সমললৈ যাওক

বৰবাদ (২০১৪ চলচ্চিত্ৰ)

অসমীয়া ৱিকিপিডিয়াৰ পৰা
বৰবাদ

চিত্ৰগৃহত মুক্তিৰ পোষ্টাৰ
পৰিচালক ৰাজ চক্ৰৱৰ্তী
ৰচনা অভিমন্যু মুখোপাধ্যায়
ভেট্ৰিমাৰন (গল্প)
প্ৰযোজক মহেন্দ্ৰ সোণী
শ্ৰীকান্ত মোহতা
অভিনয়ত বনি সেনগুপ্ত
ঋত্বিকা সেন
মৈনাক বন্দ্যোপাধ্যায়
চিত্ৰগ্ৰহণকাৰী শুভঙ্কৰ ভাঁড়
সুপ্ৰিয় দত্ত
সম্পাদনা ৰবি ৰঞ্জন মৈত্ৰ
সংগীত পৰিচালক অৰিন্দম চট্টোপাধ্যায়
বিনিত ৰঞ্জন মৈত্ৰ
প্ৰযোজনা
কোম্পানী
পৰিবেশক শ্ৰী ভেংকটেশ ফিল্মছ্
মুক্তি
১৪ আগষ্ট ২০১৪ (2014-08-14)
দৈৰ্ঘ্য
১৪০ মিনিট
দেশ ভাৰত
ভাষা বঙালী

বৰবাদ (ইংৰাজী: Borbaad; অনুবাদ:ধ্বংসপ্ৰাপ্ত) হৈছে ২০১৪ চনত মুক্তিপ্ৰাপ্ত, ৰাজ চক্ৰৱৰ্তীৰ[1] দ্বাৰা পৰিচালিত ভাৰতীয় বঙালী ভাষাৰ একচন থ্ৰিলাৰধৰ্মী চলচ্চিত্ৰ। ই পৰিচালক অনুপ সেনগুপ্ত আৰু অভিনেত্ৰী পিয়া সেনগুপ্তৰ পুত্ৰ তথা ইন্দ্ৰনীল সেনগুপ্তৰ ভতিজা বনি সেনগুপ্ত আৰু অভিনেত্ৰী ঋত্বিকা সেনে মুখ্য চৰিত্ৰত অভিনয় কৰা প্ৰথমখন ছবি।[1][2][3][4] ছবিখনে ২০১৪ চনৰ ১৪ আগষ্টত মুক্তি লাভ কৰিছিল। এই ছবিখন তামিল ছবি পোল্লাধৱন (২০০৭)ৰ পুনৰ্নিৰ্মাণ,[5] আনহাতে ছবিখনত দেখুওৱা বনি আৰু ঋত্বিকাৰ মাজৰ প্ৰেমৰ সম্পৰ্কটি চুল্লান (২০০৪) নামৰ আন এখন তামিল ছবিৰ পৰা অনুপ্ৰাণিত।

জয় এজন অযোগ্য ডেকা লʼৰা যাৰ জীৱনৰ উচ্চাকাংক্ষা হৈছে বাইক এখন কিনা যাতে তেওঁ নন্দিনীক মুগ্ধ কৰিব পাৰে। বাইকখন কিনাৰ পিছত তেওঁৰ জীৱনটো ভাল হয় আৰু তেওঁ চাকৰি এটাও পায়। কিছু সময়ৰ পিছত তেওঁৰ বাইকখন চুৰি হয় আৰু তেওঁৰ জীৱনত অশান্তিয়ে বাহৰ পাতে। স্থানীয় ডন আক্ৰামৰ ভায়েক ইমৰাণৰ লগত তেওঁৰ কাজিয়া হয়; ইমৰাণ তেওঁৰ ককায়েক আক্ৰামতকৈ অধিক গৰম মূৰৰ। অৱশ্যে ককায়েক আক্ৰামে কেতিয়াও বয়সস্থ লোকৰ ক্ষতি নকৰে বৰঞ্চ তেওঁৰ বয়সৰ মানুহকহে লক্ষ্য কৰি লয়। জয়ে কেনেকৈ ইমৰাণৰ সৈতে নিজৰ প্ৰতিদ্বন্দ্বিতা অব্যাহত ৰাখিবলৈ সক্ষম হয় আৰু শেষলৈকে কোনো ক্ষতি নোহোৱাকৈ ওলাই আহি নিজৰ বাইকখন উদ্ধাৰ কৰে, সেইটোৱেই কাহিনীটোৰ মূল বিষয়বস্তু।

অভিনয় শিল্পী

[সম্পাদনা কৰক]
  • জয়জিৎ বসুৰ চৰিত্ৰত বনি সেনগুপ্ত
  • নন্দিনীৰ চৰিত্ৰত ঋত্তিকা সেন
  • স্থানীয় গুণ্ডা ইমৰাণৰ চৰিত্ৰত মৈনাক বন্দ্যোপাধ্যায়
  • ইমৰাণৰ ডাঙৰ ভাতৃ আৰু এজন ভয়ংকৰ গেংষ্টাৰ আক্ৰামৰ চৰিত্ৰত সুদীপ মুখোপাধ্যায়
  • জয়ৰ মাতৃৰ চৰিত্ৰত তুলিকা বসু
  • আনন্দৰ পিতৃৰ চৰিত্ৰত প্ৰবীৰ দত্ত
  • ৰফিকৰ চৰিত্ৰত বশকৰ দেৱ
  • আলী ভাইৰ চৰিত্ৰত প্ৰদীপ ধৰ
  • অনিন্দিতা ৰায়চৌধুৰী
বৰবাদ
অৰিন্দম চট্টোপাধ্যায়, শুভম গুহৰ
সংগীত এলবাম
মুক্তি ২০১৪(এ), ২০২০(পুনৰ-ইউ/এ)
বাণীবন্ধন বেবেজ
শৈলী/ধৰণ ফিচাৰ ফিল্ম চাউণ্ডট্ৰেক
ভাষা বঙালী
লেবেল এছভিএফ
প্ৰযোজক শ্ৰীকান্ত মোহতা

সকলো গীতৰ কথা লিখিছে প্ৰসেন (প্ৰসেনজিৎ মুখোপাধ্যায়); সকলো সংগীত ৰচনা কৰিছে অৰিন্দম চট্টোপাধ্যায়ে।

ক্ৰঃ নং গীতৰ শীৰ্ষক গীতৰ কথা সংগীত কণ্ঠশিল্পী (সকল) দৈৰ্ঘ্য
১. "পাৰবোনা" প্ৰসেন অৰিন্দম অৰিজিৎ সিং, প্ৰশ্মিতা পাল ৪:৪৮
২. "বৰবাদ হয়েছি আমি" প্ৰসেন অৰিন্দম অৰিন্দম চট্টোপাধ্যায় ৪:৫৪
৩. "আসোনা" প্ৰসেন অৰিন্দম অৰিজিৎ সিং, প্ৰশ্মিতা পাল ৩:৫২
৪. "ৰাজা ৰাণী" প্ৰসেন অৰিন্দম শুভম মৈত্ৰ ৪:১৮
৫. "বৰবাদ (টাইটেল ট্ৰেক)" প্ৰসেন বিনীত ৰঞ্জন মৈত্ৰ সুৰজ জগন ৪:৩৭
৬. "পাৰবোনা (আনপ্লাগড)" প্ৰসেন অৰিন্দম অৰিন্দম চট্টোপাধ্যায় ৪:১১
৭. "পাৰবোনা (ৰিভিজিটেড)" প্ৰসেন অৰিন্দম অৰিজিৎ সিং, প্ৰশ্মিতা পাল ৫:৩১
৮. "ৰাজা ৰাণী (ৰিভিজিটেড)" প্ৰসেন অৰিন্দম অৰিজিৎ সিং ৪:১৪

সমালোচনামূলক সঁহাৰি

[সম্পাদনা কৰক]

বৰবাদে বেছিভাগেই নেতিবাচক সমালোচনাৰ সন্মুখীন হৈছিল। দ্য টাইমছ অৱ ইণ্ডিয়াৰ মধুশ্ৰী ঘোষে ছবিখনক ৫টাৰ ভিতৰত ২.৫ষ্টাৰ ৰেটিং দিয়ে। তেওঁ উল্লেখ কৰে যে ৰাজৰ আগৰ প্ৰলয় আৰু কানামাছিৰ দৰে ছবিৰ দৰে ভাল কাহিনীভাগ নিৰ্মাণৰ মেজাজত নাছিল আৰু সেইবাবেই তেওঁ কেৱল নিস্তেজ প্ৰেম কাহিনী আৰু কিছু পৰিমাণে দক্ষিণ ভাৰতীয় চলচ্চিত্ৰমুখী হিংসা নিৰ্মাণৰ ওপৰত গুৰুত্ব দিলে। তেওঁ মুখ্য চৰিত্ৰসমূহৰ প্ৰদৰ্শনৰ প্ৰতিও যথেষ্ট সমালোচনা কৰিছিল। যʼত বনি আৰু ঋত্বিকা দুয়োৰে দ্বাৰা এক আৱেগহীন, নিস্তেজ, প্ৰতিভাৰ অভাৱ থকা অভিনয়ৰ কথা উল্লেখ কৰা হৈছিল কিন্তু তেওঁ মুছলমান মাফিয়া ডনৰ চৰিত্ৰত অভিনয় কৰা সুদীপ মুখোপাধ্যায়ৰ অভিনয়ৰ প্ৰশংসা কৰিছিল।[6] দ্য ইণ্ডিয়ান এক্সপ্ৰেছৰ সোমা এ চট্টোপাধ্যায়ে মন্তব্য কৰে যে "একচন দৃশ্যৰ সম্পাদনা আৰু চিনেমেট'গ্ৰাফী বিশ্বাসযোগ্য আৰু ভাল কিন্তু ছবিখনক যিটোৱে দুৰ্ভাগ্যজনকভাৱে বিফল কৰে সেয়া হʼল বনি আৰু ঋত্বিকাই অভিনয় কৰা মুখ্য চৰিত্ৰাভিনয়। চিনেমাখনৰ একমাত্ৰ ভাল কথাটো হʼল নিৰ্দয় মাফিয়া নেতাৰ চৰিত্ৰত সুদীপ মুখোপাধ্যায়ৰ অভিনয়। কিন্তু অন্ততঃ এই ছবিখন ৰাজ চক্ৰৱৰ্তীৰ এখন ভাল ছবি নহয়।" কিন্তু তথাপিও ছবিখন বক্স অফিচত ব্লকবাষ্টাৰ আছিল।[7]

তথ্য উৎস

[সম্পাদনা কৰক]

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]

বৰবাদ (২০১৪ চলচ্চিত্ৰ) সম্পৰ্কে ইণ্টাৰনেট মুভি ডাটাবেছত থকা তথ্য। সাঁচ:Raj Chakraborty সাঁচ:Shree Venkatesh Films