সমললৈ যাওক

ভাষিণী

অসমীয়া ৱিকিপিডিয়াৰ পৰা


ভাষিণী
প্ৰতিষ্ঠা আগষ্ট ২০২২; ৩ বছৰ  আগতে (2022-08)
ধৰণ চৰকাৰী প্ৰকল্প
সেৱা  ক্ষেত্ৰ ভাৰত
আনুষ্ঠানিক  ভাষা ইংৰাজী, হিন্দী
CEO শ্ৰী অমিতাভ নাগ
ৱেবছাইট bhashini.gov.in ৱিকিডে'টাত সম্পাদনা কৰক

ভাষিণী ভাৰত চৰকাৰৰ এটা প্ৰকল্প, যি ইলেক্ট্ৰনিক্স আৰু তথ্য প্ৰযুক্তি মন্ত্ৰালয়ৰ অধীনস্থ ‘‘ৰাষ্ট্ৰীয় ভাষা অনুবাদ অভিযান’’ (National Language Translation Mission)ৰ অধীনত উন্নয়ন কৰা হৈছে। ইয়াৰ লক্ষ্য হৈছে ভাৰতৰ বিভিন্ন ভাষাৰ মাজত বিষয়বস্তু অনুবাদ সহজ কৰা আৰু বিভিন্ন ভাষা কোৱা লোকসকলৰ মাজত কাৰ্যকৰী যোগাযোগ নিশ্চিত কৰা, যাতে ভাৰতত থকা ভাষাগত বাধা হ্ৰাস পায়।[1][2]

ভাষিণী আগষ্ট ২০২২ চনত গুজৰাটগান্ধীনগৰত আৰম্ভ কৰা হয়। “ভাষিণী” নামটো “Bhasha Interface for India” শব্দগুচ্ছৰ সংক্ষিপ্ত ৰূপ। এই প্ৰকল্পটো ইলেক্ট্ৰনিক্স আৰু তথ্য প্ৰযুক্তি মন্ত্ৰালয়ৰ অধীনত ৰাষ্ট্ৰীয় ভাষা অনুবাদ অভিযানৰ জৰিয়তে উন্নয়ন কৰা হৈছে।[3]

ডিজিটেল ইণ্ডিয়া কৰ্প’ৰেশ্যন (ডি আই চি) ৰ অধীনত ডিজিটেল ইণ্ডিয়া ভাষিণী বিভাগ (ডি আই বি ডি) নামৰ এটা স্বতন্ত্ৰ ব্যৱসায়িক বিভাগ (আই বি ডি) আৰম্ভ কৰা হৈছে যাতে ভাষিণী ইক’চিষ্টেম ষ্টাৰ্টআপৰ সৈতে সহযোগিতা কৰাত সহায় কৰে।[2][4]

প্লেটফৰ্ম

[সম্পাদনা কৰক]

এই প্লেটফৰ্মে বিভিন্ন ৰাজ্যত ডিজিটেল সবলীকৰণ আৰু ডিজিটেল অন্তৰ্ভুক্তি নিশ্চিত কৰিবলৈ প্ৰাকৃতিক ভাষা প্ৰক্ৰিয়াকৰণ আৰু কৃত্ৰিম বুদ্ধিমত্তা (AI) ব্যৱহাৰ কৰে।[3] Open Bhashini API-ৰ জৰিয়তে ৩০০ৰো অধিক পূৰ্ব-প্ৰশিক্ষিত AI মডেল উপলব্ধ, যিবোৰ মুক্ত ভাষিনী এপিআইৰ জৰিয়তে উন্মোচিত কৰা হৈছে।[2]

গ্ৰহণযোগ্যতা

[সম্পাদনা কৰক]

ডিচেম্বৰ ২০২৩ চনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে তেওঁৰ ভাষণ তামিল দৰ্শকৰ বাবে বাস্তৱ সময়ত অনুবাদ কৰিবলৈ ভাষিণী ব্যৱহাৰ কৰিছিল।[5]

ইয়াৰ পিছত, বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমনে ২০২৪ চনৰ ভাৰতৰ কেন্দ্ৰীয় বাজেট ভাষণৰ সময়তো এই প্লেটফৰ্মটো ব্যৱহাৰ কৰে।[6][7]

জুন ২০২৪ চনত MeitYয়ে যান্ত্ৰিক অনুবাদৰ সঠিকতা আৰু প্ৰবাহিতা বৃদ্ধি কৰাৰ লক্ষ্যৰে গৱেষণা প্ৰকল্পসমূহৰ বাবে বিভিন্ন শিক্ষা প্ৰতিষ্ঠানৰ পৰা নিবিদা আহ্বান কৰে। এই প্ৰচেষ্টাৰ জৰিয়তে চৰকাৰ, শিক্ষা, স্বাস্থ্যসেৱা আৰু অন্যান্য গুৰুত্বপূৰ্ণ ক্ষেত্ৰসমূহৰ বাবে নিৰ্দিষ্ট ভাষা-যুগল আৰু ক্ষেত্ৰ-নিৰ্দিষ্ট ভাষা মডেলৰ ব্যৱহাৰ উৎসাহিত কৰা হয়।[8][9]

ভাষিণীয়ে স্নেপডিল, তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয় আৰু ফেডাৰেল বেংক আদি প্ৰতিষ্ঠানৰ সৈতে বুজাবুজি স্মাৰক (MoU) স্বাক্ষৰ কৰি স্থানীয় ভাষাসমূহত সমাধান প্ৰদানৰ বাবে নিজৰ কৃত্ৰিম বুদ্ধিমত্তা-ভিত্তিক মডেলসমূহ ব্যৱহাৰৰ সুযোগ আগবঢ়াইছে।[10][6]

ছেপ্টেম্বৰ ২০২৪ চনত Open Network for Digital Commerce (ONDC)য়ে Saarthi নামৰ এটা এপ্লিকেচন আৰম্ভ কৰে, যাৰ জৰিয়তে ব্যৱসায়সমূহে ভাষিণী ব্যৱহাৰ কৰি নিজৰ ব্যক্তিগত ক্ৰেতা-পক্ষৰ এপ্লিকেচন উন্নয়ন কৰিব পাৰে। ইয়াৰ উপৰিও ৰাজস্থান চৰকাৰে পেহচান নামৰ এটা ডিজিটেল প্লেটফৰ্ম উন্নয়ন কৰে, যি ভাষিণী AI ব্যৱহাৰ কৰি বিভিন্ন ভাষাত কণ্ঠ-আদেশৰ সহায়ত জন্ম আৰু মৃত্যু পঞ্জীয়ন প্ৰক্ৰিয়া অধিক সহজ কৰি তোলে।[11]

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]

অনুবাদ ভাষিণী

[সম্পাদনা কৰক]

অনুবাদ ভাষিণী হ'ল ভাৰত চৰকাৰৰ দ্বাৰা নিৰ্মিত ভাষিণী প্লেটফৰ্মৰ অন্তৰ্গত এটা অনুবাদ সেৱা। ইয়াত ৩৬টা ভাষা উপলব্ধ। এই ৱেবছাইটত যিকোনো এটা ভাষাৰ বাক্য আন এটা ভাষালৈ পাঁচ ধৰণে অনুবাদ কৰিব পাৰি।

অনুবাদ ভাষিণীৰ অন্তৰ্গত ভাৰতীয় ভাষাসমূহ হ'ল: অসমীয়া, অৱধী, বাংলা, ভোজপুৰী, বড়ো, ব্ৰজ, ডোগ্ৰী, গোণ্ডী, গুজৰাটী, হিন্দী, হো, কাংগড়ী, কন্নড়, কাশ্মীৰী, খাচী, কোঙ্কণী, মগহী, মৈথিলী, মালয়ালম, মাৰাঠী, মেইতেই, মিজো, নেপালী, ওড়িয়া, পঞ্জাবী, সংস্কৃত, চাঁওতালি, সিন্ধী, তামিল, তেলুগু, তুলু আৰু উৰ্দু

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. The Hindu Bureau, The Hindu (2024-09-11). "ONDC launches Saarthi reference app with for businesses to create multilingual buyer apps" (en-IN ভাষাত). The Hindu. ISSN 0971-751X. https://www.thehindu.com/sci-tech/technology/internet/ondc-launches-saarthi-reference-app-for-businesses-to-create-multilingual-buyer-apps/article68629225.ece. 
  2. 2.0 2.1 2.2 "Bhashini Challenge" (en-GB ভাষাত). innovateindia.mygov.in. https://innovateindia.mygov.in/bhashini-challenge/। আহৰণ কৰা হৈছে: 2024-10-03. 
  3. 3.0 3.1 "What is the digital India program, Bhashini?" (en ভাষাত). Jagranjosh.com. 2023-12-25. https://www.jagranjosh.com/general-knowledge/what-is-the-digital-india-program-bhashini-1703526525-1। আহৰণ কৰা হৈছে: 2024-10-03. 
  4. Today, Telangana (2024-02-24). "'Bhashini App' the only AI tool you will need for real-time translation of Indian languages" (en ভাষাত). Telangana Today. https://telanganatoday.com/bhashini-app-the-only-ai-tool-you-will-need-for-real-time-translation-of-indian-languages। আহৰণ কৰা হৈছে: 2024-10-03. 
  5. The Hindu Bureau, The Hindu (2023-12-18). "AI translation tool 'Bhashini' used to translate Prime Minister Narendra Modi's speech" (en-IN ভাষাত). The Hindu. ISSN 0971-751X. https://www.thehindu.com/sci-tech/technology/indian-language-ai-tool-bhashini-used-to-translate-prime-minister-narendra-modis-speech/article67649545.ece. 
  6. 6.0 6.1 "Bhashini signs MoU with New Media Wing of Ministry of I&B" (en ভাষাত). www.storyboard18.com. https://www.storyboard18.com/how-it-works/bhashini-signs-mou-with-new-media-wing-of-ministry-of-ib-37825.htm। আহৰণ কৰা হৈছে: 2024-10-03. 
  7. "Explained: What is Bhashini, the real-time translation tool that PM Narendra Modi used". The Times of India. 2023-12-19. ISSN 0971-8257. https://timesofindia.indiatimes.com/gadgets-news/explained-what-is-bhashini-the-real-time-translation-tool-that-pm-narendra-modi-used/articleshow/106122854.cms. 
  8. "Govt to Increase Adoption of Bhashini, Seeks Bids from Colleges and Universities" (en ভাষাত). Outlook Business. 2024-06-27. https://www.outlookbusiness.com/technology/govt-to-increase-adoption-of-bhashini-seeks-bids-from-colleges-and-universities। আহৰণ কৰা হৈছে: 2024-10-03. 
  9. "Govt seeks bids from colleges, universities for help on Bhashini proliferation". The Economic Times. 2024-06-25. ISSN 0013-0389. https://economictimes.indiatimes.com/tech/technology/govt-seeks-bids-from-colleges-universities-for-help-on-bhashini-proliferation/articleshow/111262499.cms?from=mdr. 
  10. Schamiloglu, Uli (2017). "The rise of Runiform Turkic as the first Turkic vernacular literary language". Turkic Languages খণ্ড 21 (2): 161–177. doi:10.13173/tl/2017/2/161. ISSN 1431-4983. http://dx.doi.org/10.13173/tl/2017/2/161. 
  11. "Pehchan App Goes Multilingual: Breaking Language Barriers with Bhashini's AI" (en ভাষাত). INDIAai. https://indiaai.gov.in/news/pehchan-app-goes-multilingual-breaking-language-barriers-with-bhashini-s-ai। আহৰণ কৰা হৈছে: 2024-10-03.