সমললৈ যাওক

ব্ৰেভ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
ব্ৰেভ
পৰিচালক
  • মাৰ্ক এণ্ড্ৰিউজ
  • ব্ৰেণ্ডা চেপমেন
চিত্ৰনাট্য
  • মাৰ্ক এণ্ড্ৰিউজ
  • ষ্টিভ পাৰ্চেল
  • ব্ৰেণ্ডা চেপমেন
  • আইৰিন মেকচি
কাহিনী ব্ৰেণ্ডা চেপমেন
প্ৰযোজক কেথেৰিন সাৰাফিয়ান
অভিনয়ত
  • কেলী মেকডোনাল্ড
  • এমা থম্পচন
  • বিলি কনোলি
  • জুলি ৱাল্টাৰ্ছ
  • ৰবি ক’লট্ৰেন
  • কেভিন মেককিড
  • ক্ৰেগ ফাৰ্গুচন
চিত্ৰগ্ৰহণকাৰী
  • ৰবাৰ্ট এণ্ডাৰছন (কেমেৰা)
  • ডেনিয়েল ফেইনবাৰ্গ (লাইটিং)
সম্পাদনা নিকোলাচ চি. স্মিথ
সংগীত পৰিচালক পেট্ৰিক ডয়ল
প্ৰযোজনা
কোম্পানী
পিক্সাৰ এনিমেচন ষ্টুডিঅ’
পৰিবেশক ৱাল্ট ডিজনি ষ্টুডিঅ’ মোচন পিকচাৰ্ছ
মুক্তি
জুন ১০, ২০১২ (2012-06-10) (ছিয়াটল আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ)
জুন ২২, ২০১২ (2012-06-22) (আমেৰিকা যুক্তৰাষ্ট্ৰ)
দৈৰ্ঘ্য
৯৩ মিনিট[1]
দেশ আমেৰিকা যুক্তৰাষ্ট্ৰ
ভাষা ইংৰাজী
বাজেট ১৮৫ নিযুত ডলাৰ[1]
সৰ্বমুঠ আয় ৫৩৯ নিযুত ডলাৰ[2]

ব্ৰেভ (ইংৰাজী: Brave; জন্ম: ২০১২) — ২০১২ চনত মুক্তিপ্ৰাপ্ত এখন আমেৰিকান এনিমেটেড ফেণ্টাচি এডভেঞ্চাৰ চলচ্চিত্ৰ। পিক্সাৰ এনিমেচন ষ্টুডিঅ’ই নিৰ্মাণ কৰা এই ছবিখন ৱাল্ট ডিজনি পিকচাৰ্ছে মুক্তি দিছিল। চলচ্চিত্ৰখন পৰিচালনা কৰিছে মাৰ্ক এণ্ড্ৰিউজ আৰু ব্ৰেণ্ডা চেপমেনে; আৰু ইয়াৰ কাহিনী লিখিছে এণ্ড্ৰিউজ, চেপমেন, ষ্টিভ পাৰ্চেল আৰু আইৰিন মেকচিয়ে। ছবিখনত কণ্ঠদান কৰিছে কেলী মেকডোনাল্ড, বিলি কনোলি, এমা থম্পচন, জুলি ৱাল্টাৰ্ছ, ৰবি ক’লট্ৰেন, কেভিন মেককিড আৰু ক্ৰেগ ফাৰ্গুচনে।

স্কটিছ হাইলেণ্ডৰ পটভূমিত নিৰ্মিত এই চলচ্চিত্ৰখনত ডানব্ৰোকৰ ৰাজকুমাৰী মেৰিডাৰ (মেকডোনাল্ড) কাহিনী বৰ্ণনা কৰা হৈছে, যিয়ে এক পুৰণি ৰীতি অমান্য কৰে আৰু বিয়া নোহোৱাৰ ইচ্ছা প্ৰকাশ কৰি ৰাজ্যত বিশৃংখলতাৰ সৃষ্টি কৰে। যেতিয়া তাইৰ মাতৃ ৰাণী এলিনৰ (থম্পচন) এজনী ভালুকলৈ ৰূপান্তৰিত হয়, মেৰিডাই নিজৰ অন্তৰৰ শক্তি বিচাৰি উলিয়াব লাগে আৰু ৰাজ্যখন ৰক্ষা কৰাৰ চাবি-কাঠি বিচাৰি পাব লাগে। পিক্সাৰে সৃষ্টি কৰা ‘ডিজনি প্ৰিন্সেছ’ শৃংখলাৰ মেৰিডা হৈছে প্ৰথমটো চৰিত্ৰ। এই চলচ্চিত্ৰখন পিক্সাৰৰ অধ্যক্ষ তথা এপল ইনকৰ্পৰেটেডৰ সহ-প্ৰতিষ্ঠাপক আৰু মুখ্য কাৰ্যবাহী বিষয়া ষ্টিভ জবছৰ প্ৰতি উছৰ্গা কৰা হৈছে, যাৰ চলচ্চিত্ৰখন মুক্তিৰ পূৰ্বেই মৃত্যু হৈছিল।

পিক্সাৰৰ প্ৰথমগৰাকী মহিলা মুখ্য চৰিত্ৰ থকা চলচ্চিত্ৰ হৈছে ব্ৰেভ, আৰু ই প্ৰেষ্ট’ নামৰ এক নতুন এনিমেচন ছিষ্টেমেৰে নিৰ্মিত প্ৰথমখন ছবি।[3] চেপমেনে তেওঁৰ নিজৰ জীয়েকৰ সৈতে থকা সম্পৰ্কৰপৰা এই ছবিখনৰ কাহিনীৰ বাবে অনুপ্ৰাণিত হৈছিল। এণ্ড্ৰিউজ আৰু পাৰ্চেলৰ সৈতে যুটীয়াভাৱে পৰিচালনা কৰি চেপমেন পিক্সাৰৰ প্ৰথমগৰাকী মহিলা পূৰ্ণদৈৰ্ঘ্য চলচ্চিত্ৰ পৰিচালক হিচাপে পৰিগণিত হয়।[4] যিমান পাৰি জটিল দৃশ্যসমূহ নিৰ্মাণ কৰিবলৈ পিক্সাৰে ২৫ বছৰৰ ভিতৰত প্ৰথমবাৰৰ বাবে তেওঁলোকৰ এনিমেচন ছিষ্টেম সম্পূৰ্ণৰূপে পুনৰ লিখি উলিয়াইছিল।[5][6][7] ডলবি এটম’ছ চাউণ্ড ফৰ্মেট ব্যৱহাৰ কৰা ব্ৰেভ হৈছে প্ৰথমখন ছবি।[8]

২০১২ চনৰ ১০ জুনত ছিয়াটল আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত ব্ৰেভৰ প্ৰিমিয়াৰ হৈছিল আৰু ২২ জুনত উত্তৰ আমেৰিকাত ছবিগৃহত মুক্তি দিয়া হৈছিল। ছবিখনে সাধাৰণতে ইতিবাচক সমালোচনা লাভ কৰাৰ লগতে বক্স অফিচতো সফলতা অৰ্জন কৰে। ১৮৫ নিযুত ডলাৰৰ বাজেটৰ বিপৰীতে ছবিখনে ৫৩৯ নিযুত ডলাৰ উপাৰ্জন কৰে। ছবিখনে শ্ৰেষ্ঠ এনিমেটেড পূৰ্ণদৈৰ্ঘ্য চলচ্চিত্ৰৰ অস্কাৰ বঁটা লাভ কৰে।[9]

মধ্যযুগীয় স্কটলেণ্ডত ডানব্ৰোক ফৈদৰ সৰু ৰাজকুমাৰী মেৰিডাই তাইৰ ষষ্ঠ জন্মদিন পালন কৰে আৰু পিতৃ ৰজা ফাৰ্গাছৰপৰা উপহাৰস্বৰূপ এখন ধনু-কাঁড় লাভ কৰে, যিয়ে মাতৃ ৰাণী এলিনৰক অসন্তুষ্ট কৰে। অৰণ্যত মেৰিডাই এটা 'উইল-অ'-দ্য-উইস্প' (এবিধ ৰহস্যময় নীলা পোহৰ) দেখা পায় আৰু সেই পোহৰক অনুসৰণ কৰি পৰিয়ালৰ ওচৰলৈ ঘূৰি আহে। তেনেতে ম’ৰ্ডু নামৰ এটা বিশাল দানৱীয় ভালুকে পৰিয়ালটোক আক্ৰমণ কৰে। ফাৰ্গাছ আৰু তেওঁৰ সৈন্যসকলে ম’ৰ্ডুক বাধা দিয়ে, যদিও এই যুঁজত ফাৰ্গাছে ভৰি এখন হেৰুৱাব লগা হয়।

দহ বছৰৰ পাছত মেৰিডাই জানিব পাৰে যে পিতৃৰ এজন মিত্ৰশক্তিৰ পুত্ৰৰ সৈতে তাইৰ বিবাহ স্থিৰ কৰা হৈছে। এই বিবাহত সন্মতি নিদিলে ডানব্ৰোকৰ ক্ষতি হ'ব পাৰে; এলিনৰে মেৰিডাক এজন ৰাজকুমাৰৰ কিংবদন্তি সোঁৱৰাই দিয়ে যাৰ অহংকাৰ আৰু পিতৃৰ ইচ্ছা পালন নকৰাৰ বাবে তেওঁৰ ৰাজ্য ধ্বংস হৈছিল।

মিত্ৰশক্তিৰ ফৈদৰ মুখিয়াল আৰু তেওঁলোকৰ জ্যেষ্ঠ পুত্ৰসকল মেৰিডাই বিবাহৰ বাবে অনুষ্ঠিত 'হাইলেণ্ড গেমছ'ত প্ৰতিযোগিতা কৰিবলৈ উপস্থিত হয়। নিয়মৰ পাকচক্ৰ ব্যৱহাৰ কৰি মেৰিডাই ঘোষণা কৰে যে তাই নিজৰ ফৈদৰ জ্যেষ্ঠ সন্তান হিচাপে নিজৰ বিবাহৰ বাবে নিজেই প্ৰতিযোগিতা কৰিব। তাই অতি সহজে প্ৰাৰ্থীসকলক পৰাস্ত কৰে আৰু এলিনৰৰ সৈতে তৰ্ক হোৱাৰ পিছত অৰণ্যলৈ পলাই যায়। তাই পুনৰ সেই ৰহস্যমজ় পোহৰবোৰ দেখা পায়, যিয়ে তাইক এগৰাকী বৃদ্ধ ডাইনীৰ কুটিৰলৈ লৈ যায়। তাত তাই এলিনৰক "সলনি" কৰিবলৈ এটা যাদূৰ বাবে ডাইনীগৰাকীৰ সৈতে দৰ-দাম কৰে। ডাইনীগৰাকীয়ে তাইক এটা মায়াবী কেক দিয়ে।

এলিনৰে কেকটো খোৱাৰ লগে লগে এজনী ভালুকলৈ ৰূপান্তৰিত হয়। তাই কথা ক'বলৈ অসমৰ্থ হয় যদিও বেছিভাগ মানৱীয় চেতনা ধৰি ৰাখে। মেৰিডাই ডাইনীগৰাকীৰ জনশূন্য কুটিৰলৈ গৈ এটা বাৰ্তা পায়: দ্বিতীয় সূৰ্যোদয়ৰ আগতে তাই "অহংকাৰৰ বাবে ছিঙি যোৱা বন্ধন মেৰামতি" কৰিব লাগিব, নহ’লে এই যাদু চিৰস্থায়ী হৈ পৰিব। মেৰিডা আৰু এলিনৰে ম’ৰ্ডুক লগ পায় আৰু অনুভৱ কৰে যে ম’ৰ্ডুৱেই আছিল সেই কিংবদন্তিৰ ৰাজকুমাৰ। মেৰিডাই নিজৰ মাতৃৰ ক্ষেত্ৰত তেনে হ’বলৈ নিদিওঁ বুলি প্ৰতিজ্ঞা কৰে আৰু সিদ্ধান্ত লয় যে তৰ্কৰ সময়ত তাই ইচ্ছা কৰি নষ্ট কৰা পৰিয়ালৰ গালিচাখন মেৰামতি কৰিব লাগিব।

তেওঁলোকে দুৰ্গলৈ ঘূৰি আহি দেখে যে ফৈদসমূহ যুদ্ধৰ পথত আছে। মেৰিডাই পৰম্পৰা অনুসৰি এজন প্ৰাৰ্থীক বাছনি কৰিবলৈ সাজু বুলি ঘোষণা কৰিব বিচাৰিছিল, কিন্তু এলিনৰৰ ইংগিতত তাই তাৰ পৰিৱৰ্তে জ্যেষ্ঠ সন্তানসকলক নিজৰ পছন্দ অনুসৰি বিবাহ কৰিবলৈ অনুমতি দিয়ে। ফৈদসমূহ মান্তি হয়, যাৰ ফলত পৰম্পৰা ভাঙিলেও তেওঁলোকৰ মিত্ৰতা পুনৰ শক্তিশালী হয়।

মানৱীয়তা হেৰুৱাই এলিনৰে ফাৰ্গাছক আক্ৰমণ কৰে আৰু দুৰ্গৰপৰা পলাই যায়। ৰাণীক ম’ৰ্ডু বুলি ভুল কৰি ফাৰ্গাছে আন ফৈদসমূহৰ সৈতে ভালুকজনীক খেদি যায় আৰু মেৰিডাক সুৰক্ষিত কৰি ৰাখিবলৈ দুৰ্গত তলা লগাই থৈ যায়। মেৰিডাই তাইৰ তিনিটা যমজ ভাতৃ হেৰিছ, হুবাৰ্ট আৰু হেমিছৰ সহায়ত পলায়ন কৰে, যিসকল সেই মায়াবী কেকটো খাই ভালুকৰ পোৱালি হৈ পৰিছিল। ফাৰ্গাছ আৰু ফৈদসমূহে এলিনৰক বন্দী কৰাৰ সময়তে তাই গালিচাখন মেৰামতি কৰে। আচল ম’ৰ্ডু অহাৰ আগতেই মেৰিডাই তেওঁলোকক বাধা দিয়ে। ম’ৰ্ডুৱে মেৰিডাক লক্ষ্য কৰি লয়, কিন্তু এলিনৰে মাজত সোমাই তাইক ৰক্ষা কৰে। যুঁজৰ সময়ত এটা বিশাল শিল বাগৰি পৰি ম’ৰ্ডুক হেঁচি ধৰে। ইয়াৰ ফলত ৰাজকুমাৰৰ আত্মা মুক্ত হয় আৰু তেওঁ মেৰিডাক মুক্তি দিয়াৰ বাবে ধন্যবাদ জনাই এটা নীলা পোহৰলৈ ৰূপান্তৰিত হয়। দ্বিতীয়বাৰ সূৰ্য উদয় হোৱাৰ লগে লগে মেৰিডাই মেৰামতি কৰা গালিচাখন এলিনৰৰ গাত মেৰিয়াই দিয়ে, কিন্তু তাই ভালুক হৈয়েই থাকে। সকলো বিফল হোৱা বুলি ভাবি মেৰিডাই কান্দি কান্দি মাকৰ ওচৰত ক্ষমা খোজে, যাৰ ফলত অজ্ঞাতসাৰে ডাইনীৰ বাৰ্তাৰ প্ৰকৃত অৰ্থ পূৰণ হয়। ইয়াৰ ফলত তাইৰ মাতৃ আৰু ভাতৃসকলৰ ওপৰত থকা যাদূৰ প্ৰভাৱ নাইকিয়া হয় আৰু তেওঁলোক পুনৰ মানুহ হৈ পৰে।

ম’ৰ্ডুৰ বিনাশৰ পিছত মেৰিডা আৰু এলিনৰে মিলি এখন নতুন গালিচা তৈয়াৰ কৰে, আন ফৈদসমূহক বিদায় জনায় আৰু দুয়ো একেলগে ঘোঁৰা চলাই ফুৰিবলৈ ধৰে।

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. 1 2 "Brave (2012)". Box Office Mojo. https://www.boxofficemojo.com/title/tt1217209/ আহৰণ কৰা হৈছে: December 14, 2012.
  2. "Brave (2012)". Box Office Mojo. https://www.boxofficemojo.com/title/tt1217209/ আহৰণ কৰা হৈছে: August 20, 2016.
  3. "Our Story". www.pixar.com. October 27, 2021. https://www.pixar.com/our-story আহৰণ কৰা হৈছে: October 27, 2021.
  4. "'Brave' director Brenda Chapman breaks silence: Getting taken off film 'heartbreaking... devastating... distressing'". Entertainment Weekly. August 15, 2012. https://ew.com/article/2012/08/15/brave-brenda-chapman/ আহৰণ কৰা হৈছে: June 22, 2020.
  5. Stein, Joel (March 5, 2012). "Pixar's Girl Story". Time. Archived from the original on March 5, 2012. https://web.archive.org/web/20120305000000/http://content.time.com/time/magazine/article/0,9171,2107906,00.html আহৰণ কৰা হৈছে: August 1, 2012.
  6. Cavna, Michael (June 22, 2012). "Pixar's Brave: Director Mark Andrews on the duality of teens, the singularity of his mission — and what a man in a kilt brings to Pixar". The Washington Post. https://www.washingtonpost.com/entertainment/movies/pixars-brave-director-mark-andrews-on-the-duality-of-teens-the-singularity-of-his-mission-and-what-a-man-in-a-kilt-brings-to-pixar/2012/06/22/gJQA6W0iyV_story.html.
  7. Williams, Steve (May 28, 2012). "Why Pixar's 'Brave' Is Different From Any Films They've Created Before". Team Locals. Archived from the original on April 7, 2014. https://web.archive.org/web/20140407072442/http://www.teamlocals.co.uk/2012/05/28/why-pixars-brave-is-different-from-any-films-theyve-created-before/.
  8. Savitz, Eric. "Disney/Pixar's Brave First Film With Dolby Atmos Audio". Forbes. https://www.forbes.com/sites/ericsavitz/2012/06/22/disneypixars-brave-first-film-with-dolby-atmos-audio/ আহৰণ কৰা হৈছে: 4 January 2022.
  9. "Best Animated Film: 'Brave' Wins At 2013 Academy Awards". HuffPost. February 24, 2013. https://www.huffpost.com/entry/brave-wins-oscar-2013_n_2750223.[সংযোগবিহীন উৎস]

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]