ভাগীৰথী আম্মা
ভাগীৰথী আম্মা (ইংৰাজী: Bhageerathi Amma; ১৯১৪ – ২২ জুলাই ২০২১) কেৰালাৰ কোল্লাম জিলাত বাস কৰা এগৰাকী ভাৰতীয় মহিলা। ১০৫ বছৰ বয়সত শিক্ষাৰ ক্ষেত্ৰলৈ ঘূৰি অহাৰ লগে লগে তেওঁ ৰাষ্ট্ৰীয় পৰিসৰত চৰ্চালৈ আহিছিল। ভাৰতৰ ৰাষ্ট্ৰপতিৰ হাতেৰে ভাৰত চৰকাৰে মহিলাৰ বাবে সৰ্বোচ্চ অসামৰিক বঁটা নাৰী শক্তি পুৰস্কাৰেৰে তেওঁক সন্মানিত কৰে আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে তেওঁক প্ৰশংসাৰ বাবে এককভাৱে উল্লেখ কৰে।
জীৱন
[সম্পাদনা কৰক]১৯১৪ চনত ব্ৰিটিছ ভাৰতত জন্মগ্ৰহণ কৰা ভাগীৰথী আম্মাই কেৰালাৰ কোল্লাম জিলাৰ প্ৰক্কুলামত বাস কৰিছিল ৷ [1] [2] প্ৰসৱৰ সময়তে মাকৰ মৃত্যু হয় আৰু আম্মাই সৰু ভাই-ভনীৰ যত্ন লোৱাৰ দায়িত্ব লয়। বিয়াৰ পিছত ১৯৩০ চনত স্বামীৰ মৃত্যু হোৱাত তেওঁ নিজসন্তানক অকলেই ডাঙৰ-দীঘল কৰিব লগা হয়। [3] আম্মাৰ পাঁচ-ছজন সন্তান, ১৩ বা ১৬টা নাতি আৰু ১২টা প্ৰপৌত্ৰ থকাৰ খবৰ পোৱা গৈছিল। [4] [2] টেলিভিছনত ক্ৰিকেট আৰু ছ’প অপেৰা চাই তেওঁ ভাল পাইছিল। [2]
১০৫ বছৰ বয়সত আম্মাই শিক্ষা অব্যাহত ৰখাৰ সিদ্ধান্ত লয় আৰু গণিত, মালয়ালম ভাষা আৰু পৰিবেশ বিজ্ঞানৰ পৰীক্ষাত বহে। বয়সৰ কাৰণে কেৰেলা লিটাৰেচি মিছনে তেওঁক তিনিদিনৰ ভিতৰত ঘৰতে পৰীক্ষা দিবলৈ অনুমতি দিছিল। [2] ২৭৫ পইণ্টৰ ভিতৰত ২০৫ পইণ্ট লাভ কৰি সমতুল্য পৰীক্ষা দিয়া আটাইতকৈ বয়সীয়াল ব্যক্তি হিচাপে স্বীকৃতি লাভ কৰে। [5]
বঁটা আৰু স্বীকৃতি
[সম্পাদনা কৰক]আম্মাক ২০১৯ বৰ্ষৰ নাৰী শক্তিৰ বিজয়ী হিচাপে ঘোষণা কৰা হয় ৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে তেওঁক বিশেষ প্ৰশংসাৰ বাবে এককভাৱে উল্লেখ কৰি কয় যে "যদি আমি জীৱনত আগবাঢ়িব বিচাৰো তেন্তে আমি নিজকে বিকশিত কৰা উচিত, যদি আমি জীৱনত কিবা এটা লাভ কৰিব বিচাৰো, তেন্তে তাৰ প্ৰথম পূৰ্বচৰ্ত হ'ল আমাৰ ভিতৰৰ ছাত্ৰজনে কেতিয়াও মৃত্যুবৰণ কৰিব নালাগে"। [6] এই পুৰস্কাৰৰ আন এগৰাকী বিজয়ী আছিল সহযোগী কেৰালাৰ ৯৮ বছৰীয়া কাৰ্ত্যায়নী আম্মা ৷ [7]
অসুস্থতাৰ বাবে বঁটা প্ৰদান অনুষ্ঠানত উপস্থিত থাকিব পৰা নাছিল যদিও কিছুদিনৰ পিছতে তেওঁ প্ৰতিমাহে ১৫০০ টকাৰ ৰেট্ৰ’স্পেকটিভ পেঞ্চন লাভ কৰিছিল। পূৰ্বে তেওঁ আধাৰ লাভৰ বাবে বায়’মেট্ৰিক তথ্য দিব পৰা নাছিল যদিও ৰাষ্ট্ৰীয়কৃত বেংকে তেওঁক প্ৰয়োজনীয়তা পূৰণ কৰাত সহায় কৰিছিল। [8] [9]
মৃত্যু
[সম্পাদনা কৰক]২০২১ চনৰ ২২ জুলাইত বয়সৰ লগত জড়িত ৰোগৰ বাবে আম্মাৰ ১০৭ বছৰ বয়সত মৃত্যু হয়। [10] [11]
তথ্যসূত্ৰসমূহ
[সম্পাদনা কৰক]- ↑ "Kerala's oldest student Bhageerathiyamma, 107, passes away". Mathrubhumi. 2021-07-23. https://english.mathrubhumi.com/news/kerala/kerala-s-oldest-student-bhageerathiyamma-107-passes-away-1.5851393.
- ↑ 2.0 2.1 2.2 2.3 Varma, Vishnu (20 November 2019). "Kerala's literacy history gets new ambassador: 105-year-old Bhageerathi Amma" (en ভাষাত). The Indian Express. Archived from the original on 17 June 2020. https://web.archive.org/web/20200617205944/https://indianexpress.com/article/education/great-grandmother-appears-for-literacy-equivalency-exam-in-kerala-6128420/.Varma, Vishnu (20 November 2019). "Kerala's literacy history gets new ambassador: 105-year-old Bhageerathi Amma". The Indian Express. Archived from the original on 17 June 2020. Retrieved 31 January 2021.
- ↑ "105-year-old Bhageerathi Amma Sits for Fourth Standard Exams at Kerala's Kollam" (en ভাষাত). News18. 20 November 2019. Archived from the original on 21 November 2019. https://web.archive.org/web/20191121133325/https://www.news18.com/news/india/105-year-old-bhageerathi-amma-sits-for-fourth-standard-exams-at-keralas-kollam-2393871.html.
- ↑ "Meet Karthiyani & Bhageerathi Amma, They'll Get Nari Shakti Puraskar For Academic Excellence" (en-IN ভাষাত). India Times. 5 March 2020. Archived from the original on 11 March 2020. https://web.archive.org/web/20200311123441/https://www.indiatimes.com/news/india/meet-karthiyani-bhageerathi-amma-theyll-get-nari-shakti-puraskar-for-academic-excellence-507753.html.
- ↑ Staff Reporter (6 February 2020). "105-year-old student from Kerala clears all Class 4 papers" (en-IN ভাষাত). The Hindu. Archived from the original on 6 February 2020. https://web.archive.org/web/20200206093202/https://www.thehindu.com/news/national/kerala/centenarian-clears-all-class-4-papers/article30746276.ece.
- ↑ "After PM's praise, oldest learner Bhageerathi Amma set to get Aadhaar" (en ভাষাত). The Times of India. PTI. 27 February 2020. Archived from the original on 1 February 2021. https://web.archive.org/web/20210201055751/https://timesofindia.indiatimes.com/india/after-pms-praise-oldest-learner-bhageerathi-amma-set-to-get-aadhaar/articleshow/74333591.cms.
- ↑ "98 yrs old from Kerala to be presented Nari Shakti Puraskar, Here's Why?". The Dispatch. 7 March 2020. Archived from the original on 1 February 2021. https://web.archive.org/web/20210201055714/https://www.thedispatch.in/98-yrs-old-from-kerala-to-be-presented-nari-shakti-puraskar-heres-why/.
- ↑ "After PM's praise, oldest learner Bhageerathi Amma set to get Aadhaar" (en ভাষাত). The Times of India. PTI. 27 February 2020. Archived from the original on 1 February 2021. https://web.archive.org/web/20210201055751/https://timesofindia.indiatimes.com/india/after-pms-praise-oldest-learner-bhageerathi-amma-set-to-get-aadhaar/articleshow/74333591.cms.
- ↑ "Old-age pension for 'grandmother of learning' Bhageerathi Amma" (en ভাষাত). Mathrubhumi. 12 March 2020. Archived from the original on 1 February 2021. https://web.archive.org/web/20210201055736/https://english.mathrubhumi.com/news/good-news/old-age-pension-for-grandmother-of-learning-bhageerathi-amma-1.4607829.
- ↑ "Bhageerathi Amma passes away". The Week. 23 July 2021. Archived from the original on 23 July 2021. https://web.archive.org/web/20210723082312/https://www.theweek.in/news/india/2021/07/23/kerala-oldest-learner-bhageerathi-amma-passes-away.html। আহৰণ কৰা হৈছে: 23 July 2021.
- ↑ "Kerala's 'oldest learner' Bhageerathi Amma no more - Times of India". The Times of India. https://timesofindia.indiatimes.com/home/education/news/keralas-oldest-learner-bhageerathi-amma-no-more/articleshow/84673864.cms। আহৰণ কৰা হৈছে: 2021-07-23.