সমললৈ যাওক

বৰ্ষা উৎসৱ

অসমীয়া ৱিকিপিডিয়াৰ পৰা

বৰ্ষা উৎসৱ (বঙালী: বৰ্ষা উৎসব) হৈছে বাংলাদেশত উদ্‌যাপন কৰা এটা দিনজোৰা বৰ্ষা অভিবাদন উৎসৱ। এইটো বৰ্ষা মঙ্গল উৎসৱ নামেৰেও জনাজাত। বাংলা চান্দ্ৰ-সূৰ্য্য কেলেণ্ডাৰ অনুসৰি আহাৰ মাহৰ প্ৰথম দিনা উৎসৱৰ তাৰিখটো নিৰ্ধাৰণ কৰা হয়। সাধাৰণতে এই দিনটো গ্ৰেগৰিয়ান কেলেণ্ডাৰ অনুসৰি ১৫ জুনত পৰে।[1][2][3] বৰ্ণিল অনুষ্ঠানেৰে এই দিৱস উদ্‌যাপন কৰা হয়। সংগীত পৰিৱেশন, নাটক, কবিতা আবৃত্তি, বৰষুণৰ ওপৰত চলচ্চিত্ৰ প্ৰদৰ্শন, পুতলা প্ৰদৰ্শন, ইলীহ উৎসৱ আদি বহুতো অনুষ্ঠান অন্তৰ্ভুক্ত থাকে।[4][5] পৰম্পৰাগতভাৱে মহিলাসকলে বাৰিষাৰ প্ৰথম দিনটো উদ্‌যাপনৰ বাবে আকাশী নীলা ৰঙৰ শাৰী পিন্ধে। [6][7][8]

"বৰ্ষা বন্দনা" নামেৰে জনাজাত এই বৰ্ষা উৎসৱৰ মুখ্য আকৰ্ষণ হ'ল, বছৰৰ প্ৰথম বৰষুণত স্নান কৰা। পুৰুষ, মহিলা আৰু সকলো বয়সৰ শিশুৱে এই উৎসৱত অংশ লয় আৰু আনন্দ উপভোগ কৰে। বিশেষকৈ শিশুসকলে ধুমুহাৰ পিছত মাটিত পৰি থকা আমবোৰ সংগ্ৰহ কৰে। তাৰপাছত সিহঁতে “আম কুশলী” নামৰ এটা ঐতিহ্যবাহী আহাৰ তৈয়াৰ কৰে। টেঙা আম, জলকীয়া, মছলা, পিঁয়াজ আৰু আন উপকৰণেৰে ইয়াক তৈয়াৰ কৰা হয়।

আৰু চাওক

[সম্পাদনা কৰক]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. "Barsha festival". bdnews24.com. http://bdnews24.com/media-en/2016/07/22/barsha-festival.
  2. "Monsoon festival celebrated in capital, calls for rain water conservation". Dhaka Tribune. Archived from the original on 8 April 2017. https://web.archive.org/web/20170408082232/http://archive.dhakatribune.com/bangladesh/2015/jun/13/monsoon-festival-celebrated-capital-calls-rain-water-conservation.
  3. "‘Monsoon Festival’ held in city". Prothom Alo. Archived from the original on 8 April 2017. https://web.archive.org/web/20170408082040/http://en.prothom-alo.com/entertainment/news/108379/%E2%80%98Monsoon-Festival%E2%80%99-held-in-city.
  4. "Come rain or shine: Monsoon festivals around Asia". The Myanmar Times. http://www.mmtimes.com/index.php/lifestyle/14760-come-rain-or-shine-monsoon-festivals-around-asia.html.
  5. "'Barsha Festival' held in city". The News Today. Archived from the original on 2017-04-08. https://web.archive.org/web/20170408083345/http://www.newstoday.com.bd/index.php?option=details&news_id=2444961&date=2016-06-16.
  6. "Monsoon sets in rhythm". The Daily Star. 16 June 2015. http://www.thedailystar.net/arts-entertainment/event/monsoon-sets-rhythm-97558.
  7. "Udichi Shilpigosthi celebrates first day of monsoon". The Independent (Dhaka). http://www.theindependentbd.com/post/47836.
  8. "Barsha Utsab at Charukala today". The Financial Express (Dhaka). Archived from the original on 8 April 2017. https://web.archive.org/web/20170408082836/http://print.thefinancialexpress-bd.com/old/2007/06/15/1170.html.