত পোৱা যায়।[2] বেদৰ সৰ্বোচ্চ জ্ঞান লাভ কৰা ব্ৰাহ্মণক ব্ৰাহ্মীষ্ঠ বুলি কোৱা হয়।[3][4] ব্ৰাহ্মীষ্ঠ শব্দটোক "ব্ৰহ্মৰ শ্ৰেষ্ঠ জ্ঞানী" বুলিও সংজ্ঞায়িত কৰা হৈছে।[5][6]
ব্যুৎপত্তিবিজ্ঞান
[সম্পাদনা কৰক]ব্ৰাহ্মীষ্ঠ ব্ৰাহ্মণ শব্দৰ উচ্চতৰ স্তৰ বুজোৱা ৰূপ। ব্ৰাহ্মণৰ সৰ্বোচ্চ পদবীক ব্ৰাহ্মীষ্ঠ বুলি অভিহিত কৰা হয়। ব্ৰহ্ম জ্ঞানেৰে জ্ঞানীক ব্ৰহ্ম বুলি পদ আৰু ব্ৰহ্মৰ সৰ্বশ্ৰেষ্ঠ জ্ঞাতজনক ব্ৰাহ্মীষ্ঠ বোলা হয়।[1][7]
বিৱৰণ
[সম্পাদনা কৰক]দাৰ্শনিক গ্ৰন্থ বৃহদাৰণ্যক উপনিষদত বহুদক্ষিণা যজ্ঞ উপলক্ষে নিজৰ দৰবাৰত মিথিলাৰ ৰজা জনকে বেদৰ সৰ্বশ্ৰেষ্ঠ পণ্ডিতক বুজাবলৈ ব্ৰাহ্মীষ্ঠ শব্দ ব্যৱহাৰ কৰিছিল।
বহুদক্ষিণা যজ্ঞত হোৱা পণ্ডিত প্ৰতিযোগিতাত যেতিয়া বৈদিক পণ্ডিত যাজ্ঞবল্ক্যক কোনেও পৰাস্ত কৰিব নোৱাৰিলে, তেতিয়া অৱশেষত তেওঁৰ দৰবাৰত সকলো ঋষি, পণ্ডিত আৰু ৰজা জনকে তেওঁক ব্ৰাহ্মীষ্ঠ হিচাপে গ্ৰহণ কৰি বঁটা প্ৰদান কৰে।[2]
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- 1 2 www.wisdomlib.org (2017-05-30). "Brahmishtha, Brahmiṣṭha: 5 definitions" (en ভাষাত). www.wisdomlib.org. https://www.wisdomlib.org/definition/brahmishtha। আহৰণ কৰা হৈছে: 2024-11-17.
- 1 2 www.wisdomlib.org (2015-02-23). "Yajnavalkya and Asvala [Section I"] (en ভাষাত). www.wisdomlib.org. https://www.wisdomlib.org/hinduism/book/the-brihadaranyaka-upanishad/d/doc118302.html। আহৰণ কৰা হৈছে: 2024-11-17.
- ↑ Calasso, Roberto (2014-11-18) (en ভাষাত). Ardor. Penguin UK. ISBN 978-0-14-197181-0. https://books.google.com/books?id=e4NIAwAAQBAJ&q=Brahmistha.
- ↑ Varghese, Alexander P. (2008) (en ভাষাত). India: History, Religion, Vision and Contribution to the World. Atlantic Publishers & Dist. ISBN 978-81-269-0903-2. https://books.google.com/books?id=y7GKwhuea9kC&q=Brahmistha.
- ↑ Ray, Renuka (1978) (en ভাষাত). Role and Status of Women in Indian Society. Firma KLM. পৃষ্ঠা. 15–16. https://books.google.com/books?id=vCIqAAAAYAAJ.
- ↑ Cohen, Signe (2017-09-27) (en ভাষাত). The Upanisads: A Complete Guide. Routledge. ISBN 978-1-317-63696-0. https://books.google.com/books?id=EnE3DwAAQBAJ&q=Brahmistha.
- ↑ Gonda, Jan (1950) (en ভাষাত). Notes on Brahman. J. L. Beyers. পৃষ্ঠা. 67. https://books.google.com/books?id=b8FjAAAAMAAJ.