বৰপেটীয়া উপভাষা
অৱয়ব
| বৰপেটীয়া | |
|---|---|
| বৰপেইটা | |
| থলুৱা অঞ্চল | ভাৰত |
| অঞ্চল | পশ্চিম কামৰূপ অঞ্চল |
| জাতীয়তা | কোনো জাতিগত উপভাষা নহয় |
ভাষা পৰিয়াল |
|
| লিখন প্ৰণালী | * অসমীয়া লিপি, কামৰূপী লিপি (ঐতিহাসিক)[1] |
| ভাষা সংকেত | |
| ISO 639-3 | – |
| গ্লোটোলগ | নাই |
বৰপেটীয়া উপভাষা (স্থানীয়: ব'ৰপেইটা) হৈছে আধুনিক কামৰূপীয়া উপভাষাৰ এটা আঞ্চলিক উপ-উপভাষা, যি অসমীয়া ভাষাৰ এটা উপভাষা।[2] অসমৰ বৰ্তমানৰ বৰপেটা জিলাৰ নামত নামাঙ্কিত, এই উপভাষাটো কামৰূপীয়াৰ আটাইতকৈ পশ্চিম সীমাৰ উপভাষা।[3] এই উপভাষাৰ ভিতৰতো সমাজভিত্তিক বিভিন্ন বৈচিত্ৰ্য আছে।
বৈশিষ্ট্য
[সম্পাদনা কৰক]- আন বেছিভাগ কামৰূপীয়া উপভাষাত সাতটা স্বৰবৰ্ণৰ প্ৰণালী থাকিলেও বৰপেইটাত আঠটা স্বৰবৰ্ণৰ প্ৰণালী আছে।[4]
- আন বেছিভাগ কামৰূপীয়া উপভাষাই চাৰিটা ক্ৰিয়াৰ ৰূপৰ প্ৰণালী অনুসৰণ কৰে, কিন্তু বৰপেইটাই পাঁচটা ৰূপৰ প্ৰণালী অনুসৰণ কৰে।[5]
টোকা
[সম্পাদনা কৰক]- ↑ The Journal of the Assam Research Society - Volume 27 (1983), পৃষ্ঠা 27 — কামৰূপী লিপিৰপৰা মধ্যযুগীয় অসমীয়া লিপি আৰু তাৰপৰা আধুনিক অসমীয়া লিপি বিকশিত হৈছিল। অসমীয়া লিপিৰ কিছু সম্পৰ্ক বঙালী আৰু মৈথিলী লিপিৰ লগত আছে।
- ↑ "The Barpeta dialect is a sub-dialect of Kamrupi, a dialect of Assamese language. It is called 'Barpetia' in std. Assamese language. The native speakers call it 'Barpeita'..." (Oja 1995:1)
- ↑ (Dutta 2003:103)
- ↑ (Oja 1995:407)
- ↑ (Oja 1995:407–408)
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- Oja, Deepali (1995). A critical study of Barpeta dialect (Ph.D). Gauhati University. http://shodhganga.inflibnet.ac.in/handle/10603/67822। আহৰণ কৰা হৈছে: 2017-06-01.
- Dutta, Birendranath (2003), "Non-standard Forms of Assamese", in Miri, Mrinal, Linguistic Situation in Northeast India, প্ৰকাশক New Delhi: Concept Publishing Company, pp. 101–110