ভাৰত

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Jump to navigation Jump to search
ভাৰত গণৰাজ্য
भारत गणराज्य
Horizontal tricolour flag bearing, from top to bottom, deep saffron, white, and green horizontal bands. In the centre of the white band is a navy-blue wheel with 24 spokes. Three lions facing left, right, and toward viewer, atop a frieze containing a galloping horse, a 24-spoke wheel, and an elephant. Underneath is a motto: "सत्यमेव जयते".
নীতিবাক্য
"सत्यमेव जयते" (সংস্কৃত, দেৱনাগৰী)
সত্যমেৱ জয়তে
ৰাষ্ট্ৰীয় সঙ্গীত

জন গণ মন
জাতীয় সংগীত
বন্দে মাতৰম্‌
ৰাজধানীনতুন দিল্লী
বৃহত্তম নগৰ মুম্বাই
ৰাষ্ট্ৰভাষা (সমূহ) হিন্দী, ইংৰাজী
স্বীকৃত আঞ্চলিক ভাষাসমূহ
ৰাষ্ট্ৰীয় ভাষা সংবিধানে নিৰ্ধাৰণ কৰা নাই
জাতীয়তাসূচক বিশেষণ ভাৰতীয়
চৰকাৰ সংসদীয় গণতন্ত্ৰ
 -  ৰাষ্ট্ৰপতি ৰাম নাথ কোৱিন্দ
 -  প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী (বি জে পি)
 -  লোকসভাৰ অধ্যক্ষ ঔম বিৰলা (বি জে পি)
 -  মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈ
স্বাধীনতা ব্ৰিটিছ যুক্তৰাষ্ট্ৰৰ পৰা 
 -  স্বাধীনতা লাভ ১৫ আগষ্ট ১৯৪৭ 
 -  গণতন্ত্ৰ প্ৰতিষ্ঠা ২৬ জানুৱাৰী ১৯৫০ 
মাটিকালি
 -  মুঠ ৩২,৮৭,২৬৩ বৰ্গ কিমি (সপ্তম)
১২,৬৯,২১৯ বৰ্গ মাইল 
 -  জলভাগ (%) ৯.৬ (৩,১৫,৫৭৭ বৰ্গ কিমি)
জনসংখ্যা
 -  ২০১১ লোকপিয়ল ১,৩২,৬৫,৭২,০০০ ()
 -  ঘনত্ব ৩৯৩.৬ প্ৰতি বৰ্গকিমি (৩১)
 প্ৰতি বৰ্গমাইল
জিডিপি (পিপিপি) ২০১৭ আনুমানিক
 -  মুঠ $৯.৪৮৯ trillion ()
 -  জনমুৰি $৭,১৫৩ 
জিডিপি (নামমাত্ৰ) ২০১৭ আনুমানিক
 -  মুঠ $২.৪৫৪ trillion (৬)
 -  জনমুৰি $১,৮৫০ 
জিনি সহগ? (২০১৩) ৩৩.৯ (79th)
মানৱ উন্নয়ন সূচক (২০১৫) বৃদ্ধি০.৬২৪[1] (মধ্যম) (১৩১)
মুদ্ৰা ভাৰতীয় টকা ()
সময় অঞ্চল ভাৰতীয় মান সময় (ইউটিচি+০৫:৩০)
 -  গ্ৰীষ্মকালীন (ডিএছটি) পালন কৰা নহয় (ইউটিচি+০৫:৩০)
তাৰিখ বিন্যাস dd/mm/yyyy
গাড়ী চলোৱা হয় বাওঁ ফালে
ইণ্টাৰনেট টিএলডি .in ; .ভাৰত
কলিং ক'ড +৯১

ভাৰত বা ভাৰতীয় প্ৰজাতন্ত্ৰ (ইংৰাজী: Republic of India) দক্ষিণ এছিয়াত অৱস্থিত এখন সাৰ্বভৌম গণতান্ত্ৰিক ৰাষ্ট্ৰ। ভৌগোলিক আয়তনৰ ফালৰ পৰা ভাৰত পৃথিৱীৰ ভিতৰত সপ্তম বৃহত্তম ৰাষ্ট্ৰ, জনসংখ্যাৰ ফালৰ পৰা দ্বিতীয় তথা সৰ্ববৃহৎ গণতন্ত্ৰ। দক্ষিণে ভাৰত মহাসাগৰ, পশ্চিমে আৰৱ সাগৰ আৰু পূবে বঙ্গোপ সাগৰৰ দ্বাৰা পৰিবেষ্টিত ভাৰতৰ মুঠ উপকূলৰ দৈৰ্ঘ্য হ'ল ৭৫১৭ কিলোমিটাৰ (৪৬৭১ মাইল)। এই দেশৰ চাৰিসীমাত অৱস্থিত ৰাষ্ট্ৰসমূহ হ'ল: পশ্চিমে পাকিস্তান, উত্তৰ-পূবত চীন, নেপাল আৰু ভূটান, পূবে বাংলাদেশ আৰু ম্যানমাৰ। ভাৰত মহাসাগৰৰ মাজত অৱস্থিত শ্ৰীলঙ্কা, মালদ্বীপ আৰু ইন্দোনেচিয়া লগতে থাইলেণ্ড ভাৰতৰ নিকতৱৰ্তী ৰাষ্ট্ৰ। হিন্দু সভ্যতাৰ বসতি অঞ্চল তথা ঐতিহাসিক বাণিজ্য পথ আৰু একাধিক বিশাল সাম্ৰাজ্যৰ পটভূমি ভাৰতীয় উপমহাদেশ ইয়াৰ সুদীৰ্ঘ অৰ্থনৈতিক আৰু সাংস্কৃতিক ঐতিহ্যৰ বাবে সুপৰিচিত। পৃথিৱীৰ চাৰি প্ৰধান ধৰ্ম- হিন্দু, বৌদ্ধ ধৰ্ম, জৈন ধৰ্ম আৰু শিখ ধৰ্মৰ উৎপত্তি ভাৰতত। খ্ৰীষ্টীয় প্ৰথম সহস্ৰাব্দত খ্ৰীষ্টান ধৰ্ম, ইহুদি ধৰ্ম, খ্ৰীষ্টীয় আৰু ইছলাম ধৰ্ম ভাৰতত প্ৰৱেশ কৰে আৰু বিধিতাময় ভাৰতীয় সভ্যতাৰ সৃষ্টি কৰে। অষ্টাদশ শতিকাৰ প্ৰথম ভাগত ইষ্ট ইণ্ডিয়া কোম্পানী ভাৰতত প্ৰৱেশ কৰে আৰু লাহে লাহে ভাৰতৰ ভূ-খণ্ডক নিজৰ অধীন কৰিবলৈ আৰম্ভ কৰে। ঊনবিংশ শতিকাৰ মাজ ভাগলৈকে সমগ্ৰ ভাৰত বৃটিছ যুক্তৰাষ্ট্ৰৰ উপনিবেশত পৰিণত হয়। অৱশেষত অহিংস গৌৰৱময় স্বাধীনতা সংগ্ৰামৰ ফলত ১৯৪৭ চনৰ ১৫ আগষ্টত ভাৰতে এখন স্বাধীন ৰাষ্ট্ৰ হিচাপে আত্মপ্ৰকাশ কৰে।

ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চল[সম্পাদনা কৰক]

ভাৰতত ২৯ খন ৰাজ্য আৰু ৯ খন কেন্দ্ৰীয় শাসিত অঞ্চল আছে। ৰাজধানী দিল্লী। ৰাজ্যৰ নিজৰ প্ৰশাসনীয় ব্যৱস্থা আছে। কেন্দ্ৰীয় শাসিত অঞ্চলসমূহ কেন্দ্ৰীয় চৰকাৰে শাসন কৰে। তলত ভাৰতৰ ৰাজ্যসমূহ আৰু কেন্দ্ৰীয় শাসিত ৰাজ্যসমূহৰ ৰাজধানীৰ তালিকা দিয়া হৈছে।

১. অন্ধ্ৰ প্ৰদেশ
২. অৰুণাচল প্ৰদেশ
৩. অসম
৪. বিহাৰ
৫. ছত্তীছগঢ়
৬. গোৱা
৭. গুজৰাট
৮. হাৰিয়ানা
৯. হিমাচল প্ৰদেশ
১০. জম্মু আৰু কাশ্মীৰ
১১. ঝাড়খণ্ড
১২. কৰ্ণাটক
১৩. কেৰেলা
১৪. মধ্য প্ৰদেশ
১৫. মহাৰাষ্ট্ৰ

১৬. মণিপুৰ
১৭. মেঘালয়
১৮. মিজোৰাম
১৯. নাগালেণ্ড
২০. উৰিষ্যা
২১. পঞ্জাব
২২. ৰাজস্থান
২৩. চিক্কিম
২৪. তামিল নাডু
২৫. তেলঙ্গানা
২৬. ত্ৰিপুৰা
২৭. উত্তৰাখণ্ড
২৮. উত্তৰ প্ৰদেশ
২৯. পশ্চিমবঙ্গ

কেন্দ্ৰীয় শাসিত অঞ্চল[সম্পাদনা কৰক]

১. আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জ
২. ছণ্ডীগড়
৩. দাদৰা আৰু নগৰ হাবেলি
৪. দমন আৰু দিউ
৫. লাক্ষা দ্বীপ
৬. পণ্ডিচ্চেৰী
৭. দিল্লী
৮. জম্মু কাশ্মীৰ ৯. লাডাখ

ৰাজধানী[সম্পাদনা কৰক]

১. নতুন দিল্লী

ভাৰতৰ ভাষা[সম্পাদনা কৰক]

হিন্দী হৈছে ভাৰতৰ অধিকাৰিক (অফিছিয়েল) ভাষা। ইংৰাজীক সহকাৰী অধিকাৰিক ভাষা হিচাপে গ্ৰহণ কৰা হয়। ৰাজ্য ভেদে স্থানীয় ভাষাক অধিকাৰিক ভাষা হিচাপে গ্ৰহণ কৰা হয়। ২০০৩ বৰ্ষৰ ৯২তম সংবিধান সংশোধনী অনুসৰি ভাৰতৰ স্বীকৃতিপ্ৰাপ্ত অধিকাৰিক ভাষাৰ সংখ্যা হৈছে ২২টা। এই ভাষাসমূহ হ’ল:

ভাষা ভাষা পৰিয়াল ভাষীকৰ সংখ্যা (২০০১, নিযুতত) [2] ৰাজ্য
অসমীয়া হিন্দ-আৰ্য্য, পূৰ্বাঞ্চল ১৩ অসম, অৰুণাচল প্ৰদেশ
উৰ্দু হিন্দ-আৰ্য্য, মধ্য ৫২ (ভাৰতত) জম্মু-কাশ্মীৰ, অন্ধ্ৰ প্ৰদেশ, দিল্লী, বিহাৰ, উত্তৰ প্ৰদেশ
ওড়িয়া হিন্দ-আৰ্য্য, পূৰ্বাঞ্চল ৩৩ উৰিষ্যা
কন্নড় দ্ৰাবিড় ৩৮ কৰ্ণাটক
কাশ্মিৰী হিন্দ-আৰ্য্য ৫.৫ জম্মু আৰু কাশ্মীৰ
কোংকণী হিন্দ-আৰ্য্য, দ্বাক্ষীণাত্য ২.৫ গোৱা, কৰ্ণাটক, মহাৰাষ্ট্ৰ, কেৰেলা
গুজৰাটী হিন্দ-আৰ্য্য, পশ্চিমাঞ্চল ৪৬ দাদৰা আৰু নগৰ হাৱেলি, দমন আৰু দিউ, গুজৰাট
চাঁওতালি মুন্ডা ৬.৫ বিহাৰ, ছত্তীছগঢ়, ঝাড়খণ্ড আৰু উৰিষ্যাৰ অংশবিশেষ লৈ গঠিত চোট্টা নাগপুৰ পথাৰ-ৰ চাঁওতালি আদিবাসী সকল
ডোগ্ৰী হিন্দ-আৰ্য্য, উত্তৰ-পশ্চিমাঞ্চল ২.৩ জম্মু আৰু কাশ্মীৰ
তামিল দ্ৰাবিড় ৬১ তামিলনাডু, আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জ, পণ্ডিচেৰী
তেলেগু দ্ৰাবিড় ৭৪ আন্দামান নিকোবৰ দ্বীপপুঞ্জ, অন্ধ্ৰ প্ৰদেশ, পণ্ডিচেৰী
নেপালী হিন্দ-আৰ্য্য, উত্তৰাঞ্চল ২.৯ (ভাৰতত) ছিক্কিম, পশ্চিমবঙ্গ, অসম
পঞ্জাবী হিন্দ-আৰ্য্য, উত্তৰ-পশ্চিমাঞ্চল ২৯ (ভাৰতত) চণ্ডিগড়, দিল্লী, হাৰিয়ানা, পাঞ্জাব
বঙালী হিন্দ-আৰ্য্য, পূৰ্বাঞ্চল ৮৩ (ভাৰতত) পশ্চিমবঙ্গ, ত্ৰিপুৰা, আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জ আৰু অসমৰ বৰাক উপত্যকাত
বড়ো তিব্বত-বৰ্মা ১.৪ অসম
মণিপুৰী (মেইতেই) তিব্বত-বৰ্মা ১.৫ মণিপুৰ
মালয়ালম দ্ৰাবিড় ৩৩ কেৰেলা, আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জ, লাক্ষাদ্বীপ, পণ্ডিচেৰী
মাৰাঠী হিন্দ-আৰ্য্য, দাক্ষিনাত্য ৭২ মহাৰাষ্ট্ৰ, গোৱা, দাদৰ আৰু নগৰ হাৱেলি, দমন আৰু দিউ, মধ্য প্ৰদেশ, কৰ্ণাটক
মৈথিলী হিন্দ-আৰ্য্য, পূৰ্বাঞ্চল ১২ বিহাৰ
সংস্কৃত হিন্দ-আৰ্য্য ০.০১ অক্ষেত্ৰীয়
সিন্ধী হিন্দ-আৰ্য্য, উত্তৰ-পশ্চিমাঞ্চল ২.৫ (ভাৰতত) অক্ষেত্ৰীয়
আদৰ্শ হিন্দী হিন্দ-আৰ্য্য, মধ্য অজ্ঞাত[3] আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জ, অৰুণাচল প্ৰদেশ, বিহাৰ, চণ্ডীগড়, ছত্তীছগঢ়, ৰাষ্ট্ৰীয় ৰাজধানী অঞ্চল দিল্লী, হাৰিয়ানা, হিমাচল প্ৰদেশ, ঝাড়খণ্ড, মধ্য প্ৰদেশ, ৰাজস্থান, উত্তৰ প্ৰদেশ আৰু উত্তৰাখণ্ড


ৰাষ্ট্ৰীয় প্ৰতীক[সম্পাদনা কৰক]

ভাৰত ভাৰতৰ ৰাষ্ট্ৰীয় প্ৰতীকসমূহ[4]
পতাকা ত্ৰিৰঙ্গা
প্ৰতীক অশোক স্তম্ভ
সংগীত জন গণ মন
স্তোত্ৰ বন্দে মাতৰম্‌
পশু ঢেঁকীয়াপতীয়া বাঘ
ঐতিহ্যবাহী পশু ভাৰতীয় হাতী
পক্ষী ভাৰতীয় ময়ূৰ
জলচৰ প্ৰাণী শিহু
ফুল পদুম
গছ বট গছ
ফল আম
খেল হকী
চন শকাব্দ
নদী গঙ্গা[5]



তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. "Human Development Report 2011". United Nations. 2011. http://hdr.undp.org/en/media/HDR_2011_EN_Table1.pdf। আহৰণ কৰা হৈছে: 5 November 2011. 
  2. অধিকাৰিক ২০০১ লোকপিয়লৰ তথ্য
  3. ২০০১ৰ জনগণনাত হিন্দী ভাষী লোকৰ সংখ্যা ভিন্ন ভিন্ন পোৱা যায়, ২৫.৮ কোটি আৰু ৪২.২ কোটি। কিন্তু দুয়োটাতে মানিক হিন্দীৰ লগতে অন্য ভাষা, যেনে ৰাজস্থানী (৮০ নিযুত), ভোজপুৰী (৪০ নিযুত), অৱধি (৩৮ নিযুত), ছত্তীছগঢ় (১৮ নিযুত) আৰু অন্যান্য ভাষাৰ ১০ নিযুততকৈ অধিক ভাষীকক অন্তৰ্ভূক্ত কৰা হৈছে।
  4. "National Symbols of India". High Commission of India, London. http://www.hcilondon.net/india-overview/land-people/national-symbols.html। আহৰণ কৰা হৈছে: 2007-09-03. 
  5. জাতীয় নদী গঙ্গা

অধিক পঢ়ক[সম্পাদনা কৰক]

Overview

Etymology

History

Geography

Biodiversity

Politics

Foreign relations and military

Economy

Demographics

Culture

বাহ্যিক সংযোগ[সম্পাদনা কৰক]

স্থানাংক: 21°N 78°E / 21°N 78°E / 21; 78