সমললৈ যাওক

বৰ্তিকা এম ৰাই

অসমীয়া ৱিকিপিডিয়াৰ পৰা
বৰ্তিকা এম ৰাই
প্ৰাথমিক তথ্য
সংগীতৰ প্ৰকাৰ
  • পপ
  • স্বতন্ত্ৰ গীত
  • লোক
পেচা
  • গায়িকা
  • গীতিকাৰ
বাদ্যযন্ত্ৰ
  • Vocals
  • piano
কাৰ্যকাল ২০১৬–বৰ্তমান
ৱেবছাইট আধিকাৰিক ইউ-টিউব চেনেল


বৰ্তিকা এম ৰাই (ইংৰাজী: Bartika Eam Rai, নেপালী: बर्तिका एम राई;) নিউয়ৰ্ক চহৰত বাস কৰা নেপালত জন্মগ্ৰহণ কৰা এগৰাকী আমেৰিকান গায়িকা-গীতিকাৰ৷

২০১৬ চনত ৰাইৰ প্ৰথম এলবাম বিম্বাকাশ মুক্তিৰ লগে লগে জনপ্ৰিয়কা লাভ কৰে৷ তেওঁ এতিয়ালৈকে চাৰিটা এলবাম মুকলি কৰিছে।

সংগীত কেৰিয়াৰ

[সম্পাদনা কৰক]

নেপালৰ ললিতপুৰত বৰ্তিকা ডাঙৰ-দীঘল হৈছিল আৰু ছয় বছৰ বয়সৰ পৰাই অনানুষ্ঠানিকভাৱে সংগীত চৰ্চা কৰিছিল। প্ৰায় ১১ বছৰ বয়সত সৰু সৰু অনুষ্ঠানত গীত পৰিৱেশন কৰিছিল। তেখেতে কেইবাটাও শিশু গীত বাণীবদ্ধ কৰিছিল আৰু শ্ৰীতী প্ৰধান, উপেন্দ্ৰ লাল সিং, ৰোশন শৰ্মা, জন শ্ৰেষ্ঠ আৰু গুৰুদেৱ কামতৰ ওচৰত সংগীতৰ প্ৰশিক্ষণ লাভ কৰিছিল।[1]

আমেৰিকালৈ যোৱাৰ পিছতহে তেওঁ সংগীতক পেছাদাৰী কেৰিয়াৰ হিচাপে গ্ৰহণ কৰিবলৈ আৰম্ভ কৰে।[2] ২০১৫ চনত নিউয়ৰ্ক চহৰলৈ যোৱাৰ পিছত ৰায়ে নেপালী-আমেৰিকান সংগীতজ্ঞ দিৱাছ গুৰুঙৰ সৈতে কাম কৰিবলৈ আৰম্ভ কৰে৷ দিৱাছ গুৰুং পূৰ্বে ইথাকা ভিত্তিক প্ৰগতিশীল ৰক বেণ্ড আয়ুৰ্বেদৰ সদস্য আছিল।[3] ২০১৫ চনত তেওঁলোকে আগন্তুক এলবাম বিম্বাকাশৰ বাবে ছটা গীতৰ কাম আৰম্ভ কৰে৷ এই এলবামখন গুৰুঙে প্ৰযোজনা কৰে আৰু বৰ্তিকাই গীতসমূহ কথা লিখে আৰু সুৰাৰোপ কৰে।[4]

২০১৬ চনৰ জানুৱাৰী মাহত ৰাইয়ে ইউটিউবত তেওঁৰ প্ৰথমটো একক গীত মুকলি কৰি ব্যাপক জনপ্ৰিয়তা লাভ কৰে।[5] দ্য কাঠমাণ্ডু পোষ্টত প্ৰকাশিত এক পৰ্যালোচনাত সেই গীতটোক "breath of fresh air" বুলি অভিহিত কৰে আৰু "গীতটোৰ কবিতাৰ ৰোমাঞ্চকৰ নান্দনিকতা আৰু উপস্থাপনৰ সৰলতাক" প্ৰশংসা কৰে।[6]

হিটছ এফ এম মিউজিক এৱাৰ্ডত ৰায়ক শ্ৰেষ্ঠ নতুন শিল্পী, ছং অৱ দ্য ইয়েৰ (খাইৰ বাবে), শ্ৰেষ্ঠ পপ কণ্ঠশিল্পী (মহিলা) (খাই) আৰু এলবাম অৱ দ্য ইয়েৰ (বিম্বাকাশৰ বাবে)ৰ বাবে মনোনীত কৰে। তেওঁ ছং অৱ দ্য ইয়েৰ আৰু শ্ৰেষ্ঠ পপ কণ্ঠশিল্পী (মহিলা) বঁটা লাভ কৰে।[7]

২০১৮ চনৰ মাৰ্চ মাহত ৰায়ে পুনৰবাৰ গুৰুঙৰ প্ৰযোজনাত দ্বিতীয়টো এলবাম তৰাল মুক্তিৰ কথা ঘোষণা কৰে।[4] এই এলবামটোক সমগ্ৰ আমেৰিকা আৰু ইংলেণ্ডৰ শ্ৰোতাই আদৰি লৈছিল[8] আৰু ইয়াৰ প্ৰথম একক গীত উমেৰৰ বাবে এটা মিউজিক ভিডিঅ' মুকলি কৰা হৈছিল।[9]

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]
  1. "Bartika Eam Rai | Exclusive Interview". Party Nepal. Archived from the original on 22 November 2022. https://web.archive.org/web/20221122130545/https://www.partynepal.com/detail/bartika-eam-rai-partynepal-exclusive-interview। আহৰণ কৰা হৈছে: 10 January 2019. 
  2. Times, Nepali (9 June 2021). "Bartika Eam Rai Songs" (en-US ভাষাত). https://chords-nepal.blogspot.com/search?q=bartika+eam+rai। আহৰণ কৰা হৈছে: 2021-06-22. 
  3. (en ভাষাত) Bartika Eam Rai on Facebook Watch, https://www.facebook.com/BartikaEamRai/videos/diwas-gurung-is-my-first-collaborator-for-the-upcoming-ep-sima-na-diwas-dai-than/775998056168281/, আহৰণ কৰা হৈছে: 2020-10-05 
  4. 4.0 4.1 "Bartika Eam Rai on music, inspiration, and her first concert in Nepal" (English ভাষাত). kathmandupost.com. https://kathmandupost.com/art-entertainment/2018/12/05/one-needs-to-be-reflective-introspective। আহৰণ কৰা হৈছে: 2020-10-05. 
  5. "This Song Will Make You Rethink About The Purpose of Your Life In Just Four Minutes" (en-US ভাষাত). NeoStuffs. 2016-02-01. http://neostuffs.com/2016/02/this-song-will-make-you-rethink-about-the-purpose-of-your-life-in-just-four-minutes/। আহৰণ কৰা হৈছে: 2020-10-05. 
  6. "Now and Zen" (English ভাষাত). kathmandupost.com. https://kathmandupost.com/miscellaneous/2016/02/20/now-and-zen। আহৰণ কৰা হৈছে: 2020-10-05. 
  7. "HMA Winners 2074 | Hits FM 91.2 | Welcome" (en-US ভাষাত). Hits FM 91.2 | Hits You Where It Matters !!!. 2018-02-06. http://www.hitsfm.com.np/hma-winners-2074/। আহৰণ কৰা হৈছে: 2019-07-31. 
  8. lexlimbu (2018-03-04). "Bartika Eam Rai Announces TARAL Pre-Release US Tour" (en-US ভাষাত). Lexlimbu. https://lexlimbu.com/blog/2018/03/04/bartika-eam-rai-announces-taral-pre-release-us-tour/। আহৰণ কৰা হৈছে: 2020-10-05. 
  9. "Bartika Eam Rai Releases First Music Video From New Album 'Taral'" (en-US ভাষাত). NeoStuffs. 2018-04-20. http://neostuffs.com/2018/04/bartika-eam-rai-releases-first-music-video-from-new-album-taral/। আহৰণ কৰা হৈছে: 2020-10-05.