সমললৈ যাওক

ভাৰতত ডাইনী হত্যা

অসমীয়া ৱিকিপিডিয়াৰ পৰা

ভাৰতডাইনী হত্যা একবিংশ শতিকাতো অব্যাহত আছে। সাধাৰণতে ডাইনী হিচাপে চিহ্নিত কৰা ব্যক্তিসকলৰ ভিতৰত প্ৰধানকৈ বয়স্ক বা অবিবাহিত মহিলাৰ প্ৰাধান্য দেখা যায়। তেওঁলোকে কু-উদ্দেশ্যত অতি প্ৰাকৃতিক শক্তিৰ ব্যৱহাৰ কৰে বুলি অভিযোগ তোলা হয়।[1] ডাইনী হত্যাৰ ঘটনা মূলত: গ্ৰাম্য, দৰিদ্ৰ অঞ্চলসমূহত ঘটে, য'ত সাধাৰণতে জনজাতি সম্প্ৰদায়ৰ ঘনত্ব অধিক।[2]


ডাইনী হত্যাৰ কাৰণসমূহ

ডাইনী হত্যাৰ বিভিন্ন কাৰণ থাকিব পাৰে—

  • শস্য বিনষ্ট হোৱা,
  • আৰ্থিক সংগতিৰ অভাৱ,
  • গৰু-ম'হৰ মৃত্যু,
  • পৰিয়ালৰ সদস্যৰ ৰোগ বা মৃত্যু।

এই সকলোবোৰ ঘটনাই ডাইনী হত্যাৰ কাৰণ হ'ব পাৰে। কিন্তু বহু সময়ত ব্যক্তিগত স্বাৰ্থ পূৰণৰ উদ্দেশ্যে অভিযোগ কৰা হয়। উদাহৰণস্বৰূপে—

  • ভূমি আৰু সম্পত্তি দখল কৰা,
  • ব্যক্তিগত শত্ৰুতা পৰিশোধ কৰা,
  • যৌন প্ৰস্তাৱ প্ৰত্যাখ্যানৰ বাবে শাস্তি দিয়া।[3][4]

মৌলিক সমস্যাবোৰ:

ডাইনী হত্যাৰ গভীৰ কাৰণবোৰ হৈছে—

  • শিক্ষাৰ অভাৱ,
  • সমাজৰ প্ৰাথমিক সুৰক্ষা তথা স্বাস্থ্য সেৱাৰ অভাৱ।[1]

আৰ্ত মহিলাসকল:

ডাইনী চিকাৰৰ বলি হোৱা ব্যক্তিসকলৰ বৃহৎ সংখ্যকেই মহিলা, বিশেষকৈ নিম্নবৰ্ণৰ বয়স্ক অবিবাহিত মহিলাসকল। তেওঁলোক সমাজৰ পৰা ইতিমধ্যে বিচ্ছিন্ন হোৱা বাবে চুবুৰীয়াৰ দুৰ্ভাগ্যৰ বাবে তেওঁ লোককে দোষাৰোপ কৰা হয়। যদিও কম প্ৰচলিত, ডাইনীৰ অভিযোগত পুৰুষো নিপীড়িত হোৱাৰ ঘটনা ঘটে, বিশেষকৈ যিসকল ডাইনী বুলি অভিযুক্তৰ আত্মীয়।[1]

আক্ৰান্তৰ ওপৰত হোৱা হিংসা:

ভাৰতৰ ৰাষ্ট্ৰীয় অপৰাধ তথ্য দপ্তৰৰ (NCRB) তথ্য অনুসৰি, ২০০০ চনৰ পৰা ২০১৬ চনৰ ভিতৰত ২৫০০তকৈ অধিক লোকক ডাইনী সন্দেহত হত্যা কৰা হৈছিল। ইয়াত প্ৰধানভাৱে মহিলাসকলেই বলি হৈছিল।[5][6][2]

এই সংখ্যা প্ৰকৃততে অধিক হোৱাৰ সম্ভাৱনা আছে কিয়নো বহু সংখ্যক ঘটনা পোহৰলৈ নহাকৈ থাকে। 

ডাইনী অভিযোগৰ বলি হোৱা মহিলাসকল শাৰীৰিক আৰু মানসিক নিৰ্যাতনৰ সন্মুখীন হ'ব লগা হয়। তীব্ৰ হিংসাত্মক ঘটনাৰ ভিতৰত থাকে--

  • ধৰ্ষণ,
  • প্ৰহাৰ,
  • চাবুকেৰে পিঠিত কোবোৱা,
  • অঙ্গচ্ছেদন।

ইয়াৰ উপৰিও মানসিক তথা সামাজিকভাবে নিম্ন উল্লিখিত নিৰ্যাতনবোৰ তেওঁলোকে ভুগিব লগীয়া হয় --

ডাইনী হত্যাৰ ইতিবৃত্ত

[সম্পাদনা কৰক]

ভাৰতত ডাইনী হত্যাৰ এক প্ৰাচীন পৰম্পৰা বিদ্যমান। বহু শতাব্দীৰপৰা ইয়াৰ প্ৰচলন চলি আহিছে আৰু 'ডায়ন' (ডাইনী)ৰ উল্লেখ কেইবাখনো প্ৰাচীন সংস্কৃত গ্ৰন্থত পোৱা যায়। ইউৰোপ আৰুঔপনিৱেশিক আমেৰিকাত ৰাষ্ট্ৰীয় আদালতসমূহৰ দ্বাৰা ডাইনী অভিযোগৰ বিচাৰ কৰা হৈছিল আৰু লিখিত নথি সংৰক্ষিত আছিল। কিন্তু ভাৰতত ডাইনী হত্যাৰ ক্ষেত্ৰত তেনে সঠিক নথিপত্ৰ লাভ কৰা কঠিন। ভাৰতত অধিকাংশ ডাইনী হত্যাৰ ঘটনা সাধাৰণ জনতাই জুম বান্ধি নিজাববীয়াকৈ বিচাৰ কৰিছিল। সেই বাবে প্ৰাক-ঔপনিৱেশিক যুগৰ ডাইনী হত্যাৰ তথ্য-পাতি বা সাক্ষ্য পাবলৈ নাই। ১৭৯২ চনৰচাওঁতাল ডাইনী বিচাৰৰ সময়ৰ পৰাহে পৰিসংখ্যা উপলভ্য। ডাইনী চিকাৰৰ অধিকাংশ নথি ঔপনিৱেশিক যুগৰ তথ্যৰ পৰা সংগ্ৰহ কৰা হৈছে।[7][8]

ঔপনিৱেশিক ভাৰতত ডাইনী হত্যা

[সম্পাদনা কৰক]

১৯শ শতিকাৰ ঘটনা:

[সম্পাদনা কৰক]

১৯শ শতাব্দীৰ ঔপনিৱেশিক ভাৰতত বহু ডাইনী হত্যাৰ ঘটনা নথিভুক্ত হৈছিল। সেই সময়ছোৱাত ভাৰতৰ কেৱল কেন্দ্ৰীয় অঞ্চলতে ডাইনী অভিযোগত ১০০০ৰো অধিক মহিলাক হত্যা কৰা হৈছিল বুলি অনুমান কৰা হয়। ডাইনী অভিযোগত মৃত্যু হোৱা মহিলাৰ সংখ্যা সতীদাহ প্ৰথাত মৃত্যু হোৱা মহিলাতকৈ বেছি আছিল বুলি ধাৰণা কৰা হৈছে।[8]

ডাইনী চিহ্নিতকৰণ সাধাৰণতে পুৰুষ তান্ত্ৰিক আৰু ধাৰ্মিক নেতাসকলে কৰিছিল। তেওঁলোকক 'বোহপা' বা 'বাঘত' নামেৰে জনা গৈছিল | গাওঁবাসী বা প্ৰধানসকলে দুৰ্ভোগৰ কাৰণ হিচাপে ডাইনী বুলি অভিযোগ কৰিলে এই বোহপাসকলে ডাইনীৰ পৰা মুক্ত কৰিবলৈ যাদু,তান্ত্ৰিক ক্ৰিয়া, শাৰীৰিক নিৰ্যাতন আৰু হত্যাৰ সহায় লৈছিল।[9][10]

তাণ্ডৱমূলক পদ্ধতি:

[সম্পাদনা কৰক]

পশ্চিম ভাৰতত প্ৰচলিত এক জনপ্ৰিয় সাধাৰণ পদ্ধতি আছিল 'ডাইনী-দোলন'। এই পদ্ধতিত—

  • অভিযুক্ত ডাইনীৰ চকুত কেঁচা জলকীয়া ঘঁহি দিয়া হৈছিল,
  • তেওঁক গছত ওলোটাকৈ বান্ধি থোৱা হৈছিল,
  • অপৰাধ স্বীকাৰ নকৰালৈকে জুইৰ ওপৰত দোলোৱা হৈছিল।[9]

১৮৮৬ চনত এক উল্লেখযোগ্য ঘটনা হৈছে কুংকু নামৰ এগৰাকী বৃদ্ধ মহিলাৰ ওপৰত কৰা অত্যাচাৰ। তেওঁৰ ওপৰত এজন সৈনিকৰ পত্নীক ৰোগাক্ৰান্ত কৰাৰ অভিযোগ তোলা হৈছিল। কুংকুক উতলা তেলত হাত দিবলৈ বাধ্য কৰা হৈছিল আৰু বহু দিনলৈ দোলোৱা হৈছিল। পিছত তেওঁক মুক্তি দিয়া হৈছিল যদিও তাৰ পিছতে হত্যা কৰা হৈছিল।[10]

ডাইনী হত্যাৰ ওপৰত নিষেধাজ্ঞা

[সম্পাদনা কৰক]

ব্ৰিটিছ ব্যৱস্থা

[সম্পাদনা কৰক]

১৮৪০ আৰু ১৮৬০ চনৰ ভিতৰত পূৰ্ব ভাৰতত ব্ৰিটিছ কৰ্তৃপক্ষই ডাইনী হত্যা বন্ধ কৰিবলৈ কেইবাটাও নিষেধাজ্ঞা জাৰি কৰে। এই নিষেধাজ্ঞাসমূহত গাঁও অঞ্চলত মহিলাসকলক ডাইনী হিচাপে চিহ্নিত কৰা ধৰ্মীয় নেতা আৰু বেজসকলক লক্ষ্য কৰা হৈছিল |ডাইনী হত্যাত গুৰুতৰ ঘটনা সংঘটিত হ’লে মৃত্যুদণ্ড পৰ্যন্ত শাস্তিৰ বিধান আছিল।[9]

প্ৰাথমিক প্ৰভাৱ

[সম্পাদনা কৰক]
  • নিষেধাজ্ঞাৰ আৰম্ভণিতে ডাইনী হত্যাৰ সংখ্যা কমি গৈছিল।
  • অভিযুক্ত মহিলা আৰু তেওঁলোকৰ পৰিয়ালসমূহক সহায়, ক্ষতিপূৰণ আৰু ন্যায় বিচাৰিবলৈ অধিক সুবিধা প্ৰদান কৰা হৈছিল।
  • বোহপাসকলক ডাইনী চিহ্নিত কৰাত আৰু নিষ্ঠুৰ শাস্তি প্ৰদান কৰাৰ পৰা বিৰত থাকিবলৈ উৎসাহিত কৰা হৈছিল।[9]

ব্যৰ্থতা আৰু গোপন প্ৰচলন

[সম্পাদনা কৰক]
  • তথাপি, নতুন আইন থাকিলেও ডাইনী হত্যা অব্যাহত থাকে আৰু গোপনে কম হিংসাত্মক পদ্ধতিত চলি থাকে।
  • ব্ৰিটিছ কৰ্তৃপক্ষই ডাইনীৰ বিশ্বাসসমূহৰ জনজাতীয় সমাজত থকা গভীৰ প্ৰভাৱৰ কথা সঠিকভাৱে বুজিব পৰা নাছিল।
  • ফলস্বৰূপে ডাইনী চিকাৰ প্ৰক্ৰিয়া গুপ্তভাৱে চলি থাকিল।[11]

নিষেধাজ্ঞাৰ প্ৰতিক্ৰিয়া

[সম্পাদনা কৰক]
  • ডাইনী হত্যাৰ ওপৰত নিষেধাজ্ঞাই বিভিন্ন ঠাইত শত্ৰুতা আৰু প্ৰতিবাদৰ জন্ম দিছিল।
  • ডাইনী হত্যা কৰাৰ অভিযোগত ধৃত ব্যক্তিসকল গ্ৰাম্য সমাজৰ কেন্দ্ৰীয় ব্যক্তি আছিল আৰু স্থানীয় অধিবাসীসকলৰ মতে তেওঁলোকে কেৱল অপশক্তিৰ পৰা সমাজক ৰক্ষা কৰিবলৈ চেষ্টা কৰিছিল।
  • নিষেধাজ্ঞাৰ পাছত ডাইনী হত্যাৰ উদ্দেশ্য ভূমি গ্ৰহণ বা প্ৰতিশোধৰ পৰিসৰতকৈ বহল হৈ উঠে।
  • ডাইনীৰ প্ৰতি অভিযানে ঔপনিবেশিক শাসনৰ বিৰুদ্ধে প্ৰতিবাদৰ ৰূপ লয়।
  • বহু লোকৰ বিশ্বাস আছিল যে ডাইনী হত্যাৰ ওপৰত নিষেধাজ্ঞা ব্ৰিটিছসকলে ডাইনীৰ সুৰক্ষাৰ অৰ্থে জাৰি কৰিছে। সেইবাবে, ডাইনী চিকাৰ ঔপনিবেশিক শক্তিৰ প্ৰতি শত্ৰুতা প্ৰকাশৰ এক মাধ্যম হৈ পৰে।[11][12]

আধুনিক ভাৰতত ডাইনী হত্যা

[সম্পাদনা কৰক]

আধুনিক ভাৰতত, বিশেষকৈ উত্তৰ আৰু মধ্য ভাৰতৰ দুৰ্দশাগ্ৰস্ত অঞ্চলসমূহত ডাইনী হত্যা আজিও প্ৰচলিত। ঝাৰখণ্ড ৰাজ্যত ডাইনী হত্যাৰ সৰ্বাধিক সংখ্যা নথিভুক্ত হৈছে। ২০০১ ৰ পৰা ২০২১ চনৰ ভিতৰত ৫৯৩গৰাকী মহিলাক ডাইনী সন্দেহত হত্যা কৰা হৈছিল(ৰাষ্ট্ৰীয় অপৰাধ তথ্য দপ্তৰ )। অসমৰ লগতে বিহাৰ,ছত্তীশগড়, মধ্যপ্ৰদেশ আৰু ওডিশাতো বহু ডাইনী চিহ্নিতকৰণৰ ঘটনা সংঘটিত হৈছে।[3] .[13][14] [1][2]

ডাইনী হত্যাৰ তিনিটা পৰ্যায়:

[সম্পাদনা কৰক]
  • অভিযোগ: আকস্মিক মৃত্যু, পৰিয়ালৰ সদস্যৰ অসুখ, ফচল বিনষ্ট বা গবাদি পশুৰ হানি‌ হ'লে ডাইনীয়ে কৰা বুলি সন্দেহৰ সৃষ্টি হোৱা দেখা যায়।[8]
  • ঘোষণা: সামাজিকভাৱে স্বীকৃত যাদুকৰক সমাজৰ লোকসকলে লগ ধৰে। তেওঁলোকে ডাইনী চিনাক্ত কৰাৰ যাদু প্ৰদৰ্শন কৰে।
  • পীড়ন: ডাইনী বুলি সন্দেহ কৰা মহিলাক শাস্তি প্ৰদান কৰা হয়।[2]
  • বৰ্ষ অনুসৰি হত্যাৰ সংখ্যা (২০০০-২০২১)
বৰ্ষ অনুসৰি হত্যাৰ সংখ্যা [13]
বৰ্ষ হত্যা
2000 126[15]
2001 126
2002 151
2003 138
2004 111
2005 197
2006 186
2007 177
2008 175
2009 175
2010 178
2011 240
2012 119
2013 160
2014 156
2015 135
2016 134
2017 73
2018 62
2019 102[16]
2020 88[17]
2021 68[18]
Total 3077


এই তথ্যসমূহে আধুনিক ভাৰতত ডাইনী হত্যাৰ স্থিতি আৰু ইয়াৰ প্ৰভাৱ প্ৰকাশ কৰিছে।


তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. 1.0 1.1 1.2 1.3 "Greed & Power Override Myth As India's Poorest State Strives To End The Hunting Of Witches By 2023 — Article 14" (en ভাষাত). article-14.com. https://article-14.com/post/greed-power-override-myth-as-india-s-poorest-state-strives-to-end-the-hunting-of-witches-by-2023-6215a5813c68f#:~:text=Jharkhand,%20Chhatisgarh,%20Madhya%20Pradesh%20and,the%20(sic)%20society%E2%80%9D.। আহৰণ কৰা হৈছে: 2022-12-20. 
  2. 2.0 2.1 2.2 2.3 Alam, Shamsher; Raj, Aditya (2018-02-22). "Witchcraft and Witch Hunting in India: An Assessment" (en ভাষাত). SSRN (Rochester, NY). https://papers.ssrn.com/abstract=3130547. 
  3. 3.0 3.1 Saxena, Swati (2007-07-16). "Recourse Rare for Witch Hunt Victims in India" (en-US ভাষাত). Women's eNews. https://womensenews.org/2007/07/recourse-rare-witch-hunt-victims-in-india/। আহৰণ কৰা হৈছে: 2023-01-03. 
  4. "The Indian woman who hunts the witch hunters" (en-GB ভাষাত). BBC News. 2016-04-09. https://www.bbc.com/news/world-asia-india-35975360. 
  5. Phutela, Apoorva (2022-04-06). "Witch Hunting Trials: A Gendered Practice Of Punishment That Continues Even Today" (en-GB ভাষাত). Feminism in India. https://feminisminindia.com/2022/04/07/witch-hunting-trials-a-gendered-practice-of-punishment-that-continues-even-today/। আহৰণ কৰা হৈছে: 2023-01-25. 
  6. "In Rural India, Protecting Women From Witch Hunting, and an Impending Flood" (en ভাষাত). Pulitzer Center. https://pulitzercenter.org/stories/rural-india-protecting-women-witch-hunting-and-impending-flood। আহৰণ কৰা হৈছে: 2023-01-31. 
  7. Archer, W G (1979). The Santals: Readings in Tribal Life. New Delhi: Concept Publishing Company.
  8. 8.0 8.1 8.2 Yadav, Tanvi (2020-10-31). "Witch Hunting: A Form of violence against Dalit Women in India" (en ভাষাত). Caste: A Global Journal on Social Exclusion খণ্ড 1 (2): 169–182. doi:10.26812/caste.v1i2.203. ISSN 2639-4928. https://journals.library.brandeis.edu/index.php/caste/article/view/203. 
  9. 9.0 9.1 9.2 9.3 Skaria, Ajay (May 1997). "Women, witchcraft and gratuitous violence in colonial Western India". Past & Present (155): 109–141. doi:10.1093/past/155.1.109. 
  10. 10.0 10.1 "Witch Trials in British India" (en ভাষাত). blogs.bl.uk. https://blogs.bl.uk/untoldlives/2020/03/witch-trials-in-british-india-1.html। আহৰণ কৰা হৈছে: 2023-01-11. 
  11. 11.0 11.1 Shashank, Sinha (2007-05-12). "1857: Witch-hunts, Adivasis, and the Uprising in Chhotanagpur" (en ভাষাত). Economic and Political Weekly. https://www.epw.in/journal/2007/19/commentary/1857-witch-hunts-adivasis-and-uprising-chhotanagpur.html. 
  12. Sinha, Shashank (2007). "Witch-Hunts, Adivasis, and the Uprising in Chhotanagpur". Economic and Political Weekly খণ্ড 42 (19): 1672–1676. ISSN 0012-9976. https://www.jstor.org/stable/4419566. 
  13. 13.0 13.1 "Crime in India - All Previous Publications". ncrb.gov.in. https://ncrb.gov.in/en/crime-in-india। আহৰণ কৰা হৈছে: 2022-12-20. 
  14. Suresh, Mayur (6 December 2019). "Day Thirteen | Witch-branding in Eastern India". 16 Days Blogathon. https://16daysblogathon.blog/2019/12/06/day-thirteen-witch-branding-in-eastern-india/। আহৰণ কৰা হৈছে: 31 January 2023. 
  15. "Crime in India Table Contents | National Crime Records Bureau". ncrb.gov.in. Table 13A. https://ncrb.gov.in/en/crime-in-india-table-addtional-table-and-chapter-contents?field_date_value%5Bvalue%5D%5Byear%5D=2000&field_select_table_title_of_crim_value=3&items_per_page=All। আহৰণ কৰা হৈছে: 2023-06-05. 
  16. "Motives of Murder 2019". National Crime Records Bureau. https://ncrb.gov.in/sites/default/files/crime_in_india_table_additional_table_chapter_reports/Table%202A.2_2.pdf. 
  17. "Motives of Murder 2020". National Crime Records Bureau. https://ncrb.gov.in/sites/default/files/crime_in_india_table_additional_table_chapter_reports/TABLE%202A.2.pdf. 
  18. "Motives of Murder 2021". National Crime Records Bureau. https://ncrb.gov.in/sites/default/files/CII-2021/TABLE%202A.2.pdf.