সমললৈ যাওক

ভাগৱতী দেৱী

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Bhagwati Devi
সাংসদ
সমষ্টি গয়া
ব্যক্তিগত তথ্য
জন্ম ০৬ নৱেম্বৰ, ১৯৩৬ (৮৮ বছৰ)
ৰাষ্ট্ৰীয়তা ভাৰতীয়
ৰাজনৈতিক দল জনতা দল ইউনাইটেড
দাম্পত্যসঙ্গী বিফয় দাস
জীৱিকা ৰাজনীতিবিদ, সমাজকৰ্মী

ভাগৱতী দেৱী (ইংৰাজী: Bhagwati Devi,জন্ম-৬ নৱেম্বৰ ১৯৩৬) এগৰাকী ভাৰতীয় ৰাজনৈতিক আৰু সমাজকৰ্মী৷ তেওঁ বিহাৰ ৰাজ্যৰ গয়া জিলা সমষ্টিৰ পৰা নিৰ্বাচিত হোৱা সংসদ সদস্য।[1]

প্ৰাথমিক জীৱন

[সম্পাদনা কৰক]

১৯৩৬ চনৰ ৬ নৱেম্বৰত বিহাৰৰ ঔৰংগাবাদ জিলাৰ অন্তৰ্গত মিঠাইয়া গাঁৱত ভাগৱতী দেৱীৰ জন্ম হৈছিল।[1]

কেৰিয়াৰ

[সম্পাদনা কৰক]

১৯৬৯ চনত তেওঁ বিহাৰ বিধানসভাৰ সদস্য হয়।[1] ১৯৯৫–৯৬ চনৰ সময়ছোৱাত তেওঁ নিম্নোক্ত পদসমূহত অধিষ্ঠিত হয়—

১. বিহাৰ বিধানসভাৰ বিভিন্ন সমিতিৰ সদস্য
২. সদস্য, বিদ্যুৎ ব’ৰ্ড সমিতি, বিহাৰ

১৯৯৬ চনত তেওঁ একাদশ লোকসভালৈ নিৰ্বাচিত হয়।[1]

বিশেষ আগ্ৰহ আৰু সামাজিক কাৰ্য্যকলাপ

[সম্পাদনা কৰক]

সমাজৰ নিপীড়িত আৰু দুৰ্বল শ্ৰেণীৰ উত্থানৰ দিশত তেওঁ গুৰুত্বপূৰ্ণ কাম কৰে। নাৰীৰ কল্যাণ আৰু সামাজিক ন্যায়ৰ বাবে সংগ্ৰামৰ দিশতো তেওঁ অৰিহণা যোগাইছে। তেওঁ ব্যক্তিগত সময় সৎসংগৰ বাবেও উচৰ্গা কৰে।[1]

অন্যান্য তথ্য

[সম্পাদনা কৰক]

ভাগৱতীয়ে স্বাধীনতা সংগ্ৰামত অংশ লৈছিল আৰু ৰাজনৈতিক আন্দোলনত অংশগ্ৰহণ কৰাৰ বাবে কেইবাবাৰো কাৰাগাৰত ভৰ্তি হৈছিল। সমাজবাদী পাৰ্টি আৰু জনতা দলত বিভিন্ন পদত তেওঁ অধিষ্ঠিত হৈছে। ৰাম মনোহৰ লোহিয়া, জয়প্ৰকাশ নাৰায়ণ আৰু কৰ্পুৰী ঠাকুৰৰ সৈতে তেওঁ জড়িত হৈছিল। তেওঁৰ জীৱনীখন হৈছে "ধৰতী কি বেটি"৷ লিখিছে ৰাম প্যাৰে সিঙে ।[1][1][2]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. 1.0 1.1 1.2 1.3 1.4 1.5 1.6 "Biographical Sketch Member of Parliament 11th Lok Sabha". http://164.100.47.132/LssNew/biodata_1_12/3658.htm। আহৰণ কৰা হৈছে: 8 March 2014. 
  2. "Bhagwati Devi, Brinda Karat spar over Women's Reservation Bill : INDIASCOPE - India Today". Indiatoday.intoday.in. 1997-06-09. http://indiatoday.intoday.in/story/bhagwati-devi-brinda-karat-spar-over-womens-reservation-bill/1/275944.html। আহৰণ কৰা হৈছে: 2014-03-15.