সমললৈ যাওক

বৰপেটা আতচবাজী

অসমীয়া ৱিকিপিডিয়াৰ পৰা

বৰপেটাৰ আতচবাজী হ'ল বৰপেটাৰ এক উল্লেখযোগ্য পৰম্পৰাগত থলুৱা সামগ্ৰীৰ নিৰ্মাণ কাৰ্য। বৰপেটা আতচবাজীৰ পৰম্পৰাটো অনুমাণিক ঊনবিংশ শতিকাৰ আগভাগৰপৰা চলি আহিছে। সম্ভৱতঃ বিহাৰৰপৰা তথা আতচবাজী নিৰ্মাণৰ জ্ঞান থকা এজন লোকৰপৰা থলুৱা মানুহে আতচবাজী সাজিবলৈ শিকিছিল। পাছলৈ সিয়েই এটা পৰম্পৰাত পৰিণত হ'ল। থলুৱা কেবাজনো লোকে এই আতচবাজী নিৰ্মাণ কৰি বিবাহ, দৌলোৎসৱ আদিত সেইবোৰ ব্যৱহাৰ কৰিছিল। বৰ্তমান বজাৰত পোৱা আতচবাজী লগত ইয়াৰ পাৰ্থক্য আছে। ইয়াৰ এটা বিশেষত্ব এই যে আতচবাজী সজা মানুহ নিজেই আহি বিচৰা মতে সেইবোৰ ফুটাই দি যায়। বিভিন্নপ্ৰকাৰৰ আতচবাজীৰ ভিতৰতে কেইবিধমান হ'ল- ম'তাৰ গছ, ফুলজাৰি, ৰকেট, চেৰেকী গছ, উৰণ চেৰেকী, আচমান গুল্লা ইত্যাদি। আতচবাজী তৈয়াৰ কৰিবলৈ ব্যৱহাৰ কৰা বাৰুদখিনি তেওঁলোকে নিজেই তৈয়াৰ কৰি লয়। যখাৰ, ছালফাৰ, বগৰী, এঙাৰ আদি বিভিন্ন বাখৰৰ মিশ্ৰণ ঘটাই বাৰুদবোৰ তৈয়াৰ কৰা হয়। বৰপেটাৰ আতচবাজীৰ লগত জড়িত হৈ আছে ফানুচ পৰম্পৰা। বৰপেটাৰ আতচবাজী উল্লেখযোগ্য লক্ষ্মী নাবিক আৰু মণি মিস্ত্ৰীয়ে এই ফানুচ নামৰ বিশেষ আকাশবন্তিৰ সূচনা কৰে। ফানুচ দীপাৱলী আৰু বৰপেটাৰ ফাকুৱা উৎসৱৰ লগত সংগতি ৰাখি গোন্ধ যাত্ৰাৰদিনাখনৰপৰা প্ৰদৰ্শন কৰা হয়। উল্লেখযোগ্য যে বিয়া-বাৰু আদিৰ দৰে ব্যক্তিগত অনুষ্ঠানত ফানুচ প্ৰদৰ্শন কৰা নহয়। দৌল উৎসৱৰ সময়ত নিঃসন্তান মহিলাই সন্তান লাভৰ আশাৰে ফানুচ উৰুৱায়। ৰং-বিৰঙৰ কাগজত আঠা খুৱাই লগলগাই ফানুচ প্ৰস্তুত কৰা হয়। ই দেখাত ধান থোৱা ডুলিৰ নিচিনা। মুখত বাঁহৰ পাতল কামী ঘূৰণীয়াকৈ ঘেৰ দি কেইজনমান মানুহ লৈ মেলি ধৰা হয়। তলত জুই ধৰি তাৰ ভিতৰত গেছ জমা হ'বলৈ দিয়ে। ফানুচৰ ভিতৰত এৱাঁ সূতা একোছা পেট্ৰ'লেৰে তিয়াই গেছ জমা হোৱাৰ পাছত জুই জ্বলাই এৰি দিয়া হয়। বৰ্তমান বৰপেটাৰ আতচবাজী বিশেষ জনপ্ৰিয়তা লাভকৰা দেখা গৈছে। ইং ২০০৭ চনত অসমত অনুষ্ঠিত হোৱা ৰাষ্ট্ৰীয় গেমছৰ আৰম্ভণি আৰু সামৰণি অনুষ্ঠানত বৰপেটাৰ আতচবাজী প্ৰদৰ্শন কৰা হৈছিল।[1]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. অসমৰ সংস্কৃতি-কোষ, অসমীয়া বিভাগ, প্ৰাগজ্যোতিষ মহাবিদ্যালয়ৰ হৈ, মুখ্য সম্পাদক: ড° নাৰায়ণ দাস, সম্পাদক: ড° পৰমানন্দ ৰাজবংশী, জ্যোতি প্ৰকাশনৰদ্বাৰা প্ৰকাশিত, পৃষ্ঠা -২৮, প্ৰথম প্ৰকাশ: মাৰ্চ, ২০০৯