ভাত আৰু তৰকাৰী
শ্ৰীলংকাৰ ভাত আৰু তৰকাৰীৰ খাদ্য | |
| প্ৰকাৰ | তৰকাৰী |
|---|---|
| মুখ্য উপাদান | চাউল বা কিৰিবাথ, শাক-পাচলি বা মাংস তৰকাৰী, মছলা (চিলি পেপাৰ, ইলাচী, জিৰা, ধনীয়া) |
ভাত আৰু তৰকাৰী শ্ৰীলংকাৰ লগতে ভাৰত উপমহাদেশৰ অন্যান্য অঞ্চলতো ই এক জনপ্ৰিয় আৰু প্ৰধান খাদ্য।
ভাত আৰু তৰকাৰীৰ ৰাতিৰ আহাৰত তলত দিয়াবোৰ অন্তৰ্ভুক্ত কৰা হৈছে:
- এটা ডাঙৰ বাটিত এবাতি ভাত, সিজাই লোৱা বা ভাজি লোৱা হব পাৰে। কোনো কোনোৱে নাৰিকলৰ গাখীৰত সিজোৱা ভাত পৰিবেশন কৰে যাক, কিৰিবাথ বোলা হয়।
- অলপ শাক-পাচলিৰ তৰকাৰী, হেইয়া সেউজীয়া বীন, কঁঠাল বা লিকৰ হব পাৰে।
- মাংসৰ তৰকাৰী, বেছিভাগেই কুকুৰা বা মাছ কিন্তু মাজে মাজে ছাগলী বা মেৰ পোৱালি
- ডাল, মছলাযুক্ত মটৰ বা মচুৰ দাইলৰ তৰকাৰী।
- পাপড়, মাহজাতীয় শস্য বা চাউলৰ আটাৰ পৰা তৈয়াৰী পাতল খৰখৰীয়া ৱেফাৰ আৰু ইয়াক চাইড ডিচ হিচাপে পৰিবেশন কৰা হয়।
- চাটনি বা চাম্বল, যিবোৰ সতেজ পাচলি মিহলাই বনোৱা হয় ; ইয়াৰ ভিতৰত ৰঙা পিঁয়াজ, কেঁচা জলকীয়া, কুটি লোৱা নাৰিকল আৰু চূণৰ ৰস থাকিব পাৰে আৰু ই প্ৰায়ে খাদ্যৰ আটাইতকৈ মচলাদাৰ অংশ।
এইবোৰ সৰু সৰু বাটিত কম পৰিমানে দিয়া হয় যদিও উষ্ণমণ্ডলীয় এছীয়াৰ পৰম্পৰামতে, এটা বাটি খালী হ’লেই পুনৰ ভৰাই দিয়া হয়।
ভাতৰ লগত পৰিবেশন কৰা তৰকাৰী বোৰত জলকীয়া, ইলাচি, জিৰা, ধনীয়া আদি মছলা ব্যৱহাৰ কৰা হয়। ইয়াৰ ফলত তৰকাৰী বোৰ সুকীয়া সোৱাদ যুক্ত হৈ পৰে।। দক্ষিণ ভাৰতৰ খাদ্যত শুকান মাছৰ দৰে সেই অঞ্চল টোৰ স্থানীয় উপাদান ব্যৱহাৰ কৰা হয় । সুগন্ধি মছলাযুক্ত এই তৰকাৰীবোৰত জলকীয়াৰ পৰিমাণৰ ক্ষেত্ৰত বিশ্বৰ আটাইতকৈ জ্বলা-মচলাযুক্ত তৰকাৰীৰ ভিতৰত অন্যতম বুলি বিশ্বাস কৰা হয় (চিলেটীৰ পিছতে দ্বিতীয় স্থানত)।[উদ্ধৃতিৰ প্ৰয়োজন]।
স্থানীয় লোকসকলে জন্মৰ পৰাই এই খাদ্যসংস্কৃতিৰ সৈতে পৰিচিত হোৱাৰ বাবে অধিক মসলাদাৰ খাদ্যৰ প্ৰতি সহনশীলতা গঢ়ি তোলে যদিও দেশখনলৈ অহা বহু দৰ্শনাৰ্থী আৰু পৰ্যটকে প্ৰায়ে এই অত্যাধিক মসলাদাৰ স্বাদ পচন্দ নকৰে । ফলত উন্নত আৰু পৰ্যটন অঞ্চলৰ বহুতো স্থানীয় ৰেষ্টুৰেণ্টে বিদেশী অতিথি সকলৰ সুবিধাৰ বাবে স্থানীয় খাদ্যৰ বিশেষ কম মছলাযুক্ত সংস্কৰণ আগবঢ়ায় বা দৰ্শনাৰ্থী আৰু পৰ্যটকৰ বাবে বিকল্প "পশ্চিমীয়া" মেনুৰ ব্যৱস্থা থাকে।
লগতে চাওক
[সম্পাদনা কৰক]- আপ্পাম
- এডোবো
- তৰকাৰী
- জাপানীজ তৰকাৰী
- ভাজি ভাতৰ খাদ্যৰ তালিকা
- নাচি কৰ
তথ্য সূত্ৰ
[সম্পাদনা কৰক]তথ্যসূত্ৰসমূহ Seriouseats.com: শ্ৰীলংকাৰ খাদ্যৰ এক পৰিচয়