বৰোবুদুৰ মন্দিৰ চৌহদ
| বৰোবুদুৰ মন্দিৰ চৌহদ | |
|---|---|
| Native name ইণ্ডোনেছিয়ান: Kompleks Candi Borobudur | |
| অৱস্থান | Magelang, Central Java |
| স্থানাংক | 7°36′29″S 110°12′14″E / 7.608°S 110.204°Eস্থানাংক: 7°36′29″S 110°12′14″E / 7.608°S 110.204°E |
| ধৰণ | সাংস্কৃতিক |
| চৰ্ত | i, ii, vi |
| নিৰ্ধাৰিত | 1991 (15th session) |
| প্ৰসংগ সংখ্যা | 592 |
| Region | Southeast Asia |
| Includes | Borobudur Mendut Pawon |
বৰোবুদুৰ মন্দিৰ চৌহদ ইণ্ডোনেছিয়াৰ মধ্য জাভাত থকা তিনিটা বৌদ্ধ মন্দিৰক অঞ্চলক সামৰি এক বিশ্ব ঐতিহ্যৰ নাম। ইয়াত বৰোবুদুৰ, মেন্দুট, আৰু পাৱন মন্দিৰ অন্তৰ্ভুক্ত। একে শাৰীতে নিৰ্মাণ কৰা এই মন্দিৰসমূহ শৈলেন্দ্ৰ বংশৰ সময়ত প্ৰায় অষ্টম আৰু নৱম শতিকাত নিৰ্মাণ কৰা হৈছিল।
যোগ্যকাৰ্টাৰ পৰা প্ৰায় ৪০ কিলোমিটাৰ (২৫ মাইল) উত্তৰ-পশ্চিমে বৰোবুদুৰ দুটা আগ্নেয়গিৰি- সুন্দৰো-ছাম্বিং আৰু মেৰবাবু-মেৰাপি আৰু দুখন নদী প্ৰগো আৰু এলোৰ মাজৰ মালভূমিত এই চৌহদ অৱস্থিত। স্থানীয় কাহিনী অনুসৰি কেডু সমভূমি নামেৰে জনাজাত এই অঞ্চলটো জাভাৰ পৱিত্ৰ স্থান আৰু ইয়াৰ প্ৰচুৰ উৰ্বৰ কৃষিভূমিৰ বাবে ইয়াক 'জাভাৰ বাগিচা' বুলি অভিহিত কৰা হৈছে।[1]
প্ৰান্তকৰণ
[সম্পাদনা কৰক]
২০ শতিকাৰ আৰম্ভণিতে অঞ্চলটো পুনৰুদ্ধাৰৰ সময়ত আৱিষ্কাৰ কৰা হয় যে, এই অঞ্চলৰ তিনিওটা বৌদ্ধ মন্দিৰ বৰোবুদুৰ, পাৱন মন্দিৰ আৰু মেন্দুট সৰলৰৈখিক অৱস্থানত আছে।[2] এইটো হয়তো সম্ভাৱনীয়তাৰ কথা, কিন্তু থলুৱা লোককথাৰ সৈতে একমত যে বৰোবুদূৰৰপৰা মেন্দুটলৈ দুয়োফালে দেৱাল থকা এটা প্ৰাচীন ইটাৰ পথ আছিল। তিনিওটা মন্দিৰৰ স্থাপত্য আৰু অলংকাৰ একে, যাৰপৰা ইহঁতৰ মাজত পৱিত্ৰ ঐক্য গঠন কৰিবলৈ একেটা আচাৰ-পৰম্পৰাৰ সম্পৰ্ক থকাৰ কথা অনুমান কৰিব পাৰি যদিও সঠিক আচাৰ-ব্যৱহাৰ প্ৰক্ৰিয়াৰ বিষয়ে জনা নাযায়।[3]
সংগ্ৰহালয়
[সম্পাদনা কৰক]বৰোবুদুৰ মন্দিৰ চৌহদৰ ভিতৰত দুটা সংগ্ৰহালয়, কৰ্মৱিভংগ সংগ্ৰহালয় আৰু সমুদ্ৰ ৰক্ষা সংগ্ৰহালয় আছে।
অন্যান্য প্ৰত্নতাত্ত্বিক স্থান
[সম্পাদনা কৰক]অঞ্চলটোত সিঁচৰতি হৈ আছে অন্যান্য বৌদ্ধ মন্দিৰ আৰু হিন্দু মন্দিৰ। আটাইতকৈ প্ৰাচীনটো হৈছে ৭৩২ খ্ৰীষ্টাব্দৰ গুনুং উঁকিৰ মন্দিৰত থকা কাংগাল শিলালিপি। মন্দিৰ কমপ্লেক্সত আৱিষ্কাৰ হোৱা এটা কাংগাল শিলালিপি অনুসৰি শিৱৈত ৰজা সঞ্জয়ে বৰোবুদুৰৰ পৰা মাত্ৰ ১০ কিলোমিটাৰ (৬ মাইল) পূবে উঁকিৰ পাহাৰত শিৱলিংগ অভয়াৰণ্য নিৰ্মাণৰ নিৰ্দেশ দিছিল।[4]
ঙাৱেন মন্দিৰ মেন্দুট মন্দিৰৰ পূবে পোৱা যায়।
পাৱন মন্দিৰৰ পৰা কেইবাশ মিটাৰ উত্তৰে হিন্দু মন্দিৰ বানন মন্দিৰৰ ধ্বংসাৱশেষ। বহু শিল নোহোৱাৰ বাবে ইয়াক পুনৰ নিৰ্মাণ কৰিব পৰা নগ’ল যদিও ভাল অৱস্থাত হিন্দু দেৱতাৰ কেইবাটাও শিলৰ মূৰ্তি পোৱা গৈছিল। বিষ্ণু, ব্ৰহ্মা, শিৱ, গণেশৰ সেইবোৰ মূৰ্তি এতিয়া জাকাৰ্টা থকা ইণ্ডোনেছিয়াৰ ৰাষ্ট্ৰীয় সংগ্ৰহালয়ত আছে।
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ Soekmono (1976), page 1.
- ↑ N. J. Krom (1927). Borobudur, Archaeological Description. প্ৰকাশক The Hague: Nijhoff. Archived from the original on 17 August 2008. https://web.archive.org/web/20080817055309/http://borobudur.tv/mendut_borobudur.htm। আহৰণ কৰা হৈছে: 17 August 2008.
- ↑ J. L. Moens (1951). "Barabudur, Mendut en Pawon en hun onderlinge samenhang (Barabudur, Mendut and Pawon and their mutual relationship)" (PDF). Tijdschrift voor de Indische Taai-, Land- en Volkenkunde (Het Bataviaasch Genootschap van Kunsten en Wetenschappen): 326–386. Archived from the original on 2007-08-10. https://web.archive.org/web/20070810210020/http://www.borobudur.tv/Barabudur_Mendut_Pawon.pdf. "trans. by Mark Long".
- ↑ W. J. van der Meulen (1977). "In Search of "Ho-Ling"". Indonesia খণ্ড 23: 87–112. doi:10.2307/3350886. https://cip.cornell.edu/DPubS?service=UI&version=1.0&verb=Display&handle=seap.indo/1107118718.