ভাইমন দা (চলচ্চিত্ৰ)
| ভাইমন দা | |
|---|---|
চিত্ৰগৃহত মুক্তিৰ পোষ্টাৰ | |
| পৰিচালক | শশাংক সমীৰ |
| চিত্ৰনাট্য | শশাংক সমীৰ |
| প্ৰযোজক | শ্যামন্তক গৌতম |
| অভিনয়ত | বন্দীপ শৰ্মা যশশ্ৰী ভূঞা অৰ্ঘদীপ বৰুৱা নিৰুপম শইকীয়া নিলিম দত্ত কৌশিক ভৰদ্বাজ পাৰ্থ হাজৰিকা উজ্জ্বল কুমাৰ ৰাজদ্বীপ হাজৰিকা গীতাৰ্থ শৰ্মা হৰপাল শইকীয়া |
| চিত্ৰগ্ৰহণকাৰী | ভাঞ্চিনাথন মুৰুগেছন |
| সম্পাদনা | প্ৰতীম খাউণ্ড |
| সংগীত পৰিচালক | জুবিন গাৰ্গ, পৰাণ বৰকটকী |
প্ৰযোজনা কোম্পানী |
জিল ক্ৰিয়েশ্যন্স |
মুক্তি |
২৩ মে' ২০২৫[1] |
| দেশ | ভাৰত |
| ভাষা | অসমীয়া |
| বাজেট | ₹৬ কোটি[2][3] |
ভাইমন দা (ইংৰাজী: Bhaimon Da) হৈছে শশাংক সমীৰ পৰিচালিত, ২০২৫ চনত মুক্তিপ্ৰাপ্ত অসমীয়া ভাষাৰ এখন জীৱনীমূলক নাট্য চলচ্চিত্ৰ।[4] ছবিখনত বন্দীপ শৰ্মা, যশশ্ৰী ভূঞা, নিৰুপম শইকীয়া, নিলিম দত্ত আৰু অৰ্ঘদীপ বৰুৱাকে ধৰি ভালেসংখ্যক অভিনয়-শিল্পীয়ে অভিনয় কৰিছে।[5] অসমীয়া চলচ্চিত্ৰ জগতৰ প্ৰবাদপুৰুষ, চলচ্চিত্ৰ নিৰ্মাতা মুনিন বৰুৱাৰ জীৱনৰ আধাৰত ছবিখন নিৰ্মাণ কৰা হৈছে। জিল ক্ৰিয়েশ্যন্সৰ বেনাৰৰ অধীনত ছবিখন প্ৰযোজনা কৰে শ্যামন্তক গৌতম আৰু অনুপম শৰ্মাই।[4]
কাহিনী
[সম্পাদনা কৰক]ছবিখন পৰিচালক মুনীন বৰুৱাৰ জীৱনৰ আধাৰত নিৰ্মিত হৈছে। ছবিখনত গোলাঘাটৰ প্ৰথম বছৰবোৰৰ পৰা আৰম্ভ কৰি অৱনতিৰ সময়ত অসমীয়া চিনেমাক পুনৰুজ্জীৱিত কৰাৰ যাত্ৰালৈকে সকলো চিত্ৰিত কৰা হৈছে। ছবিখনত বৰুৱাৰ সংগ্ৰাম, কলাত্মক অৱদান, আঞ্চলিক চিনেমাত স্থায়ী প্ৰভাৱৰ ওপৰত আলোকপাত কৰা হৈছে।[4]
অভিনয় শিল্পী
[সম্পাদনা কৰক]- মুনিন বৰুৱাৰ চৰিত্ৰত বন্দীপ শৰ্মা[5]
- যশশ্ৰী ভূঞা
- অৰ্ঘদীপ বৰুৱা
- নিৰুপম শইকীয়া
- নিলিম দত্ত
- কৌশিক ভৰদ্বাজ
- গুণাকৰ দেৱ গোস্বামী
- পাকিজা বেগম
- পাৰ্থ হাজৰিকা
- উজ্জ্বল কুমাৰ
- ৰাজদ্বীপ হাজৰিকা
- গীতাৰ্থ শৰ্মা
- হৰপল শইকীয়া
সংগীত মুক্তি
[সম্পাদনা কৰক]২০২৪ চনৰ ৭ অক্টোবৰ তাৰিখে গুৱাহাটীৰ জ্যোতি চিত্ৰবন-ৰ ৰুদ্ৰ বৰুৱা প্ৰেক্ষাগৃহত এখন পোষ্টাৰ উন্মোচন আৰু সংগীত মুক্তিৰ অনুষ্ঠান অনুষ্ঠিত হয়। উন্মোচনী অনুষ্ঠানৰ অংশ হিচাপে মুনীন বৰুৱাক শ্ৰদ্ধাঞ্জলি জনাই এটি লাইভ পেইণ্টিং অধিবেশনৰো আয়োজন কৰা হৈছিল।[5][3]
সংগীত
[সম্পাদনা কৰক]| ভাইমন দা | ||||
|---|---|---|---|---|
| জুবিন গাৰ্গ আৰু পৰাণ বৰকটকীৰ চলচ্চিত্ৰ সংগীত | ||||
| মুক্তি | মে’ ২০২৫ | |||
| শৈলী/ধৰণ | বোলছবি সংগীত | |||
| ভাষা | অসমীয়া | |||
| জুবিন গাৰ্গ কালক্ৰম | ||||
| ||||
কণ্ঠশিল্পী জুবিন গাৰ্গে ছবিখনৰ এটি গীতৰ সংগীত ৰচনা কৰে আৰু পৰাণ বৰকটকীয়ে আনকেইটি গীতৰ সংগীতৰ লগতে ছবিখনৰ আৱহ সংগীত ৰচনা কৰে।
| গীতৰ শীৰ্ষ | ||||||||||
|---|---|---|---|---|---|---|---|---|---|---|
| নং | শিৰোনাম | গীতিকাৰ | কণ্ঠশিল্পী | দৈৰ্ঘ্য | ||||||
| 1. | "বীয়েৰ ব্ৰেণ্ডি হুইস্কি" | মুনিন বৰুৱা, শশাংক সমীৰ | প্ৰবীণ বৰা | ২:৫৭ | ||||||
| 2. | "এৰা-এৰি" | দিগন্ত ভাৰতী | জুবিন গাৰ্গ, মহালক্ষ্মী আয়াৰ | ৩:৪৩ | ||||||
| 3. | "জ্যোতিৰ কাৰেং" | শশাংক সমীৰ | ৰূপম ভূঞা | ৩:৪৬ | ||||||
| 4. | "মন হীৰা দৈ" | বিপুল চেতিয়া ফুকন | মণ্টু মণি শইকীয়া | ২:৫৫ | ||||||
| 5. | "ইউ আৰ মাইন" | পৰাণ বৰকটকী | ২:৫৮ | |||||||
| 6. | "এৰা-এৰি" (একুয়েষ্টিক) | দিগন্ত ভাৰতী | জুবিন গাৰ্গ, অমৃতপ্ৰভা মহন্ত | ৮:১৬ | ||||||
| 7. | "ভাইমন" | ভেন এম | ভেন এম | ২:৫৭ | ||||||
মুক্তি
[সম্পাদনা কৰক]২০২৫ চনৰ ২৩ মে’ তাৰিখে চিত্ৰগৃহত মুক্তি পোৱা ছবিখনে সমালোচক তথা দৰ্শকৰ পৰা অনুকূল সমালোচনা লাভ কৰে।[1]
তথ্য উৎস
[সম্পাদনা কৰক]- ↑ 1.0 1.1 "Bhaimon Da (2025) - Movie". BookMyShow. https://in.bookmyshow.com/movies/guwahati/bhaimon-da/ET00446473। আহৰণ কৰা হৈছে: 29 May 2025.
- ↑ "Bhaimon Da Box Office Collection". BoxOfficeWala. 28 May 2025. Archived from the original on 31 May 2025. https://web.archive.org/web/20250531102257/https://boxofficewala.in/bhaimon-da-box-office-collection/। আহৰণ কৰা হৈছে: 29 May 2025.
- ↑ 3.0 3.1 3.2 "New Assamese Movie 'Bhaimon Da' Is a ₹6 Crore Biopic Honoring Jollywood's Munin Barua". Business Northeast. Archived from the original on 2025-05-31. https://web.archive.org/web/20250531103358/https://www.business-northeast.com/new-assamese-movie-bhaimon-da-is-a-6-crore-biopic-honoring-jollywood-s-munin-baruah। আহৰণ কৰা হৈছে: 2025-05-29.
- ↑ 4.0 4.1 4.2 4.3 "'Bhaimon Da': A Cinematic Tribute to Munin Barua's Legacy". Sentinel Assam. https://www.sentinelassam.com/cities/guwahati-city/bhaimon-da-a-cinematic-tribute-to-munin-baruahs-legacy। আহৰণ কৰা হৈছে: 2025-05-29.
- ↑ 5.0 5.1 5.2 5.3 "Poster and Music Release of Assamese Movie 'Bhaimon Da'". ETV Bharat. https://www.etvbharat.com/as/%21entertainment/poster-and-music-release-of-upcoming-assamese-movie-bhaimon-da-a-tribute-to-assamese-cinema-assam-news-ass24100802211। আহৰণ কৰা হৈছে: 2025-05-29.
বাহ্যিক সংযোগ
[সম্পাদনা কৰক]- ভাইমন দা (চলচ্চিত্ৰ) সম্পৰ্কে ইণ্টাৰনেট মুভি ডাটাবেছত থকা তথ্য।