ভয়েচ অফ আমেৰিকা
| প্ৰকাৰ | আন্তঃৰাষ্ট্ৰীয় ৰাজহুৱা সম্প্ৰচাৰক |
|---|---|
| দেশ | আমেৰিকা যুক্তৰাষ্ট্ৰ |
| স্থাপন | ১৯৪২ |
| মূখ্য কাৰ্যালয় | ৱাশ্বিংটন, ডি.চি. |
| মালিক | আমেৰিকা যুক্তৰাষ্ট্ৰ চৰকাৰ |
| ৱেবছাইট | www |
ভয়েচ অফ আমেৰিকা (ইংৰাজী: Voice of America, সংক্ষিপ্ত ৰূপ : ভিঅ'এ ) হৈছে আমেৰিকা যুক্তৰাষ্ট্ৰৰ চৰকাৰী আন্তৰ্জাতিক ৰেডিঅ' আৰু টেলিভিছন সম্প্ৰচাৰ সেৱা। এই সেৱা বিশ্বৰ অন্যান্য সম্প্ৰচাৰ সেৱা যেনে বিবিচি ৱৰ্ল্ড চাৰ্ভিচ, ডয়চে ভেলে, ৰেডিঅ’ নেদাৰলেণ্ড, ৰেডিঅ’ ফ্ৰান্স ইণ্টাৰনেশ্যনেল, ভইচ অফ ৰাছিয়া আৰু ৰেডিঅ’ কানাডা (যিটো কানাডা ব্ৰডকাষ্টিং কৰ্প’ৰেশ্যনৰ মালিকানাধীন) ইণ্টাৰনেশ্যনেলৰ দৰে একে।[1][2]
বিভিন্ন ভাষাত ভয়েচ অফ আমেৰিকা
[সম্পাদনা কৰক]ভিঅ'এ-এ বিভিন্ন ভাষাত অনুষ্ঠান সম্প্ৰচাৰ কৰে:
ভিঅ'এ বাংলা
[সম্পাদনা কৰক]ভিঅ'এ বাংলা হৈছে ভয়েচ অফ আমেৰিকাৰ বাংলা বিভাগ। ভিঅ'এ-এ আমেৰিকাত নিউজ চেনেল প্ৰচাৰ কৰে। ইয়াৰ কাৰ্যসূচীসমূহ তেওঁলোকৰ ৱেবছাইটত অনলাইনতো উপলব্ধ। ইয়াৰ এটা টিভি অনুষ্ঠান আছে; তাৰ নাম ৱাশ্বিংটন বাৰ্তা। ইয়াৰ ৰেডিঅ’ অনুষ্ঠানৰ নাম হেল্ল’, ৱাশ্বিংটন আৰু সাক্ষাৎকাৰ। এই কাৰ্যসূচীসমূহ ৱাশ্বিংটন ডি চিৰপৰা সম্প্ৰচাৰ কৰা হয়। ২০২১ চনৰ ১৭ জুলাইৰপৰা ইয়াৰ এফ এম, শ্বৰ্টৱেভ (ৰেডিঅ’) বিভাগ বন্ধ কৰা হৈছে।[3]
ভিঅ'এ বাংলা বিভাগৰ কৰ্মচাৰীসকল হৈছে:
- ইকবাল বাহাৰ চৌধুৰী, বাংলা সেৱাৰ মুৰব্বী (প্ৰাক্তন)।
- ৰকেয়া হাইদৰ, মুৰব্বী, বাংলা বিভাগ।
- সৰকাৰ কবিৰুদ্দিন, পৰিচালন সম্পাদক
- তাহিৰা কিব্ৰিয়া, সম্প্ৰচাৰক
- আনীছ আহমেদ, সম্প্ৰচাৰক
- অসীম পি চক্ৰৱৰ্তী, সম্প্ৰচাৰক
- শমিম চৌধুৰী, সম্প্ৰচাৰক
- ডেল’ৰিছ এ ডেভিছ, প্ৰযোজক
- মছুমা খাতুন, সম্প্ৰচাৰক
- ডিলাৰা হাচেম, সম্প্ৰচাৰক
- আহছানুল হক, সম্প্ৰচাৰক
- শ্বাগুফতা নাছৰিন কুইন, সম্প্ৰচাৰক
- জৌৰ চৈয়দ ৰহমান, সম্প্ৰচাৰক
- সৰকাৰ কবিৰুদ্দিন, সম্প্ৰচাৰক
- নাছৰিন হুদা বিথি, ঢাকা প্ৰতিনিধি
- মোৱাজেম হোছেইন ছাকিল, চট্টগ্ৰামৰ প্ৰতিনিধি
"'ভিঅ'এৰ ৱেবছাইট'"
বৰ্তমানৰ ভাষা
[সম্পাদনা কৰক]ভইচ অফ আমেৰিকাৰ ৱেবছাইটটোৱে ২০১৪ চনলৈকে ইংৰাজী ভাষাত পাঁচটা সম্প্ৰচাৰ কৰিছিল (বিশ্বব্যাপী, বিশেষ ইংৰাজী, কম্বোডিয়া, জিম্বাবুৱে, আৰু তিব্বত)। তদুপৰি ভিঅ’এ ৱেবছাইটত ৪৬টা বিদেশী ভাষাত সংস্কৰণ আছে। ৰেডিঅ’ অনুষ্ঠানবোৰত তৰা চিহ্নৰে চিহ্নিত কৰা হয়; টিভিৰ অনুষ্ঠানবোৰত + চিহ্নৰে চিহ্নিত কৰা হয়।
- আফান অৰোমো *
- আলবেনিয়ান * +
- আমহাৰিক*
- আৰ্মেনিয়ান +
- আজাৰবাইজানী +
- বংবাৰা*
- বাংলা * +
- বছনিয়ান +
- বাৰ্মিজ * +
- কেণ্টোনিজ * +
- মেণ্ডেৰিন * +
- দাৰী পাৰ্চী * +
- ফিলিপিন *
- ফৰাচী * +
- জৰ্জিয়ান *
- হাইটি ক্ৰিয়েল *
- হাউছা *
- ইণ্ডোনেছিয়ান * +
- খেমেৰ * +
- কিনেৰৱাণ্ডা *
- কিৰুণ্ডি *
- কোৰিয়ান *
- কুৰ্দি *
- অনা *
- লিংগালা *
- মেচিডোনিয়া +
- নেদেবেলে*
- পাষ্টো +
- পাৰ্চী * +
- পৰ্তুগীজ *
- ৰোহিংগীয়া *
- ৰাছিয়ান +
- সাংগো *
- ছাৰ্বিয়ান +
- শুনা*
- সোমালি *
- স্পেনিছ * +
- শ্বাহিলি *
- থাই *
- তিব্বতী * +
- tigrina *
- তুৰ্কী +
- ইউক্ৰেইনীয় +
- উৰ্দু * +
- উজবেক * +
- ভিয়েটনামী * +
- উলফ
- ইংৰাজী * +
তথ্য সংগ্ৰহ
[সম্পাদনা কৰক]- ↑ VOA Public Relations (August 10, 2017). "Mission and Values". Voice of America. https://www.insidevoa.com/p/5831.html.
- ↑ "Voice of America says it won’t become Trump TV". The Washington Post. January 26, 2017. https://www.washingtonpost.com/news/the-fix/wp/2017/01/26/voice-of-america-says-it-wont-become-trump-tv/.
- ↑ "বন্ধ হয়ে যাচ্ছে ভয়েস অব আমেৰিকাৰ বাংলা বেতাৰেৰ সম্প্ৰচাৰ" (bn ভাষাত). 2021-07-28. https://www.ajkerpatrika.com/9664/%E0%A6%AC%E0%A6%A8%E0%A7%8D%E0%A6%A7-%E0%A6%B9%E0%A7%9F%E0%A7%87-%E0%A6%AF%E0%A6%BE%E0%A6%9A%E0%A7%8D%E0%A6%9B%E0%A7%87-%E0%A6%AD%E0%A7%9F%E0%A7%87%E0%A6%B8-%E0%A6%85%E0%A6%AC-%E0%A6%86%E0%A6%AE%E0%A7%87%E0%A6%B0%E0%A6%BF%E0%A6%95%E0%A6%BE%E0%A6%B0-%E0%A6%AC%E0%A6%BE%E0%A6%82%E0%A6%B2%E0%A6%BE-%E0%A6%AC%E0%A7%87%E0%A6%A4%E0%A6%BE%E0%A6%B0%E0%A7%87%E0%A6%B0.
- ↑ "মূল পাতা" (bn ভাষাত). 2022-07-10. https://www.voabangla.com/.
- ↑ "VOA - Voice of America English News" (en ভাষাত). 2022-07-10. https://www.voanews.com/.