ভগৱান মৰল
| এই প্ৰবন্ধটোৰ সত্যাপনযোগ্যতা প্ৰমাণ কৰিবলৈ অধিক তথ্য-উৎসৰ প্ৰয়োজন। অনুগ্ৰহ কৰি বিশ্বাসযোগ্য উৎসৰ উল্লেখ কৰি প্ৰবন্ধটো উন্নত কৰাত সহায় কৰক। কিয়নো তথ্যৰ উৎসৰ উল্লেখ নকৰা প্ৰবন্ধক লৈ প্ৰশ্ন উঠিব পাৰে। অনুগ্ৰহ কৰি আলোচনা পৃষ্ঠাতো এই সম্পৰ্কীয় কিবা তথ্যৰ বাবে চক ফুৰাব।
অধিক সহায়ৰ বাবে কাষৰ "[দেখুৱাওক]" লিংকটোত ক্লিক কৰক।
উদ্ধৃতিৰ প্ৰয়োজনীয়তা এইবাবেই যে ৱিকিপিডিয়াত ব্যক্তিগত গৱেষণালব্ধ তথ্য গ্ৰহণযোগ্য নহয়, যদিহে ই কোনো নিৰ্ভৰযোগ্য উৎসৰ পৰা আহৰণ কৰা নহয়। মনত ৰাখিব যে ভুল তথ্যৰ বাবে পঢ়ুৱৈৰ ক্ষতিসাধন হ'ব পাৰে। তথাপিতো অসমীয়া ৱিকিপিডিয়া সৰু বাবে অনেক ক্ষেত্ৰত ঢিলাই দিয়া হয় বা কেতিয়াবা কেতিয়াবা দায়িত্বশীল সম্পাদকসকলৰ চকুৰ পৰা সাৰি যায় - তেতিয়া আপুনিয়েই প্ৰথম শাৰীত {{Reimprove}} বা {{Verify}} বুলি লিখি দিয়ে যেন। আনহাতে (অফলাইন) আলোচনীৰ বা বাতৰি কাকতৰ পৰা সহায় লৈ লিখা এটা প্ৰবন্ধৰ উত্সৰ সত্যতা নিৰূপন কৰিবৰ বাবে গৰিষ্ঠ সংখ্যক পাঠকৰ উপায় নাথাকে। তদুপৰি এই প্ৰক্ৰিয়াৰে কিছুমান দুষ্টলোকে ভুল ৰেফাৰেঞ্চৰেও পাঠকক দিগভ্ৰান্ত কৰি তুলিব পাৰে। অনলাইন উত্সৰ পৰা উদ্ধৃতিবোৰ দিলে এনে অসুবিধা নহয়। তেনে ক্ষেত্ৰত কোনোবাই আপত্তি কৰিলেও সত্যতা নিৰূপন কৰিবলৈ একো অসুবিধা নহয়। উল্লেখযোগ্য যে ব্যক্তিগত ব্লগৰ পৰা ৱিকিত উদ্ধৃতি দিয়া নিষেধ। |
| এই প্ৰবন্ধ অথবা অনুচ্ছেদৰ ব্যাকৰণ, লিখনশৈলী, ধাৰাবাহিকতা, সামঞ্জস্য অথবা বানানৰ শুদ্ধিৰ বাবে অনুলিপি সম্পাদনাৰ প্ৰয়োজন। আপুনি এইখন সম্পাদনা কৰি প্ৰবন্ধটো নিখুত হোৱাত সহায় আগবঢ়াব পাৰে। আপুনি কিদৰে সহায় কৰিব তাৰে দিকনিৰ্দেশনা ইয়াত দিয়া আছে। |
| ভগৱান মৰল | |
|---|---|
| জন্ম | ৬ নৱেম্বৰ, ১৯৩৮ শুৱালকুচি, অসম, ভাৰত |
| মৃত্যু | ২৯ এপ্ৰিল, ২০১৩ |
| পেচা | ভাষাতত্ৱবিদ, শিক্ষাবিদ, সম্পাদক, লেখক |
| ৰাষ্ট্ৰীয়তা | ভাৰতীয় |
| ধৰণ | ভাষাতত্ত্ববিদ |
ভগৱান মৰল (১৯৩৮ - ২০১৩) এগৰাকী অসমীয়া ভাষাতত্ত্ববিদ, গল্পকাৰ, নাট্যকাৰ, ঔপন্যাসিক, কবি আৰু পাঠ্যপুথিৰ লিখক আছিল। পেচাগতভাৱে শিক্ষক ভগৱান মৰলে Semantics of Assamese শীৰ্ষক গৱেষণা কৰ্মৰ বাবে গুৱাহাটী বিশ্ববিদ্যালয়ৰপৰা পিএইচ.ডি ডিগ্ৰী লাভ কৰে। তেখেতে অসমীয়া ভাষা-সাহিত্য বিষয়ক বিভিন্ন গৱেষণামূলক গ্ৰন্থ, গল্প, উপন্যাস,নাটক আদি গ্ৰন্থ আৰু সংকলন লিখাৰ উপৰি সম্পাদনা কৰিছে। তেখেতৰ সাহিত্যকৰ্মৰ বাবে ২০১৩ বৰ্ষত বৰপেটাত অনুষ্ঠিত অসম সাহিত্য সভাৰ দ্বিসপ্ততিতম অধিৱেশনত তেখেতক সম্বৰ্ধনা জ্ঞাপন কৰা হৈছে।
চমু জীৱনী
[সম্পাদনা কৰক]সিদ্ধিনাথ পণ্ডিত আৰু যমুনা মৰলৰ ছটি পুত্ৰ সন্তান আৰু তিনিটি কন্যা সন্তানৰ ভিতৰত দ্বিতীয় সন্তান ভগৱান মৰলে ইং ১৯৩৪ চনত শুৱালকুচিত জন্ম গ্ৰহণ কৰে।
শিক্ষা
[সম্পাদনা কৰক]তেখেতে ইং ১৯৫১ চনত শুৱালকুচি হাইস্কুলৰপৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হৈ ইং ১৯৫৩ চনত কটন কলেজত আই. এ. চি-ত নাম ভৰ্তি কৰে। ১৯৫৫ চনত অসমীয়া সন্মান বিষয় হিচাপে লৈ কটন কলেজৰপৰা বি. এ.-ত উত্তীৰ্ণ হয় আৰু ইং ১৯৫৮ চনত গুৱাহাটী বিশ্ববিদ্যালয়ৰপৰা অসমীয়া ভাষা বিষয়ত এম. এ. উত্তীৰ্ণ হয়। ৰোহিণী মহন্তৰ তত্ত্বাৱধানত Semantics of Assamese শীৰ্ষক গৱেষণাৰ বাবে ১৯৮৬ চনত পিএইছ.ডি উপাধি লাভ কৰে। পিতৃ অসুখীয়া হোৱা হেতুকে উক্ত সময়ছোৱাত তেখেতৰ ঘৰৰ আৰ্থিক অৱস্থা ভাল নাছিল।
বৃত্তিগত কৰ্ম
[সম্পাদনা কৰক]তেখেতে ১৯৫৩ চনত উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ পৰীক্ষা দি উঠিয়েই কিছুদিনৰ বাবে শুৱালকুছি হাইস্কুলত শিক্ষকতা কৰিছিল। একেটা বৰ্ষতে নৱপ্ৰতিষ্ঠিত শুৱালকুছি বালিকা হাইস্কুলৰ প্ৰধান শিক্ষক হিচাপে শিক্ষকতা কৰিছিল। ১৯৫৮ চনত স্নাতকোত্তৰ পৰীক্ষা দি শেষ কৰি কিছুদিনৰ বাবে গুৱাহাটীৰ ডনবস্ক' হাইস্কুলত শিক্ষকতা কৰিছিল। ১৯৫৯ চনৰ ১৩ আগষ্টত তেখেতে গোলাঘাটৰ দেৱৰাজ ৰয় মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ প্ৰবক্তা হিচাপে যোগদান কৰে। ১৯৬১ চনৰ ২২ আগষ্টলৈকে তেখেত সেই মহাবিদ্যালয়ত প্ৰবক্তা হিচাপে কৰ্মৰত হৈ আছিল। ১৯৬১ চনৰ ২৩ আগষ্ট তাৰিখে তেখেতে গুৱাহাটীৰ প্ৰাগজ্যোতিষ মহাবিদ্যালয়ৰ অসমীয়া বিভাগত যোগদান কৰে। ১৯৮২ চনত তেখেতে অসমীয়া বিভাগৰ মুৰব্বী অধ্যাপকৰ পদ লাভ কৰে আৰু ১৯৯৪ চনৰ ১ মাৰ্চ তাৰিখে এই মহাবিদ্যালয়ৰ অধ্যক্ষ হিচাপে অৱসৰ গ্ৰহণ কৰে। অধ্যক্ষ হৈ থকা কালছোৱাত তেখেতৰ উদ্যোগতে প্ৰাগজ্যোতিষ মহাবিদ্যালয়ৰ নৃতত্ত্ব, পৰিসংখ্যা আদি বিভাগ খোলা হৈছিল।
সামাজিক/সাংগঠনিক কৰ্ম
[সম্পাদনা কৰক]তেখেত কামৰূপ জিলা পৰিষদ, ভাষাবিজ্ঞান সমিতি, শঙ্কৰদেৱ সচেতন মঞ্চ, শুৱালকুছি জ্যোতি সাহিত্য সভা আদিৰ লগত ওতপ্ৰোতভাবে জড়িত আছিল। তেখেত ১৯৫৫ চনত শুৱালকুছিত গঠিত "জ্যোতি সাহিত্য সভা"ৰ আৰু পৰৱৰ্তীকালত ১৯৬৬ চনত গুৱাহাটীৰ ফটাশিলত গঠিত "প্ৰাগজ্যোতিষ সাহিত্য সভা"ৰ প্ৰতিষ্ঠাপক সম্পাদক আছিল। ১৯৭৯ চনত তেখেতে অসম ভাষা বিজ্ঞান সমিতিৰ প্ৰতিষ্ঠাৰ ক্ষেত্ৰত আগভাগ লোৱাৰ লগতে সম্পাদকৰ দায়িত্ব গ্ৰহণ কৰে। কামৰূপ জিলা সাহিত্য সভাই ইং ২০০৯ বৰ্ষৰ বাবে তেখেতক “কামৰূপ ৰত্ন “ উপাধি প্ৰদান কৰিছিল। ২০১৩ বৰ্ষত বৰপেটাত অনুষ্ঠিত অসম সাহিত্য সভাৰ দ্বিসপ্ততিতম অধিৱেশনত তেখেতক সম্বৰ্ধনা জ্ঞাপন কৰা হয়।
ভাষা বিষয়ক গ্ৰন্থ
[সম্পাদনা কৰক]- অসমীয়া ব্যাকৰণ জ্যোতি (প্ৰথম প্ৰকাশ: ১৯৭৪)[1]
- আধুনিক ভাষা বিজ্ঞান (প্ৰথম প্ৰকাশ: ১৯৯৮, ৩০ অক্টোবৰ)
- ভাষাৰ্থ বিজ্ঞান (প্ৰথম প্ৰকাশ: ১৯৮৬)
- অসমীয়া ভাষাৰ স্বতন্ত্ৰতা (প্ৰথম প্ৰকাশ: ২০১৩)
গৱেষণা গ্ৰন্থ
[সম্পাদনা কৰক]- "Semantics of Assamese"(১৯৮৬, তেখেতৰ ডক্টৰেল থেচিচ, গুৱাহাটী বিশ্ববিদ্যালয়)
- Assamese: Its Origin and Substratum (প্ৰথম প্ৰকাশ: ২০০৮, ডি লিট উপাধিৰ বাবে লিখিছিল যদিও উপাধি লোৱা নহ'ল। সেইবাবে ২০০৮ চনত প্ৰকাশ কৰি উলিয়ায়। )
সম্পাদিত গ্ৰন্থ
[সম্পাদনা কৰক]- সাম্প্ৰতিক অসমীয়া সাহিত্যৰ ন-ৰূপ ন-ৰেখা, সম্পাদনা ভগৱান মৰল আৰু সুশীল শৰ্মা, প্ৰথম প্ৰকাশ, ১৯৭৯, ১০ ফেব্ৰুৱাৰী
- নৱ-জাগৰণ, সুৱালকুচি হাইস্কুলৰ আলোচনী, ১৯৪৮
- অসমীয়া সাহিত্যঃ ন ৰূপ ন-ৰেখা (সুশীল শৰ্মাৰ সৈতে যুটীয়াভাৱে সম্পাদিত)।
- Glimpses of Assam: Through the Ages, First Edition: 1999
- নানাৰ্থ অভিধান, সম্পাদনা ড° ভগৱান মৰল, ড° নবীন চন্দ্ৰ শৰ্মা, অধ্যাপক ৰজনীকান্ত দেবশৰ্মা, ড° মুকুন্দ মাধব শৰ্মা, শ্ৰী সুৰেণ ঠাকুৰীয়া (অপ্ৰকাশিত[উদ্ধৃতিৰ প্ৰয়োজন])
পাঠ্যপুথি
[সম্পাদনা কৰক]- সাহিত্য-জ্যোতি (ষষ্ঠ শ্ৰেণীৰ বাবে)
সাহিত্য
[সম্পাদনা কৰক]- অসম চিন্তা (প্ৰথম খণ্ড)- দ্বিতীয় প্ৰকাশ, ১৯৮৮
- কক্ষচ্যুত (নাট্যচিত্ৰ)- প্ৰথম প্ৰকাশ, ১৯৮০
- জয় আই অসম (সামাজিক নাট্যচিত্ৰ) প্ৰথম প্ৰকাশ, ১৯৮০
- প্ৰেমাঞ্জলি (কবিতা পুথি)- প্ৰথম প্ৰকাশ, ১৯৮০
- পাৰিজাত (নাট্যগল্প)- দ্বিতীয় প্ৰকাশ, জানুৱাৰী ১৯৭১
- মূৰ্খ নায়ক (নাট্যোপন্যাস)- দ্বিতীয় প্ৰকাশ, ১৯৮৯, এপ্ৰিল এজীনি।
- ৰত্নগৰ্ভা কামৰূপ (ডিটেক্টিভ উপন্যাস)- প্ৰথম প্ৰকাশ, ১৯৮০
- সুৰ নিজৰা (কবিতা পুথি)- প্ৰথম প্ৰকাশ, ১৯৯৪
অন্যান্য
[সম্পাদনা কৰক]- শুৱালকুচি (ঐতিহাসিক আলোচনা)- প্ৰথম প্ৰকাশ, ১৯৭৯
- মহাপুৰুষ শ্ৰীশ্ৰীহৰিদেৱ, এক সত্য অন্বেষণ- প্ৰথম প্ৰকাশ, ২০০৩
সন্মান
[সম্পাদনা কৰক]- ১৯৯৪ চনত অসম চৰকাৰৰ সাহিত্যিক পেন্সন লাভ।
- ২০০৭-০৯ বৰ্ষৰ কামৰূপ জিলা সাহিত্য সভাৰ সৰ্বোচ্চ সন্মান "কামৰূপ ৰত্ন" লাভ।
- ২০০৯ চনত তেখেতৰ ৭০সংখ্যক জন্মদিনত অসম ভাষা বিজ্ঞান সমিতিৰ তৰফৰপৰা ড॰ নবীন চন্দ্ৰ শৰ্মা, প্ৰভাত চন্দ্ৰ দাস আৰু ড॰ ৰজিতা কলিতাৰ সম্পাদনাত "জ্ঞান-বিজ্ঞান বিমৰ্শন" শীৰ্ষক অভিনন্দন গ্ৰন্থৰ প্ৰকাশ।
- ২০১৩ চনত বৰপেটাৰোডত অনুষ্ঠিত অসম সাহিত্য সভাৰ ৭২সংখ্যক অধিৱেশনত সম্বৰ্ধনা জ্ঞাপন।
মৃত্যু
[সম্পাদনা কৰক]এইজনা খ্যাতিমান অধ্যাপক, সাহিত্যিক, ভাষাবিদৰ ২০১৩ চনৰ ২৯ এপ্ৰিল তাৰিখে ৮০বছৰ বয়সত পৰলোকপ্ৰাপ্তি ঘটে।
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ স্মৃতি ডেকা খাউণ্ড. "অসমীয়া ভাষাৰ ব্যাকৰণ চৰ্চাৰ ইতিহাস". SLTD, Assam. Archived from the original on 21 June 2020. https://web.archive.org/web/20200621032006/https://sltdassam.com/sltdresource/?p=69। আহৰণ কৰা হৈছে: 9 September 2019.