ভাইৰাছ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Viruses
Rotavirus
Virus classification
Group: I–VII
Groups

I: dsDNA viruses
II: ssDNA viruses
III: dsRNA viruses
IV: (+)ssRNA viruses
V: (−)ssRNA viruses
VI: ssRNA-RT viruses
VII: dsDNA-RT viruses

ভাইৰাছ (ইংৰাজী: Virus) এটি লেটিন শব্দ যাৰ অৰ্থ হ'ল 'বিষ' (প্ৰাণীৰপৰা উৎপন্ন হোৱা বিষ)৷ নিউক্লিয় প্ৰটিনৰদ্বাৰা গঠিত অকোষীয়,ৰোগসৃষ্টিকাৰী,অবিকল্পী পৰজীৱী,অণু-আণুবীক্ষণিক (sub-microscopic) বস্তু,যি অকল জীৱিত পোষক কোষত বংশবৃদ্ধি কৰিব পাৰে,কিন্তু কোষৰ বাহিৰত জড় প্ৰকৃতিৰ,সেইবিলাকক ভাইৰাছ বোলে৷ বিজ্ঞানৰ যি শাখাত ভাইৰাছ সম্বন্ধে চৰ্চা আৰু গৱেষণা কৰা হয় তাক ভাইৰ'ল'জি (virology) বোলে৷ এই শাখাৰ বিশেষজ্ঞজনক ভাইৰ'ল'জিষ্ট (virologist) বোলে৷ ১৮৯৬ খৃ:ত উইলিয়াম বাইজিৰিংকেধঁপাত পাতৰ ম'জেইক ৰোগৰ জীৱাণুক প্ৰথমে "ভাইৰাছ" আখ্যা দিয়ে৷[1]

প্ৰকৃতি

বহুকাল ধৰি ভাইৰাছৰ প্ৰকৃতি নিৰ্ধাৰণ এক তৰ্ক-বিতৰ্কৰ বিষয় হৈ আছে৷ তথাপিও আধুনিক ভাইৰ'ল'জিষ্টসকলে ভাইৰাছৰ প্ৰকৃতি সম্বন্ধে ব্যাখ্যা দিছে এইদৰে-

  1. ভাইৰাছ কোষীয় সংগঠনবিহীন অকোষীয় (non-cellular) বস্তু৷
  2. জীৱদেহৰ কোষৰ ভিতৰত এইবিলাক সজীৱ থাকে আৰু বংশবিস্তাৰ কৰিব পাৰে৷
  3. জীৱদেহৰ বাহিৰত এইবিলাকৰ প্ৰকৃতি জড় পদাৰ্থৰ দৰে আৰু এইবিলাকৰ স্ফটিকলৈ ৰূপান্তৰিত কৰিব পাৰি৷
  4. ভাইৰাছ অতি সূক্ষ্ম,যিয়ে মাইক্ৰ'ফিল্টাৰৰ মাজেৰে সহজে পাৰ হৈ যাব পাৰে৷
  5. এইবিলাকৰ দেহটো প্ৰ'টিন আৰু DNA অথবা RNA ৰে গঠিত৷
  6. ভাইৰাছৰ নিজস্ব কোনো বিপাক ক্ৰিয়া কৰাৰ ক্ষমতা আৰু চলনক্ষমতা নাই৷
  7. ভাইৰাছৰ জীৱন চক্ৰত দুটা দশা বিদ্যমান-বহি:কোষীয় (extracellular) আৰু অন্ত:কোষীয় (intracellular)৷
  8. এইবিলাক অন্ত:কোষী অবিকল্পী পৰজীৱী (obligate parasite)৷
  9. ভাইৰাছ অতি উচ্চ আণবিক ভৰসম্পন্ন প্ৰ'টিন কণা৷
  10. ভাইৰাছ জীৱ আৰু জড়ৰ মধ্যাৱস্থা৷
  11. প্ৰতিজৈৱিক (antibiotic) ৰ দ্বাৰা ভাইৰাছ ধ্বংস নহয়৷
  12. এইবিলাকৰ উচ্চ অম্লতা (acidity) বা ক্ষাৰকীয়তা সহ্য কৰিব পৰা ক্ষমতা প্ৰৱল৷
  13. উচ্চ উষ্ণতাত এইবিলাক ধ্বংস নহয়৷
  14. ভাইৰাছৰ আকাৰ বৃদ্ধি নহয়৷
  15. প্ৰজনন আৰু উৎপৰিৱৰ্তন (mutation) ভাইৰাছৰ জৈৱিক লক্ষণ৷[1]

ভাইৰাছৰ আকাৰ আৰু আকৃতি

আকাৰ

ভাইৰাছ অতিশয় ক্ষুদ্ৰ অৰ্থাৎ অণু-আণুবীক্ষণিক (sub-microscopic) বস্তু৷ অকল ইলেক'ট্ৰন অণুবীক্ষণ যন্ত্ৰৰ সহায়তহে ভাইৰাছৰ আকাৰ জনা সম্ভৱ৷ ভাইৰাছৰ গড় ব্যাস ৮-২৮০ বা ৩০০ মিলিমাইক্ৰন৷ আকাৰৰ ফালৰপৰা আটাইতকৈ সৰু ভাইৰাছটো হ'ল ঘৰচীয়া জীৱ-জন্তুমুখ আৰু ভৰিত ৰোগ সৃষ্টিকাৰী ৰাইন'ভাইৰাছ (আকাৰ ১০-১২nm)৷ আনহাতে,ডাঙৰ ভাইৰাছটো হ'ল বসন্ত ভাইৰাছ (আকাৰ ৩০০-৪০০nm)৷ কিছুমান ভাইৰাছৰ আকাৰ এনেধৰণৰ- হাৰ্পিছ ভাইৰাছ (১৩৩-২৩৩nm ),জলাতঙ্ক ভাইৰাছ (১২৫nm ),ইনফ্লুয়েঞ্জা ভাইৰাছ (৮০-১০০nm ),প'লিঅ' ভাইৰাছ (২৮-৩০nm )ইত্যাদি৷ [1]

Structure of tobacco mosaic virus: RNA coiled in a helix of repeating protein sub-units
Electron micrograph of icosahedral adenovirus
Herpes viruses have a lipid envelope

আকৃতি

ভাইৰাছৰ আকৃতি বিভিন্ন ধৰণৰ হয়৷ আকৃতি অনুযায়ী ভাইৰাছক চাৰিটা প্ৰধান ভাগত ভগাব পাৰি-

  • গোলাকাৰ (Spherical):এইবিলাকৰ আকৃতি প্ৰায় ঘূৰণীয়া৷ ইনফ্লুয়েঞ্জা,জাপানী এনকেফেলাইটিছ আৰু ঘৰচীয়া জীৱ-জন্তুমুখ আৰু ভৰিৰ চবকা ৰোগ সৃষ্টিকাৰী ভাইৰাছৰ আকাৰ ঘূৰণীয়া হয়৷ সেইদৰে,কিছুমান উদ্ভিদ ভাইৰাছ যেনে-লাউ,কোমোৰা,তিঁয়হ আদিত ৰোগ সৃষ্টিকাৰী ম'জেইক ভাইৰাছ (cucumber mosaic virus) ৰ আকৃতি ঘূৰণীয়া বা গোলাকাৰ৷
  • দণ্ডাকাৰ (Rod-shaped):ধঁপাতৰ ম'জেইক ৰোগ,আলুৰ ব্লাইট ৰোগ সৃষ্টিকাৰী ভাইৰাছবোৰ দেখাত দণ্ডাকাৰ-দণ্ডটো দৃঢ়,দীঘল আৰু নমনীয় প্ৰকৃতিৰ হয়৷
  • ঘনকাকৃতি (Cuboidal): এইবিলাকৰ আকৃতি ঘনক (cube) টোৰ দৰে হয়,যেনে-হাৰ্পিছ আৰু বসন্তৰোগৰ ভাইৰাছ (ভেক্সিনিয়া আৰু ভেৰিঅ'লা)৷
  • শুক্ৰাণু আকৃতি (Spermatozoid form): বেক্টেৰিয়া ধ্বংসকাৰী ভাইৰাছসমূহৰ আকৃতি শুক্ৰাণু বা লালুকীটোৰ দৰে হয়৷ এইবিলাকৰ দেহটো মূৰ আৰু নেজত বিভক্ত৷[1]

ভাইৰাছৰ গঠন

ভাইৰাছৰ বৈশিষ্ট্য

তথ্য সংগ্ৰহ

  1. 1.0 1.1 1.2 1.3 উচ্চতৰ মাধ্যমিক প্ৰাথমিক জীৱবিদ্যা" লেখক - কৰুনা কান্ত দাস আৰু ড° অনুপ কুমাৰ চক্ৰবৰ্ত্তী ৷ প্ৰকাশক - শ্ৰী শান্তিৰঞ্জন দে,বীণা লাইব্ৰেৰী,কলেজ হোষ্টেল ৰোড,পানবজাৰ,গুৱাহাটী -৭৮৭০০১, অসম, পৃষ্ঠা নং : ২৩৫ ৷


বাহ্যিক সংযোগ