ভানুভক্ত ৰামায়ণ
| ভানুভক্ত ৰামায়ণ | |
|---|---|
| লেখক | ভানুভক্ত আচাৰ্য |
| শিৰোনাম | भानुभक्तको रामायण |
| দেশ | নেপাল |
| ভাষা | নেপালী |
| প্ৰকাৰ | ধৰ্মীয় কাব্য, পৌৰাণিক সাহিত্য |
| প্ৰকাশক | সাজ্ঝা প্ৰকাশন |
| প্ৰকাশ | ১৮৮৭ |
| পৃষ্ঠা সংখ্যা | ২৫৬ |
| আই.এচ.বি.এন. | 9789993325970 |
ভানুভক্ত ৰামায়ণ (নেপালী: भानुभक्तको रामायण বা भानुभक्तीय रामायण) হ'ল নেপালী কবি ভানুভক্ত আচাৰ্যৰ দ্বাৰা অনূদিত নেপালী ৰামায়ণ, যি বাল্মীকি ৰচিত সংস্কৃত ৰামায়ণৰ নেপালী অনুবাদ।[1] এই গ্ৰন্থখন ভানুভক্ত আচাৰ্যৰ মৃত্যুৰ পাছত ১৮৮৭ চনত সম্পূৰ্ণৰূপে প্ৰকাশিত হৈছিল। ইয়াক প্ৰথম নেপালী মহাকাব্য হিচাপে গণ্য কৰা হয়। কাব্যখনৰ গদ্যশৈলী "ভানুভক্তীয় লয়" নামেৰে জনাজাত, যিটো নেপালী সাহিত্যত এক মৌলিক ৰূপ হিচাপে বিবেচিত। এই গ্ৰন্থৰ বাবে ভানুভক্তক নেপালী ভাষাৰ "আদিকবি" (প্ৰথম কবি) বুলি কোৱা হয়।
পটভূমি
[সম্পাদনা কৰক]এই মহাকাব্যখনে নেপালত হিন্দুধৰ্মক "লোকীয়কৰণ" কৰাৰ এক গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে গণ্য কৰা হয়, কাৰণ ইয়াৰদ্বাৰা সাধাৰণ জনতাৰ বাবে ইতিহাসমূলক ধৰ্মগ্ৰন্থসমূহ স্বভাষাত উপলব্ধ হ’ব পৰা হৈছিল।[2][3] আনহাতে, কিছুমানে এই অনুবাদক "নেপালী ভাষা আৰু সাহিত্যৰ আধিপত্য প্ৰতিষ্ঠা কৰা এটা হাতিয়াৰ" বুলি সমালোচনা কৰিছে।[3] নেপালৰ বাহিৰৰ দাৰ্জিলিং আদি নেপালী জাতিসত্বাসমূহেও এই গ্ৰন্থ আৰু কবিজনক গভীৰ মৰ্যাদা দিয়ে। ই নেপালী কাব্যত "শাৰ্দূলবিক্ৰীৰিত ছন্দ"ৰ ব্যুৎপত্তিতো বিশেষ ভূমিকা পালন কৰে।
উৎপত্তি আৰু প্ৰকাশ ইতিহাস
[সম্পাদনা কৰক]ভানুভক্তৰ ৰামায়ণ মূল বাল্মীকি ৰামায়ণৰপৰা অনুবাদিত; যদিও কাহিনীৰ মূলসাৰ অক্ষুণ্ণ ৰাখি, ভানুভক্তই কিছু নিজা বিৱৰণ সংযোজন কৰে। তেওঁ ১৮৪৪ চনত বালকাণ্ড অনুবাদ সম্পূৰ্ণ কৰে আৰু ১৮৫৩ৰ ভিতৰত যুদ্ধকাণ্ড আৰু উত্তৰকাণ্ড সমাপ্ত কৰে। ১৮৬৯ চনত তেওঁৰ মৃত্যু হয়। ১৮৮৪ চনত মোতিৰাম ভট্টই বালকাণ্ড প্ৰকাশ কৰে আৰু ১৮৮৭ চনত সম্পূৰ্ণ গ্ৰন্থখন প্ৰকাশিত হয়।
উপযোগিতা আৰু প্ৰভাৱ
[সম্পাদনা কৰক]এই গ্ৰন্থখন ইংৰাজীকে আদি কৰি বহু ভাষালৈ অনুবাদ কৰা হৈছে।[4] ১৯৯০ দশকত ৰেডিঅ' নেপালে এই ৰামায়ণৰ অডিঅ' সম্প্ৰচাৰ আৰম্ভ কৰিছিল আৰু মিউজিক নেপালেও অডিঅ' কেছেট ৰূপত মুক্তি দিছিল। কিছুমান উদ্ধৃতি স্বতন্ত্ৰ কবিতা হিচাপে পাঠ্যপুথিত অন্তৰ্ভুক্ত কৰা হৈছে।
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ Adhikary, Dhruba H. (2022-07-08). "A Nepali Ramayana For English Readers". The Rising Nepal. https://risingnepaldaily.com/news/13638। আহৰণ কৰা হৈছে: 2023-04-29.
- ↑ "A people's history". kathmandupost.ekantipur.com. https://kathmandupost.ekantipur.com/news/2014-07-14/a-peoples-history.html.
- ↑ 3.0 3.1 "The democratization of the Nepali language". kathmandupost.ekantipur.com. https://kathmandupost.ekantipur.com/news/2018-02-19/the-democratization-of-the-nepali-language.html.
- ↑ "English translation of Bhanubhakta's 'Ramayana' released". Business Standard India. 27 June 2016. https://www.business-standard.com/article/pti-stories/english-translation-of-bhanubhakta-s-ramayana-released-116062700412_1.html.
| ||||||||||||||||||||||||||
