ভানেছা পাৰাডিছ
| ভানেছা পাৰাডিছ | |
|---|---|
২০১৬ চনত পাৰাডিছ | |
| জন্ম | ভানেছা চাণ্টাল পাৰাডিছ ২২ ডিচেম্বৰ, ১৯৭২ (৫৩ বছৰ) চেইণ্ট-মৌৰ-ডেছ-ফছ্ছ, ভাল-ডি-মাৰ্নে, ফ্ৰান্স |
| পেচা |
|
| সক্ৰিয় হৈ থকা সময় | ১৯৮০–বৰ্তমান |
| দাম্পত্যসঙ্গী | চেমুৱেল বেনচেট্ৰিট (বি. ২০১৮) |
| অংশীদাৰ | জনি ডেপ (১৯৯৮–২০১২) |
| সন্তান | ২, লিলি-ৰোজ ডেপকে ধৰি |
| আত্মীয়-স্বজন | আলিসন পাৰাডিছ (ভগ্নী) |
| 'সঙ্গীত যাত্ৰা' | |
| সংগীতৰ ধৰণ |
|
| লেবেল |
|
| ৱেবছাইট | |
| vanessaparadis | |
ভানেছা চাণ্টাল পাৰাডিছ (ইংৰাজী: Vanessa Chantal Paradis; জন্ম: ২২ ডিচেম্বৰ, ১৯৭২)[1][2] এগৰাকী ফৰাচী গায়িকা, মডেল আৰু অভিনেত্ৰী। পাৰাডিছে মাত্ৰ ১৪ বছৰ বয়সতে তেওঁৰ একক গীত "জো লে টেক্সি" (১৯৮৭)-ৰ আন্তঃৰাষ্ট্ৰীয় সফলতাৰ জৰিয়তে পোনপ্ৰথমে প্ৰশংসা লাভ কৰিছিল।[3] ১৮ বছৰ বয়সত তেওঁক গায়িকা আৰু অভিনেত্ৰী উভয় হিচাপে ফ্ৰান্সৰ সৰ্বোচ্চ সন্মানপ্ৰাপ্ত 'প্ৰিক্স ৰোমি শ্বনাইডাৰ'[4] আৰু জঁ-ক্লড ব্ৰিছ’ৰ নোচ ব্লাঞ্চ ছবিৰ বাবে 'আটাইতকৈ প্ৰতিশ্ৰুতিসম্পন্ন অভিনেত্ৰীৰ চেজাৰ বঁটা'[5][6] প্ৰদান কৰা হয়। ইয়াৰ উপৰি তেওঁ তেওঁৰ এলবাম ভেৰিয়েশ্যন চুৰ লে মেমে টি’এমে-ৰ বাবে শ্ৰেষ্ঠ মহিলা গায়িকাৰ 'ভিক্টৰেছ ডি লা মিউজিক' বঁটা লাভ কৰে।[7]
তেওঁৰ আটাইতকৈ উল্লেখযোগ্য চলচ্চিত্ৰসমূহৰ ভিতৰত জেৰাৰ্ড ডেপাৰ্ডিউৰ সৈতে এলিছা (১৯৯৫),[8] জঁ ৰেনোৰ বিপৰীতে উইচ ৱে লাভ (১৯৯৭), আৰু ডেনিয়েল অটুইলৰ সৈতে গাৰ্ল অন দ্য ব্ৰিজ (১৯৯৯) আদি অন্যতম।
প্ৰাৰম্ভিক জীৱন
[সম্পাদনা কৰক]পাৰাডিছৰ জন্ম পেৰিছৰ উপকণ্ঠ অঞ্চলৰ চেইণ্ট-মৌৰ-ডেছ-ফছ্ছত গৃহসজ্জা শিল্পী (interior designer) আন্দ্ৰে আৰু কৰিন পাৰাডিছৰ ঘৰত হৈছিল। সৰু থাকোঁতেই তেওঁ নৃত্যৰ পাঠ গ্ৰহণ কৰিছিল, পিয়ান’ৰ প্ৰাথমিক শিক্ষা লৈছিল আৰু শিশু মডেলৰ কাষ্টিং ছেছনবোৰত অংশগ্ৰহণ কৰিছিল। সাত বছৰ বয়সত পাৰাডিছে শিশু গায়ক-গায়িকাৰ এটা প্ৰতিভা অন্বেষণ অনুষ্ঠান ল’ইক’ল ডেছ ফেনছত অংশগ্ৰহণ কৰিছিল।[9]
ব্যক্তিগত জীৱন
[সম্পাদনা কৰক]১৫ বছৰ বয়সত পাৰাডিছে ২৬বছৰীয়া ফৰাচী গায়ক ফ্ল’ৰেণ্ট পাগনীৰ সৈতে প্ৰেমৰ সম্পৰ্ক আৰম্ভ কৰে। এই সম্পৰ্ক ১৯৯১ চনত শেষ হয়। ১৯৯১ চনৰপৰা ১৯৯৬ চনলৈ তেওঁ লেনি ক্ৰাভিট্জৰ সৈতে সম্পৰ্কত আছিল, যিয়ে তেওঁৰ ১৯৯২ চনৰ ভানেছা পাৰাডিছ নামৰ এলবামটো প্ৰযোজনা কৰিছিল।[10][1] ১৯৯৭ চনৰপৰা ১৯৯৮ চনলৈকে তেওঁ ফৰাচী অভিনেতা ষ্টেনিছলাছ মেৰহাৰৰ সৈতে সম্পৰ্কত আছিল।
১৯৯৮ চনৰপৰা ২০১২ চনলৈ পাৰাডিছ আমেৰিকান অভিনেতা জনি ডেপৰ সৈতে সম্পৰ্কত আছিল।[11] তেওঁলোকৰ লিলি-ৰোজ ডেপ (জন্ম: ১৯৯৯) নামৰ এজনী কন্যা[12][13] আৰু জন "জেক" ক্ৰিষ্টোফাৰ ডেপ ৩য় (জেক ডেপ) (জন্ম: ২০০২) নামৰ এজন পুত্ৰ সন্তান আছে।[14]
২০১৪ চনৰ মে’ মাহত ডুবাইত অনুষ্ঠিত এটা চেনেল শ্ব’ত ভানেছা পাৰাডিছে ফৰাচী গায়ক বেঞ্জামিন বিঅ’লেৰ সৈতে তেওঁৰ সম্পৰ্ক নিশ্চিত কৰে। ২০১৫ চনৰ মে’ মাহত তেওঁলোকৰ বিচ্ছেদ ঘটে। ২০১৬ চনৰ নৱেম্বৰ মাহত তেওঁ চেমুৱেল বেনচেট্ৰিটৰ সৈতে প্ৰেমৰ সম্পৰ্ক আৰম্ভ কৰে, যিয়ে তেওঁৰ পঞ্চমখন ছবি ডগ-ত পাৰাডিছক পৰিচালনা কৰিছিল।[15][16] ২০১৮ চনৰ জুন মাহত পাৰাডিছ আৰু বেনচেট্ৰিটে চেইণ্ট-চিমিঅ’ন চহৰত বিবাহপাশত আবদ্ধ হয়।[17] চেইণ্ট-চিমিঅ’নৰ ওচৰতে ভানেছা পাৰাডিছৰ এখন গ্ৰাম্য ফাৰ্মহাউচ আছে আৰু তেওঁৰ প্ৰয়াত পিতৃয়ে সেই নিস্তব্ধ অঞ্চলটোত এটা সৰু ৰেষ্টুৰেণ্ট চলাইছিল।[18][19]
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- 1 2 "Vanessa Paradis biography". Biography.com. Archived from the original on 12 June 2018. https://web.archive.org/web/20180612162330/https://www.biography.com/people/vanessa-paradis-448362। আহৰণ কৰা হৈছে: 24 June 2022.
- ↑ Leigh (22 December 2010). "Happy Birthday, Vanessa Paradis! You're 38 Today, December 22!". The Hollywood Reporter. Archived from the original on 18 April 2012. https://web.archive.org/web/20120418160016/http://www.hollywoodlife.com/2010/12/22/happy-birthday-vanessa-paradis-youre-38-today-december-22/। আহৰণ কৰা হৈছে: 25 June 2012.
- ↑ bourhis, Eric Le (2021-09-23) (fr ভাষাত). Florent Pagny - Portrait d'un éternel rebelle. Editions Prisma. ISBN 978-2-8104-3623-1. https://books.google.com/books?id=FpZDEAAAQBAJ। আহৰণ কৰা হৈছে: 19 November 2021.
- ↑ Deloeuvre, Guy (fr ভাষাত). Romy Schneider: Un Ange Aux Yeux Tristes. Laurent Poret. https://books.google.com/books?id=YJHIDwAAQBAJ। আহৰণ কৰা হৈছে: 19 November 2021.
- ↑ Royer, Hugues (2014-10-29) (fr ভাষাত). Vanessa Paradis: La vraie histoire. Flammarion. ISBN 978-2-08-134989-6. https://books.google.com/books?id=R6QdBQAAQBAJ। আহৰণ কৰা হৈছে: 19 November 2021.
- ↑ Kiefer, Halle (2021-03-12). "French Actress Dons Donkey Costume, Strips Nude in César Awards Demonstration" (en-us ভাষাত). Vulture. https://www.vulture.com/2021/03/corinne-masiero-strips-nude-at-frances-cesar-awards-protest.html। আহৰণ কৰা হৈছে: 2021-10-05.
- ↑ Lecoeuvre, Fabien (2017-11-15) (fr ভাষাত). 1001 histoires secrètes de chansons. Editions du Rocher. ISBN 978-2-268-09848-7. https://books.google.com/books?id=3IA8DwAAQBAJ&dq=vanessa+paradis+victoires&pg=PT814। আহৰণ কৰা হৈছে: 19 November 2021.
- ↑ Creton, Laurent; l'audiovisuel, Université de Paris III Groupe de recherche en économie del cinema et de (2002) (fr ভাষাত). Le cinéma à l'épreuve du système télévisuel. CNRS Éditions via OpenEdition. ISBN 978-2-271-06094-5. https://books.google.com/books?id=VwYJCwAAQBAJ। আহৰণ কৰা হৈছে: 19 November 2021.
- ↑ La date est validée sur le site de l'Ina sur cette page.
- ↑ Wakam, Tatiana (26 May 2021). "Vanessa Paradis : comment Lenny Kravitz l'a fait souffrir" (fr ভাষাত). Gala. https://www.gala.fr/l_actu/news_de_stars/vanessa-paradis-comment-lenny-kravitz-la-fait-souffrir_454382.
- ↑ "Johnny Depp & Vanessa Paradis Officially Split". People. 19 June 2012. https://people.com/celebrity/johnny-depp-vanessa-paradis-split/। আহৰণ কৰা হৈছে: 19 June 2012.
- ↑ "Johnny Depp Profile". Metacritic. 10 May 2011. http://www.metacritic.com/person/johnny-depp?full_biography=1। আহৰণ কৰা হৈছে: 25 June 2012.
- ↑ Nepales, Ruben V. (10 May 2012). "Johnny Depp laments fan sites for daughter". Philippine Daily Inquirer. http://entertainment.inquirer.net/40097/johnny-depp-laments-fan-sites-for-daughter। আহৰণ কৰা হৈছে: 25 June 2012.
- ↑ "Baby boy for Depp and Paradis". BBC News. 18 September 2002. https://news.bbc.co.uk/1/hi/entertainment/1938099.stm.
- ↑ Staff (25 November 2016). "Who is Samuel Benchetrit, the new lover Vanessa Paradis?". sivertimes.com. http://sivertimes.com/who-is-samuel-benchetrit-the-new-lover-vanessa-paradis/5200। আহৰণ কৰা হৈছে: 25 November 2016.
- ↑ Staff. "Revenge Vanessa Paradis Johnny Depp". capelino.com. Archived from the original on 27 December 2016. https://web.archive.org/web/20161227130235/http://capelino.com/revenge-vanessa-paradis-johnny-depp/। আহৰণ কৰা হৈছে: 27 December 2016.
- ↑ "Vanessa Paradis weds" (en-US ভাষাত). Music-News.com. http://www.music-news.com/news/UK/114075/Vanessa-Paradis-weds। আহৰণ কৰা হৈছে: 3 July 2018.
- ↑ "Vanessa Paradis, Johnny Depp's Ex, Marries Film Director Samuel Benchetrit in France". People. https://people.com/celebrity/vanessa-paradis-marries-samuel-benchetrit-wedding-france/। আহৰণ কৰা হৈছে: 27 January 2020.
- ↑ "Vanessa Paradis et Samuel Benchetrit se sont mariés en Seine-et-Marne". actu.fr. July 2018. https://actu.fr/ile-de-france/saint-simeon_77436/vanessa-paradis-samuel-benchetrit-se-sont-maries-seine-marne_17559114.html। আহৰণ কৰা হৈছে: 19 April 2022.
- ↑ "Alysson Paradis". PurePeople.com. http://www.purePeople.com/people/alysson-paradis_p245। আহৰণ কৰা হৈছে: 3 July 2012.
- ↑ "Alysson Paradis". AlloCiné. http://www.allocine.fr/personne/fichepersonne_gen_cpersonne=99706.html। আহৰণ কৰা হৈছে: 30 June 2012.
বাহ্যিক সংযোগ
[সম্পাদনা কৰক]| ৱিকিমিডিয়া কমন্সত Vanessa Paradis সম্পৰ্কীয় মিডিয়া ফাইল আছে। |
- আধিকাৰিক ৱেবছাইট
- Vanessa Paradis Archived 8 August 2012 at the Wayback Machine at Universal Music
- ভানেছা পাৰাডিছ at AllMusic
- ভানেছা পাৰাডিছ সম্পৰ্কে ইণ্টাৰনেট মুভি ডাটাবেছত থকা তথ্য।