সমললৈ যাওক

বৰ্খা সিং

অসমীয়া ৱিকিপিডিয়াৰ পৰা
বৰ্খা সিং

২০২৪ চনত সিং
জন্ম ৩ আগষ্ট, ১৯৯২ (৩৩ বছৰ)
বিকানেৰ
পেচা
  • অভিনেত্ৰী
  • মডেল
সক্ৰিয় হৈ থকা সময় ২০০২–বৰ্তমান


বৰ্খা সিং (ইংৰাজী: Barkha Singh; জন্ম: ৩ আগষ্ট ১৯৯২) এগৰাকী ভাৰতীয় অভিনেত্ৰী যি মূলতঃ হিন্দী ছবি আৰু ৱেব শ্ব'ত কাম কৰে।[1] শিশু শিল্পী হিচাপে তেওঁ মুঝছে দস্তী কৰোগেৰ দৰে ছবিত কাম কৰিছিল৷ পৰৱৰ্তী সময়ত তেওঁ সময়: ৱেন টাইম ষ্ট্ৰাইকছ (২০০৩) তো শিশুশিল্পী হিচাপে কাম কৰে। ইয়াৰ পিছত তেওঁ ভাগ্যলক্ষ্মী (২০১৫) আৰু গাৰ্লছ অন টপ (২০১৬)কে ধৰি টেলিভিছন শ্ব'ত কাম কৰে।[2]

ৱেব শ্ব' ইঞ্জিনিয়াৰিং গাৰ্লছ আৰু প্লিজ ফাইণ্ড এটেচড আৰু ছবি, ৩৬ ফাৰ্মহাউচ এণ্ড মাজা মা (২০২২)ত অভিনয় কৰি পৰিচিত লাভ কৰে৷[3]

কৰ্মজীৱন

[সম্পাদনা কৰক]

বৰ্খা সিঙে শিশু শিল্পী হিচাপে নিজৰ কেৰিয়াৰ আৰম্ভ কৰিছিল। মুঝছে দস্তী কৰোগেত তেওঁ টিনাৰ চৰিত্ৰত অভিনয় কৰিছিল যিটো আছিল কনিষ্ঠ কৰিণা কাপুৰৰ চৰিত্ৰ। এমটিভি ইণ্ডিয়াত সম্প্ৰচাৰিত গাৰ্লছ অন টপ শ্ব'ত গিয়া সেনৰ চৰিত্ৰত অভিনয় কৰাৰ বাবে বৰ্খা সিং সুপৰিচিত।[4] এমটিভি ফানাহ নামৰ ধাৰাবাহিকখনতো বেদিকাৰ ৰূপত কেমিঅ’ চৰিত্ৰত তেওঁ অভিনয় কৰিছিল। য়েহ হায় আশিকি আৰু লাভ বাই চান্স নামৰ ধাৰাবাহিকখনৰ চৰিত্ৰটোৰ লগতে &TV ৰ ভাগ্যলক্ষ্মী ছ’প অপেৰাত সুৰভি বৰুণ শুক্লাৰ চৰিত্ৰত অভিনয় কৰাৰ বাবে বৰ্খা পৰিচিত।

২০১৮ চনৰ জানুৱাৰী মাহত তেওঁ নিজাকৈ ইউটিউব পেজ আৰম্ভ কৰিছিল,য'ত তেওঁ কেইবাটাও ভ্ৰমণ আৰু ফেশ্বন ব্লগ পোষ্ট কৰিছিল। প্লিজ ফাইণ্ড এটেচড, ৱৰ্ক লাইফ বেলেন্স, ইঞ্জিনিয়াৰিং গাৰ্লছ, মাৰ্ডাৰ মেৰী জান, আৰু নেটফ্লিক্সৰ মাছাবা মাছাবা (S2)ৰ দৰে কেইবাটাও জনপ্ৰিয় ৱেব শ্ব' কৰি তেওঁ খ্যাতি অৰ্জন কৰিছে। শেহতীয়াকৈ মুক্তি পোৱা তেওঁৰ ৱেব ছিৰিজ আছিল অভিষেক বেনাৰ্জীৰ বিপৰীতে দ্য গ্ৰেট ৱেডিং অৱ মুনেছ। ২০২১ চনত তেওঁক চাইলেন্স... কেন ইউ হিয়াৰ ইট চিনেমাত দেখা গৈছিল; য'ত মনোজ বাজপেয়ীয়ে অভিনয় কৰিছিল৷ ২০২২ চনত তেওঁক ৩৬ ফাৰ্মহাউছ আৰু মাজা মা দুখন চিনেমাত নেতৃত্ব দিয়া দেখা গৈছিল। আশীষ চাঞ্চলনীৰ কিছুমান ইউটিউব ভিডিঅ’তো তেওঁ অভিনয় কৰিছে।

মিডিয়াত

[সম্পাদনা কৰক]

সিং আমাজন, কেডবেৰী, কোকাকোলা আৰু ক্লিনিক প্লাছৰ দৰে ব্ৰেণ্ডৰ সৈতে জড়িত হৈ আছে। একাধিক টেলিভিছন বিজ্ঞাপনত অভিনয় কৰা বৰ্খা এগৰাকী পশুঅধিকাৰ কৰ্মীও। অভিনয়ৰ উপৰি তেওঁ অনলাইন গেম শ্ব’ আয়োজন কৰিছে[5]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. "Barkha Singh opens up about her shift from TV to films to web! Here's what she says". The Times of India. 3 September 2022. https://timesofindia.indiatimes.com/entertainment/hindi/bollywood/news/barkha-singh-opens-up-about-her-shift-from-tv-to-films-to-web-heres-what-she-says/articleshow/93968944.cms. 
  2. "'MTV Girls On Top' to question taboos surrounding women". The Times of India. 10 February 2016. http://timesofindia.indiatimes.com/tv/news/hindi/MTV-Girls-On-Top-to-question-taboos-surrounding-women/articleshow/50929505.cms। আহৰণ কৰা হৈছে: 10 February 2016. 
  3. "Maja Ma trailer: Madhuri Dixit is a middle-class mom battling past scandal and a conservative society". Hindustan Times. 22 September 2022. https://www.hindustantimes.com/entertainment/bollywood/maja-ma-trailer-madhuri-dixit-is-a-mom-battling-scandal-conservative-society-101663835599650. [সংযোগবিহীন উৎস]
  4. "MTV Splitsvilla 9 is back with a bang!". India Today. 2 June 2016. http://indiatoday.intoday.in/story/mtv-splitsvilla-9-dating-reality-show-ranvijay-singh-sunny-leone-lifetv/1/683217.html। আহৰণ কৰা হৈছে: 1 July 2016. 
  5. "Barkha Singh: Acting has always been my first love". The Times of India. 15 March 2016. http://timesofindia.indiatimes.com/tv/news/hindi/Barkha-Singh-Acting-has-always-been-my-first-love/articleshow/51406337.cms। আহৰণ কৰা হৈছে: 1 July 2016. 

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]