সমললৈ যাওক

বৰখা (চলচ্চিত্ৰ)

অসমীয়া ৱিকিপিডিয়াৰ পৰা

পোষ্টাৰ
পৰিচালক কৃষ্ণন–পাঞ্জু
চিত্ৰনাট্য ডি.এন. দেৱেশ
ৰাজেন্দ্ৰ কৃষ্ণ
ভিত্তি থাই পিৰান্ধল ৱাজি পিৰাক্কুম
লেখক: এ. কে. ভেলন
প্ৰযোজক এ. ভি. মেইয়াপ্পান
অভিনয়ত জগদীপ
নন্দা
সংগীত পৰিচালক চিত্ৰগুপ্ত
প্ৰযোজনা
কোম্পানী
এভিএম প্ৰডাকশ্যনছ
মুক্তি
১৯৫৯ (1959)
দেশ ভাৰত
ভাষা হিন্দী

বৰখা (ইংৰাজী: Barkha; অনুবাদ: বাৰিষা) হʼল ১৯৫৯ চনত মুক্তিপ্ৰাপ্ত, কৃষ্ণন–পাঞ্জুৰ দ্বাৰা পৰিচালিত আৰু এ. ভি. মেইয়াপ্পানৰ প্ৰযোজিত, ভাৰতীয় হিন্দী ভাষাৰ নাট্যধৰ্মী চলচ্চিত্ৰ। ই তামিল ছবি থাই পিৰান্ধল ৱাজি পিৰাক্কুম (১৯৫৮)ৰ পুনৰ্নিৰ্মাণ। অভিনেতা জগদীপ আৰু অভিনেত্ৰী নন্দাই ছবিখনত মুখ্য চৰিত্ৰত অভিনয় কৰিছে। ছবিখনে ব্যৱসায়িকভাৱে সফলতা লাভ কৰিছিল।

অজিত এজন দুখীয়া কৃষক, যিয়ে নিজৰ খেতি মাটি জমিদাৰ হৰিদাসৰ ওচৰত বন্ধকত ৰখে। কিছুমান কাৰণত অজিত হৰিদাসৰ কৃপাৰ পৰা বঞ্চিত হয় আৰু ফলস্বৰূপে, ঠিক তেওঁৰ ভনীয়েক পাৰ্বতীৰ বিয়াৰ দিনাই তেওঁ নিজৰ ঘৰ আৰু সকলো সম্পত্তি হেৰুৱায়। এই গভীৰ সংকটত অজিতে খঙতে হৰিদাসৰ ওপৰত আক্ৰমণ কৰে, আৰু তৎক্ষণাত গ্ৰেপ্তাৰ হৈ কাৰাগাৰলৈ নিক্ষিপ্ত হয়।

কাৰাগাৰত থাকোঁতে অজিতৰ ভনীয়েক পাৰ্বতী সমাজত নিৰ্যাতনৰ সন্মুখীন হয়। ভাগ্যক্ৰমে, ঠিক সময়তে হৰিদাসৰ পুত্ৰ ডাঃ মনোহৰে তাইক উদ্ধাৰ কৰে আৰু অৱশেষত তাইক বিয়া কৰে। এই বিবাহ হৰিদাসৰ কঠোৰ আপত্তিৰ সন্মুখীন হয়, কিন্তু মনোহৰে নিজৰ সিদ্ধান্তত অটল থাকে।

কাৰাগাৰৰ শাস্তি শেষ কৰি অজিত ঘূৰি আহে আৰু প্ৰতিশোধ লোৱাৰ দৃঢ় সংকল্প কৰে। হৰিদাসৰ ওপৰত প্ৰতিশোধ ল'বলৈ তেওঁ চোকা দা হাতত লৈ হৰিদাসৰ ঘৰলৈ আগবাঢ়ে। কিন্তু তেওঁ গম পোৱা নাছিল যে তেওঁৰ প্ৰিয় ভনীয়েক এতিয়া সেই পৰিয়ালৰ অংশ, যাৰ বিৰুদ্ধে তেওঁ প্ৰতিশোধ ল'বলৈ ওলাইছে।

অভিনয় শিল্পী

[সম্পাদনা কৰক]
  • অজিতৰ চৰিত্ৰত জগদীপ[1]
  • পাৰ্বতীৰ চৰিত্ৰত নন্দা[1]
  • মধুৰ চৰিত্ৰত শুভা খোটে[1]
  • শ্ৰীমতী হৰিদাসৰ চৰিত্ৰত লীলা চিতনিছ[1]
  • ডাঃ মনোহৰৰ চৰিত্ৰত অনন্ত কুমাৰ[1]
  • হৰিদাসৰ চৰিত্ৰত ডেভিদ জমিদাৰ[1]
  • শম্বুৰ চৰিত্ৰত মুক্ৰি[1]
  • পৰিদৰ্শকৰ চৰিত্ৰত উলহাছ[1]

প্ৰযোজনা

[সম্পাদনা কৰক]

বৰখা, ১৯৫৮ চনত মুক্তি পোৱা তামিল ছবি থাই পিৰান্ধল ৱাজি পিৰাক্কুমৰ পুনৰ্নিৰ্মাণ আছিল।[2][3] কৃষ্ণন–পাঞ্জু যুটিয়ে ছবিখনৰ পৰিচালনা কৰিছিল, আৰু এভিএম প্ৰডাকশ্যনছৰ অধীনত এ. ভি. মেইয়াপ্পানে ইয়াৰ প্ৰযোজনা কৰিছিল।[4] এই ছবিখনত ম’হৰ যুঁজৰ দৃশ্য এটাও অন্তৰ্ভুক্ত কৰা হৈছিল যদিও মূল ছবিখনত এই দৃশ্যটি নাছিল।[3] মুখ্য অভিনেতা জগদীপক মাহিলী দৰমহা হিচাপে ৭৫০ (১০.৫২ ডলাৰ) টকা দিয়া হৈছিল, আৰু মুখ্য অভিনেত্ৰী নন্দা১৫,০০০ (২১০.৩ ডলাৰ) টকা দিয়া হৈছিল।[5]

ছবিখনৰ চাউণ্ডট্ৰেকটি ৰচনা কৰিছিল সুৰকাৰ চিত্ৰগুপ্তই।[6] ছবিখনৰ আটাইবোৰ গীত লিখিছিল গীতিকাৰ ৰাজেন্দ্ৰ কৃষ্ণই। "এক ৰাত মেই দো দো চান্দ খিলে" শীৰ্ষক গীতটিয়ে জনপ্ৰিয়তা অৰ্জন কৰে।[7]

গীত কণ্ঠশিল্পী
"বৰখা বাহাৰ আয়ী" লতা মংগেশকাৰ
"পূছুংগী এক দিন" লতা মংগেশকাৰ
"তড়পাঅʼগে তড়পা লো" লতা মংগেশকাৰ
"উঁচে পৰ্বত গেহৰে সাগৰ" লতা মংগেশকাৰ
"এক ৰাত মেই দো দো চান্দ খিলে" লতা মংগেশকাৰ, মুকেশ
"ৱহ দূৰ জো নদিয়া বেহতি হায়, ৱাহা এক আলবেলি ৰেহতি হায়" লতা মংগেশকাৰ, মহম্মদ ৰফি
"সুৰ বদলে কেইছে কেইছে দেখো" মহম্মদ ৰফি
"পিয়াৰ কিয়া নেহি জাতা" মহম্মদ ৰফি
"আদমী চিৰাগ হায়" মহম্মদ ৰফি

মেইয়াপ্পানৰ পুত্ৰ সৰৱননৰ হিচাপ অনুসৰি, বৰখা ছবিখন বাণিজ্যিকভাৱে সফল আছিল। কিয়নো, লাখ (৭,০০০ ডলাৰ) টকা বাজেটত নিৰ্মিত ছবিখনে ৩৫ লাখ (৪৯,১০০ ডলাৰ) টকা উপাৰ্জন কৰিছিল[5]

তথ্য উৎস

[সম্পাদনা কৰক]

গ্ৰন্থপঞ্জি

[সম্পাদনা কৰক]

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]

বৰখা (চলচ্চিত্ৰ) সম্পৰ্কে ইণ্টাৰনেট মুভি ডাটাবেছত থকা তথ্য।