ভগৱান মৰল
![]() | এই প্ৰবন্ধটোৰ সত্যাপনযোগ্যতা প্ৰমাণ কৰিবলৈ অধিক তথ্য-উৎসৰ প্ৰয়োজন। অনুগ্ৰহ কৰি বিশ্বাসযোগ্য উৎসৰ উল্লেখ কৰি প্ৰবন্ধটো উন্নত কৰাত সহায় কৰক। কিয়নো তথ্যৰ উৎসৰ উল্লেখ নকৰা প্ৰবন্ধক লৈ প্ৰশ্ন উঠিব পাৰে। অনুগ্ৰহ কৰি আলোচনা পৃষ্ঠাতো এই সম্পৰ্কীয় কিবা তথ্যৰ বাবে চক ফুৰাব।
অধিক সহায়ৰ বাবে কাষৰ "[দেখুৱাওক]" লিংকটোত ক্লিক কৰক।
উদ্ধৃতিৰ প্ৰয়োজনীয়তা এইবাবেই যে ৱিকিপিডিয়াত ব্যক্তিগত গৱেষণালব্ধ তথ্য গ্ৰহণযোগ্য নহয়, যদিহে ই কোনো নিৰ্ভৰযোগ্য উৎসৰ পৰা আহৰণ কৰা নহয়। মনত ৰাখিব যে ভুল তথ্যৰ বাবে পঢ়ুৱৈৰ ক্ষতিসাধন হ'ব পাৰে। তথাপিতো অসমীয়া ৱিকিপিডিয়া সৰু বাবে অনেক ক্ষেত্ৰত ঢিলাই দিয়া হয় বা কেতিয়াবা কেতিয়াবা দায়িত্বশীল সম্পাদকসকলৰ চকুৰ পৰা সাৰি যায় - তেতিয়া আপুনিয়েই প্ৰথম শাৰীত {{Reimprove}} বা {{Verify}} বুলি লিখি দিয়ে যেন। আনহাতে (অফলাইন) আলোচনীৰ বা বাতৰি কাকতৰ পৰা সহায় লৈ লিখা এটা প্ৰবন্ধৰ উত্সৰ সত্যতা নিৰূপন কৰিবৰ বাবে গৰিষ্ঠ সংখ্যক পাঠকৰ উপায় নাথাকে। তদুপৰি এই প্ৰক্ৰিয়াৰে কিছুমান দুষ্টলোকে ভুল ৰেফাৰেঞ্চৰেও পাঠকক দিগভ্ৰান্ত কৰি তুলিব পাৰে। অনলাইন উত্সৰ পৰা উদ্ধৃতিবোৰ দিলে এনে অসুবিধা নহয়। তেনে ক্ষেত্ৰত কোনোবাই আপত্তি কৰিলেও সত্যতা নিৰূপন কৰিবলৈ একো অসুবিধা নহয়। উল্লেখযোগ্য যে ব্যক্তিগত ব্লগৰ পৰা ৱিকিত উদ্ধৃতি দিয়া নিষেধ। |
![]() | এই প্ৰবন্ধ অথবা অনুচ্ছেদৰ ব্যাকৰণ, লিখনশৈলী, ধাৰাবাহিকতা, সামঞ্জস্য অথবা বানানৰ শুদ্ধিৰ বাবে অনুলিপি সম্পাদনাৰ প্ৰয়োজন। আপুনি এইখন সম্পাদনা কৰি প্ৰবন্ধটো নিখুত হোৱাত সহায় আগবঢ়াব পাৰে। আপুনি কিদৰে সহায় কৰিব তাৰে দিকনিৰ্দেশনা ইয়াত দিয়া আছে। |
ড॰ ভগৱান মৰল | |
---|---|
![]() | |
জন্ম | ৬ নৱেম্বৰ, ১৯৩৮ শুৱালকুচি, অসম, ভাৰত |
মৃত্যু | ২৯ এপ্ৰিল, ২০১৩ |
পেচা | ভাষাতত্ৱবিদ, শিক্ষাবিদ, সম্পাদক, লেখক |
ৰাষ্ট্ৰীয়তা | ভাৰতীয় ![]() |
ধৰণ | ভাষাতত্ত্ববিদ |
ড॰ ভগৱান মৰল (১৯৩৮ - ২০১৩) এগৰাকী অসমীয়া ভাষাতত্ববিদ, গল্পকাৰ, নাট্যকাৰ, ঔপন্যাসিক, কবি আৰু পাঠ্যপুথিৰ লিখক আছিল। পেচাগতভাৱে শিক্ষক ড॰ মৰলে Semantics of Assamese শীর্ষক গৱেষণাৰ বাবে গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা পি এইচ ডি ডিগ্ৰী লাভ কৰিছিল। তেখেতে অসমীয়া ভাষা-সাহিত্য় বিষয়ক বিভিন্ন গৱেষণামূলক গ্ৰন্থ, গল্প, উপন্য়াস,নাটক আদি গ্ৰন্থ আৰু সংকলন লিখিছিল আৰু সম্পাদনা কৰিছিল। তেখেতৰ সাহিত্য়কৰ্মৰ বাবে ২০১৩ বৰ্ষত বৰপেটাত অনুষ্ঠিত অসম সাহিত্য সভাৰ দ্বিসপ্ততিতম অধিবেশনত তেখেতক সম্বর্ধনা জ্ঞাপন কৰা হৈছিল।
চমু জীৱনী
[সম্পাদনা কৰক]সিদ্ধিনাথ পণ্ডিত আৰু যমুনা মৰলৰ ছটি পুত্র সন্তান আৰু তিনিটি কন্যা সন্তানৰ ভিতৰত দ্বিতীয় সন্তান ড° মৰলে ইং ১৯৩৪ চনত শুৱালকুচিত জন্ম গ্রহণ কৰে।
শিক্ষা
[সম্পাদনা কৰক]ইং ১৯৫১ চনত শুৱালকুচি হাইস্কুলৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীর্ণ হৈ ইং ১৯৫৩ চনত কটন কলেজত আই. এ. চি-ত নাম ভর্তি কৰে। ১৯৫৫ চনত অসমীয়া সন্মান বিষয় হিচাপে লৈ কটন কলেজৰ পৰা বি. এ.-ত উত্তীর্ণ হয় আৰু ইং ১৯৫৮ চনত গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা অসমীয়া ভাষা বিষয়ত এম. এ. উত্তীর্ণ হয়। ৰোহিণী মহন্তৰ তত্ত্বাৱধানত Semantics of Assamese শীর্ষক গৱেষণাৰ বাবে ১৯৮৬ চনত পি. এইছ. ডি. উপাধি লাভ কৰে। পিতাক অসুখীয়া হোৱা হেতুকে উক্ত সময়চোৱাত তেখেতৰ ঘৰৰ আৰ্থিক অৱস্থা ভাল নাছিল।
বৃত্তিগত কৰ্ম
[সম্পাদনা কৰক]ড॰ মৰলে ১৯৫৩ চনত উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ পৰীক্ষা দি উঠিয়েই কিছুদিনৰ বাবে শুৱালকুছি হাইস্কুলত শিক্ষকতা কৰিছিল। একেটা বৰ্ষতে নৱপ্ৰতিষ্ঠিত শুৱালকুছি বালিকা হাইস্কুলৰ প্ৰধান শিক্ষক হিচাপে শিক্ষকতা কৰিছিল। ১৯৫৮ চনত স্নাতকোত্তৰ পৰীক্ষা দি শেষ কৰি কিছুদিনৰ বাবে গুৱাহাটীৰ ডনবস্ক' হাইস্কুলত শিক্ষকতা কৰিছিল। ১৯৫৯ চনৰ ১৩ আগষ্টত তেখেতে গোলাঘাটৰ দেৱৰাজ ৰয় মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ প্ৰবক্তা হিচাবে যোগদান কৰে। ১৯৬১ চনৰ ২২ আগষ্টলৈকে তেখেত সেই মহাবিদ্যালয়ত প্ৰবক্তা হিচাবে কৰ্মৰত হৈ আছিল। ১৯৬১ চনৰ ২৩ আগষ্ট তাৰিখে তেখেতে গুৱাহাটীৰ প্ৰাগজ্যোতিষ মহাবিদ্যালয়ৰ অসমীয়া বিভাগত যোগদান কৰে। ১৯৮২ চনত তেখেতে অসমীয়া বিভাগৰ মুৰব্বী অধ্যাপকৰ পদ লাভ কৰে আৰু ১৯৯৪ চনৰ ১ মাৰ্চ তাৰিখে এই মহাবিদ্যালয়ৰ অধ্যক্ষ হিচাপে অৱসৰ গ্ৰহণ কৰেL অধ্যক্ষ হৈ থকা কালছোৱাত তেখেতৰ উদ্য়োগতে প্ৰাগজ্যোতিষ মহাবিদ্যালয়ৰ নৃতত্ত্ব, পৰিসংখ্যা আদি বিভাগ খোলা হৈছিল।
সামাজিক/সাংগঠনিক কৰ্ম
[সম্পাদনা কৰক]ড° মৰল কামৰূপ জিলা পৰিষদ, ভাষাবিজ্ঞান সমিতি, শঙ্কৰদেৱ সচেতন মঞ্চ, শুৱালকুছি জ্যোতি সাহিত্য সভা আদিৰ লগত ওতপ্রোতভাবে জড়িত আছিল। তেখেত ১৯৫৫ চনত শুৱালকুছিত গঠিত "জ্যোতি সাহিত্য সভা"ৰ আৰু পৰৱৰ্তীকালত ১৯৬৬ চনত গুৱাহাটীৰ ফটাশিলত গঠিত "প্ৰাগজ্যোতিষ সাহিত্য সভা"ৰ প্ৰতিষ্ঠাপক সম্পাদক আছিল। ১৯৭৯ চনত তেখেতে অসম ভাষা বিজ্ঞান সমিতিৰ প্ৰতিষ্ঠাৰ ক্ষেত্ৰত আগভাগ লোৱাৰ লগতে সম্পাদকৰ দায়িত্ব গ্ৰহণ কৰে। কামৰূপ জিলা সাহিত্য সভাই ইং ২০০৯ বৰ্ষৰ বাবে তেখেতক “কামৰূপ ৰত্ন “ উপাধি প্রদান কৰিছিল। ২০১৩ বৰ্ষত বৰপেটাত অনুষ্ঠিত অসম সাহিত্য সভাৰ দ্বিসপ্ততিতম অধিবেশনত তেখেতক সম্বর্ধনা জ্ঞাপন কৰা হয়।
ভাষা-সাহিত্যলৈ অৱদান
[সম্পাদনা কৰক]ভাষা বিষয়ক গ্ৰন্থ
[সম্পাদনা কৰক]- অসমীয়া ব্যাকৰণ জ্যোতি (প্রথম প্রকাশ: ১৯৭৪)[1]
- আধুনিক ভাষা বিজ্ঞান (প্রথম প্রকাশ: ১৯৯৮, ৩০ অক্টোবৰ)
- ভাষাৰ্থ বিজ্ঞান (প্রথম প্রকাশ: ১৯৮৬)
- অসমীয়া ভাষাৰ স্বতন্ত্ৰতা (প্রথম প্রকাশ: ২০১৩)
গৱেষণা গ্ৰন্থ
[সম্পাদনা কৰক]- "Semantics of Assamese"(১৯৮৬, তেখেতৰ ডক্টৰেল থেচিচ, গুৱাহাটী বিশ্ববিদ্য়ালয়)
- Assamese: Its Origin and Substratum (প্ৰথম প্ৰকাশ: ২০০৮, ডি লিট উপাধিৰ বাবে লিখিছিল যদিও উপাধি লোৱা নহ'ল। সেইবাবে ২০০৮ চনত প্রকাশ কৰি উলিয়ায়।)
সম্পাদিত গ্ৰন্থ
[সম্পাদনা কৰক]- সাম্প্রতিক অসমীয়া সাহিত্যৰ ন-ৰূপ ন-ৰেখা, সম্পাদনা ভগৱান মৰল আৰু সুশীল শর্মা, প্রথম প্রকাশ, ১৯৭৯, ১০ ফেব্ৰুৱাৰী
- নৱজাগৰণ, সুৱালকুচি হাইস্কুলৰ আলোচনী, ১৯৪৮
- অসমীয়া সাহিত্যঃ ন ৰূপ ন-ৰেখা (সুশীল শৰ্মাৰ সৈতে যুটীয়া ভাৱে সম্পাদিত)।
- Glimpses of Assam: Through the Ages, First Edition: 1999
- নানাৰ্থ অভিধান, সম্পাদনা ড° ভগবান মৰল, ড° নবীন চন্দ্র শর্মা, অধ্যাপক ৰজনীকান্ত দেবশর্মা, ড° মুকুন্দ মাধব শর্মা, শ্রী সুৰেণ ঠাকুৰীয়া (অপ্ৰকাশিত[উদ্ধৃতিৰ প্ৰয়োজন])
পাঠ্য়পুথি
[সম্পাদনা কৰক]- সাহিত্য-জ্যোতি (ষষ্ঠ শ্ৰেণীৰ বাবে)
সাহিত্য়
[সম্পাদনা কৰক]- অসম চিন্তা (প্রথম খণ্ড)- দ্বিতীয় প্রকাশ, ১৯৮৮
- কক্ষচ্যুত (নাট্যচিত্র)- প্রথম প্রকাশ, ১৯৮০
- জয় আই অসম (সামাজিক নাট্যচিত্র) প্রথম প্রকাশ, ১৯৮০
- প্রেমাঞ্জলি (কবিতা পুথি)- প্রথম প্রকাশ, ১৯৮০
- পাৰিজাত (নাট্যগল্প)- দ্বিতীয় প্রকাশ, জানুৱাৰী ১৯৭১
- মূর্খ নায়ক (নাট্যোপন্যাস)- দ্বিতীয় প্রকাশ, ১৯৮৯, এপ্রিল এজীনি।
- ৰত্নগর্ভা কামৰূপ (ডিটেক্টিভ উপন্যাস)- প্রথম প্রকাশ, ১৯৮০
- সুৰ নিজৰা (কবিতা পুথি)- প্রথম প্রকাশ, ১৯৯৪
অন্যান্য
[সম্পাদনা কৰক]- শুৱালকুচি (ঐতিহাসিক আলোচনা)- প্রথম প্রকাশ, ১৯৭৯
- মহাপুৰুষ শ্রীশ্রীহৰিদেৱ, এক সত্য অন্বেষণ- প্রথম প্রকাশ, ২০০৩
সন্মান
[সম্পাদনা কৰক]- ১৯৯৪ চনত অসম চৰকাৰৰ সাহিত্যিক পেন্সন লাভ।
- ২০০৭-০৯ বৰ্ষৰ কামৰূপ জিলা সাহিত্য সভাৰ সৰ্বোচ্চ সন্মান "কামৰূপ ৰত্ন" লাভ।
- ২০০৯ চনত তেখেতৰ ৭০ সংখ্যক জন্মদিনত অসম ভাষা বিজ্ঞান সমিতিৰ তৰফৰ পৰা ড॰ নবীন চন্দ্ৰ শৰ্মা, প্ৰভাত চন্দ্ৰ দাস আৰু ড॰ ৰজিতা কলিতাৰ সম্পাদনাত "জ্ঞান-বিজ্ঞান বিমৰ্শন" শীৰ্ষক অভিনন্দন গ্ৰন্থৰ প্ৰকাশ।
- ২০১৩ চনত বৰপেটাৰোডত অনুষ্ঠিত অসম সাহিত্য সভাৰ ৭২ সংখ্যক অধিৱেশনত সম্বৰ্ধনা জ্ঞাপন।
মৃত্যু
[সম্পাদনা কৰক]এইজনা খ্যাতিমান অধ্যাপক, সাহিত্যিক, ভাষাবিদৰ ২০১৩ চনৰ ২৯ এপ্ৰিল তাৰিখে ৮০বছৰ বয়সত পৰলোকপ্ৰাপ্তি ঘটে।
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ স্মৃতি ডেকা খাউণ্ড. "অসমীয়া ভাষাৰ ব্যাকৰণ চৰ্চাৰ ইতিহাস". SLTD, Assam. Archived from the original on 21 June 2020. https://web.archive.org/web/20200621032006/https://sltdassam.com/sltdresource/?p=69। আহৰণ কৰা হৈছে: 9 September 2019.