ভক্তি যোগ
ভক্তি যোগ (সংস্কৃত: भक्ति योग), যাক ভক্তি মাৰ্গ (भक्ति मार्ग) বুলিও কোৱা হয় (আক্ষৰিক অৰ্থত ‘‘ভক্তি’’-ৰ পথ), হিন্দুধৰ্মৰ এটা আধ্যাত্মিক পথ বা আধ্যাত্মিক সাধনা, যি কোনো ব্যক্তিগত দেৱতাৰ প্ৰতি প্ৰেমমূলক ভক্তিত কেন্দ্ৰিত।[1][2] ই হিন্দুধৰ্মৰ মোক্ষ লাভৰ বাবে দিয়া তিনিটা শাস্ত্ৰীয় যোগ পথৰ অন্যতম; আন দুটা হৈছে জ্ঞান যোগ আৰু কৰ্ম যোগ।
এই পৰম্পৰাৰ উৎস প্ৰাচীন। ‘‘ভক্তি’’ শব্দটো ‘‘শ্বেতাশ্বতৰ উপনিষদ’’ত উল্লেখ আছে, য’ত ই অংশগ্ৰহণ, ভক্তি, বা কোনো সাধনাৰ প্ৰতি প্ৰেমক বুজায়।[3][4] ভক্তি যোগক মোক্ষলাভৰ পথসমূহৰ এটাৰূপে বিস্তৃতভাৱে আলোচনা কৰা হৈছে ‘‘ভাগৱত গীতা’’ত।[5][6][7]
ভক্তিৰ লক্ষ্য হোৱা ব্যক্তিগত ঈশ্বৰ ভক্তি–অনুৰাগীৰ ওপৰত নিৰ্ভৰ কৰে।[8][9] সেই দেবতা–দেৱী কৃষ্ণ, ৰাধা, ৰাম, সীতা, বিষ্ণু, শিৱ, শক্তি, লক্ষ্মী, সৰস্বতী, গণেশ, পাৰ্বতী, দুৰ্গা, সূৰ্য আদি যিকোনো দেৱতা বা দেৱী হ’ব পাৰে।
এই ‘‘ভক্তি মাৰ্গ’’ প্ৰায় খ্ৰীষ্টীয় প্ৰথম সহস্ৰাব্দৰ মাজভাগত দক্ষিণ ভাৰতৰ তামিলনাডু অঞ্চলৰপৰা উদ্ভৱ হোৱা ভক্তি আন্দোলনৰ সৈতে বেছি বিকশিত হয়। এই আন্দোলন চলাইছিল শৈৱ নায়নাৰসকল[10] আৰু বৈষ্ণৱ আল্বৰসকল। তেওঁলোকৰ চিন্তা–চেতনা আৰু ভক্তিমূলক আচাৰ–ব্যৱহাৰে ১২শ–১৮শ শতিকাললৈকে সমগ্ৰ ভাৰতত ভক্তি–কাব্য আৰু অনুগত সাধনা প্ৰেৰণা যোগাইছিল।[11][10] ভক্তি মাৰ্গ হিন্দুধৰ্মৰ তিনিটা গুৰুত্বপূৰ্ণ উপশাখা — বৈষ্ণৱ ধৰ্ম, শৈৱ ধৰ্ম আৰু শাক্ত ধৰ্মৰ ধৰ্মীয় আচাৰ–ব্যৱহাৰৰ এক অবিচ্ছেদ্য অংশ।[12][13][14]
দৰ্শন
[সম্পাদনা কৰক]ভক্তি
[সম্পাদনা কৰক]ভক্তি শব্দৰ সাধাৰণ অৰ্থ ঈশ্বৰ সেৱা। ঈশ্বৰৰ উপৰি দেশভক্তি, মাতৃভক্তি, পিতৃভক্তি আদি উল্লেখযোগ্য। আধাত্মিক ক্ষেত্ৰত ঈশ্বৰৰ সৈতে বা ভজনীয় দেৱতাৰ প্ৰতি থকা গভীৰ অনুৰাগ আৰু প্ৰীতিয়েই ভক্তি।[15][8] ভক্তি এক মানসিক অৱস্থা। ভক্তিৰ স্তৰ তিনিটা শ্ৰদ্ধা, ৰতি আৰু ভক্তি। গীতাত চাৰি প্ৰকাৰ ভক্তিৰ কথা উল্লেখ কৰা হৈছে— আৰ্ত, জিজ্ঞাসু, অৰ্থাৰ্থী আৰু জ্ঞানী।[16]
ভাগৱত গীতা
[সম্পাদনা কৰক]শ্ৰীমদ্ভাগৱতগীতা (সংস্কৃত: भगवद्गीता , ভগৱানৰ গান) বা গীতা এখন ৭০০-শ্লোকৰ হিন্দু ধৰ্মগ্ৰন্থ। এখন প্ৰাচীন সংস্কৃত মহাকাব্য মহাভাৰতৰ এক অংশ। যদিওবা গীতা এখন স্বতন্ত্ৰ ধৰ্মগ্ৰন্থ তথাপিটো ই এখন পৃথক উপনিষদৰ মৰ্য্যাদা পাইছে। গীতাক সেইবাবে গীতোপনিষদ বোলা হয়। অৰ্থাৎ গীতাখন হৈছে উপনিষদ বা বৈদান্তিক সাহিত্যৰ অন্তৰ্গত।[17]
হিন্দুসকলৰ গীতাত ভগৱানৰ মুখেৰে নিসৃত বাণীসমূহ লিপিবদ্ধ কৰা হৈছে। হিন্দু ধৰ্ম, দৰ্শন আৰু সাহিত্যৰ ইতিহাসত গীতা এক বিশেষ স্থানত অধিষ্ঠিত।[18] গীতাৰ বক্তা শ্ৰীকৃষ্ণ হিন্দুসকলৰ দৃষ্টিত ভগৱান শ্ৰীবিষ্ণুৰ এক অৱতাৰ বুলি কোৱা হয়।[18] সেয়েহে গীতাক ‘শ্ৰীভগৱান’ বুলিও নামকৰণ কৰা হৈছে।[19]
গীতাৰ বিষয়-বস্তু হৈছে শ্ৰীকৃষ্ণ আৰু পাণ্ডৱ ৰাজকুমাৰ অৰ্জুনৰ কথোপকথন। কুৰুক্ষেত্ৰৰ যুদ্ধ আৰম্ভ হোৱাৰ ঠিক আগে আগে শত্ৰুপক্ষত আত্মীয়, বন্ধু আৰু গুৰুক দেখি অৰ্জুন কিংকৰ্তব্যবিমূঢ় হয় পৰিছিল। সেই সময়তে ভগৱান কৃষ্ণই অৰ্জুনক ক্ষত্ৰিয় যোদ্ধাৰ ধৰ্ম স্মৰণ কৰি দিছিল আৰু বিভিন্ন প্ৰকাৰ যোগশাস্ত্ৰ আৰু বৈদান্তিক দৰ্শন ব্যাখ্যা কৰি অৰ্জুনক যুদ্ধ কৰিবৰ বাবে উৎসাহিত কৰিছিল। সেইকাৰণে গীতাক হিন্দু ধৰ্মতত্ত্বৰ এটা সংক্ষিপ্ত পাঠ আৰু হিন্দুসকলৰ জীৱনচৰ্যাৰ এখন ব্যাৱহাৰিক পথ নিৰ্দেশিকা বুলি কোৱা হয়।
ভাগৱত পুৰাণ
[সম্পাদনা কৰক]ভাগৱত পুৰাণ বৈষ্ণৱ ধৰ্মৰ পৰম্পৰাৰ জনপ্ৰিয় আৰু প্ৰভাৱশালী গ্ৰন্থ। ইয়াত ঈশ্বৰ প্ৰাণীধন (ব্যক্তিগত দেৱতাৰ প্ৰতি ভক্তি)ৰ বিষয়ে আলোচনা কৰা হৈছে।[20]
পৰম্পৰা
[সম্পাদনা কৰক]ভক্তি আন্দোলন
[সম্পাদনা কৰক]
পঞ্চায়তনা পূজা
[সম্পাদনা কৰক]পঞ্চায়তন পূজা হিন্দু ধৰ্মৰ ব্ৰাহ্মণ পৰম্পৰাত পোৱা এক ধৰণৰ ভক্তি।[23] ইয়াত একেলগে একাধিক দেৱতা: শিৱ, বিষ্ণু, শক্তি, সূৰ্য আৰু গণেশ বা স্কন্ধ বা ভক্তৰ পছন্দৰ যিকোনো ব্যক্তিগত দেৱতাৰ দৰে ইষ্টদেৱতাক পূজা কৰা হয়।[24][25][26]
শৈৱ সিদ্ধান্ত
[সম্পাদনা কৰক]শৈৱ সিদ্ধান্ত পৰম্পৰাই ভক্তি যোগক প্ৰাধান্য দিয়ে আৰু শিৱদেৱলৈ ভালপোৱা সম্প্ৰস্তুতিৰ সৈতে শ্ৰদ্ধা ভক্তিক গুৰুত্ব দিয়ে।[27][28] এই পৰম্পৰাৰ ধৰ্মদৰ্শনে তিনিটা বিশ্বজনীন সত্তাৰ কথা কয়— ‘‘পশু’’ (ব্যক্তিগত আত্মা), ‘‘পতি’’ (প্ৰভু, শিৱ) আৰু ‘‘পাশ’’ (অজ্ঞতা, কৰ্ম আৰু মায়াৰ মাধ্যমে আত্মাৰ বন্ধন)। শৈৱসিদ্ধান্ত মতে নৈতিক জীৱন, সমাজ সেৱা আৰু নিজৰ কৰ্মৰ মাধ্যমে সেৱা, ভক্তিভাৱযুক্ত পূজা, যোগাভ্যাস আৰু অনুশাসন, অবিৰত অধ্যয়ন আৰু আত্ম-জ্ঞানই আত্মাক বন্ধনমুক্ত কৰাৰ সাধন।[29][30]
শৈৱসিদ্ধান্তৰ ঐতিহাসিক সাহিত্য এক বিস্তৃত গ্ৰন্থসমূহৰ সমষ্টি।[31] শৈৱসিদ্ধান্তৰ আধ্যাত্মিক অনুশীলনসমূহ মূলতঃ বিমূৰ্ত আধ্যাত্মিক ধাৰণাত,[31] শদাশিৱ ৰূপে শিৱৰ উপাসনা আৰু ভক্তিভাৱত কেন্দ্ৰিত। এই পৰম্পৰাই বেদ আৰু শৈৱ আগমসমূহক ধৰ্মীয় কৰ্তৃত্বৰূপে স্বীকাৰ কৰিছে।[32][33][34]
শক্তি ভক্তি
[সম্পাদনা কৰক]শক্তি ভক্তি হ'ল দেৱীৰ প্ৰতি ভক্তি, যি হিন্দুধৰ্মৰ শাক্ত পৰম্পৰাত দেখা পোৱা অন্য এটা গুৰুত্বপূৰ্ণ ধাৰা।[35] ‘‘দেৱী আৰু ভক্তৰ ঐক্য’’ আৰু তেওঁলোকৰ ‘‘শংকাহীন অনন্ত প্ৰেম-সম্পৰ্ক’’ শাক্ত ধৰ্মদৰ্শনৰ এক কেন্দ্ৰীয় বিষয়, যি দেৱী গীতা–ত বিস্তাৰিত ৰূপত বৰ্ণিত; দেৱী-ভাগৱত পুৰাণ–ৰ অন্তৰ্গত এই গ্ৰন্থটোৱে দেৱী-ভক্তি বিষয়ে উল্লেখযোগ্য দৃষ্টিভংগী প্ৰদান কৰে। শাক্তসকলৰ মাজত ভক্তি যোগৰ বিশেষ অনুশীলনসমূহ হিন্দুধৰ্মৰ অন্য পৰম্পৰাৰ দৰে একেই ধৰণৰ।[36][37]
শাক্ত ভক্তি ভাৰতৰ পূবাঞ্চলৰ ৰাজ্যসমূহত বিশেষকৈ দেখা যায়, আৰু বিশেষভাৱে পশ্চিমবঙ্গত বিদ্যমান। ইয়াত ব্যক্তিগত ইষ্টদেৱী বিভিন্ন ধৰণৰ হ’ব পাৰে — দুৰ্গা, তৰা মা (বৌদ্ধ প্ৰভাৱ), কালী আৰু অল্প পৰিমাণে সৰস্বতী, লক্ষ্মী, ভাৰত মাতা (ভূমি-দেৱী) আদি; ইবোৰক June McDaniel–এ উল্লেখ কৰিছে।[37]
বৈষ্ণৱ ভক্তি
[সম্পাদনা কৰক]
ভক্তি যোগ পৰম্পৰা ঐতিহাসিকভাৱে বৈষ্ণৱ ধৰ্মৰ সৈতে আটাইতকৈ অধিক সম্পৃক্ত। এই পৰম্পৰাত ব্যক্তিগত ঈশ্বৰ ৰূপে বিষ্ণু বা তেওঁৰ অৱতাৰসকলক মান্য কৰা হয়। বহুতো অঞ্চলত ভক্তি প্ৰেম প্ৰকাশ পায় দেব–দেৱী যুগল বিষ্ণু-লক্ষ্মীৰ প্ৰতি, বা লক্ষ্মীৰ মাজেৰে, যাক বিষ্ণুৰ শক্তি বুলি গণ্য কৰা হয়।[39][40]
অৱতাৰৰ স্বৰূপ ভক্ত আৰু অঞ্চল অনুসৰি বিচিত্ৰ হ’ব পাৰে, কিন্তু আটাইতকৈ সাধাৰণ দুটা হ’ল — কৃষ্ণ আৰু ৰাম।[22][41][42]
চৈতন্য মহাপ্ৰভু
[সম্পাদনা কৰক]চৈতন্য মহাপ্ৰভু (বঙালী: মহাপ্ৰভু শ্ৰীচৈতন্য দেব; সংস্কৃত: चैतन्य महाप्रभु ), জন্ম বিশ্বম্ভৰ মিশ্ৰ (IAST: Viśvambhara Miśra[43]) (১৮ ফেব্ৰুৱাৰী ১৪৮৬ – ১৪ জুন ১৫৩৪[44]), এগৰাকী ভাৰতীয় হিন্দু সন্ত আছিল। তেওঁ গৌড়ীয় বৈষ্ণৱবাদৰ প্ৰতিষ্থাপক আছিল। তেওঁ বংগৰ নদিয়া জিলাৰ অন্তৰ্গত নবদ্বীপৰ বাসিন্দা আছিল। চৈতন্য মহাপ্ৰভুৰ ভজন-কীৰ্তন আৰু নৃত্যৰ সৈতে কৃষ্ণক উপাসনা কৰা পদ্ধতিয়ে বংগৰ বৈষ্ণৱ ধৰ্মৰ ওপৰত গভীৰ প্ৰভাৱ পেলাইছিল। তেওঁক ৰাধা কৃষ্ণৰ যুুুগল প্ৰেমাৱতাৰ বোলা হয়।[45]
তেওঁক অচিন্ত্য ভেদ অভেদৰ বেদান্ত দৰ্শনৰ প্ৰধান প্ৰবক্তা বুলি গণ্য কৰা হয়। অৱশ্যে, অচিন্ত্য-ভেদাভেদ নামেৰে জনাজাত অবিভাজ্য পাৰ্থক্যৰ ধাৰণাটো পৰৱৰ্তী সময়ত জীৱ গোস্বামীয়ে তেওঁৰ ভাগৱত সন্ধৰ্ভ নামৰ গ্ৰন্থত বিকশিত কৰিছিল।[46]
মহাপ্ৰভুৱে গৌড়ীয় বৈষ্ণৱবাদ (অৰ্থাৎ ব্ৰহ্মা-মাধ্ব-গৌড়ীয় সম্প্ৰদায়)ৰ প্ৰতিষ্ঠা কৰিছিল। তেওঁ ভক্তি যোগৰ ব্যাখ্যা আগবঢ়াই হৰে কৃষ্ণ মহামন্ত্ৰৰ জপক জনপ্ৰিয় কৰি তুলিছিল।[47] তেওঁ শিক্ষাষ্টক (আঠটা ভক্তিমূলক প্ৰাৰ্থনা) ৰচনা কৰিছিল।
তেওঁৰ গাৰ বৰণ গলিত স্বৰ্ণ–সদৃশ হোৱাৰ বাবে চৈতন্যক কেতিয়াবা গৌৰাঙ্গ (IAST: Gaurāṅga) বা গৌৰ বুলিও কোৱা হয়।[48] তেওঁৰ জন্মদিনটো গৌৰ-পূৰ্ণিমা হিচাপে পালন কৰা হয়।[49][50] নিম গছৰ তলত জন্ম হোৱা বাবে তেওঁক নিমাই বুলিও কোৱা হয়।[51]
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ Karen Pechelis (2014), The Embodiment of Bhakti, Oxford University Press, আই.এচ.বি.এন. 978-0195351903, pp. 19–24
- ↑ Cutler, Norman (1987). Songs of Experience. Indiana University Press. পৃষ্ঠা. 1–2. ISBN 978-0-253-35334-4. https://books.google.com/books?id=veSItWingx8C&pg=PA1.
- ↑ Paul Deussen, Sixty Upanishads of the Veda, Vol. 1, Motilal Banarsidass, আই.এচ.বি.এন. 978-8120814684, p. 326
- ↑ Max Muller, Shvetashvatara Upanishad, The Upanishads, Part II, Oxford University Press, p. 267
- ↑ John Lochtefeld (2014), The Illustrated Encyclopedia of Hinduism, Rosen Publishing, আই.এচ.বি.এন. 978-0823922871, pp. 98–100
- ↑ Klostermaier, Klaus (1989). A Survey of Hinduism. SUNY Press. পৃষ্ঠা. 210–212. ISBN 978-0-88706-807-2.
- ↑ Karen Pechelis (2014), The Embodiment of Bhakti, Oxford University Press, আই.এচ.বি.এন. 978-0195351903, pp. 14–15, 37–38
- 1 2 Bhakti, Encyclopedia Britannica (2009)
- ↑ Karen Pechelis (2011), "Bhakti Traditions", in *The Continuum Companion to Hindu Studies*, Bloomsbury, আই.এচ.বি.এন. 978-0826499660, pp. 107–121
- 1 2 Embree, Ainslie Thomas; Stephen N. Hay; William Theodore De Bary (1988). Sources of Indian Tradition. Columbia University Press. পৃষ্ঠা. 342. ISBN 978-0-231-06651-8. https://books.google.com/books?id=An5mD6KMiSIC&pg=PA342.
- ↑ Flood, Gavin (1996). An Introduction to Hinduism. Cambridge University Press. পৃষ্ঠা. 131. ISBN 978-0-521-43878-0. https://archive.org/details/introductiontohi0000floo.
- ↑ Rinehart, Robin (2004). Contemporary Hinduism: Ritual, Culture, and Practice. ABC-CLIO. পৃষ্ঠা. 45, 51. ISBN 978-1-57607-905-8. https://books.google.com/books?id=hMPYnfS_R90C&pg=PA51.
- ↑ উদ্ধৃতি ত্ৰুটি: অবৈধ
<ref>টেগ;Brannigan2010p18নামৰ refৰ বাবে কোনো পাঠ্য প্ৰদান কৰা হোৱা নাই - ↑ Samrat S Kumar (2010). Bhakti – The Yoga of Love: Trans-Rational Approaches to Peace Studies. LIT Verlag Münster. পৃষ্ঠা. 35–37. ISBN 978-3-643-50130-1. https://books.google.com/books?id=RzA3oAAHAQIC.
- ↑ See Monier-Williams, Sanskrit Dictionary, 1899.
- ↑ শৰ্মা, তীৰ্থনাথ. ভক্তিবাদ.
- ↑ The phrase marking the end of each chapter identifies the book as Gītopanishad. The book is identified as "the essence of the Upanishads" in the Gītā-māhātmya 6, quoted in the introduction Archived 2007-01-01 at the Wayback Machine to the book by the founder of ISKCON Bhaktivedanta Swami Prabhupada, A.C. (1983), Bhagavad-gītā As It Is, প্ৰকাশক Los Angeles: The Bhaktivedanta Book Trust, archived from the original on 2014-08-03, https://web.archive.org/web/20140803053506/http://vedabase.net/bg/, আহৰণ কৰা হৈছে: 2025-12-04.
- 1 2 Nikhilananda, Swami, "Introduction", The Bhagavad Gita, p. 1
- ↑ "Bhagavan". Bhaktivedanta VedaBase Network (ISKCON). Archived from the original on 2009-01-29. https://web.archive.org/web/20090129231554/http://www.vedabase.net/b/bhagavan। আহৰণ কৰা হৈছে: 2008-01-14.
- ↑ উদ্ধৃতি ত্ৰুটি: অবৈধ
<ref>টেগ;Bryant2017নামৰ refৰ বাবে কোনো পাঠ্য প্ৰদান কৰা হোৱা নাই - ↑ Brant Cortright (2010). Integral Psychology: Yoga, Growth, and Opening the Heart. State University of New York Press. পৃষ্ঠা. 177–178. ISBN 978-0-7914-8013-7. https://books.google.com/books?id=rqIlNbelQ0AC&pg=PA177.
- 1 2 উদ্ধৃতি ত্ৰুটি: অবৈধ
<ref>টেগ;Phillips2009p148নামৰ refৰ বাবে কোনো পাঠ্য প্ৰদান কৰা হোৱা নাই - ↑ Gudrun Bühnemann (2003). Mandalas and Yantras in the Hindu Traditions. BRILL Academic. পৃষ্ঠা. 60. ISBN 978-9004129023. https://books.google.com/books?id=kQf2m8VaC_oC&pg=PA60.
- ↑ James C. Harle (1994). The Art and Architecture of the Indian Subcontinent. Yale University Press. পৃষ্ঠা. 140–142, 191, 201–203. ISBN 978-0-300-06217-5. https://archive.org/details/artarchitectureo00harl.
- ↑ Gavin D. Flood (1996). An Introduction to Hinduism. Cambridge University Press. পৃষ্ঠা. 17. ISBN 978-0-521-43878-0. https://archive.org/details/introductiontohi0000floo.
- ↑ Diana L. Eck (1998). Darśan: Seeing the Divine Image in India. Columbia University Press. পৃষ্ঠা. 49. ISBN 978-0-231-11265-9. https://books.google.com/books?id=wWqaD9Hz1bMC.
- ↑ Dhavamony 1971, পৃষ্ঠা. 14-22, 257-258.
- ↑ P. Arunachalam (2004). Polonnaruwa Bronzes and Siva Worship and Symbolism. Asian Educational Services. পৃষ্ঠা. 22. ISBN 978-81-206-1929-6. https://books.google.com/books?id=s09kLczxYhkC&pg=PA22.
- ↑ Shaiva Siddhanta, Encyclopedia Britannica (2014)
- ↑ S Parmeshwaranand (2004). Encyclopaedia of the Śaivism. Sarup & Sons. পৃষ্ঠা. 210–217. ISBN 978-81-7625-427-4. https://archive.org/details/bub_gb_HQvbJDacNDMC.
- 1 2 Sanderson 1988, পৃষ্ঠা. 668-669.
- ↑ Schomerus 2000, পৃষ্ঠা. 1–7, 29-37, 44-49.
- ↑ Constance Jones; James D. Ryan (2006). Encyclopedia of Hinduism. Infobase Publishing. পৃষ্ঠা. 375–376. ISBN 978-0-8160-7564-5. https://books.google.com/books?id=OgMmceadQ3gC&pg=PA375.
- ↑ Rohan A. Dunuwila (1985). Śaiva Siddhānta Theology: A Context for Hindu-Christian Dialogue. Motilal Banarsidass. পৃষ্ঠা. 29–30, 66–73. ISBN 978-0-89581-675-7. https://books.google.com/books?id=cDsdAAAAMAAJ.
- ↑ Laura Amazzone (2012). Goddess Durga and Sacred Female Power. University Press of America. পৃষ্ঠা. 45–51. ISBN 978-0-7618-5314-5. https://books.google.com/books?id=PM_TNDu8NHUC&pg=PA45.
- ↑ C. Mackenzie Brown (11 September 1998). The Devi Gita: The Song of the Goddess: A Translation, Annotation, and Commentary. State University of New York Press. পৃষ্ঠা. 208–210. ISBN 978-0-7914-9773-9. https://books.google.com/books?id=HZVhvra-n9wC.
- 1 2 June McDaniel (2004). Offering Flowers, Feeding Skulls: Popular Goddess Worship in West Bengal. Oxford University Press. পৃষ্ঠা. 11–13, 209–221, 265–266. ISBN 978-0-19-534713-5. https://books.google.com/books?id=caeJpIj9SdkC&pg=PA11.
- ↑ SM Pandey (1965), Mīrābāī and Her Contributions to the Bhakti Movement, History of Religions, Vol. 5, No. 1, pages 54-73
- ↑ Sabapathy Kulandran (2004). Grace in Christianity and Hinduism. James Clarke & Co.. পৃষ্ঠা. 174–177. ISBN 978-0-227-17236-0. https://books.google.com/books?id=pujRGufjKBAC&pg=PA174.
- ↑ Barbara A. Holdrege (2015). Bhakti and Embodiment: Fashioning Divine Bodies and Devotional Bodies in Krsna Bhakti. Routledge. পৃষ্ঠা. 51–59. ISBN 978-1-317-66910-4. https://books.google.com/books?id=R9FgCgAAQBAJ.
- ↑ Samrat S Kumar (2010). Bhakti – The Yoga of Love: Trans-Rational Approaches to Peace Studies. LIT Verlag Münster. পৃষ্ঠা. 35–43. ISBN 978-3-643-50130-1. https://books.google.com/books?id=RzA3oAAHAQIC.
- ↑ June McDaniel (2012), The Role of Yoga in Some Bengali Bhakti Traditions: Shaktism, Gaudiya Vaisnavism, Baul, and Sahajiya Dharma, Journal of Hindu Studies, Volume 5, Issue 1, pp. 53-74
- ↑ উদ্ধৃতি ত্ৰুটি: অবৈধ
<ref>টেগ;Banglapedia Chaitanyaনামৰ refৰ বাবে কোনো পাঠ্য প্ৰদান কৰা হোৱা নাই - ↑ "Ravi Shankar discusses Sri Chaitanya Mahaprabhu". http://www.collectbritain.co.uk/galleries/faith/object.cfm?f=hinduism&uid=033ZZZ014133GG7U00001000। আহৰণ কৰা হৈছে: ২৭ ফেব্ৰুৱাৰী ২০১০.
- ↑ Dasa 2007, pp. 377-378: "The Bhagavat Sandarbha [...] describes the concept of Bhagavan alluded to in Bhagavata 1.2.11. Jiva explains [...] [t]he relation between Bhagavan and His potency is one of inconceivable difference in non-difference, known as achintya-bhedabheda. It is in recognition of the nature of this relation that Chaitanya’s philosophy is called Achintya bhedaabheda-vada".
- ↑ Sri Chaitanya Mahaprabhu Archived 28 December 2017 at the Wayback Machine "He spread the Yuga-dharma as the practice for attainment of pure love for Radha-Krishna. That process is Harinam-Sankirtan, or the congregational chanting of the Holy Names of Krishna "Hare Krishna Hare Krishna Krishna Krishna Hare Hare, Hare Rama Hare Rama Rama Rama Hare Hare"
- ↑ In the Name of the Lord (Deccan Herald) "He was also given the name of ‘Gora’ because of his extremely fair complexion." Archived 7 December 2006 at the Wayback Machine
- ↑ "Gaura Purnima". www.krishna.com. Archived from the original on 12 March 2008. https://web.archive.org/web/20080312140828/http://www.krishna.com/node/1407। আহৰণ কৰা হৈছে: 16 December 2008.
- ↑ Sri Gaura Purnima Archived 1 October 2020 at the Wayback Machine"givegita.com"
- ↑ KCM Archive"They named Him Nimai, as he was born under a neem tree." Archived 24 April 2008 at the Wayback Machine