সমললৈ যাওক

বৰ্মন ভাষা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
বৰ্মন ঠাৰ
বৰ্মন ঠাৰ
উচ্চাৰণ /bɔɾmɔn thaɾ/
থলুৱা অঞ্চল অৰুণাচল প্ৰদেশ, অসম, মেঘালয়, নাগালেণ্ড
অঞ্চল উত্তৰ পূব ভাৰত, কামৰূপ
জাতীয়তা বৰ্মন কছাৰী
স্থানীয় ভাষিক
[1]
ভাষা পৰিয়াল
চীনা-তিব্বতীয়
লিখন প্ৰণালী অসমীয়া বৰ্ণমালা (বৰ্তমান ব্যৱহৃত)
ছিলেটি নাগৰী (পূৰ্বে ব্যৱহৃত)
ভাষা সংকেত
ISO 639-3

বৰ্মন ঠাৰ বা বৰ্মন ভাষা হ'ল অতি সংকটাপন্ন ভাষা। ‘‘ঠাৰ’’ শব্দৰ অৰ্থ হ'ল ভাষা। ই বড়ো-গাৰো শাখাৰ অন্তৰ্গত। বৰ্মন কছাৰী জনগোষ্ঠীৰ জনসংখ্যা ২০১৭ চনৰ জনগণনা অনুসৰি ২৪,২৩৭ জন, কিন্তু ইয়াৰে অতি স্বল্পসংখ্যক লোকহে এই ভাষাত কথা কয়।[1]

জনগোষ্ঠী

[সম্পাদনা কৰক]

বৰ্মন কছাৰী দক্ষিণ এছিয়াবড়ো-কছাৰী ঠালৰ জনগোষ্ঠী। ভাৰতঅসম আৰু অৰুণাচল প্ৰদেশত বৰ্মন কছাৰী সকলৰ বসতি আছে। বৰ্মন কছাৰী সকল বৰাক উপত্যকাডিমাছা জনগোষ্ঠীৰ উপভাগ আৰু ব্ৰহ্মপুত্ৰ উপত্যকাত পৃথক গোষ্ঠী।[2] বৰাক উপত্যকাকাছাৰ জিলা, কৰিমগঞ্জ জিলা আৰু হাইলাকান্দি জিলাৰ লগতে অৰুণাচল প্ৰদেশত বৰ্মন কছাৰী সকলৰ বসতি দেখা যায়। সেইদৰে ব্ৰহ্মপুত্ৰ উপত্যকাৰ ওদালগুৰি জিলা, বাক্সা জিলা, চিৰাং জিলা, কোকৰাঝাৰ জিলা, দৰং জিলা, কামৰূপ জিলা, গোৱালপাৰা জিলা, গোৱালপাৰা জিলা, নগাঁও জিলা, লখিমপুৰ জিলা, ধেমাজি জিলা আৰু বৰপেটা জিলাত তেওঁলোকৰ বসতি আছে। ২০০২ চনৰ সংশোধনী আইন মতে অসমৰ বৰ্মন কছাৰী সকলে নিজকে 'বৰ্মন' হিচাপে অভিহিত কৰে।

জনগাঁথনি

[সম্পাদনা কৰক]

অসমৰ বৰ্মন কছাৰীসকলক বৰাক উপত্যকাত অনুসূচিত জনজাতি (ভৈয়াম) হিচাপে শ্ৰেণীভুক্ত কৰা হৈছে (কিন্তু ব্ৰহ্মপুত্ৰ উপত্যকাৰ বৰ্মণ কছাৰীসকল আজিলৈকে অনুসূচিত জনজাতি (ভৈয়াম) হিচাপে শ্ৰেণীভুক্ত কৰা হৈছে। ২০১৭ চনৰ লোকপিয়ল অনুসৰি বৰ্মন কছাৰীসকলৰ সংখ্যা প্ৰায় ২৪,২৩৭ জন। এই সংখ্যাৰ ভিতৰত ১২,৫৫৫ জন পুৰুষ আৰু ১১,৫০৩ জন মহিলা। তেওঁলোকৰ সাক্ষৰতাৰ হাৰ ৪ শতাংশ বুলি অনুমান কৰা হৈছে। পুৰুষ আৰু মহিলাৰ সাক্ষৰতাৰ মাত্ৰা ক্ৰমে ২.৫% আৰু ১.৫%।[1]

পুৰণি অসমৰ কছাৰী ৰাজ্যত বৰ্মন কছাৰী গোষ্ঠীৰ উৎপত্তি হৈছিল। তাৰপিছত তেওঁলোক মেঘালয়, ত্ৰিপুৰা আৰু নাগালেণ্ডত সিঁচৰিত হৈ পৰে। ভাৰতে স্বাধীনতা লাভ কৰাৰ আগতে বহুতো বৰ্মন কছাৰী লোকে বৰ্তমান বাংলাদেশৰ মৈমনসিং আৰু ছিলেট অঞ্চলত বাস কৰিছিল। দেশ বিভাজনৰ পিছত তেওঁলোক অবিভক্ত অসমলৈ প্ৰব্ৰজন কৰে। ১৭০৮ চনত কছাৰী ৰজা তাম্ৰধ্বজৰ ৰাজত্ব কালত কছাৰী সকলে হিন্দু ধৰ্ম গ্ৰহণ কৰিছিল। ১৮২৫ চনত কছাৰী ৰজা গোবিন্দ চন্দ্ৰ দেৱে কেইঘৰমান ডাঙৰীয়াৰ পৰিয়ালৰ সৈতে খাছপুৰ এৰি মৈমনসিঙলৈ পলাই গৈছিল। আহোম আৰু মণিপুৰী সকলৰ লগতে মান দেশৰ আক্ৰমণৰ বাবে এই প্ৰব্ৰজন সংঘটিত হৈছিল। ১৮২৬ চনৰ ইয়াণ্ডাবু সন্ধিৰ পিছত কছাৰী ৰজাসকলে নিজ ৰাজ্যলৈ ঘূৰি আহে। এই সন্ধিৰ ফলত কছাৰী ৰাজ্য ব্ৰিটিছৰ অধীনলৈ যায় আৰু ১৮৩০ চনত গোবিন্দ চন্দ্ৰ দেৱৰ মৃত্যু হয়।

বৰ্মন কছাৰী সকলৰ নিজা ভাষাক 'বৰ্মন ঠাৰ' বোলে। ঠাৰ মানে হৈছে ভাষা। বৰ্মন ঠাৰ অতি বিপদাপন্ন ভাষা। এই ভাষা তিব্বত-বৰ্মী ভাষাগোষ্ঠীৰ অন্তৰ্গত আৰু বড়ো-গাৰো উপভাগৰ। ২০১৯ চনৰে লৈকে এই ভাষাৰ বৈজ্ঞানিক অধ্যয়ন সম্পন্ন হোৱা নাছিল। ২০১৯ চনত তেজপুৰ বিশ্ববিদ্যালয় ভাষাবিজ্ঞান বিভাগৰ স্নাতকোত্তৰ শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলে প্ৰথমবাৰৰ বাবে ইয়াৰ বৈজ্ঞানিক অধ্যয়ন কৰে। ২০১৭ চনৰ লোকপিয়ল অনুসৰি বৰ্মন কছাৰী সকলৰ মুঠ জনসংখ্যা ২৪,২৩৭ যদিও অতি কম সংখ্যক লোকে বৰ্মন ঠাৰ ব্যৱহাৰ কৰে।[3] তেওঁলোকে অসমীয়া ভাষা আৰু ডিমাছা ভাষাৰ লগতে হিন্দী আৰু ইংৰাজী ভাষায়ো ব্যৱহাৰ কৰে।

বৰ্মন ঠাৰৰ লিপি

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. 1.0 1.1 1.2 বৰ্মন ঠাৰৰ এটা ভাষাতাত্ত্বিক সংক্ষিপ্ত ৰূপৰেখা. তেজপুৰ বিশ্ববিদ্যালয়।
  2. Tiwari; Sarma (2013). "A historical and etymological study of the Dimasa Kacharis of Dima Hasao District, Assam, India". The Clarion খণ্ড 2–2: 144. ISSN 2277-1697. Archived from the original on 2019-05-03. https://web.archive.org/web/20190503122247/https://pdfs.semanticscholar.org/915e/4f53f5ca113d2d2c995620e8aaee21b92a2c.pdf। আহৰণ কৰা হৈছে: 2020-05-29. 
  3. http://www.tezu.ernet.in/wmcfel/pdf/Barman_Thar_CFEL.pdf

গ্ৰন্থপঞ্জী

[সম্পাদনা কৰক]
  • DeLancey, Scott (2012). Hyslop, Gwendolyn; Morey, Stephen; W. Post, Mark. eds. "On the Origin of Bodo-Garo". Northeast Indian Linguistics খণ্ড 4: 3–20. doi:10.1017/UPO9789382264521.003. ISBN 9789382264521. 
  • Joseph, U. V., and Burling, Robbins. 2006. Comparative phonology of the Boro Garo languages. Mysore: Central Institute of Indian Languages Publication.
  • Burling, Robbins (2003). "The Tibeto-Burman languages of northeast India". The Sino-Tibetan languages. প্ৰকাশক London: Routledge. পৃষ্ঠা. 169–191. ISBN 978-0-7007-1129-1. 
  • van Driem, George (2001). Languages of the Himalayas: An Ethnolinguistic Handbook of the Greater Himalayan Region. BRILL. ISBN 978-90-04-12062-4. 
  • Wood, Daniel Cody (2008). An Initial Reconstruction of Proto-Boro-Garo (MA thesis). University of Oregon.