সমললৈ যাওক

ভাস্বতী মুখাৰ্জী

অসমীয়া ৱিকিপিডিয়াৰ পৰা
ভাস্বতী মুখাৰ্জী

ভাস্বতী মুখাৰ্জী ইংৰাজী: :Bhaswati Mukherjee (/bʰɑːsvət̪iː/) এগৰাকী অৱসৰপ্ৰাপ্ত ভাৰতীয় কূটনীতিবিদ। আন্তঃৰাষ্ট্ৰীয় বিষয়ত এগৰাকী সক্ৰিয় মন্তব্যকাৰী।

প্ৰাথমিক জীৱন

[সম্পাদনা কৰক]

মুখাৰ্জীয়ে মিৰাণ্ডা কলেজৰ পৰা ইতিহাসত স্নাতক ডিগ্ৰী আৰু দিল্লী বিশ্ববিদ্যালয়ৰ পৰা ইতিহাসত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে। পেৰিছৰ ছৰবন বিশ্ববিদ্যালয়ৰ পৰা ফৰাচী ভাষা আৰু সভ্যতাৰ ডিগ্ৰী লাভ কৰে।

কেৰিয়াৰ

[সম্পাদনা কৰক]

১৯৭৬ চনত মুখাৰ্জীয়ে ভাৰতীয় বৈদেশিক সেৱাত যোগদান কৰে। ইউৰোপীয় সংঘৰ বিষয়ত বিশেষজ্ঞ ভাৰতীয় বৈদেশিক মন্ত্ৰালয়ৰ বিভাগৰ নেতৃত্ব দিছিল। সেই সময়চোৱাতে তেওঁ (১৯৯৮ চনৰ পৰা ২০০৪ চনলৈকে) বাৰ্ষিক ভাৰত-ইউৰোপীয় ইউনিয়নৰ শীৰ্ষ সন্মিলনৰ দৰে প্ৰতিষ্ঠানিক পদক্ষেপৰ পাইলট হিচাপে কাম কৰিছিল। ইউৰোপীয় সংঘৰ উন্নয়নৰ সম্পৰ্কে তেওঁ লিখা-লিখি আৰু বক্তৃতা প্ৰদান কৰিছিল।[1] ২০১৮ চনত তেওঁ ভাৰত আৰু ইউৰোপীয় ইউনিয়ন - এণ ইনচাইডাৰৰ মতামত ("India and EU - An Insider's View") শীৰ্ষক গ্ৰন্থ প্রকাশ কৰিছিল।[2][3]

মুখাৰ্জী ২০১০ চনৰ পৰা ২০১৩ চনলৈকে নেদাৰলেণ্ডত ভাৰতৰ ৰাষ্ট্ৰদূত আছিল।[4] ২০০৪ চনৰ পৰা ২০১০ চনলৈকে ইউনেস্কোৰ ভাৰতৰ স্থায়ী প্ৰতিনিধি আছিল মুখাৰ্জী।[5] সাংস্কৃতিক ঐতিহ্য আৰু শিক্ষাৰ ওপৰত তেওঁ মন্তব্য অব্যাহত ৰাখিছিল।[6]

১৯৮৬ চনৰ পৰা ১৯৮৯ চনলৈকে তেওঁ ৰাষ্ট্ৰসংঘত ভাৰতৰ স্থায়ী মিছনত আৰু ৬ বছৰ ৰাষ্ট্ৰসংঘৰ মানৱ অধিকাৰ আয়ুক্তৰ মুখ্য কৰ্মচাৰী হিচাপে কাম কৰিছিল (১৯৯১ চনৰ পৰা ১৯৯৭ চনলৈ)।

তেখেতে কেইবাখনো কিতাপ সফলতাৰে প্ৰকাশ কৰিছে, সেই বোৰ হ’ল, ‘ভাৰত আৰু ইউৰোপীয় ইউনিয়ন: এজন অন্তৰ্দৃষ্টিৰ দৃষ্টিভংগী’, ‘বংগ আৰু ইয়াৰ পৰিত্ৰাণ: এটা অকথিত কাহিনী’, আৰু শেহতীয়াকৈ প্ৰকাশিত ‘দ্য ইনডেনচাৰড এণ্ড ডেয়াৰ ৰোট’।

ভাৰতৰ পাহৰি যোৱা সন্তান অৰ্থাৎ ইনডেনচাৰড লেবাৰৰ দুৰ্দশাৰ ওপৰত পোহৰ অনাৰ দিশত মুখাৰ্জীয়ে কাম কৰি আহিছে। ২০২৩ চনত তেওঁ প্ৰায় ৩ দশকৰ ভিতৰত ভাৰতৰ আৱাস কেন্দ্ৰৰ সভানেত্ৰী হিচাপে নিযুক্তি পোৱা প্ৰথমগৰাকী মহিলাও হয়।

মুখাৰ্জীয়ে বৈদেশিক সেৱা প্ৰতিষ্ঠানত আৰু ভাৰত আৰু বহিঃৰাজ্যৰ বিভিন্ন বিশ্ববিদ্যালয়ত - বৈদেশিক নীতি, নিৰস্ত্ৰকৰণ আৰু কৌশলগত বিষয়ৰ পৰা আৰম্ভ কৰি আন বহুতো গুৰুত্বপূৰ্ণ বিষয়ত বক্তৃতা প্ৰদান কৰি আহিছে।[7][8][9]

তথ্য সূত্ৰ

[সম্পাদনা কৰক]
  1. "EuroTragedy: A drama in nine acts". Brookings. 15 January 2019. https://www.brookings.edu/events/eurotragedy-a-drama-in-nine-acts/। আহৰণ কৰা হৈছে: 8 March 2019. 
  2. "India and EU: The Devil Lies in the (Trade) Deal". News18. https://www.news18.com/news/books/india-and-eu-the-devil-lies-in-the-trade-deal-1909497.html। আহৰণ কৰা হৈছে: 8 March 2019. 
  3. "Review: India & the EU; An Insider's View by Bhaswati Mukherjee" (en ভাষাত). hindustantimes.com/. 4 January 2019. https://www.hindustantimes.com/books/review-india-the-eu-an-insider-s-view-by-bhaswati-mukherjee/story-oZlbZdCsztDGeqsZ5XraCL.html। আহৰণ কৰা হৈছে: 8 March 2019. 
  4. "Ms. Bhaswati Mukherjee appointed as the next Ambassador of India to the Netherlands". www.mea.gov.in. https://www.mea.gov.in/press-releases.htm?dtl/994/Ms+Bhaswati+Mukherjee+appointed+as+the+next+Ambassador+of+India+to+the+Netherlands। আহৰণ কৰা হৈছে: 8 March 2019. 
  5. "Ms. Bhaswati Mukherjee appointed as the next Ambassador of India to the Netherlands". www.mea.gov.in. https://www.mea.gov.in/press-releases.htm?dtl/994/Ms+Bhaswati+Mukherjee+appointed+as+the+next+Ambassador+of+India+to+the+Netherlands। আহৰণ কৰা হৈছে: 8 March 2019. 
  6. "Higher Education as a Lever of Development in India". UNESCO MGIEP. http://mgiep.unesco.org/article/higher-education-as-a-lever-of-development-in-india। আহৰণ কৰা হৈছে: 8 March 2019. 
  7. (en ভাষাত) SAGE Journals: Your gateway to world-class journal research. doi:10.1177/0974928418785479. 
  8. "India's emerging power play in the Indo-Pacific". Indian Defence Review. 25 February 2019. http://www.indiandefencereview.com/indias-emerging-power-play-in-the-indo-pacific/। আহৰণ কৰা হৈছে: 8 March 2019. 
  9. "Changing Asia Series on "The Journey of the Indian Woman: Change or Status quo?" by Bhaswati Mukherjee, Former Indian Ambassador to the Netherlands & UNESCO, Paris, on September 09, 2016 – Society For Policy Studies". Archived from the original on 1 November 2016. https://web.archive.org/web/20161101181607/http://spsindia.in/2016/08/24/changing-asia-series-on-the-journey-of-the-indian-woman-change-or-status-quo-by-bhaswati-mukherjee-former-indian-ambassador-to-the-netherlands-unesco-paris-on-september-09-20/। আহৰণ কৰা হৈছে: 8 March 2019.