সমললৈ যাওক

বৰাক (প্ৰসাধন সামগ্ৰী)

অসমীয়া ৱিকিপিডিয়াৰ পৰা
মালয়েছিয়াৰ চাবাহৰ চেম্পোৰ্নাৰ সামা মহিলা, বৰাকৰ সৈতে

বৰাক বা বুৰাক[1] (ইংৰাজী: Borak (cosmetic)) এবিধ মুখৰ প্ৰসাধনমূলক গুড়ি বা পেষ্ট যাক ৰ’দৰ পৰা সুৰক্ষাৰ পাবলৈ মুখত প্ৰয়োগ কৰা হয়। ইয়াক পৰম্পৰাগতভাৱে ফিলিপাইনছ, মালয়েছিয়া, ইণ্ডোনেছিয়াৰ সামা-বাজাউ লোকসকলে ব্যৱহাৰ কৰে।

সাগৰীয় গ্ৰীষ্মমণ্ডলীয় অঞ্চলৰ তীক্ষ্ণ ৰ’দৰ পৰা মুখমণ্ডল আৰু ছালৰ উন্মুক্ত অংশ ৰক্ষা কৰিবলৈ সামা-বাজাউ মহিলাসকলে বৰাক ব্যৱহাৰ কৰে।[2] ইয়াত টেলকম পাউদাৰ, চাউলৰ গুড়ি, হালধি আৰু অন্যান্য উপাদান থাকিব পাৰে।[3]

শুকান অৱস্থাত বৰাক গুড়ি ৰূপত থাকে। গুড়িখিনি মুখত লগোৱাৰ আগতে প্ৰথমে পানীত তিয়াই পেষ্ট তৈয়াৰ কৰা হয়।[3] পেষ্ট হালধীয়া ৰঙৰ হ’ব পাৰে বা কেতিয়াবা বগাও হ’ব পাৰে।

একেধৰণৰ পেষ্ট

[সম্পাদনা কৰক]

ম্যানমাৰত গছৰ বাকলি পিহি লোৱা হালধীয়া বগা ৰঙৰ প্ৰসাধন পেষ্ট থানাকা পৰম্পৰাগতভাৱে ৰ’দৰ সুৰক্ষাৰ বাবে ব্যৱহাৰ কৰা হয়। মাদাগাস্কাৰত মেছনজোয়ানি নামৰ কাঠৰ পেষ্ট সজোৱাৰ লগতে ৰ’দৰ পৰা ৰক্ষা পোৱাৰ বাবেও ব্যৱহাৰ কৰা হয়।[4]

লগতে চাওক

[সম্পাদনা কৰক]

তথ্য সূত্ৰ

[সম্পাদনা কৰক]
  1. "Burak and Beautiful Women of Tawi-Tawi". My Mindanao | Mindanao Travels and Photography by Nanardx. Archived from the original on 2022-01-19. https://web.archive.org/web/20220119220306/https://www.mymindanao.com/2019/07/burak-and-beautiful-women-of-tawi-tawi.html। আহৰণ কৰা হৈছে: 2022-01-19. 
  2. Tilmantaite, Berta (20 March 2014). "In Pictures: Nomads of the sea". Al Jazeera. http://www.aljazeera.com/indepth/inpictures/2014/03/pictures-nomads-sea-2014312760932684.html। আহৰণ কৰা হৈছে: 22 December 2014. 
  3. 3.0 3.1 "Yakan - borak". SILP – Interactive Previously Published Resources. 2013-02-11. https://sil-philippines-languages.org/online/yka/dict/lexicon/lx00771.html। আহৰণ কৰা হৈছে: 2022-01-19. 
  4. Mesa, Camillo La; Ranalison, Oliarinony; Randriantseheno, Lovasoa N.; Risuleo, Gianfranco (2021). "Natural Products from Madagascar, Socio-Cultural Usage, and Potential Applications in Advanced Biomedicine: A Concise Review" (en ভাষাত). Molecules খণ্ড 26 (15): 4507. doi:10.3390/molecules26154507. ISSN 1420-3049. PMID 34361660.