সমললৈ যাওক

ভগৱন্তী নৱানী

অসমীয়া ৱিকিপিডিয়াৰ পৰা
ভগৱন্তী নৱানী
জন্ম ১ ফেব্ৰুৱাৰী, ১৯৪০
নাচেৰপুৰ, সিন্ধু প্ৰদেশ, বৃটিছ ভাৰত
মৃত্যু ২২ অক্টোবৰ, ১৯৮৬ (৪৬ বছৰ)
ভাৰত
ৰাষ্ট্ৰীয়তা ভাৰতীয়
অন্য নাম সিন্ধী কোয়েল
পেচা গায়িকা, অভিনেত্ৰী
সক্ৰিয় হৈ থকা সময় ১৯৬০–১৯৮০

ভগৱন্তী নৱানী ( ইংৰাজী : Vagwanti Navani ; ১ ফেব্ৰুৱাৰী ১৯৪০ – ২২ অক্টোবৰ ১৯৮৬) আছিল সিন্ধী ভাষাৰ সংগীত আৰু চলচ্চিত্ৰ জগতৰ পৰিচিত এগৰাকী ভাৰতীয় গায়িকা আৰু অভিনেত্ৰী। তেওঁ লোকগীতৰ লগতে প্লে-বেক ছিংগাৰ আছিল।

সুৰীয়া আৰু মধুৰ কণ্ঠৰ বাবে তেওঁ "সিন্ধি কোয়েল" নামেৰে জনাজাত হৈছিল। "লাদা" নামৰ তাইৰ বিবাহ গীতবোৰ ভাৰত আৰু পাকিস্তানত জনপ্ৰিয়। সিন্ধুয়া জয় কিনাৰায় ছবিত নায়িকা হিচাপে অভিনয় কৰাৰ লগতে আঠখন ছবিত প্লেবেক গায়িকা হিচাপে কণ্ঠদান কৰিছিল।

১৯৪০ চনৰ ১ ফেব্ৰুৱাৰীত ব্ৰিটিছ ভাৰতৰ সিন্ধু প্ৰদেশৰ কৰাচীত (বৰ্তমান পাকিস্তানত) ভগৱন্তী নৱানীৰ জন্ম হয়। তাইৰ পিতৃ-মাতৃ আছিল সিন্ধুৰ ঐতিহাসিক চহৰ নাছেৰপুৰৰ।[1] তেওঁৰ দেউতাকৰ নাম জছু মাল নৱানী আৰু মাকৰ নাম বিষ্ণী বাই আছিল।[2] তেওঁৰ তিনিজন ভাতৃ আৰু দুগৰাকী ভগ্নী আছিল। পাকিস্তানৰ সৃষ্টিৰ সময়ত তেওঁৰ বয়স মাত্ৰ সাত বছৰ আছিল আৰু পিতৃ-মাতৃৰ সৈতে ভাৰতৰ বম্বে (বৰ্তমান মুম্বাই )লৈ প্ৰব্ৰজন কৰিবলগীয়া হৈছিল। প্ৰব্ৰজনৰ সময়ত তেওঁ ভাৰতীয় বালিকা প্ৰাথমিক বিদ্যালয় কৰাচীত পঢ়ি আছিল।[3] মুম্বাইত কমলা গাৰ্লছ হাইস্কুলত আৰু তাৰ পিছত সিন্ধচ হাইস্কুলত অধ্যয়ন কৰে। ১৯৫৭ চনত তেওঁ মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণ হয়।

তেওঁ দেৱঘৰ সংগীত বিদ্যালয় অৰুণ সংগীত বিদ্যালয়ত আনুষ্ঠানিক সংগীত শিক্ষা লাভ কৰে। ইয়াৰ পিছত পিপল থিয়েটাৰ এছ’চিয়েচনত যোগদান কৰে য’ত কানু ঘোষ আৰু কানু ৰায়ৰ নেতৃত্বত তেওঁৰ সংগীত বিকশিত হয়।[4] তেওঁ সিন্ধী লোকসংগীতৰ যেনে ভজন, দোহিৰস, কালাম, ওৰাণ, লৰী, লাদাস, সখিয়ন আৰু ছাহৰাছ আদিৰ প্ৰতিষ্ঠাপক হিচাপে স্বীকৃতি লাভ কৰিছিল ।

তেওঁ ১৯৬০ৰ পৰা ১৯৭০ চনৰ সিন্ধী চিনেমাৰ অন্যতম জনপ্ৰিয় প্লেবেক গায়িকা। সেই ছবিসমূহৰ ভিতৰত আছিল ঝুলেলাল, লাদলী, সিন্ধুয়া জে কিনাৰে,[5] শাল ধিয়াৰ না জামান, হোজামালো, কনোৱাৰ ৰাম, হালু তা ভাজী হালুন, আৰু পৰদেশী প্ৰীতম[4]

ভগৱন্তী নৱানী আছিল এগৰাকী বহুমুখী অভিনেত্ৰীও। তেওঁ বিশিষ্ট সিন্ধী ভাষা সাহিত্যিক গোবিন্দ মালহীয়ে প্ৰতিষ্ঠা কৰা কলাকাৰ মণ্ডলৰ অংশ আছিল৷ ভাৰত আৰু বিদেশত তিনি হাজাৰৰো অধিক মঞ্চত অভিনয় কৰিছিল। তেওঁৰ আটাইতকৈ জনপ্ৰিয় নাটক আছিল মেহমান, গুস্তাখী মাফ, তুহিঞ্জো গতিকে মুহিঞ্জো আৰু দেশজী লালকাৰ। ১৯৬৮ চনৰ বিখ্যাত সিন্ধী ছবি সিন্ধুয়া জে কিনাৰেত তেওঁ মূল অভিনেত্ৰী আছিল।[3]

১৯৮৬ চনৰ ২২ অক্টোবৰত তেওঁৰ মৃত্যু হয়। তেওঁৰ স্মৃতিত ১৯৮৭ চনৰ ৩ অক্টোবৰত "ভগৱন্তী নৱানী চেৰিটেবল ট্ৰাষ্ট" গঠন কৰা হয়।[6]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. "Bhagwanti Navani" (en ভাষাত). Sindhyat. https://sindhyat.com/artist/Bhagwanti%20Navani আহৰণ কৰা হৈছে: 25 May 2020.
  2. Dr Asha, Dayal (31 January 2021). "سنڌين جي ڪوئل ڀڳونتي نواڻي". Hindvasi: 2. Archived from the original on 22 December 2024. https://web.archive.org/web/20241222193553/https://epaper.hindvasi.com/31-01-2021/2 আহৰণ কৰা হৈছে: 10 February 2025.
  3. 1 2 "سنڌوءَ جي ڪناري" (sd ভাষাত). Encyclopedia Sindhiana. Archived from the original on 22 December 2024. https://web.archive.org/web/20241222045352/https://www.encyclopediasindhiana.org/article.php?Dflt=%D8%B3%D9%86%DA%8C%D9%88%D8%A1%D9%8E%20%D8%AC%D9%8A%20%DA%AA%D9%86%D8%A7%D8%B1%D9%8A আহৰণ কৰা হৈছে: 25 May 2020.
  4. 1 2 "Bhagwanti Navani". The Sindhu World. https://thesindhuworld.com/bhagwanti-navani/ আহৰণ কৰা হৈছে: 25 May 2020.
  5. "Sindhu-a Je Kinare". sindhiwiki.org. Encyclopedia of Sindhi. http://sindhiwiki.org/index.php?title=Sindhu-a_Je_Kinare."Sindhu-a Je Kinare". sindhiwiki.org. Encyclopedia of Sindhi.
  6. "Bhagwanti Navani Trust". gobindmalhi.com. http://gobindmalhi.com/Bhagwanti-Navani-Trust আহৰণ কৰা হৈছে: 25 May 2020.