ভানুমতী ৰাও
ভানুমতী ৰাও (ইংৰাজী: Bhanumati Rao ; ৪ ডিচেম্বৰ ১৯২৩ – ১২ ফেব্ৰুৱাৰী ২০২২) এগৰাকী ভাৰতীয় শাস্ত্ৰীয় নৃত্যশিল্পী, শিক্ষয়িত্ৰী আৰু মঞ্চ অভিনেত্ৰী। তেওঁ ভাৰতীয় শাস্ত্ৰীয় নৃত্য কথকলি আৰু ভৰতনাট্যমৰ বিশেষজ্ঞ আৰু লগতে মালয়ালম ভাষাৰ থিয়েটাৰৰ মঞ্চ অভিনেত্ৰীও আছিল। পিছলৈ তেওঁ শাস্ত্ৰীয় নৃত্য আৰু সংগীত শিকায়। ২০১৯ চনত, তেওঁৰ জীৱনৰ ওপৰত আধাৰিত এখন তথ্যচিত্ৰ নিৰ্মাণ কৰা হয়, যিখনৰ পৰিচালক আছিল আৰ.ভি. ৰমণী।
কৰ্মজীৱন
[সম্পাদনা কৰক]ৰাৱে সৰুতে নৃত্য অধ্যয়ন কৰিছিল যদিও ২৪ বছৰ বয়সত ভাৰত এৰি যুক্তৰাজ্যলৈ গৈ পুথিভঁৰাল বিজ্ঞান অধ্যয়ন কৰে।[1] যুক্তৰাজ্যত থকাৰ সময়ত তেওঁ এগৰাকী পেছাদাৰী নৃত্যশিল্পী হিচাপে নিজৰ কেৰিয়াৰ আৰম্ভ কৰে, ভাৰতীয় শাস্ত্ৰীয় নৃত্যশিল্পী ৰাম গোপালৰ নেতৃত্বত গঠিত এটা নৃত্য দলৰ সদস্য হয়। ৰাম গোপালৰ দলৰ সদস্য হিচাপে তেওঁ ১৯৪০ চনত ভাৰত আৰু ইউৰোপ ভ্ৰমণ কৰি ভাৰতীয় শাস্ত্ৰীয় নৃত্য পৰিবেশন কৰে আৰু ঔপনিৱেশিক যুদ্ধৰ প্ৰচেষ্টাৰ বাবে ধন সংগ্ৰহত সহায় কৰে।[2] কৃষ্ণ ৰাওৰ সৈতে বিবাহপাশত আবদ্ধ হোৱাৰ পিছত তেওঁ ১৯৫০ চনত নিউয়ৰ্কত বাস কৰিবলৈ লয় আৰু তাত তেওঁ বিশেষকৈ ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুকে ধৰি ভ্ৰমণকাৰী ভাৰতীয় কূটনীতিবিদ আৰু ৰাজনীতিবিদসকলৰ বাবে অনুষ্ঠান পৰিৱেশন কৰে।[3] তেওঁ ভাৰতীয় শাস্ত্ৰীয় নৃত্যক আন্তঃৰাষ্ট্ৰীয় দৰ্শকৰ সৈতে পৰিচয় কৰাই দিয়াত সহায় কৰিছিল
ভাৰতে স্বাধীনতা লাভ কৰাৰ পিছত ৰাও ভাৰতলৈ উভতি আহে, আৰু নতুন দিল্লীত বাস কৰিবলৈ লয়, য'ত তেওঁ কথকলি আৰু ভাৰতনাট্যম শিকাবলৈ নৃত্য বিদ্যালয় প্ৰতিষ্ঠা কৰে। এই সময়ছোৱাত তেওঁ মালয়ালম ভাষাৰ থিয়েটাৰতো অভিনয় কৰিবলৈ আৰম্ভ কৰে আৰু প্ৰায়ে নিজেই মালয়ালম সাহিত্য আৰু গল্পৰ আধাৰত অভিনয়, পৰিচালনা আৰু চিত্ৰনাট্য লিখিছিল।[4] ইয়াৰ পিছত তেওঁ বেংগালুৰুলৈ গুচি যায় আৰু তাত তেওঁ ধ্ৰুপদী ভাৰতীয় কৰ্ণাটকী সংগীতৰ বিষয়ে অধ্যয়ন কৰে। যদিও ১৯৯০ চনত তেওঁ নৃত্য পৰিবেশন বন্ধ কৰি দিছিল, তথাপিও তেওঁ জীৱনজুৰি, ৯০ বছৰলৈকে নৃত্যৰ অনুশীলন কৰি গৈছিল আৰু ২০১৬ চনত ৯২ বছৰ বয়সত ৰাৱে ভাৰতনাট্যম নৃত্য কৰা ভিডিঅ' ভাইৰেল হৈছিল।[5]
প্ৰসংগ
[সম্পাদনা কৰক]- ↑ "Dance is a way of life: 92-year-old woman who broke the internet with Bharatanatyam performance" (en ভাষাত). The News Minute. 2016-01-17. https://www.thenewsminute.com/article/dance-way-life-92-year-old-woman-who-broke-internet-bharatanatyam-performance-37817। আহৰণ কৰা হৈছে: 2022-02-22.
- ↑ Iyer, Gayathri (2022-02-17). "Remembering guru Bhanumathi Rao, whose love for dance always triumphed" (en-IN ভাষাত). The Hindu. ISSN 0971-751X. https://www.thehindu.com/entertainment/music/remembering-guru-bhanumathi-rao-whose-love-for-dance-always-triumphed/article65055111.ece.
- ↑ "Oh That's Bhanu: Capturing dance, life and truth of Bhanumathi Rao" (en ভাষাত). The Indian Express. 2019-11-25. https://indianexpress.com/article/entertainment/tamil/oh-thats-bhanu-documentary-bhanumathi-rao-bharatanatyam-dancer-tagore-film-centre-6135402/। আহৰণ কৰা হৈছে: 2022-02-22.
- ↑ "Bhanumati Rao: The Dancer Who Lived in The Moment With Infinite Grace and Joy". The Wire. https://thewire.in/the-arts/bhanumati-rao-the-dancer-who-lived-in-the-moment-with-infinite-grace-and-joy। আহৰণ কৰা হৈছে: 2022-02-22.
- ↑ Sundaram, Nandhu (25 October 2019). "Jio MAMI 21st Mumbai Film Festival: 'Oh That's Bhanu' at the centre stage" (en ভাষাত). www.thehindubusinessline.com. https://www.thehindubusinessline.com/blink/watch/film-on-bhanumathi-rao-at-mami/article29789089.ece। আহৰণ কৰা হৈছে: 2022-02-22.