ভানুমতী দেৱী
| ভানুমতী দেৱী | |
|---|---|
| জন্ম | ১৫ মে', ১৯৩৪ Sittwe, ব্ৰিটিছ বাৰ্মা, ব্ৰিটিছ ভাৰত |
| মৃত্যু | ০৪ জানুৱাৰী, ২০১৩ (৭৮ বছৰ) পুৰী, উৰিষ্যা, ভাৰত |
| ৰাষ্ট্ৰীয়তা | ভাৰতীয় |
| পেচা | থিয়েটাৰ আৰু চলচ্চিত্ৰ অভিনেত্ৰী |
| সক্ৰিয় হৈ থকা সময় | ১৯৫৩-১৯৮৭ |
| দাম্পত্যসঙ্গী | হৰিহৰ পাণ্ডা |
| পিতৃ-মাতৃ | সাৰতি পাটনায়ক পাট্টাদেই |
| বঁটা, সন্মান, পুৰস্কাৰ আদি | জয়দেৱ বঁটা |
ভানুমতী দেৱী (ইংৰাজী: Bhanumati Devi ; ১৫ মে' ১৯৩৪ – ৪ জানুৱাৰী ২০১৩) এগৰাকী ভাৰতীয় চলচ্চিত্ৰ আৰু থিয়েটাৰ অভিনেত্ৰী আছিল। ওড়িয়া চলচ্চিত্ৰ উদ্যোগত কাম কৰিছিল।[1][2] ১৯৩৪ চনৰ ১৫ মে'ত ব্ৰিটিছ বাৰ্মাত তেওঁৰ জন্ম হয়।[3][4] দ্বিতীয় বিশ্বযুদ্ধৰ পিছত পৰিয়ালৰ সৈতে ভাৰতৰ ওড়িশাৰ পুৰীলৈ স্থানান্তৰ হয়।[2][3]
কৰ্মজীৱন
[সম্পাদনা কৰক]১৯৪২ চনত মাত্ৰ সাত বছৰ বয়সতে দেৱীয়ে থিয়েটাৰত অভিনয় কৰিবলৈ আৰম্ভ কৰে। তেওঁৰ কিছুমান সৰ্বোত্তম পৰ্যালোচিত মঞ্চ চৰিত্ৰ আছিল ‘লক্ষ্যে হীৰা’ আৰু ‘নপাহু ৰতি নমাৰু পতি’।[3] দেৱীয়ে কুৰি বছৰতকৈও অধিক সময় কটকৰ অন্নপূৰ্ণা থিয়েটাৰত অভিনয় কৰিছিল।[1]
১৯৫৪ চনত ঊনৈশ বছৰ বয়সত তেওঁ অমাৰি গন্ন জিয়া ছবিৰে চলচ্চিত্ৰ অভিষেক হয়।[5] তেওঁ বিশেষকৈ ১৯৫০ আৰু ১৯৬০ দশকৰ সময়ছোৱাত ওড়িশাৰ চিনেমাত সক্ৰিয় আছিল। দেৱীয়ে এক ডজনতকৈও অধিক ভাৰতীয় ছবিত মুখ্য চৰিত্ৰত অভিনয় কৰিছে।[1] তেওঁৰ কিছুমান বিশিষ্ট চৰিত্ৰৰ ভিতৰত ১৯৬৬ চনৰ ওড়িয়া ছবি মাটিৰা মনিসাত তেওঁ হাৰাবৌৰ চৰিত্ৰটো, যাৰবাবে তেওঁ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰে। তেওঁৰ শেষৰখন ছবি আছিল জয়দেৱ; এইখন ১৯৮৬ চনত মুক্তি পাইছিল।[1]
১৯৮৫ চনত দেৱীক সংগীত নাটক একাডেমী বঁটাৰে সন্মানিত কৰা হয়। ২০০৫ চনত তেওঁ জীৱনজোৰা কৃতিত্বৰ বাবে ওড়িশা ৰাজ্যিক চলচ্চিত্ৰ বঁটা- জয়দেৱ বঁটা লাভ কৰে।
তথ্য সংগ্ৰহ
[সম্পাদনা কৰক]- 1 2 3 4 "Veteran Actor Bhanumati Devi dead". The Indian Express. 5 January 2013. Archived from the original on 8 January 2013. https://web.archive.org/web/20130108221522/http://newindianexpress.com/states/odisha/article1408447.ece.
- 1 2 "Bhanumati Devi cremated in Puri". The Times of India. 6 January 2013. Archived from the original on 16 February 2013. https://archive.today/20130216074115/http://articles.timesofindia.indiatimes.com/2013-01-06/bhubaneswar/36173696_1_bhanumati-devi-odia-cinema.
- 1 2 "Bhanumati leaves the 'stage'". Orissa Times. 5 January 2013. http://www.orissapost.com/bhanumati-leaves-the-stage/.
বাহ্যিক সংযোগ
[সম্পাদনা কৰক]- Bhanumati Devi সম্পৰ্কে ইণ্টাৰনেট মুভি ডাটাবেছত থকা তথ্য।