বৰহাইঠা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
বৰহাইঠা
সংৰক্ষণ স্থিতি
জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন
জগৎ/ৰাজ্য: Animalia
পৰ্ব: Chordata
শ্ৰেণী: Aves
বৰ্গ: Columbiformes
পৰিয়াল: Columbidae
গণ: Treron
প্ৰজাতি: T. curvirostra
বৈজ্ঞানিক নাম
Treron curvirostra
(Gmelin, 1789)

বৰহাইঠা (ইংৰাজী: Thick-billed Green Pigeon, বৈজ্ঞানিক নাম: Treron curvirostra) হাইঠা চৰাইৰ এটা প্ৰজাতি। ই সাধাৰণতে জাক পাতি বাস কৰে।

বিৱৰণ[সম্পাদনা কৰক]

আকাৰ ২৭ চেণ্টিমিটাৰ। মতা চৰাইটো আৰু মাইকী চৰাইজনী দেখাত অলপ বেলেগ। মতা চৰাইটোৰ মূৰ ছাই বৰণৰ,বুকু সেউজীয়া, দেউকা বাদামী ৰঙৰ, নেজৰ পাখি মটীয়া ৰঙচুৱা বৰণৰ, ঠোঁট সেউজ-হালধীয়া, ঠোঁটৰ কাষ ৰঙা, ভৰি ৰঙা আৰু চকুৰ কাষ সেউজীয়া। মাইকী চৰাইজনীৰ মূৰ সেউজীয়া, ডেউকাত সেউজীয়া পাখি,নেজৰ পাখি ধূসৰ হালধীয়া আৰু ঠেং ৰঙা বৰণৰ।

বিতৰণ[সম্পাদনা কৰক]

পৃথিৱীৰ প্ৰায় সকলো অঞ্চলত ইয়াক দেখা যায় যদিও নেপাল, চীন, ফিলিপাইন, ভিয়েটনাম, কম্বোডিয়া, থাইলেণ্ড ইয়াৰ বিশেষ অৱস্থিতি দেখা যায়। সাধাৰণতে ক্ৰান্তীয় বৰ্ষাঅৰণ্যত ইয়াৰ অৱস্থিতি দেখা যায়।ইহঁতৰ জনসংখ্যা দিনক দিনে কমি আহিছে।[2]

আচৰণ[সম্পাদনা কৰক]

ই সাধাৰণতে বিভিন্ন গছৰ গুটি খাই জীয়াই থাকে। ইহঁতৰ প্ৰজনন কাল মে-জুন মাহ। এবাৰত সাধাৰণতে দুটাকৈ কণী পাৰি পোৱালি উলিয়ায়। ইহঁত যুগ্মভাবে বা সৰু সৰু দলত বিভক্ত হৈ উৰি ফুৰা দেখা যায়। ইহঁতক পৰ্বতৰ পাদদেশৰ অৰণ্যত ফল লাগিব ধৰা বৃক্ষত দেখা যায়। তাত সিহঁতে অন্য হাইঠাৰ সৈতে মিলিত হয়। সিহঁতৰ "WoOOOOO" শব্দ লানি নিচিগাকৈ স্পন্দিত হৈ থাকে।

তথ্যসূত্ৰ[সম্পাদনা কৰক]

বাহ্যিক সংযোগ[সম্পাদনা কৰক]

  • ৱিকিমিডিয়া কমন্সত বৰহাইঠা সম্পৰ্কীয় মিডিয়া ফাইল।