ভখা
অৱয়ব
ৰাজবংশী আৰু থাৰু জনগোষ্ঠীত জনপ্ৰিয়ভাৱে তৈয়াৰ কৰা ভাপত দিয়া চাউলৰ ব্যঞ্জন ভখা | |
| প্ৰকাৰ | পিঠা |
|---|---|
| অঞ্চল | পশ্চিম বংগ, বিহাৰ আৰু দক্ষিণ-পূব নেপালৰ তৰাই অঞ্চল |
| পৰিবেশনৰ উষ্ণতা | গৰম |
| মুখ্য উপাদান | চাউলৰ গুড়ি |
ভখা পশ্চিমবংগ, সীমাঞ্চল আৰু দক্ষিণ-পূব নেপালৰ ৰাজবংশী আৰু থাৰু জনগোষ্ঠীৰ পৰম্পৰাগত খাদ্য। ই এটা ফুলা বা কোমল চাউলৰ পিঠা।[1][2][3]
ইয়াৰ প্ৰস্তুতকৰণ প্ৰক্ৰিয়া অসমৰ টেকেলি পিঠাৰ দৰেই। পিহি লোৱা চাউলৰ গুড়ি পানীত লাহে লাহে তিয়াই হাতৰ তলুৱাৰে মথি ভখা প্ৰস্তুত কৰা হয়। তাৰ পিছত ইয়াক চালনীৰে বালিৰ দানা আকাৰৰ টুকুৰা পৃথক কৰা হয়। চালনীৰে চালি লোৱা চাউলৰ গুড়িবোৰ এটা বাটিত লাহে লাহে চেপি ভাপত দিয়া হয়। পৰম্পৰাগতভাৱে পানীৰ উষ্ণতাৰ ওপৰত নিৰ্ভৰ কৰি মাটিৰ পাত্ৰত ৩০ ছেকেণ্ড বা এক মিনিটৰ বাবে ভাপত দিয়া হয়। ইয়াক ব্ৰেকফাষ্টত বা সদ্য প্ৰস্তুত কৰা টমেটোৰ আচাৰৰ সৈতে জলপান হিচাপে পৰিৱেশন কৰা হয়।[4][5][6]
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ "Bhakka sells like hot cake just at Rs 10". GorakhaPatra. https://risingnepaldaily.com/business/bhakka-sells-like-hot-cake-just-at-rs-10। আহৰণ কৰা হৈছে: 2021-07-23.
- ↑ "Tharu Cuisines and Delicacies (in Pictures)" (en-US ভাষাত). The Nepali Food Blog | theGundruk.com. 2016-01-16. Archived from the original on 2024-04-25. https://web.archive.org/web/20240425080320/https://www.thegundruk.com/tharu-cuisines-in-pictures/। আহৰণ কৰা হৈছে: 2023-12-24.
- ↑ Katuwal, Sita (2017-08-12). "Bhakka- Eastern Tharu Delicacy" (en-US ভাষাত). The Nepali Food Blog | theGundruk.com. https://www.thegundruk.com/bhakka-eastern-tharu-delicacy/। আহৰণ কৰা হৈছে: 2023-12-24.
- ↑ Century-Foods (2022-09-21). "Traditional Nepali Must Try Dishes - A Highlight On Tharu Cuisine" (en-US ভাষাত). Century Spices & Snacks. Archived from the original on 2023-12-14. https://web.archive.org/web/20231214114657/https://www.century-foods.com/tharu-cuisine/। আহৰণ কৰা হৈছে: 2023-12-24.
- ↑ "Bhakka | The Taste of Eastern Terai- Aleena Rayamajhi" (en ভাষাত). Namchey. Archived from the original on 2023-12-24. https://web.archive.org/web/20231224100358/https://namchey.com/articles/bhakka-the-taste-of-eastern-terai-in-rice-cake। আহৰণ কৰা হৈছে: 2023-12-24.
- ↑ "Bhakka: A Reason to Wake Up in Wintry Mornings" (en ভাষাত). nepaltraveller.com. https://nepaltraveller.com/sidetrack/bhakka-a-reason-to-wake-up-in-wintry-mornings। আহৰণ কৰা হৈছে: 2024-01-29.