বৰদা মুদ্ৰা
অৱয়ব


বৰদা মুদ্ৰা বা অভিষ্ঠ মুদ্ৰা, প্ৰায়ে ইচ্ছা প্ৰদানকাৰী মুদ্ৰা বুলিও কোৱা হয়, ভাৰতীয় ধৰ্মৰ মূৰ্তিচিত্ৰত প্ৰতীকিত হোৱা এক প্ৰতীকী ইংগিত। ই হাতৰ ইংগিতেৰে সংকেত দিয়ে আৰু ই বৰদানৰ প্ৰতীক।[1] ইয়াক ভক্তৰ মূখৰ ফালে ধৰি ৰখা হাতৰ তলুৱাখনেৰে দেখুওৱা হয়, আঙুলিবোৰ মেলি সামান্য তললৈ আঙুলিয়াই দিয়া হয়। এই মুদ্ৰাত কেতিয়াবা, বুঢ়া আঙুলি আৰু তৰ্জনী আঙুলিৰ লগ হৈ এটা বৃত্ত গঠন হয়।[2]
ভাৰতীয় ধৰ্মৰ শিল্পত ঐশ্বৰিক মূৰ্তিত দেখা পোৱা আন কেইবাখনো মুদ্ৰাৰ ভিতৰত বৰদা মুদ্ৰা আৰু অভয় মুদ্ৰা আটাইতকৈ সাধাৰণ।[উদ্ধৃতিৰ প্ৰয়োজন]
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ Bautze, Joachim Karl (1994) (en ভাষাত). Iconography of Religions. BRILL. পৃষ্ঠা. 15. ISBN 978-90-04-09924-1. https://books.google.com/books?id=_ZzBEVLSAC0C&pg=RA1-PA15.
- ↑ Jr, Robert E. Buswell; Jr, Donald S. Lopez (2013-11-24) (en ভাষাত). The Princeton Dictionary of Buddhism. Princeton University Press. পৃষ্ঠা. 960. ISBN 978-1-4008-4805-8. https://books.google.com/books?id=DXN2AAAAQBAJ&pg=PA960.