সমললৈ যাওক

বৰ্ষিনী

অসমীয়া ৱিকিপিডিয়াৰ পৰা
বৰ্ষিনী
ৰামায়ণৰ চৰিত্ৰ
তথ্য
পৰিয়াল কৌশল্যা (সৰু ভগ্নী), ৰাম (ভতিজা), সুকৌশল (পিতৃ), অমৃতপ্ৰভা (মাতৃ) দশৰথ (ভনী-জোঁৱাই,কৌশল্যাৰ পতি)
দাম্পত্যসঙ্গী ৰোমপদ
সন্তান শান্তা (ভতিজী পিছলৈ দত্তক কন্যা)
চতুৰংগ (পুত্ৰ)

বৰ্ষিনী (সংস্কৃত: वर्षिनी, ইংৰাজী: Vershini) হিন্দু মহাকাব্য ৰামায়ণত বৰ্ণিত ৰজা ৰোমপদৰ পত্নী আৰু শান্তাৰ দত্তক মাতৃ তথা অংগ প্ৰদেশৰ ৰাণী আছিল।[1] ৰজা ৰামপদে দশৰথৰ কন্যা শান্তাক নিজৰ কন্যা হিচাপে তুলি লৈছিল৷

কিংবদন্তী

[সম্পাদনা কৰক]

বৰ্ষিনী আৰু কৌশল্যা কৌশল ৰাজ্যৰ ৰজা সুকৌশল আৰু ৰাণী অমৃতপ্ৰভাৰ কন্যা আছিল। অংগৰ ৰজা ৰোমপদৰ সৈতে বৰ্ষিনীৰ আৰু অযোধ্যাৰ ৰজা দশৰথৰ সৈতে কৌশল্যাৰ বিবাহ সম্পন্ন হৈছিল। বশিষ্ঠ ঋষিৰ আশ্ৰমত শিক্ষা গ্ৰহন কৰা ৰজা ৰোমপদ আৰু ৰজা দশৰথৰ ভাল বন্ধু আছিল। দশৰথ আৰু কৌশল্যাৰ ঘৰত শান্তাৰ জন্ম হৈছিল৷ যেতিয়া বৰ্ষিনীয়ে ৰোমপদক সন্তান জন্ম দিয়াৰ কথা কৈছিল তেতিয়া ৰজা দশৰথে তেওঁৰ জীয়ৰী শান্তাক তোলনীয়া সন্তান হিচাপে অৰ্পণ কৰিছিল কাৰণ দশৰথে অধিক সন্তান জন্ম দিয়াৰ আশাত কৈকেয়ী আৰু সুমিত্ৰাক বিয়া কৰাইছিল। পিছলৈ ঋষ্যশৃংগ ঋষিৰ সৈতে শান্তাৰ বিয়া হয়।[2] কাহিনী অনুসৰি ইন্দ্ৰৰ ভক্ত এজন ঋষি এবাৰ ৰজা ৰোমপদক লগ কৰিবলৈ অংগ ৰাজ্যৰ ৰাজসভালৈ গৈছিল কিন্তু সেই সময়ত ৰজাই শান্তাৰ লগত খেলত ব্যস্ত হৈ আছিল৷ এই কথাত ঋষিয়ে অৱহেলিত অনুভৱ কৰি ৰাজসভাৰ পৰা ওলাই গুছি গৈছিল৷ নিজৰ ভক্তক অৱহেলিত হোৱা দেখি ইন্দ্ৰই অংগ ৰাজ্যত বৰষুণ নহ’ব বুলি অভিশাপ দিছিল৷ তেতিয়া অংগ ৰাজ্যৰ বিষয়াসকলে ঋষ্যশৃংগক আদৰি আনি বৰষুণ দিবলৈ এখন যজ্ঞ অনুষ্ঠিত কৰিবলৈ ৰজাক পৰামৰ্শ দিছিল৷ গতিকে ৰজাই ঋষ্যশৃংগলৈ শান্তাক বিয়া দি তেওঁক অংগ ৰাজ্যলৈ আনি যজ্ঞ অনুষ্ঠিত কৰিছিল৷ ইয়াৰ পিছৰে পৰা অংগ ৰাজ্যত পূৰ্বৰ দৰে ঋতুভিত্তিক বৰষুণ পৰিছিল। আনহাতে, অযোধ্যাত ৰজা দশৰথৰ কোনো পুত্ৰ নাছিল, সেয়েহে ঋষ্যশৃংগ আৰু শান্তাক পুত্ৰকামেষ্ঠী যজ্ঞ কৰিবলৈ মাতি নিয়া হৈছিল৷ সেই যজ্ঞৰ ফলত যজ্ঞৰ জুইৰ পৰা পৰা এজন স্বৰ্গীয় সত্তা ওলাই আহি পুত্ৰ উপজিবৰ বাবে পায়স আগবঢ়াইছিল৷ কৌশল্যা আৰু কৈকেয়ীৰ মাজত পায়সখিনি সমানে সমানে ভাগ কৰা হৈছিল (১⁄২ অনুপাতত)৷ তাৰ পিছত কৌশল্যা আৰু কৈকেয়ীয়ে সুমিত্ৰাৰ লগত পায়সখিনি ভাগ কৰিছিল (অনুপাতত ১⁄৪)৷ সেই দিব্য পায়স খোৱাৰ ফলত ৰাম, ভৰত, লক্ষ্মণ আৰু শত্ৰুঘ্নৰ জন্ম হয়। যিহেতু শান্তাৰ বিবাহ ঋষ্যশৃংগৰ সৈতে হৈছিল, তেওঁক অংগ ৰাজ্যত ৰাজকুমাৰৰ পদ অৰ্পণ কৰা হৈছিল৷

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]
  1. Rao, Desiraju Hanumanta. "Bala Kanda in Prose, Sarga 11". Valmiki Ramayana. Valmiki Ramayan.net. http://www.valmikiramayan.net/bala/sarga11/bala_11_prose.htm. 
  2. Kanuga, G.B. (1993). The Immortal Love of Rama. প্ৰকাশক New Delhi: Yuganter Press. পৃষ্ঠা. 48–52. ISBN 9781897829509. https://books.google.com/books?id=zHgW9SezCqoC&pg=PA48.