সমললৈ যাওক

বৰ্বৰীক

অসমীয়া ৱিকিপিডিয়াৰ পৰা
বৰ্বৰীক

কোটাৰ পৰা খাতুশ্যামজীলৈ ২০০৮ চনৰ পদ যাত্ৰাৰ সময়ত ব্যৱহাৰ হোৱা খাতুশ্যামৰ ৰথৰ মূৰ্তি
দেৱনাগৰী बर्बरीक
সম্পৰ্ক দেৱ-মানৱ
যুদ্ধ কুৰুক্ষেত্ৰ যুদ্ধ

বৰ্বৰীক (ইংৰাজী: Barbarika) বা খাটু শ্যাম হৈছে উত্তৰ ভাৰতত পূজ্য এজন হিন্দু দেৱতা। স্কন্দ পুৰাণৰ মতে বৰ্বৰীক ঘটোৎকচ (ভীমৰ পুত্ৰ) আৰু দৈত্য মূৰৰ কন্যা ৰাজকুমাৰী মৌৰৱীৰ পুত্ৰ আছিল[1] আন কিছুমান তথ্যত তেওঁ দক্ষিণৰ পৰা অহা এজন যোদ্ধা বুলি উল্লেখ আছে। তেওঁ মূল মহাভাৰতত থকা চৰিত্ৰ নহয়, সম্ভৱতঃ সংমিশ্ৰণৰ জৰিয়তে কিছুমান পৰম্পৰাত পুৰ্ববৰ্তীভাৱে সংযোজন কৰা হৈছে বুলি অনুমান কৰা হয়। বৰ্বৰীক প্ৰথমে এজন যক্ষ, পুৰুষ হিচাপে তেওঁৰ পুনৰ জন্ম হয়। তেওঁ সদায় দুৰ্বল পক্ষত যুদ্ধ কৰাৰ নীতিৰে বান্ধ খাই আছিল, যাৰ ফলত তেওঁ কুৰুক্ষেত্ৰ যুদ্ধত অংশগ্ৰহণ নকৰাকৈয়ে সাক্ষী হৈ থিয় দিব লগা হৈছিল।

নেপালত কিৰাতি ৰজা য়ালাম্বৰক ঘটোৎকাচৰ পুত্ৰ আৰু ভীমৰ নাতি মহাভাৰতৰ বৰ্বৰীক বুলি বিশ্বাস কৰা হয়। বৰ্বৰীকে মহাভাৰতৰ যুদ্ধত বধ হোৱাৰ সন্দেহ কৰা হয়। আৰু সেই অনুসৰি দেৱ-মানৱে ইজনে সিজনৰ কাষে কাষে যুদ্ধ কৰাৰ তেওঁ গৌৰৱ লাভ কৰিছিল। কিংবদন্তি অনুসৰি তেওঁক স্বৰ্গৰ প্ৰভু ইন্দ্ৰক লগ পোৱাৰ কৃতিত্ব দিয়া হয়। কাঠমাণ্ডু উপত্যকাৰ স্থানীয় লোকসকলে তেওঁক আকাশ ভৈৰৱ হিচাপে চিত্ৰিত কৰিছে।[2]

ৰাজস্থানত খাটু শ্যাম মন্দিৰত বৰ্বৰীকক খাটু শ্যাম নামেৰে পূজা কৰা হয়,[3] আৰু গুজৰাটত তেওঁক বলিয়াদেৱ বুলি পূজা কৰা হয়। পাণ্ডৱৰ জয় নিশ্চিত হোৱাৰ উদ্দেশ্যে মহাভাৰত যুদ্ধৰ পূৰ্বে তেওঁক বলি দিয়া বুলি বিশ্বাস কৰা হয়। তেওঁৰ বলিদানৰ বিনিময়ত তেওঁক কৃষ্ণই দেৱতা কৰি লয় বুলি জনা যায়।

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. Parmeshwaranand, Swami (2001). Encyclopaedic Dictionary of Puranas. Sarup & Sons. পৃষ্ঠা. 155. ISBN 978-81-7625-226-3. https://archive.org/details/bub_gb_6F0ZIBIL2ZAC. 
  2. "{title}". http://www.harekrsna.com/sun/features/02-13/features2739.htm। আহৰণ কৰা হৈছে: 17 January 2014. 
  3. "जानिये कौन हैं ये खाटू श्याम महाराज" (hi ভাষাত). Newstrendnewstrend.news. 14 October 2018. https://www.newstrend.news/175965/khatu-shyam-maharaj-ki-kahani/। আহৰণ কৰা হৈছে: 3 May 2020.