সমললৈ যাওক

ব্ৰুণেই

অসমীয়া ৱিকিপিডিয়াৰ পৰা
(ব্ৰুনেইৰ পৰা পুনঃনিৰ্দেশিত)
নেগাৰা ব্ৰুণেই দাৰুচেলাম (ব্ৰুণেই ৰাষ্ট্ৰ, শান্তিৰ স্থান)
Negara Brunei Darussalam
State of Brunei, Abode of Peace
بروني دارالسلام
Flag of Brunei Darussalam
Flag
Coat of arms of Brunei Darussalam
Coat of arms
Motto: "ঈশ্বৰৰ নীতি অনুসৰি সেৱা আগবঢ়ায় যোৱা" ("Always in service with God's guidance")  (translation)
Anthem: আল্লাহ পেলিহাৰাকান চুলতান
চুলতানে আল্লাহৰ আশিস লাভ কৰক
Location of Brunei Darussalam
ৰাজধানীবন্দৰ চিৰি বেগাৱান
Largest cityৰাজধানী
Official languagesমালয় ভাষা
Demonymব্ৰুণেইয়ান
Government
• চুলতান
হাছানাল বল্কীআহ
স্বাধীন
• ব্ৰিটিছ শাসনৰ পৰা মুক্তি

১ জানুৱাৰী, ১৯৮৪
Area
• Total
5,765 বৰ্গ কি.মি. (2,226 বৰ্গ মাইল) (১৭০তম)
• Water (%)
৮.৬
Population
• নৱেম্বৰ ২০০৭ estimate
৩৯১,৪৫০ (১৭৭তম)
• ২০০১ census
৩৩২,৮৪৪
• Density
65 /কিমি (168.3 /বৰ্গ মাইল) (১২৭তম)
GDP (PPP)২০০৫ estimate
• Total
$৯.০০৯ বিলিয়ন (১৩৮তম)
• Per capita
$২৪,৮২৬ (২৬তম)
HDI (২০০৪)বৃদ্ধি ০.৮৭১
Error: Invalid HDI value (৩৪তম)
Currencyব্ৰুণেই ডলাৰ (BND)
Time zoneUTC+৮
Calling code৬৭৩
ISO 3166 codeBN
Internet TLD.bn
  1. পূব মালয়েছিয়াৰ পৰা ০৮০

ব্ৰুণেই (মালয় ভাষা: Negara Brunei Darussalam) দক্ষিণ পূব এছিয়াৰ এখন ৰাষ্ট্ৰ। ই এখন ৰাজতান্ত্ৰীক ইছলামী দেশ। দেশখন বৰ্ণীও দ্বীপৰ উত্তৰ উপকূলত অৱস্থিত। ইয়াৰ উত্তৰে দক্ষিণ চীন সাগৰ, আৰু বাকী সকলো দিশতে মালয়েছিয়া। ব্ৰুণেই তেল সম্পদত সমৃদ্ধ এখন ধনী ৰাষ্ট্ৰ। ১৯৬০ দশকৰ শেষৰ ফালে এই অঞ্চলৰ একমাত্ৰ দেশ হিচাপে ব্ৰুণেই ব্ৰিটিছ উপনিবেশৰ অন্তৰ্গত থকাৰ সিদ্ধান্ত লয়। ১৯৮৪ চনত এই দেশস্বাধীন হয়।

ব্ৰুণেই দুটা ব্ৰুনাই বেলেগ বেলেগ অঞ্চলৰে গঠিত। ইয়াৰ ভিতৰত পশ্চিম অংশতো বৃহত্তৰ। এই অংশতে সমুদ্ৰ বন্দৰ আছে। এই দুই অংশক মালয়েছিয়াৰ সাৰাওয়াক প্ৰদেশে আগুৰি আছে। বন্দৰ চিৰি বেগাৱান ব্ৰুণেইৰ ৰাজধানী। ইয়াৰ আয়তন মাত্ৰ ৫,৭৬৫ বৰ্গকিলোমিটাৰ।

ৰাজনীতি

[সম্পাদনা কৰক]

ব্ৰুণেইৰ ৰাজনীতি এখন পৰম ৰাজতন্ত্ৰ। একক চৰকাৰৰে ইয়াৰ প্ৰশাসনিক কাম-কাজ চোৱা-চিতা কৰে। ব্ৰুণেইৰ চুলতান ৰাষ্ট্ৰ আৰু চৰকাৰৰ প্ৰধান। তেওঁৰ হাতত সকলো ক্ষমতা নিহিত হৈ থাকে। ইয়াত ২০ সদস্যবিশিষ্ট এখন আইন প্ৰণয়ন সমিতি আছে। পিছে ইয়াৰ সদস্য সকলেও কেৱল আইন প্ৰণয়নত পৰামৰ্শদাতা হিচাপে কাম কৰে। ১৯৫৯ চনৰ সংবিধান অনুযায়ী পাদুকা চিৰি বাগিন্দা হ’ল হাজি হাছানাল বোলকিয়াহ মুইজাদ্দিন ৱাদ্দাউল্লাহ হলেন দেশৰ প্ৰধান। ১৯৬০ৰ দশকত এক বিপ্লৱৰ পৰা ব্ৰুণেইত মাৰ্শাল ল’ জাৰি কৰা হৈছে।

মালয় ভাষা আৰু ইংৰাজী ভাষা ব্ৰুণেইৰ চৰকাৰী ভাষা। মালয় ভাষাত লেটিন আৰু আৰবি দুয়োটা লিপিৰে ব্যৱহাৰ কৰা হয়। ব্ৰুণেইৰ আধাতকৈও বেছি অধিবাসীৰ মাতৃভাষা মালয় ভাষা। আনহাতে ইংৰাজী মাতৃভাষী লোকৰ সংখ্যা দ্বিতীয় স্থানত। ইয়াৰ প্ৰায় ১২% লোক চীনা ভাষাৰ বিভিন্ন উপভাষা ব্যৱহাৰ কৰে। তদুপৰি ইয়াত কেইবাটাও সংখ্যালঘু ভাষা প্ৰচলিত। মালয় ভাষা দেশখনৰ সৰ্বজনীন ভাষা বা লিঙ্গুৱা ফ্ৰাংকা হিচাপে স্বীকৃত। ইদানীং পৰ্যটন আৰু বাণিজ্যত ইংৰাজী ভাষাৰ প্ৰসাৰ হৈছে।

সংস্কৃতি

[সম্পাদনা কৰক]

ব্ৰুণেইৰ সংস্কৃতি দৃঢ়ভাবে মালয় সংস্কৃতি আৰু ইছলামী ধৰ্মৰ দ্বাৰা প্ৰভাৱিত হৈছে। ইয়াৰ সংস্কৃতিৰ জনগাঁথনিৰ প্ৰভাৱ আটাইতকৈ বেছি। ব্ৰুণেইৰ জনসংখ্যাৰ দুই-তৃতীয়াংশ মালয়, আৰু বাকী চীনা, ভাৰতীয় আৰু ডায়াকস, দুসুন্স আৰু কেদাযান্সৰ দৰে আদিবাসী মালয়ৰে গঠিত।

চুন্নী ইছলাম ব্ৰুণেইৰ চৰকাৰী ধৰ্ম। ২০১৪ চনৰ পৰা ইয়াত শ্বৰীয়াত আইন প্ৰণয়ন কৰা হৈছে।

ব্ৰুণেইৰ মেপ

চৰকাৰীভাৱে ব্ৰুণেইত এখনো স্বীকৃতিপ্ৰাপ্ত চহৰ নাই। ইয়াৰ কিছুমান গুৰুত্বপূৰ্ণ অঞ্চল হ’ল :

  • বন্দৰ চিৰি বেগাৱান (জনসংখ্যা ~১৮১,৫০০)
  • কোআলা বেলাইত (জনসংখ্যা ~৩৮,০০০)
  • চেৰিয়া (জনসংখ্যা ~৩৫,৪০০)
  • জেৰুদং (জনসংখ্যা ~৩০,০০০ )
  • টুটং (জনসংখ্যা ~২৭,৫০০)
  • বাঙাৰ
  • মুৱাৰা - ব্ৰুণেইৰ একমাত্ৰ গভীৰ সাগৰীয় বন্দৰ
  • চুকাং
  • পনাগা

ব্ৰুণেই ৰিংগিট ইয়াৰ মূল মুদ্ৰা। ছিংগাপুৰ ডলাৰো ইয়াত ব্যৱহাৰ হয়। দুয়োবিধ মুদ্ৰাৰ মূল্য একে।

ব্ৰুণেইৰ ৰাজহৰ বুজন অংশ তেল আৰু পৰ্যটনৰ পৰা আহে।

তথ্য উৎস

[সম্পাদনা কৰক]