সমললৈ যাওক

বৰ্ণ ব্যৱস্থা

অসমীয়া ৱিকিপিডিয়াৰ পৰা

বৰ্ণ ব্যৱস্থা হৈছে প্ৰাচীন ভাৰতীয় সমাজৰ এটি সামাজিক শ্ৰেণীবিভাজন প্ৰণালী, যাৰ উল্লেখ বৈদিক সাহিত্যত পোৱা যায়। এই ব্যৱস্থাত সমাজক চাৰিটা মুখ্য বৰ্ণত বিভক্ত কৰা হৈছিল- ব্ৰাহ্মণ, ক্ষত্ৰিয়, বৈশ্য আৰু শূদ্ৰ। বৰ্ণ ব্যৱস্থাই ধৰ্মীয় কৰ্তব্য, সামাজিক ভূমিকা আৰু আচাৰ-অনুষ্ঠানৰ ক্ষেত্ৰত নিয়ম নিৰ্ধাৰণ কৰিছিল।[1]

ঐতিহাসিক পটভূমি

[সম্পাদনা কৰক]

বৰ্ণ ব্যৱস্থাৰ প্ৰাচীনতম উল্লেখ ঋগ্বেদত পোৱা যায়, বিশেষকৈ পুৰুষ সূক্তত, য’ত সমাজৰ চাৰিটা বৰ্ণক প্ৰতীকীভাৱে দৈবিক পুৰুষৰ বিভিন্ন অংগৰ পৰা উৎপন্ন হোৱা বুলি বৰ্ণনা কৰা হৈছে।[2] যদিও এই সূক্তক বহু পণ্ডিতে ঋগ্বেদৰ অন্তিম সংযোজন বুলি ধৰে, ই বৰ্ণ ধাৰণাৰ বৈদিক ভিত্তি সূচায়।[3]

বৈদিক আৰু পৰৱৰ্তী বিকাশ

[সম্পাদনা কৰক]

প্ৰাৰম্ভিক বৈদিক যুগত বৰ্ণ ব্যৱস্থা তুলনামূলকভাৱে কম প্ৰভাৱশালী আছিল আৰু সামাজিক গতি-প্ৰকৃতি সীমিত পৰিসৰত সম্ভৱ আছিল।[4] অন্তিম বৈদিক যুগত এই ব্যৱস্থাই অধিক আনুষ্ঠানিক আৰু বিধানমূলক ৰূপ লয়। এই সময়ত ধৰ্মশাস্ত্ৰ আৰু আচাৰসংহিতাত বৰ্ণ-নিৰ্ধাৰিত কৰ্তব্য আৰু সামাজিক সীমাৰ বিস্তৃত ব্যাখ্যা দেখা যায়।[5]

বৰ্ণসমূহ

[সম্পাদনা কৰক]

ব্ৰাহ্মণ বৰ্ণৰ সৈতে যজ্ঞ সম্পাদন, বেদ অধ্যয়ন আৰু ধৰ্মীয় আচাৰ-অনুষ্ঠানৰ দায়িত্ব সংযোগ কৰা হৈছিল।[6] ক্ষত্ৰিয় বৰ্ণৰ প্ৰধান ভূমিকা আছিল শাসন, যুদ্ধ আৰু সমাজৰ সুৰক্ষা। বৈদিক আৰু পৰৱৰ্তী সাহিত্যত ৰজা আৰু যোদ্ধাসকল সাধাৰণতে এই বৰ্ণৰ অন্তৰ্গত বুলি বৰ্ণিত।[7] বৈশ্য বৰ্ণৰ সৈতে কৃষি, পশুপালন আৰু বাণিজ্য জড়িত আছিল। এই বৰ্ণই অৰ্থনৈতিক উৎপাদনত মুখ্য ভূমিকা পালন কৰিছিল।[8] শূদ্ৰ বৰ্ণক মূলতঃ সেৱা আৰু শ্ৰমমূলক কাৰ্যৰ সৈতে সংযোগ কৰা হৈছিল। বৈদিক সাহিত্যত শূদ্ৰসকলৰ সামাজিক অধিকাৰ সীমিত আছিল বুলি উল্লেখ পোৱা যায়।[9]

সামাজিক মূল্যায়ণ

[সম্পাদনা কৰক]

বৰ্ণ আৰু জাত

[সম্পাদনা কৰক]

বৰ্ণ ব্যৱস্থাক প্ৰায়েই জাত প্ৰণালীৰ সৈতে সংযুক্ত কৰা হয়, যদিও দুয়ো একে নহয়। বৰ্ণ হৈছে তাত্ত্বিক আৰু পাঠ্যভিত্তিক শ্ৰেণীবিভাজন, আনহাতে জাত হৈছে আঞ্চলিক আৰু পেচাভিত্তিক সামাজিক গোট, যাৰ সংখ্যা বহু।[10]

ঐতিহাসিক প্ৰভাৱ

[সম্পাদনা কৰক]

বৰ্ণ ব্যৱস্থাই ভাৰতীয় সমাজৰ আইন, ধৰ্ম আৰু সামাজিক সংগঠনত দীৰ্ঘকালীন প্ৰভাৱ পেলাইছে। এই ব্যৱস্থাৰ বিভিন্ন ব্যাখ্যা আৰু ৰূপান্তৰ পৰৱৰ্তী কালত দেখা যায়, বিশেষকৈ ধৰ্মশাস্ত্ৰ আৰু হিন্দুধৰ্মৰ বিভিন্ন ধাৰাত।[11]

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]
  1. Dumont, L. (1980). Homo Hierarchicus. University of Chicago Press.
  2. Ṛgveda 10.90; Jamison, S. & Brereton, J. (2014). The Rigveda. Oxford University Press.
  3. Witzel, M. (1997). “The Development of the Vedic Canon.”
  4. Thapar, R. (2002). Early India. Penguin.
  5. Olivelle, P. (2004). Manu’s Code of Law. Oxford University Press.
  6. Gonda, J. (1975). Vedic Literature. Harrassowitz.
  7. Thapar (2002).
  8. Sharma, R. S. (2005). Early Medieval Indian Society. Orient BlackSwan.
  9. Dumont (1980).
  10. Dirks, N. (2001). Castes of Mind. Princeton University Press.
  11. Flood, G. (1996). An Introduction to Hinduism. Cambridge University Press.