সমললৈ যাওক

ভানুপ্ৰিয়া

অসমীয়া ৱিকিপিডিয়াৰ পৰা
ভানুপ্ৰিয়া

ভানুপ্ৰিয়াৰ প্ৰতিকৃতি
জন্ম মাংগাভানু
১৫ জানুৱাৰী, ১৯৬৭ (৫৯ বছৰ)[1]
ৰাজামুন্দ্ৰী, অন্ধ্ৰপ্ৰদেশ, ভাৰত
সক্ৰিয় হৈ থকা সময় ১৯৮৩-বৰ্তমানলৈকে
দাম্পত্যসঙ্গী আদৰ্শ কৌশল (বি. ১৯৯৮; বিবি. ২০০৫)
(২০১৮ চনত মৃত্যু)
সন্তান অভিনয়া (জ.২০০৩)
আত্মীয়-স্বজন শান্তিপ্ৰিয়া (ভগ্নী)

মাংগাভানু (ইংৰাজী: Mangabhanu; জন্ম: ১৫ জানুৱাৰী ১৯৬৭)-ৰ জনপ্ৰিয় নাম হৈছে ভানুপ্ৰিয়া। তেখেত এগৰাকী ভাৰতীয় অভিনেত্ৰী, কুচিপুড়ি নৃত্য পটিয়সী আৰু ভয়ছ আৰ্টিষ্ট। তেখেতে তেলুগু, তামিল, মালয়ালম, কন্নড় আৰু হিন্দী ছবিত অভিনয় কৰিছে। ১৯৮৩ চনৰ পৰা ১৯৯৬ চনলৈকে প্ৰায় এক দশকজুৰি বৰ্তি থকা মূলসুঁতিৰ অভিনেত্ৰীসকলৰ ভিতৰত অন্যতম। ১৯৮৩ চনত মুক্তিপ্ৰাপ্ত তামিল ভাষাৰ ছবি 'মেল্লা পেছুংগাল'ৰ জৰিয়তে তেখেতে অভিনয়ৰ জগতত পদাৰ্পণ কৰে।[2] তাৰ পিছত তেখেতে তেলুগু ভাষাৰ হিট ছবি 'ছিটাৰা'ত কাম কৰে, যিখন ছবিয়ে তেলুগু ভাষাৰ শ্ৰেষ্ঠ ছবিৰ ৰাষ্ট্ৰীয় বঁটা পাবলৈ সক্ষম হয়। ১৯৮৫ চনত মুক্তিলাভ কৰা ৰহস্যধৰ্মী ছবি 'অন্বেষণা'ত তেখেতে এগৰাকী পক্ষীবিদৰ ভূমিকা ৰূপায়ণ কৰে। ১৯৮৬ চনত 'দোস্তী দুশমনি' নামৰ ছবিখন আছিল তেখেতে অভিনয় কৰা প্ৰথমখন হিন্দী ভাষাৰ ছবি।[3]

১৯৯৮ চনত তেখেতে 'স্বৰ্ণকমলাম' নামৰ ছবিখনত অভিনয় কৰে। সেইখন ছবিয়ে ১৯৮৮ চনৰ আন্তৰ্জাতিক ভাৰতীয় চলচ্চিত্ৰ মহোৎসৱৰ ভাৰতীয় পেনোৰামা শাখাত প্ৰদৰ্শিত হয়।[4] ইয়াৰ লগতে ছবিখন আন আৰ্বাৰ ছবি মহোৎসৱতো প্ৰদৰ্শিত হয়।[5] ছবিখনত আগবঢ়োৱা প্ৰদৰ্শনৰ বাবে ভানুপ্ৰিয়াই ১৯৮৮ চনত 'শ্ৰেষ্ঠ অভিনেত্ৰীৰ ইণ্ডিয়ান এক্সপ্ৰেছ বঁটা' লাভ কৰে।[6] ইয়াৰ লগতে শ্ৰেষ্ঠ অভিনেত্ৰীৰ নন্দী বঁটা আৰু তেলুগু ভাষাৰ শ্ৰেষ্ঠ অভিনেত্ৰীৰ ফিল্মফেয়াৰ বঁটাও অৰ্জন কৰে।[7][8] ১৯৮৯ চন আৰু ১৯৯১ চনত ভানুপ্ৰিয়াই দুখনকৈ হিট তামিল ছবি উপহাৰ দিয়ে। ছবি দুখন আছিল -'আৰাৰো আৰিৰাও' আৰু 'আঝগান'। ইয়াৰ বাবে তেখেতে তামিলনাডু ৰাজ্যিক ছবিৰ বিশেষ বঁটা লাভ কৰে।[9]

প্ৰায় ৩৭ বছৰজোৰা সুদীৰ্ঘ কেৰিয়াৰত ভানুপ্ৰিয়াই ১৫৫খন কথাছবিত অভিনয় কৰিছে। তাৰে ৮৫খন তেলুগু, ৪৫খন তামিল, ১০খন হিন্দী, ৯খন মালায়ালাম আৰু ৬খন কন্নড়। ছবিসমূহত অভিনয় কৰি তেখেতে তিনিটাকৈ ৰাজ্যিক নন্দী বঁটা, তিনিটাকৈ তামিলনাডু ৰাজ্যিক ছবি বঁটা, দুটা চিনেমা এক্সপ্ৰেছ বঁটা, দুটাকৈ ফিল্মফেয়াৰ দাক্ষিণাত্য বঁটা আৰু দক্ষিণ ভাৰতীয় জেএফডব্লিউ দিৱস বঁটা লাভ কৰে। ভাৰতীয় ছবিজগতলৈ আগবঢ়োৱা অনবদ্য অৱদানৰ বাবে তেখেতে জেমিনি টিভিৰ তৰফৰ পৰা জীৱনজোৰা সাধনাৰ বঁটা লাভ কৰে।[10][11]

প্ৰাৰম্ভিক জীৱন

[সম্পাদনা কৰক]

১৯৬৭ চনত ১৫ জানুৱাৰীত ভানুপ্ৰিয়াৰ জন্ম হয়। জন্মস্থান আছিল অন্ধ্ৰপ্ৰদেশৰ ৰাজামুন্দ্ৰীত থকা এটা তেলুগুভাষী পৰিয়াল। পিতৃ আছিল পাণ্ডু বাবু আৰু মাতৃ আছিল ৰাগামলী। জন্মতে তেখেতে নাম ৰখা হৈছিল-মাংগাভানু।[12][13] পৰৱৰ্তী সময়ত তেখেতৰ পৰিয়ালটো চেন্নাই আৰু তামিলনাডুলৈ যায়। ভানুপ্ৰিয়াৰ জ্যেষ্ঠ ভগ্নী হৈছে গোপীকৃষ্ণন আৰু কনিষ্ঠা ভগ্নী হৈছে শান্তিপ্ৰিয়া। শান্তিপ্ৰিয়াও ১৯৯০ চনৰ পৰা ছবিজগতৰ লগত জড়িত।[10][11]

ব্যক্তিগত জীৱন

[সম্পাদনা কৰক]

১৯৯৮ চনৰ ১৪ জুন তাৰিখে ভানুপ্ৰিয়াই কেলিফৰ্ণিয়াৰ শ্ৰী ভেংকটাশ্বৰা মন্দিৰত আদৰ্শ কৌশল নামৰ এগৰাকী ডিজিটেল গ্ৰাফিক অভিযন্তাৰ লগত বৈবাহিক জীৱনৰ পাতনি মেলে। ২০০৩ চনত তেওঁলোক অভিনয়া নামৰ কন্যা সন্তান এটিৰ অভিভাৱক হয়।[10][11]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. "భానుప్రియ-వంశీ కాంబినేషన్ అంటేనే..." (te ভাষাত). Sakshi. 2014-01-15. https://www.sakshi.com/news/features/bhanupriya-birth-day-97410 আহৰণ কৰা হৈছে: 2020-12-23.
  2. S.R. Ashok Kumar (1 October 2006). "For Bhanupriya family comes first now". The Hindu. http://www.thehindu.com/todays-paper/tp-national/tp-tamilnadu/for-banupriya-family-comes-first-now/article3055135.ece.
  3. "32nd National Film Awards (PDF)". Directorate of Film Festivals. http://dff.nic.in/2011/32nd_nff_1985.pdf আহৰণ কৰা হৈছে: 6 January 2012.
  4. "Directorate of Film Festival". Archived from the original on 4 March 2016. https://web.archive.org/web/20160304105656/http://iffi.nic.in/Dff2011/FrmIP1988Award.aspx?PdfName=IP1988 আহৰণ কৰা হৈছে: 8 July 2017.
  5. "Dance without frontiers: K Viswanath – Director who aims to revive classical arts". 2 May 2017. http://www.deccanchronicle.com/lifestyle/viral-and-trending/020517/dance-without-frontiers-k-viswanath-director-who-aims-to-revive-classical-arts.html আহৰণ কৰা হৈছে: 8 July 2017.
  6. Express News Service (11 March 1989), "Cinema Express readers choose Agni Nakshathiram", The Indian Express: 4, https://news.google.com/newspapers?nid=P9oYG7HA76QC&dat=19910222&printsec=frontpage, আহৰণ কৰা হৈছে: 7 October 2016
  7. Vidura. C. Sarkar.. 1989. https://books.google.com/books?id=S5ZZAAAAMAAJ.
  8. - Ranjana Dave (30 June 2011). "The meaning in movement". The Asian Age. Archived from the original on 6 October 2014. https://web.archive.org/web/20141006124629/http://archive.asianage.com/dance/meaning-movement-323 আহৰণ কৰা হৈছে: 4 September 2012.
  9. Anandan, 'Film News' (2004). Sadhanaigal Padaitha Thamizh Thiraipada Varalaru (Tamil Film History and Its Achievements). Sivagami Publications. পৃষ্ঠা. 738.
  10. 1 2 3 "An Interview with Bhanu Priya". www.indolink.com. Archived from the original on 23 March 2017. https://web.archive.org/web/20170323000031/http://www.indolink.com/tamil/cinema/People/98/August/Bhanupriya.htm আহৰণ কৰা হৈছে: 8 July 2017.
  11. 1 2 3 "For actor Banupriya family comes first now". http://www.thehindu.com/todays-paper/tp-national/tp-tamilnadu/for-actor-banupriya-family-comes-first-now/article3082428.ece আহৰণ কৰা হৈছে: 8 July 2017.
  12. "సితార - జనవరి 15 (సినీ చరిత్రలో ఈరోజు) - ఈరోజే" (te ভাষাত). సితార. 2019-01-15. https://www2.sitara.net/eeroje/eeroju-january-15-2019%2c/7790 আহৰণ কৰা হৈছে: 2020-12-23.
  13. Chauhan, Ramesh (2017-01-07). "నాట్య మయూరి భానుప్రియ!" (te ভাষাত). Mana Telangana. Archived from the original on 2022-11-30. https://web.archive.org/web/20221130234719/https://www.manatelangana.news/its-all-about-actress-bhanupriya/ আহৰণ কৰা হৈছে: 2020-12-23.