সমললৈ যাওক

ভবানীপ্ৰসাদ সাহু

অসমীয়া ৱিকিপিডিয়াৰ পৰা
ভবাণীপ্ৰসাদ সাহু
পেচা চিকিৎসক, লেখক, বিজ্ঞানকৰ্মী
ভাষা বাংলা
ৰাষ্ট্ৰীয়তা ভাৰতীয়
নাগৰিকত্ব ভাৰতীয়
ধৰণ বাংলা সাহিত্য
বিষয় বিজ্ঞানমনস্কতা

ভবাণীপ্ৰসাদ সাহু এজন চিকিৎসক, বিজ্ঞান লেখক, বিজ্ঞানকৰ্মী। তেখেতে অন্ধবিশ্বাস, সাম্প্ৰদায়িকতা, ধৰ্মীয় মৌলবাদ আদিৰ বিৰুদ্ধে আৰু বিজ্ঞানমনস্কতাৰ সপক্ষে বিভিন্ন আলোচনীত অজস্ৰ প্ৰবন্ধ ৰচনা কৰি আহিছে, প্ৰণয়ন কৰিছে বহুকেইখন মূল্যবান গ্ৰন্থ। সহজ-সৰল ভাষাৰে ৰচিত তথ্য আৰু তত্ত্বৰে সমৃদ্ধ তেনে লিখাসমূহে বিজ্ঞানমনস্কতাৰ বিভিন্ন দিশ আলোকিত কৰিছে।[1]

প্ৰাৰম্ভিক জীৱন

[সম্পাদনা কৰক]

১৯৫৩ চনৰ ২৩ মাৰ্চত বৰ্তমানৰ পূব মেদিনীপুৰ জিলাৰ এখন ভিতৰুৱা গাঁৱত ভবাণীপ্ৰসাদ সাহুৰ জন্ম হয়। তেখেতৰ পিতৃ আছিল মতিচৰণ চাহু। তেওঁ আছিল এগৰাকী স্কুল শিক্ষক। মাতৃৰ নাম আছিল অন্নপূৰ্ণা চাহু‌। তেওঁ চতুৰ্থ শ্ৰেণীলৈকে পঢ়াশুনা কৰিছিল তথা গাঁৱৰ দৰিদ্ৰ লোকসকলৰ বাবে কেইবা দশকো ধৰি হোমিওপেথি চিকিৎসা সেৱা আগ বঢ়াইছিল। গাঁৱৰ স্কুলৰ পৰাই ভবাণীপ্ৰসাদ সাহুৱে প্ৰাথমিক আৰু উচ্চ মাধ্যমিক (১৯৬৮) শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হয়। উচ্চ মাধ্যমিকত জাতীয় বৃত্তি লাভ কৰি তেওঁ প্ৰথমে কলিকতাৰ প্ৰেচিডেঞ্চি কলেজত ৰসায়ন বিজ্ঞানৰ স্নাতকোত্তৰ শাখাত ভৰ্ত্তি হয় যদিও পাছত কলিকতা মেডিকেল কলেজৰ পৰা এম বি বি এছ ডিগ্ৰী লাভ কৰে।[1] ছাত্ৰাৱস্থাত কলিকতাৰ উত্তাল ৰাজনৈতিক পৰিৱেশত বৈপ্লৱিক ৰাজনৈতিক কৰ্মকাণ্ডৰ দ্বাৰা প্ৰভাৱিত হৈছিল তেওঁ। আধুনিক চিকিৎসা বিজ্ঞানৰ সমান্তৰালভাৱে ঔষধহীন আকুপাংচাৰ চিকিৎসা পদ্ধতিৰো প্ৰশিক্ষণ লৈ তেওঁ মানৱ-চিকিৎসাৰ কাম-কাজ আৰম্ভ কৰে। সোনকালেই তেখেতে সমাজসেৱামূলক, প্ৰগতিশীল সাংস্কৃতিক সংগঠনৰ সৈতে যুক্ত হৈ সৰ্বক্ষণৰ কৰ্মী হৈ পৰে। এম বি বি এছ শেষ কৰাৰ পাছত চৰকাৰী চাকৰি নকৰি তেনে সংগঠন তথা আকুপাংচাৰ আৰু অন্যান্য সামাজিক সাংস্কৃতিক কামত তেওঁ আত্মনিয়োগ কৰিবলৈ ধৰে।[1] পৰৱৰ্তী সময়ত পশ্চিম বংগ চৰকাৰৰ আকুপাংচাৰ চিকিৎসকৰ চৰকাৰী পদ সৃষ্টি হোৱাৰ পাছত কেইবছৰমান চৰকাৰী চাকৰিও কৰি তেওঁ বৰ্তমান আৰবান হেল্‌থ্ মিছনত চুক্তিৱদ্ধ চিকিৎসক ৰূপে কৰ্মৰত।[1]

প্ৰকাশিত গ্ৰন্থ[2]

[সম্পাদনা কৰক]
  • ভূত-ভগবান-শয়তান বনাম ডাঃ কোভুৰ,
  • আস্তিক-নাস্তিক,
  • নানা ৰঙে সংস্কাৰ-নানা ৰঙে কুসংস্কাৰ,
  • ধৰ্ম-সাম্প্ৰদায়িকতা-মৌলবাদ,
  • দুই বাংলা, হায় ধৰ্মক্ক,
  • দুই বাংলাৰ কুসংস্কাৰ বিৰোধী বিজ্ঞান চিন্তা (সম্পাদিত),
  • জানতে চাই (প্ৰসঙ্গজ্ঞ বিশ্বাস ও সংস্কাৰ),
  • ধৰ্মেৰ উৎস সন্ধানে (নিয়ানডাৰ্থাল থেকে নাস্তিক),[3]
  • টম্যাটো ভগবান ও হাইৰোডেশ্বৰ,
  • মৌলবাদেৰ উৎস সন্ধানে, [4]
  • অধাৰ্মিকেৰ ধৰ্মকথা,
  • বিজ্ঞানেৰ চোখে ভগবান,
  • নাৰীজ্ঞ অস্তিত্ব ও সংস্কাৰ,
  • কুসংস্কাৰবিৰোধী প্ৰথম বাংলা বই (বামাসুন্দৰী দেবী),
  • আকুপাংচাৰ-আকুসংস্কাৰ,
  • অপবিজ্ঞান-অপসংস্কাৰ,
  • বিজ্ঞানেৰ আলোয় সংস্কাৰ মুক্ত যৌনতা,
  • ‘প্ৰগতিশীল’ সাম্প্ৰদায়িকতা,
  • খাদ্য-অখাদ্য সংস্কাৰ-কুসংস্কাৰ,
  • স্বাস্থ্য ও সংস্কাৰ,
  • প্ৰকৃতি ও সংস্কাৰ,
  • এখনো সংস্কাৰ এখনো কুসংস্কাৰ,
  • শত্ৰু যখন কুসংস্কাৰ,
  • ডাইনি বলে কিছু নেই, ভূত বলে কিছু নেই,
  • বৈজ্ঞানিক কুসংস্কাৰ,
  • কুসংস্কাৰেৰ উৎস সন্ধানে,
  • ড্ৰাগ,
  • অলৌকিকতা বনাম বিজ্ঞান,
  • সুৰা শৰীৰ সৰ্বনাশ (১৯৮৯ চনত ৰবীন্দ্ৰ পুৰস্কাৰ প্ৰাপ্ত),
  • ওষুধ খেয়ে অসুখ,
  • শৰীৰ ঘিৰে সংস্কাৰ,
  • ৰবীন্দ্ৰনাথ ও কুসংস্কাৰ,
  • কোন্‌টা মানবো কোন্‌টা মানবো না,
  • কোনটা কৰবো কোনটা কৰবো না,
  • আৰজ আলী মাতুব্বৰ (পুস্তিকা),
  • মানবসন্তান ঈশ্বৰ ও অন্যান্য প্ৰসঙ্গ,
  • কোন্ ওষুধ কেন খাবেন না,
  • শৰীৰ স্বাস্থ্যেৰ টুকিটাকি,
  • এইডস – ঘৃণা নয়, চাই সতৰ্কতা,
  • সোণালী সুলেখাদেৰ কথা,
  • মানুষেৰ জন্য বিজ্ঞান না বিজ্ঞানেৰ জন্য মানুষ,
  • Hand Book of Recent Acupuncture Treatment গু Research,
  • ম্যালেৰিয়া (পুস্তিকা),
  • প্লেগ (পুস্তিকা)
  • অ্যানথ্ৰাক্স (পুস্তিকা),
  • মেয়েদেৰ আত্মৰক্ষাৰ কৌশল (অনুবাদ)।

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. 1.0 1.1 1.2 1.3 "যুক্তিবাদী লেখক ভৱানীপ্ৰসাদ সাহুৰ সৈতে সাক্ষাৎকাৰ— সাক্ষাৎগ্ৰহণ : ড° বৰ্ণালী বৰুৱা দাস". মুক্তচিন্তা. ১,৪,২০২৪. https://muktosinta.org/juktibadi_likhok_bhabani/। আহৰণ কৰা হৈছে: 8 February 2025. 
  2. "ডাঃ ভবাণীপ্ৰসাদ সাহু এৰ বই সমূহ". https://www.rokomari.com/book/author/27710/dr-bhobabirosad-sahu। আহৰণ কৰা হৈছে: 8 February 2025. 
  3. "ধৰ্মেৰ উৎস সন্ধানে – ভবাণীপ্ৰসাদ সাহু". Archived from the original on 17 April 2024. https://web.archive.org/web/20240417025340/https://www.ebanglalibrary.com/books/%E0%A6%A7%E0%A6%B0%E0%A7%8D%E0%A6%AE%E0%A7%87%E0%A6%B0-%E0%A6%89%E0%A7%8E%E0%A6%B8-%E0%A6%B8%E0%A6%A8%E0%A7%8D%E0%A6%A7%E0%A6%BE%E0%A6%A8%E0%A7%87-%E0%A6%AD%E0%A6%AC%E0%A6%BE%E0%A6%A8%E0%A7%80/। আহৰণ কৰা হৈছে: 8 February 2025. 
  4. "ভবাণীপ্ৰসাদ সাহু, বাংলা লাইব্ৰেৰি". https://www.ebanglalibrary.com/authors/%e0%a6%ad%e0%a6%ac%e0%a6%be%e0%a6%a8%e0%a7%80%e0%a6%aa%e0%a7%8d%e0%a6%b0%e0%a6%b8%e0%a6%be%e0%a6%a6-%e0%a6%b8%e0%a6%be%e0%a6%b9%e0%a7%81/। আহৰণ কৰা হৈছে: 8 February 2025. [সংযোগবিহীন উৎস]